নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : দাক্ষিণাত্যত খলকনি তোলা কৃষ্ণাক্ষী শর্মা

‘ভাৰত নাট্যম’ শিকাৰ প্রতি প্রবল হেঁপাহ কণমানি ছোৱালীগৰাকীৰ৷ গুৱাহাটীৰ ‘ৰবীন্দ্র ভৱন’ত যশস্বী নৃত্যশিল্পী ড০ পদ্ম সুব্রমণিয়ামৰ এক নৃত্য দেখাৰ পিছৰে পৰাই ‘ভাৰত নাট্যম’ শিকিবলৈ জন্মে প্রবল হেঁপাহ৷ সেই সময়ত তেওঁৰ বয়স প্রায় ১১ বছৰ৷ ইফালে প্রতিভাৰ উমান পাই সুধাকণ্ঠ ড০ ভূপেন হাজৰিকায়ো তেওঁক নৃত্যৰ গভীৰ সাধনাৰ বাবে চেন্নাইলৈ যাবলৈ যোগাইছিল প্রেৰণা৷ অৱশেষত চেন্নাইলৈ গৈ কিছু প্রত্যাহ্বানৰ মাজেৰে চলাই গৈছিল নৃত্যৰ সাধনা৷ আৰু সৌভাগ্যবশতঃ পাৰদর্শিতাৰ বলতেই তেওঁ সুযোগ পাইছিল তামিল ছবি ‘কাদল মান্নান’ত নায়িকাৰ চৰিত্র ৰূপায়ণৰ বাবে৷ যিখন ছবিৰ যোগেদিয়েই দাক্ষিণাত্যৰ ছবিজগতত খলকনি তুলিছিল নৃত্য শিকিবলৈ যোৱা অসম কন্যাগৰাকীয়ে৷ ছুপাৰহিট হৈছিল ছবিখন৷ কিন্তু নৃত্য শিকাহে মূল লক্ষ্য হিচাপে লৈ আগবাঢ়িব বিচৰা ছোৱালীগৰাকীয়ে আজি নৃত্যৰ জৰিয়তেই দেশে–বিদেশে আর্জিছে খ্যাতি৷ নৃত্যৰ অতি পাৰদর্শী–মেধাসম্পন্ এইগৰাকী অসম কন্যা কৃষ্ণাক্ষী শর্মা৷ দাক্ষিণাত্যৰ ছবিজগতত তেওঁৰ পৰিচিতি ‘মানু’ নামেৰে৷ এইগৰাকী কৃষ্ণাক্ষী শর্মাৰ জন্ম গুৱাহাটীৰ উজান বজাৰত৷ পিতৃ মৃণালকান্ত শর্মা, মাতৃ প্রভা দেৱী৷ গুৱাহাটীৰ ঐতিহ্যবাহী টিচি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হয়৷ পিছত ‘মাদ্রাছ বিশ্ববিদ্যালয়’ৰ পৰা স্নাতক ডিগ্রী লাভ কৰে৷ তদুপৰি দিল্লী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ কৃতিত্বৰে হাস্পতাল মেনেজমেণ্টৰ ডিপ্ল’মা লাভ কৰে৷ সম্প্রতি চেন্নাইত বসতি কৰা এইগৰাকী স্বনামধন্য অসম কন্যা কৃষ্ণাক্ষী শর্মাৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ–

আপুনি মূলতঃ এগৰাকী শাস্ত্রীয় নৃত্যশিল্পী৷ কিন্তু এখন তামিল কথাছবিত অভিনয় কৰি আপুনি দাক্ষিণাত্যৰ ছবিজগতত খলকনি তুলিছিল৷ অসমৰ পৰা কেনেদৰে গৈ, কি পৰিস্থিতিৰ মাজেৰে দাক্ষিণাত্যৰ এখন ছুপাৰহিট ছবিত নায়িকাৰ দৰে এটি গুৰুত্বপূর্ণ চৰিত্রত অভিনয় কৰিছিল? এতিয়া আপুনি চেন্নাইত বসতি কৰে৷ অসমৰ পৰা চেন্নাইলৈ যাত্রাৰ সবিশেষ জনাব নেকি?
সেয়া ৯০ৰ দশকৰ কথা৷ মই তেতিয়া গুৱাহাটীৰ উজান বজাৰৰ ঘৰত৷ অলপ–চৰপকৈ নৃত্যৰ চর্চা চলাই আছোঁ৷ ইফালে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ লগত মোৰ দেউতা (মৃণাল শর্মা)ৰ খুব ভাল সম্পর্ক৷ সেই সূত্রে ভূপেন হাজৰিকাই মোক চেন্নাইলৈ গৈ নৃত্যৰ সাধনা চলাই যাবলৈ দেউতাক পৰামর্শ আগবঢ়ায়৷ ইমান প্রসিদ্ধ শিল্পীগৰাকীয়ে এনেদৰে পৰামর্শ আগবঢ়োৱা বাবে কথাটোত দেউতাই গুৰুত্ব দিছিল৷ আৰু সেইমর্মেই মই চেন্নাইলৈ যোৱাৰ সিদ্ধান্ত গ্রহণ কৰোঁ৷ আৰু চেন্নাইত গৈ মই গুৰু পদ্মা হাৰগোপালৰ ওচৰত ভাৰত নাট্যম শিকিবলৈ আৰম্ভ কৰোঁ৷ এনেদৰে দাক্ষিণাত্যত মোৰ শাস্ত্রীয় নৃত্যৰ জয়যাত্রা আৰম্ভ হ’বলৈ ধৰে৷ তাতেই মই ১৯৯৫ চনত ভাৰত নাট্যমৰ আৰাংগীত্রম Diploma) লাভ কৰিছিলোঁ৷ এইবাৰ মই এইক্ষেত্রত উচ্চ শিক্ষা গ্রহণৰ বাবে আগ্রহী হ’লোঁ৷ সেইমতে তাত ১৯৯৫ চনতে ভাৰত চৰকাৰৰ পদ্মভূষণ সন্মানপ্রাপক গুৰু ধনঞ্জয়ৰ ওচৰত ভাৰত নাট্যমৰ’Post Graduate (P.G.) Course’ত ইণ্টাৰভিউ দি নামভর্তিৰ সুযোগ পালোঁ৷ কিন্তু তাত নামভর্তি কৰিবলৈ হ’লে যিটো মাচুল, সেয়া মোৰ বাবে সমস্যা হৈ পৰিল৷ মোৰ হিচাপত মাচুল যথেষ্ট বেছি৷ কেনেকৈ বহন কৰিম৷ মোৰ এই সমস্যাটোৰ কথা গুৰুজীক ক’লোঁ আৰু নামভর্তি বিনামূলীয়া কৰিবলৈ অনুৰোধ কৰিলো৷ তেতিয়া তেওঁ কিয় বিনামূলীয়া কৰিব বুলি মোক ওলোটাই প্রশ্ণ কৰিলে৷ শেষত তেওঁ এদিন মোৰ নৃত্য চাবলৈ বিচাৰিলে৷ মই তেওঁৰ সন্মুখত নৃত্য পৰিৱেশন কৰিলোঁ৷ আৰু সৌভাগ্যৰ কথা যে মোৰ নৃত্য প্রত্যক্ষ কৰি যথেষ্ট উৎসাহী হৈ মোক বিনামূলীয়াকৈ নামভর্তি কৰালে৷ এনেদৰে নৃত্যৰ উচ্চ শিক্ষা আৰম্ভ কৰিলোঁ৷ মোৰেই সৌভাগ্য যে’India Today’ৰ দৰে বিখ্যাত ৰাষ্ট্রীয় পর্যায়ৰ জনপ্রিয় আলোচনীখনৰ সম্পাদক ‘মিছেছ বাসন্তী’ বাইদেৱে তেওঁৰ`Paying Guest’ হিচাপে মোক ৰাখিছিলে৷ এইখিনিতে আৰু এটা কথা মনলৈ আহিছে৷ তাৰ প্রচণ্ড গৰমত মই খোজকাঢ়ি অহা–যোৱা কৰিছিলোঁ৷ মূৰৰ ওপৰত ল’বলৈ এটা ছাতিও নাই তেতিয়া৷ গৰমত মই ৰঙা–চিঙা পৰি যাওঁ৷ নৈমিত্তিক এই দৃশ্য সংশ্লিষ্ট সকলোৰে পৰিচিত হৈ পৰিছিল৷ এদিন এগৰাকী বয়োজ্যেষ্ঠ লোকে মোলৈ মৰম উপজি ল’বলৈ এটি ছাতি দিছিল৷ মানুহগৰাকীৰ এই মানৱীয় দৃষ্টিভংগী দেখি মই খুবেই ভাল পালোঁ আৰু উৎসাহী হৈ মই মোৰ নৃত্যৰ সাধনা চলাই হৈ থাকিলোঁ৷ অ’ আৰু এটা কথা, মোৰ নামভর্তিৰ পিছতেই গুৰু আমেৰিকালৈ গৈছিল৷ কেইমাহমান পিছত চেন্নাইলৈ আহি মোৰ নৃত্যৰ অগ্রগতিৰ পৰীক্ষা ল’লে৷ মোৰ কৃতকর্মৰ প্রতি তেওঁ মুগ্ধ হ’ল৷ তেওঁৰ লগত দলীয় নৃত্যত নাচিবলৈ মোক অনুমতি দিলে৷ এনেদৰে লাহে লাহে মই চেন্নাইৰ বিভিন্ন ক্ষেত্রত নৃত্য প্রদর্শনৰ ধাৰাবাহিকতা চলাই গৈছিলোঁ৷ ইয়াৰ মাজতেই আহিল আন এটা সুযোগ৷ চেন্নাইৰ এখন বিখ্যাত মঞ্চ হ’ল ‘নাৰদ গাণ সভা’৷ ইয়াত দাক্ষিণাত্যৰ চিনেমাৰ বহু বিখ্যাত তাৰকাই অভিনয় কৰিছিল৷ সেয়ে ‘নাৰদ গাণ সভা’ৰ গৰিমা অপাৰ৷ তাত এবাৰ মই নাচৰ কার্যসূচী পৰিৱেশন কৰিছিলোঁ৷ তাত মোৰ নৃত্য দেখি যশস্বী চিনেমা পৰিচালক চাৰণ আৰু কে বালচন্দ্রই তেওঁলোকৰ এখন চিনেমাৰ বাবে মোক নির্বাচিত কৰিছিল৷ মোক কথাটো জনোৱা হ’ল৷ সেই সময়ত চিনেমাত অভিনয় কৰিবলৈ মোৰ সমূলি নাছিল ইচ্ছা৷ অৱশেষত চিনেমাখনৰ প্রযোজক সত্য নাৰায়ণ আৰু পৰিচালক চাৰণ দুয়ো মিলিতভাৱে দেউতাৰ লগত সমগ্র কথা পাতি চূড়ান্ত কৰে৷ অৱশেষত মই একপ্রকাৰ বাধ্য হৈ অভিনয় কৰিবলগীয়া হ’ল৷ ‘কাদল মান্নান’ নামৰ তামিল চিনেমাখনৰ নায়িকা ‘তিলোত্তমা’ৰ চৰিত্রত অভিনয় কৰিছিলোঁ৷ বিপৰীতে ‘শিবা’ চৰিত্রত নায়কৰ চৰিত্রত অভিনয় কৰিছিল যশস্বী অভিনেতা অজিত কুমাৰে৷ চিনেমাখনৰ বাবে চেন্নাই, দিল্লী, কর্ণাটকৰ বিভিন্ন লোকেচনত শ্বুটিং সম্পন্ন হৈছিল৷ ভাল লগা কথাটো হ’ল চিনেমাখন ছুপাৰহিট হৈছিল৷ ইয়াৰ পিছতে মণিৰত্নম, কামাল হাছানৰ দৰে যশস্বীয়ে পৰৱর্তী ছবিৰ বাবে মোৰ লগত চুক্তি কৰিব বিচাৰিছিল৷ কিন্তু অভিনয়তকৈ নৃত্যৰ প্রতি থকা মোৰ গভীৰ অনুৰাগৰ বাবে আৰু এই সাধনাত সফল হ’বলৈ মই পুনৰ কোনো ছবিতেই অভিনয় নকৰিবলৈ সিদ্ধান্ত গ্রহণ কৰোঁ৷ অৱশ্যে এক বিশেষ কাৰণবশতঃ ‘লিমকা বুক অৱ ৱর্ল্ড ৰেকর্ড’ৰ বাবে চাৰিগৰাকী সঁচা যমজ ভগ্ণীক লৈ মোহন ৰাজাই পৰিচালনা কৰা ‘ইন্নাছত্তম ইন্দানেৰম’ ছবিখনত অলপতে অভিনয় কৰিবলগীয়া হৈছিল৷ মই নৃত্যক গুৰুত্ব দি আমেৰিকাৰ ‘ক্লিভলেণ্ড কালচাৰেল এলায়েঞ্চ’ৰ লগত চুক্তিবদ্ধ হওঁ৷ আৰু তাৰ জৰিয়তে আমেৰিকা, কানাডাৰ বিভিন্ন স্থান, কেইবাখনো আন্তঃৰাষ্ট্রীয় বিশ্ববিদ্যালয়ত নৃত্য প্রদর্শন কৰি ধন্য হ’লোঁ৷ ২০০৬ চনৰ পৰা ছিংগাপুৰৰ ‘নেচনেল আর্টছ কাউঞ্চিল’ত নৃত্য শিকোৱাৰ কাম আৰম্ভ কৰিছিলোঁ৷ ‘মানু আর্টছ’ নামৰ এটা সংগঠনৰ জৰিয়তে এই কাম কৰিছিলোঁ৷ ১৯৯৮ চনৰ পৰা ২০১১ চনলৈ মই আন্তঃৰাষ্ট্রীয় পর্যায়ত নিৰৱচ্ছিন্নভাৱে নৃত্যৰ প্রদর্শন–প্রশিক্ষণ্ দি যথেষ্ট সাফল্য আর্জন কৰিব পাৰিছিলোঁ৷ মই এই কার্যৰ ধাৰাবাহিকতা আজিও অব্যাহত ৰাখিছোঁ৷ এই বক্তব্যখিনিৰ জৰিয়তে আপোনালোকে অসমৰ পৰা মই কেনেদৰে আহি দাক্ষিণাত্যত প্রতিষ্ঠিত হৈছিলোঁ তাৰ এটা সম্যক ধাৰণা লাভ কৰিলে বুলি আশা কৰিছোঁ৷

আমি জানিব পৰা মতে দাক্ষিণাত্যৰ অতি জনপ্রিয় তাৰকা ৰজনীকান্তে আপোনাক জীয়ৰী হিচাপে গ্রহণ কৰিছে৷ আচলতে কিদৰে আপুনি কিংবদন্তিস্বৰূপ ৰজনীকান্তৰ দৰে পৰিয়ালৰ সংস্পর্শলৈ আহে?
হয়, ৰজনীকান্তৰ দৰে অতি জনপ্রিয়, বিচক্ষণ অভিনেতাগৰাকীৰ সংস্পর্শলৈ অহা কথাটোৱেই পৰম সৌভাগ্যৰ কথা৷ এই বিষয়ে ক’বলৈ হ’লে আমি ২০১১ বর্ষলৈ উভতি যাব লাগিব৷ তেতিয়া মই ছিংগাপুৰত নাচৰ প্রশিক্ষণত ব্যস্ত৷ কিন্তু মে’ মাহ (২০১১ চন)ৰ কোনোবা এটা দিন (সঠিক দিনটো পাহৰিছোঁ)ত বেংগালুৰুত মোৰ শ্ব’ এটা আছিল৷ সেইবাবে মই ছিংগাপুৰৰ পৰা এসপ্তাহৰ বাবে ভাৰতলৈ আহিছিলোঁ৷ বেংগালুৰুৰ পৰা মই চেন্নাইলৈ গাড়ীৰে আহি আছিলোঁ৷ সেই সময়তে মোলৈ এটা ‘ফোনকল’ আহিছিল৷ যশস্বী চিনেমা প্রযোজক বিজয় শংকৰে কৰিছিল ফোন৷ তেওঁ জানিছিল যে বিগত বহুদিন ধৰি মই ছিংগাপুৰত আছিলোঁ৷ আচলতে মূল কথাটো হ’ল সেই সময়ত ৰজনীকান্ত গুৰুতৰভাৱে অসুস্থ হৈছিল৷ সেই সময়ত চলি থকা বিশ্বকাপ খেল উপভোগ কৰাৰ পিছতেই তেওঁ অসুস্থ হৈছিল৷ ততালিকে চেন্নাইত চিকিৎসা কৰোৱা হৈছিল৷ কিন্তু সেই সময়ত হাস্পতালৰ বাহিৰত মানুহৰ সমাগম ইমানেই হৈছিল যে সেয়া ক’বলৈ গ’লে নিয়ন্ত্রণৰ বাহিৰত৷ চিকিৎসকেও পাইছিল অসুবিধা৷ ইফালে অমিতাভ বচ্চনে তেওঁ ছিংগাপুৰৰ মাউণ্ট এলিজাবেথ হাস্পতালত চিকিৎসা কৰিবলৈ পৰামর্শ দিয়ে৷ অৱশেষত তালৈ নিবলৈ সিদ্ধান্ত ল’লে৷ এইক্ষেত্রত মই যিহেতু কিছুদিন ধৰি ছিংগাপুৰতেই আছিলোঁ সেয়ে প্রযোজক বিজয় শংকৰে মোলৈ ফোন কৰি তেওঁৰ চিকিৎসাৰ সমুদায় বন্দৱস্তি কৰিবলৈ মোক দায়িত্ব দিলে৷ তেতিয়া মই যিহেতু ছিংগাপুৰৰ পৰা চেন্নাইলৈ আহি আছোঁ সেয়ে তেওঁৰ পৰা মই অলপ সময় বিচাৰিলোঁ৷ আৰু সেই ছেগতে মই ছিংগাপুৰৰ হাস্পতালৰ চিকিৎসক আৰু তাৰ কেইবাগৰাকীৰ লগত কথা পাতি এই দায়িত্ব গ্রহণ কৰাৰ কথা মই প্রযোজকগৰাকীক জনাই দিলোঁ৷ তেতিয়া তেওঁ মোক এই সমগ্র কথাখিনি গোপনে ৰাখিবলৈ ক’লে৷ কাৰণ কেনেবাকৈ কথাটো ফাদিল হ’লে জনসমাগমৰ বাবেই হাস্পতালৰ পৰা স্থানান্তৰ কৰাটো সমস্যা হৈ পৰিব৷ সেয়ে অতি সন্তর্পণে সমগ্র কার্য সমাপন কৰি পিছদিনাই ৰজনীকান্তৰ পৰিয়ালসহ ছিংগাপুৰলৈ উৰা মাৰিলোঁ৷ তাত তিনি মাহ তেওঁৰ চিকিৎসা কৰোৱা হৈছিল৷ কেইবা কোটি টকা খৰচ হৈছিল৷ আৰু এই সমুদায় খৰচ মোৰ জৰিয়তেই কৰা হৈছিল৷ প্রায় ৩ মাহৰ অন্তত সুস্থ হোৱাৰ পিছত ৰজনীকান্ত আৰু পৰিয়ালৰ লগত মই চেন্নাইলৈ আহিছিলোঁ৷ আচলতে চিকিৎসাৰ কামখিনি নিষ্ঠা আৰু দায়িত্বসহকাৰে কৰি দিয়া বাবে মোৰ প্রতি ৰজনীকান্ত যথেষ্ট সন্তোষিত হৈ পৰে৷ ইতিমধ্যে ৰজনীকান্ত শাৰীৰিকভাৱে যথেষ্ট পৰিমাণে সুস্থ হৈ উঠে৷ দীর্ঘ বিৰতিৰ পিছত মই চেন্নাইলৈ অহাৰ এই সময়ছোৱাতে তাত মোৰ ‘ভীষ্ম’ শীর্ষক এখন প্রদর্শন আছিল৷ বিখ্যাত চেন্নাই মিউজিয়াম থিয়েটাৰত এই শ্ব’ৰ আয়োজন কৰা হৈছিল৷ আৰু দুশ বিশেষভাৱে সক্ষম ল’ৰা–ছোৱালীৰ সন্মুখত মোৰ প্রদর্শনৰ বন্দৱস্তি কৰা হৈছিল৷ এইক্ষেত্রত সৌভাগ্যৰ কথা যে ৰজনীকান্তে মোৰ এই শ্ব’টো চাবলৈ আগ্রহ প্রকাশ কৰিলে৷ তেতিয়া মই এই কথা অতি গোপনে ৰাখিলোঁ৷ কাৰণ ৰজনীকান্ত অহা মানেই নিয়ন্ত্রণহীন মানুহৰ সমাগম৷ সেয়ে তেওঁ অহাৰ আগমুহূর্তলৈ কথাটো গোপনে ৰাখিছিলোঁ৷ অৱশেষত যথাসময়ত তেওঁ উপস্থিত হৈ মোৰ শ্ব’ সানন্দে উপভোগ কৰিলে৷ শ্ব’ৰ অন্তত তেওঁ কেইগৰাকীমান বিশেষভাৱে সক্ষম ল’ৰা–ছোৱালীৰ লগত কিছু কথাও পাতিছিল৷ এই শ্ব’ৰ পিছতে তেওঁ তাত উপস্থিত থকা সংবাদিকৰ সৈতে কথা পাতে৷ অসুস্থ হোৱাৰ পিছত পুনৰ আৰোগ্য লাভ কৰি প্রথমবাৰ সংবাদ মাধ্যমৰ সৈতে কথা–বতৰা প্রসংগত অন্যান্য কথাৰ লগতে মোৰ কিছু কথাও উল্লেখ কৰে৷ তাতেই তেওঁ মোক– ‘She is my third daughter’ বুলি প্রকাশ কৰি দিয়ে৷ তেতিয়াৰ পৰাই তেওঁক মই সদায় পিতৃৰ দৰে জ্ঞান কৰি আহিছোঁ৷ মই তেওঁক ‘আপ্পা’ বুলি মাতোঁ৷ মাক লতাম্মা বুলি মাতোঁ৷

ছুপাৰষ্টাৰ ৰজনীকান্তৰ সান্নিধ্যৰে তেওঁৰ ব্যক্তিত্ব সন্দর্ভত কিছু কথা ক’ব নেকি?
মই ‘আপ্পা’ বুলি সম্বোধন কৰা ৰজনীকান্ত বিখ্যাত অভিনেতা৷ কিন্তু এইগৰাকী বলিষ্ঠ অভিনেতাৰ মোৰ যেতিয়া প্রথম সান্নিধ্য লাভৰ সৌভাগ্য হৈছিল দৰাচলতে সেই সময়ত তেওঁ শাৰিৰীকভাৱে অত্যন্ত অসুস্থ অৱস্থাত আছিল৷ পিছত চিকিৎসাৰ অন্তত তেওঁ সুস্থ হৈ উঠাৰ পিছৰে পৰা তেওঁৰ সৈতে মোৰ এক পাৰিবাৰিক সম্পর্ক গঢ়ি উঠে৷ তেওঁক মই ‘আপ্পা’ বুলি মাতোঁ৷ সেই সূত্রে তেওঁৰ ব্যক্তিগত সান্নিধ্য লাভৰ সুযোগ লাভ কৰোঁ৷ দৰাচলতে ৰজনীকান্ত (আপ্পা) সম্পূর্ণ আধ্যাত্মিক জ্ঞানসম্পন্ন লোক৷ ভগৱানৰ সৈতে তেওঁ আছে এক মনস্তাত্ত্বিক সম্পর্ক৷ যোগৰ দ্বাৰা প্রতিটো দিন আৰম্ভ কৰা ৰজনীকান্তে প্রায় প্রতিটো বছৰতে কিছুদিনৰ বাবে হিমালয়লৈ গৈ সাধনা কৰে৷ আধ্যাত্মিক শক্তিৰ বাবেই হয়তো গুৰুতৰভাৱে অসুস্থ হোৱা সত্ত্বেও তেওঁৰ মনৰ জোৰ দেখি মই আচৰিত হৈছিলোঁ৷ তেওঁ সকলো সময়তে মনৰ ফালৰ পৰা সম্পূর্ণ যোগাত্মক৷ এগৰাকী সৰল মনৰ আৰু সকলোৰে প্রতি গভীৰ কৃতজ্ঞতাবোধসম্পন্ন্ লোক৷ এয়া আচলতে তেওঁৰ ব্যক্তিত্বৰ এক বিশেষ উল্লেখনীয় গুণ৷ এগৰাকী মানুহ হিচাপে তেওঁ সদায়েই চিৰস্মৰণীয়৷ তেওঁৰ ব্যক্তিত্বই মোৰ নিজৰেই জীৱন সলাই দিছে৷ গুণ–গৰিমাৰে ভৰপূৰ ইমান বৈভৱশীল শিল্পী হোৱা সত্ত্বেও তেওঁৰ কোনো গৌৰৱ নাই৷ একেবাৰেই সৰল জীৱন যাপন কৰে৷ নিজ চকুৰে নেদেখিলে বিশ্বাসেই নহয়৷ কোনোদিনাই শিপাক পাহৰি নোযোৱা এই বিশাল ব্যক্তিত্বৰ গৰাকীয়ে দর্শকসকলক সদায় ভগৱানৰ দৰে জ্ঞান কৰে আৰু সন্মান দিয়ে৷ তদুপৰি তেওঁ নিজকেও খুব ভাল পায়৷ আৰু এয়া তেওঁৰ আন এক সুকীয়া বৈশিষ্ট্য৷

দাক্ষিণাত্যৰ লগত অসমৰ ছবিজগতৰ সাদৃশ্য বা বৈসাদৃশ্য সম্পর্কত তুলনামূলক মতামত দিব নেকি?
দাক্ষিণাত্যৰ ছবিসমূহ সচৰাচৰ’Globel’ পর্যায়ৰ৷ লগতে’Proffessionalism’ত গুৰুত্ব থাকে৷ তদুপৰি তাত অভিনয়ক ভালদৰে শিকি একদম পৰিপক্ব হৈ ছবিত ভাগ লয়৷ এই ক্ষেত্রখনত শিকাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখে৷ তাত শিকা বিষয়টোত অধিক গুৰুত্ব দিয়া হয়৷ আনহাতে দাক্ষিণাত্যৰ ছবিৰ বাজেটো বহু বেছি৷ কিন্তু অসমৰ ছবিসমূহৰ ক্ষেত্রত ইয়াৰ কিছু বৈপৰীত্য পৰিলক্ষিত হয়৷ স্বাভাৱিকতেই অসমীয়া ছবিৰ বাজেট তুলনামূলকভাৱে কম৷ অসমৰ শিল্পীসকলে যি পাৰদর্শিতা দেখুৱায় সেয়া প্রাকৃতিকভাৱেই অহা৷ অৱশ্যে এইক্ষেত্রত কিছু সহযোগিতাৰ আৱশ্যক৷

দৰাচলতে আপুনি এগৰাকী আন্তঃৰাষ্ট্রীয় শাস্ত্রীয় নৃত্যশিল্পী৷ এই গন্ধর্ব বিদ্যা কিদৰে শিকি আজিৰ পর্যায়ত উপনীত হ’ল সেই সম্পর্কত অলপ জনাব নেকি?
৪ বছৰ বয়সত মই প্রথমে শাস্ত্রীয় মণিপুৰী নৃত্য শিকিছিলোঁ গুৱাহাটীৰ মালিগাঁৱৰ গুৰু অৰবিন্দৰ ওচৰত৷ তাতেই কথকো শিকিছিলোঁ৷ পৰৱর্তী পর্যায়ত এবাৰ গুৱাহাটীৰ ৰবীন্দ্র ভৱনত যশস্বী নৃত্যশিল্পী ড০ পদ্ম সুব্রমণিয়ামৰ ভাৰত নাট্যম নৃত্য দেখাৰ সৌভাগ্য হৈছিল৷ তেতিয়া মোৰ বয়স প্রায় ১১ বছৰ৷ তাত ভাৰত নাট্যম দেখি এই নৃত্যৰ প্রতি মই গভীৰভাৱে আসক্ত হৈ পৰিলোঁ৷ সেয়ে পিছত মই পদ্ম হৰগোপালৰ ওচৰত ভাৰত নাট্যম শিকিছিলোঁ৷ মোৰ আগ্রহ দেখি তেওঁ মোক চেন্নাইলৈ লৈ গৈ ভালকৈ নৃত্য শিকাৰ সুযোগ দিয়ে৷ তাত শিক্ষা গ্রহণ কৰি দেশৰ লগতে বিদেশতো নৃত্য প্রদর্শনৰ সুযোগ লাভ কৰোঁ৷ এতিয়া ভগৱানৰ কৃপা আৰু সদাশয় সকলোৰে আশীর্বাদ, সহযোগত মই নৃত্যৰ শিক্ষা দান কৰি আছোঁ৷

নৃত্য সাধনাৰ ক্ষেত্র হিচাপে অসম সম্পর্কত আপোনাৰ মতামত কি?
অসমত নৃত্যৰ গভীৰ সাধনা চলি আছে৷ ইয়াৰ বিশেষকৈ নৃত্যশিল্পীসকল প্রাকৃতিকভাৱেই বিশেষভাৱে গুণপুষ্ট৷ নিশ্চিতভাৱে ই আমাৰ সকলোৰে বাবেই শুভ বার্তা৷ অৱশ্যে ইয়াৰ বিপৰীতে এই ক্ষেত্রখনত কিছু ‘শ্বর্ট কাট’ পৰিলক্ষিত হয়৷ যি দৰাচলতে পশ্চাৎগামী, মানে চিধাকৈ ক’বলৈ হ’লে কিছুসংখ্যকে নৃত্যৰ অলপ জ্ঞান আহৰণ কৰিয়েই মঞ্চত উঠিবলৈ ইচ্ছুক হৈ পৰে৷ দৰাচলতে ই সঠিক নহয়৷ মঞ্চত উঠি নচাতহে এইসকলৰ গুৰুত্ব থাকে৷ কিন্তু তাৰ পৰিৱর্তে নৃত্যৰ জ্ঞান আহৰণ কৰি সম্পূর্ণ শিকি–বুজিহে মঞ্চ বা আন ক্ষেত্রলৈ মন মেলিব লাগে৷ মই নিজেও ভাৰত নাট্যমৰ গভীৰ শিক্ষা গ্রহণৰ বাবেহে দাক্ষিণাত্যলৈ গৈছিলোঁ৷ নিশ্চিতভাৱে তাত নৃত্যৰ গভীৰ সাধনা গ্রহণ কৰিব পাৰি৷ চেন্নাইত মই ভাৰত নাট্যমৰ সঠিক সাধনা গ্রহণৰ সুযোগ পাইছোঁ৷ এয়া মোৰ পৰম সৌভাগ্য৷ নৃত্য শিক্ষাৰ ক্ষেত্রত নিয়মানুৱর্তিতাৰ খুবেই আৱশ্যক৷

দেশৰ উপৰি আপুনি কেইবাখনো বিদেশী ৰাষ্ট্রত ভাৰতীয় নৃত্যৰ প্রদর্শন আৰু প্রশিক্ষণ প্রদান কৰি আহিছে৷ এইক্ষেত্রত আপুনি কেনেদৰে সঁহাৰি লাভ কৰিছে?
হয়, দেশৰ উপৰি আমেৰিকা, কানাডা, শ্রীলংকা, ম্যানমাৰ, মালয়েছিয়া, লণ্ডন আদিকে ধৰি কেইবাখনো বিদেশী ৰাষ্ট্রত মই মূলতঃ ভাৰত নাট্যম নৃত্যৰ প্রদর্শন আৰু প্রশিক্ষণ প্রদান কৰাৰ কাম কৰি আছোঁ৷ এইক্ষেত্রত ব্যাপক সঁহাৰি লাভ কৰিছোঁ৷ ভাৰতীয় শাস্ত্রীয় নৃত্যৰ প্রতি সংশ্লিষ্ট সকলো বিদেশী লোকেই যথেষ্ট আগ্রহী৷ নিউয়র্কৰ বিখ্যাত মেট্র’পলিটান মিউজিয়ামতো মই ভাৰতীয় শাস্ত্রীয় নৃত্য প্রদর্শন কৰিছোঁ৷ ৰাছিয়া, জাপান, ফ্রান্স, ইটালীতো ভাৰত নাট্যম শিকা মোৰ বহু শিক্ষার্থী আছে৷ সময় ব্যয় কৰি মোৰ ওচৰত প্রশিক্ষণ গ্রহণ কৰাটোৱেই ভাৰত নাট্যম শিকাৰ প্রতি থকা গভীৰ ধাউতিৰ কথাকেই স্পষ্ট কৰি দিছে৷ ইয়াক লৈ মই পৰম সুখী৷

অসমত নৃত্যক লৈ কিবা ভৱিষ্যৎ পৰিকল্পনা আছে নেকি?
অসমত ভৱিষ্যতে নৃত্য, যোগ আদিক লৈ এটা ভাল প্রতিষ্ঠান কৰাৰ ইচ্ছা আছে৷ বাইদেউ মিতালী দুৱৰাকে লৈ আন কিছুসংখ্যকৰ লগত আলোচনা কৰি ইয়াক কার্যকৰী কৰাৰ হেঁপাহ৷

নৃত্যক লৈ আপোনাৰ এটা ভাল সংগঠন আছে৷ অলপ ক’ব নেকি?
মূলতঃ শাস্ত্রীয় নৃত্যক লৈ মোৰ এটা সংগঠন আছে৷ নাম ‘মানু আর্টছ’৷ ২০০৪ বর্ষত এই সংগঠনটো প্রতিষ্ঠা কৰা হৈছিল৷ নৃত্যৰ প্রদর্শন, সৃজনীমূলক আৰু সেৱামূলক কাম কৰাই এই সংগঠনটোৰ অন্যতম প্রধান লক্ষ্য৷ ইয়াৰ মুখ্য কার্যালয় চেন্নাইত৷

You might also like