নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বয়ন শিল্পৰে স্বাৱলম্বী ঢকুৱাখনাৰ ১০গৰাকী মহিলা

🔹 তাঁতশালৰ মাতত ৰজনজনাই থকা ঢকুৱাখনাৰ এটা ক্ষুদ্র বস্ত্র উদ্যোগ

🔹 পুৱাৰ পৰা গধূলিলৈকে ৰচে জীয়াই থকাৰ সপোন

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰী : অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰা তাঁতশালৰ খিটখিটনি আৰু মাকোৰ শব্দৰে ৰজনজনাই থকা ঢকুৱাখনাৰ এটা থলুৱা উদ্যোগ ৷ য’ত এদল মহিলাই তাঁতশালত ৰচে জীয়াই থকাৰ সপোন ৷ য’ত একেলগে পুৱাৰ পৰা গধূলিলৈকে এদল শিপিনীৰ ব্যস্ততা ৷ আচলতে তাঁতশালত সপোন ৰচা অসমীয়া শিপিনীয়ে তাঁতশালৰ জৰিয়তে মুকলি কৰিছে আত্মসংস্থাপনৰ বাট। “গৌৰী এণ্টাৰপ্ৰাইজ” নামৰ এটা স্থানীয় আত্মসহায়ক গোটৰ উদ্যোগত কেইখনমান তাঁতশালৰ জৰিয়তে কৰ্মৰ পাতনি মেলা মহিলাসকলে দাঙি ধৰা স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন একাংশ মহিলাৰ বাবে এতিয়া আদৰ্শ হৈ পৰিছে । অসম ৰাজ্যিক জীৱিকা অভিযান, ঢকুৱাখনা খণ্ডৰ উদ্যোগত ২০২৩ বৰ্ষত ঢকুৱাখনাৰ ভগামুখ গাঁৱৰ ১০গৰাকী মহিলাই একগোট হৈ আত্মসহায়ক গোটৰ জৰিয়তে স্থাপন কৰিছিল “গৌৰী এণ্টাৰপ্ৰাইজ” নামৰ এটা ক্ষুদ্র বস্ত্র উদ্যোগ। । এই গোটটোৰ দ্বাৰাই সপোনে পোখা মেলিছিল মহিলাসকল স্বাৱলম্বী হোৱাৰ। আৰু এতিয়া এই ক্ষুদ্র বয়ন উদ্যোগৰ জৰিয়তে ১০গৰাকী মহিলাই মুকলি কৰিছে অৰ্থনৈতিক উত্তৰণৰ বাট। গাঁওখনৰ উদ্যমী মহিলা ক্ৰমে নিৰু হাজৰিকা, গায়ত্ৰী হাজৰিকা, স্মৃতি দত্ত, পৰিস্মৃতা তামুলী, ৰিভা হাজৰিকা, বিনীতা হাজৰিকা, জোনালী হাজৰিকা, মণিকা হাজৰিকা, হিৰণ্য দত্ত, সাধনা কোচ আদিৰ সন্মিলিত প্ৰচেষ্টাৰে গঠিত আত্মসহায়ক গোটটোৰ পৰাই আৰম্ভ কৰা এই যাত্ৰাই বৰ্তমান পূৰ্ণতা লাভ কৰিছে। মহিলাসকলে প্ৰস্তুত কৰি উলিয়াইছে গামোচা, চেলেং, চাদৰ তথা বহু থলুৱা বস্ত্ৰ। প্ৰস্তুত কৰি উলিয়াইছে ৰুমাল, টঙালি, চোফা বেক, পৰ্দা, এৰী জেকেট, ষ্টলৰ লগতে বিভিন্ন জনগোষ্ঠীয় সাজপাৰ আদিও। উল্লেখ্য যে মহিলাকেইগৰাকীৰ আদৰ্শনীয় পদক্ষেপ আৰু ব্যৱসায়িক সফলতা প্ৰত্যক্ষ কৰি চি এল এফৰ পৰা প্ৰথমে ২০ হাজাৰ টকা আৰু পৰৱৰ্তী সময়ত ঢকুৱাখনা উন্নয়ন খণ্ডৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তৰফৰ পৰা আগবঢ়োৱা হয় প্ৰায় এক লাখ টকাৰ ঋণ। চৰকাৰীভাৱে লাভ কৰা এই ঋণৰ পুঁজিৰে দুগুণ উৎসাহেৰে আৰম্ভ হ’ল ঘৰুৱা, ৰাজহুৱা আৰু ব্যৱসায়িকভাৱে সঘনাই ব্যৱহার্য সামগ্ৰীৰ উৎপাদন প্ৰক্ৰিয়া। মহিলাসকল এতিয়া ব্যস্ত জাপে জাপে ফুলাম গামোচা বৈ উলিওৱাত। বহিঃৰাজ্যৰ গামোচা নিষিদ্ধ হোৱাৰ পাছৰে পৰা দুগুণ উদ্যমেৰে হস্ততাঁত শিল্পৰ প্ৰতি অধিক মনোনিৱেশ কৰাৰ লগতে নিজকে স্বাৱলম্বী কৰি তোলাত সফল হৈছে এইসকল মহিলা শিপিনী । গামোচাৰ লগতে শিপিনীৰ যাদুকৰী হাতৰ পৰশত প্ৰস্তুত কৰি উলিয়াইছে নানাৰঙী চাদৰ-মেখেলা । উৎপাদিত গামোচা তথা চাদৰ-মেখেলাই ইতিমধ্যে গ্ৰাহকৰ পৰা আশানুৰূপ চাহিদা লাভ কৰিছে ৷ লগতে ইয়াৰ উচিত মূল্য পাবলৈ সক্ষম হৈছে এইসকল মহিলাই । ক্ষুদ্ৰ উদ্যোগটোৰ জৰিয়তে উৎপাদিত বিভিন্ন ধৰণৰ কাপোৰৰ সমান্তৰালকৈ বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য সামগ্ৰী প্ৰস্তুত আৰু বিক্ৰী কৰি বছৰি প্ৰায় ৫ লাখকৈ টকা গড়ে উপাৰ্জন কৰিবলৈ সক্ষম হোৱা বুলি জনাইছে কৰ্মঠ মহিলাসকলে। উল্লেখ্য যে ঘৰুৱা কাম-কাজ অথবা কৃষিকৰ্মতে আবদ্ধ থাকি দুৰ্বিসহ জীৱন নিৰ্বাহ কৰিব লগা হৈছিল যদিও সেই দিনবোৰক প্ৰত্যাহ্বান জনাই এতিয়া এইসকল মহিলাই দাঙি ধৰিছে বয়ন শিল্পৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like