বিধানসভাত হঠাৎ মুখ্যমন্ত্রীৰে মুখামুখি কংগ্রেছ ইউডিএফৰ প্রার্থী অজিত ভূঞাৰ
কি খবৰ অজিত দা? সুধিলে সর্বানন্দ সোণোৱালে
নিয়মীয়া বাৰ্তা ১৪ মাৰ্চঃ বৈচিত্র্যময় এই ৰাজনৈতিক ক্ষেত্র৷ ‘কা’বিৰোধী আন্দোলনৰ নেতৃত্ব লোৱাৰ সময়ছোৱাত শাসকীয় বিজেপি দল তথা মুখ্যমন্ত্রীক সততে কঠোৰ বক্তব্যৰে সমালোচনা কৰি থকা জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা আজি হঠাতে মুখামুখি হ’ল সর্বানন্দ সোণোৱালৰ৷ বিৰোধীৰ উমৈহতীয়া প্রার্থী ৰূপে ৰাজ্যসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ সাজু হোৱা জ্যেষ্ঠ সাংবাদিকগৰাকীৰ সৈতে মুখ্যমন্ত্রী সোণোৱালৰ এই মুখামুখি আজিৰ দিনটোত চর্চাৰ কেন্দ্রবিন্দু হৈ পৰিল৷ সন্মুখত জ্যেষ্ঠ সাংবাদিকগৰাকীক দেখি মুখ্যমন্ত্রীৰ সৌজন্যমূলক মন্তব্য– কি খবৰ অজিত দা? ভালে আছে? মিচিকিয়া হাঁহিৰে অজিত কুমাৰ ভূঞাৰ কাষলৈ আগবাঢ়ি অহা মুখ্যমন্ত্রীক নমস্কাৰ জনাই সাংবাদিক ভূঞায়ো সোণোৱালৰ কুশল মংগলৰ খা–খবৰ ল’লে৷ তেতিয়া সময় দুপৰীয়া৷ ৰাজ্যসভা নির্বাচনৰ বাবে মনোনয়ন দাখিল কৰিবলৈ অহা দলীয় প্রার্থী ভুবনেশ্বৰ কলিতাক সংগ দিবলৈ বিধানসভাত উপস্থিত হৈছিল মুখ্যমন্ত্রী সোণোৱালৰ লগতে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ লগতে কেইবাজনো শাসকীয় দলৰ নেতা৷ সমান্তৰালভাৱে বিৰোধীৰ উমৈহতীয়া প্রার্থী ৰূপে মনোনয়ন দাখিলৰ বাবে উপস্থিত হয় অজিত কুমাৰ ভূঞা৷ সেই সময়তে মুখ্যমন্ত্রীৰ সৈতে বিধানসভা প্রাংগণত মুখামুখি হোৱাত অজিত কুমাৰ ভূঞায়ো কিছু সময় আন্তৰিকতাৰে সোণোৱালৰ সৈতে বার্তালাপ কৰে৷ কাষত উপস্থিত থাকে মন্ত্রী হিমন্ত বিশ্ব শর্মা আৰু অতুল বৰা৷ মুখ্যমন্ত্রীৰ লগতে দুয়োগৰাকী মন্ত্রীয়ে অজিত কুমাৰ ভূঞাক নির্বাচনৰ বাবে শুভেচ্ছা জনায়৷ আটাইকেইজনকে নমস্কাৰ কৰি অজিত কুমাৰ ভূঞায়ো শুভেচ্ছা জ্ঞাপন কৰে৷ মুখামুখিৰ এই দৃশ্যক সেই সময়ত উপস্থিত থকা শাসক–বিৰোধী উভয় দলৰ নেতা, মন্ত্রী–বিধায়কে বিশেষভাৱে লক্ষ্য কৰা পৰিলক্ষিত হ’ল৷ উল্লেখ্য যে ‘কা’বিৰোধী আন্দোলনক সমুখৰ পৰা নেতৃত্ব দি পৰৱর্তী সময়ত কংগ্রেছ–এ আই ইউ ডি এফৰ ওচৰত ৰাজ্যসভাৰ নির্বাচনৰ প্রার্থিত্বৰ বাবে আবেদন জনোৱা ভূমিকাক লৈ অজিত কুমাৰ ভূঞাক শাসকীয় দলটোৰ লগতে বিভিন্নজনে সমালোচনাৰে থকা–সৰকা কৰিছে৷ আনকি অজিত কুমাৰ ভূঞাৰ প্রার্থিত্ব নিশ্চিত হোৱাৰ পাছত বিজেপিৰ নেতৃত্বই বিশেষভাৱে সমালোচনাৰ লক্ষ্য কৰি লৈছে বিৰোধী প্রার্থীগৰাকীক৷ এনে সময়তে মুখ্যমন্ত্রী আৰু অজিত কুমাৰ ভূঞাৰ আকস্মিক মুখামুখি আৰু সৌজন্যমূলক বার্তালাপ চর্চাৰ বিষয় হৈ পৰিছে৷