নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইজৰ ভালপোৱাই সুৰক্ষিত কৰি ৰাখিছে অসম গৌৰৱ এশিঙীয়া গঁড়ক

কাজিৰঙাবাসীৰ প্রশংসাত পঞ্চমুখ ইংলেণ্ডৰ ক্রিকেটাৰ পিটাৰছেন

নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ বিশ্বৰ সর্বাধিক এটা খড়গ থকা গঁড়ৰ বসতি স্থান তথা বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যান সুৰক্ষাৰ কাৰণে স্থানীয় ৰাইজে অবদান আগবঢ়াই থকাৰ বাবেই চোৰাং চিকাৰীয়ে গঁড় নিধন কৰিবলৈ অপাৰগ হৈছে৷ গঁড়কে ধৰি আন বন্যপ্রাণীক ইয়াৰ স্থানীয় ৰাইজে সুৰক্ষা দিয়াৰ বাবে ইংলেণ্ডৰ বিখ্যাত প্রাক্তন ক্রিকেটাৰ কেভিন পিটাৰছেনে ৰাইজক ভূয়সী প্রসংশা কৰে৷ স্থানীয় ৰাইজে বন বিভাগক সকলো সময়তে বন আৰু বন্যপ্রাণী সংৰক্ষণৰ লগতে বিশেষকৈ গঁড়ক সুৰক্ষা দিয়াত সহযোগ আগবঢ়াই থকাৰ বাবে আজি বিশ্বৰ সর্বাধিক এটা খড়গ থকা গঁড়ৰ বাসস্থান হিচাপে কাজিৰঙা পৰিচিত হৈ পৰিছে৷ বিগত দহ দিন ধৰি কাজিৰঙাত বাহৰ পাতি থকা ইংলেণ্ডৰ ক্রিকেটাৰ কেভিন পিটাৰছেনে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বাগৰি বনাঞ্চলিক বিষয়া কার্যালয়ৰ সমীপত বন বিভাগৰ অতিথি গৃহত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ আৰু সহকাৰী বন সংৰক্ষক ৰিতোপবন বৰাক লগত লৈ এখন সংবাদ মেল যোগে কাজিৰঙা তথা ৰাজ্যখনত বিগত দুটা সপ্তাহ ভ্রমণ কৰি হোৱা অভিজ্ঞতাৰ কথা বর্ণনা কৰে৷ কাজিৰঙাত দহদিন বাহৰ পাতি থাকি প্রাক্তন ক্রিকেটাৰজনে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান ভ্রমণ কৰি কাজিৰঙাত কেনেকৈ আন বন্যপ্রাণীৰ লগতে প্রধানকৈ এটা খড়গ থকা গঁড সংৰক্ষণ কৰা হয় তাৰ বুজ লয়৷ কাজিৰঙাত বন্যপ্রাণী সংৰক্ষণৰ সফলতা আৰু স্থানীয় লোকৰ সহযোগিতাত মই আপ্লুত হৈ পৰিছো বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ইংলেণ্ডৰ প্রাক্তন ক্রিকেটাৰ কেভিন পিটাৰছেনে৷ তেওঁ কয় যে আফ্রিকাত প্রতি আঠ ঘণ্টাত এটাকৈ গঁড চোৰাং চিকাৰীয়ে নিধন কৰাৰ বিপৰীতে অসমত নিয়ন্ত্রণ হৈছে গঁড নিধন৷ আফ্রিকাৰ তুলনাত কাজিৰঙাকে ধৰি ৰাজ্যখনত বর্তমান গঁড নিধন নিয়ন্ত্রণাধীন হৈ আছে৷ উল্লেখ্য যে ক্রিকেটাৰ পিটাৰছেনে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান দর্শন কৰাৰ লগতে ৰাষ্ট্রীয় উদ্যানৰ ভিতৰত, ৰাষ্ট্রীয় উদ্যানৰ কাষৰীয়া গাঁৱত, স্থানীয় ৰাইজ তথা বিদ্যালয়ৰ ছাত্র–ছাত্রীৰ সৈতে ক্রিকেট খেলি অনাই–বনাই ঘূৰি গঁড সংৰক্ষণ সম্পর্কে এখন চুটি ছবি নির্মাণ কৰিছে বিগত দহ দিন ধৰি৷ এই চুটি ছবিখন পৃথিবীৰ বিখ্যাত নেচনেল জি’গ্রাফীক চেনেল যোগে প্রচাৰ কৰাৰ কথা  সংবাদ মেলত ক্রিকেটাৰজনে প্রকাশ কৰে৷ ইয়াৰ উপৰি ভাৰত গঁড় সংৰক্ষণৰ লিডাৰ বুলি কোৱাৰ লগতে এই চুটি ছবিখনে ভাৰত যে গঁড় সংৰক্ষণৰ সফলতা লাভ কৰিছে তাৰ চিত্র দাঙি ধৰিব৷ আনহাতে পিটাৰছেনে বিগত দুটা সপ্তাহ কাজিৰঙা তথা এই ৰাজ্যখনত অতিবাহিত কৰি লাভ কৰা অভিজ্ঞতাৰ পৰা কয় যে অসমৰ সকলোৱে গঁড়ক অত্যধিক ভাল পায়৷ কাজিৰঙাৰ সকলোতে গঁড়ৰ চিত্র, প্রতিচ্ছবি, মূর্তি আদি দেখা পোৱা যায়৷ যাৰ ফলত কাজিৰঙাৰ গঁড় সুৰক্ষিত হৈ আছে৷ অসমৰ আতিথ্য আৰু সংস্কৃতিক প্রশংসা কৰে পিটাৰছেনে৷ এই সকলোবোৰ তেওঁৰ নির্মাণ কৰি থকা তথ্যচিত্রত প্রকাশ পাব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ ইংলেণ্ডৰ বিখ্যাত প্রাক্তন ক্রিকেটাৰ কেভিন পিটাৰছেন ৰাজ্যখনৰ লগতে প্রধানকৈ বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ এটা খড়গ থকা গঁড সংৰক্ষণৰ সজাগতাৰ বাবে ২ মার্চত গুৱাহাটীত উপস্থিত হৈছিল৷ ২ আৰু ৩ মার্চত গুৱাহাটীত বিভিন্ন কার্যসূচীত অংশগ্রহণ কৰি ৪ মার্চত কাজিৰঙাত উপস্থিত হৈছিল৷

You might also like