🔹 আজি মাঘ বিহুৰ উৰুকা
🔹 শিপা বিচাৰি ঘৰমুৱা বহিঃস্থানত কর্মৰত
বিশেষ বাৰ্তা, ১৩ জানুৱাৰী : আজি উৰুকা৷ ভোগালীক ভোগসর্বস্ব কৰি বছৰটোলৈকে ভোগমুখী হোৱাৰ আশা বুকুত বান্ধি প্রস্তুতি সম্পূর্ণ কৰিছে অসমীয়াই৷ বাপতিসাহোন তিনিটি বিহুৰ অন্যতম ভোগালীৰ আছে নিজস্ব স্বকীয়তা৷ ভোগালী মানেই ভোগৰ প্রাচুর্য৷ হেঁপাহৰ ভোগালীৰ আনন্দ–উছাহে উমাল কৰি তুলিছে প্রতিগৰাকী অসমীয়াক৷ পথাৰৰ লখিমীক ঘৰলৈ আদৰাৰ পাছত পুহ আৰু মাঘৰ সংক্রান্তিত অনুষ্ঠিত মাঘ বিহুৰ উৰুকাত মাছে–মঙহে সমজুৱাকৈ এসাঁজ খোৱাটো জাতিটোৰ পৰম্পৰা৷ বন্ধু–বান্ধৱ, আত্মীয়–স্বজনৰ সৈতে উৰুকাৰ নিশা মহা–আয়োজনেৰে এসাঁজ খোৱাৰ এই প্রস্তুতি ইতিমধ্যে আৰম্ভ হৈছে৷ শদিয়াৰ পৰা ধুবুৰীলৈ ভোগালী বিহু উপলক্ষে ব্যাপক আনন্দ–উছাহে বিৰাজ কৰিছে৷ বজাৰ ভৰি পৰিছে ভোগৰ সামগ্রীৰে৷ পথাৰে পথাৰে নির্মাণ কৰা ভেলাঘৰৰ তলত উৰুকাৰ ভোজ খাবলৈ যোগাৰ কৰা হৈছে তেজাল খাহী, হাঁহ–কুকুৰা, বিভিন্ন মাছকে ধৰি শাক–পাচলি৷ বিধে বিধে প্রস্তুত কৰা ব্যঞ্জনৰ সোৱাদ ল’ব অসমীয়াই৷ উৰুকাৰ নিশাটোৰ বাবে বাৰীৰ খাল–পুখুৰীৰ পৰা আৰম্ভ কৰি নদী–বিললৈকে মৎস্য চিকাৰত নামি পৰিছে ৰাইজ৷ পথাৰে পথাৰে আকর্ষণীয় মেজি নির্মাণৰ অঘোষিত প্রতিযোগিতাও আৰম্ভ হৈছে৷ পথাৰৰ নৰা, কলচোঁচনী, কাঠ আদিৰে বিভিন্ন আকাৰৰ মেজি নির্মাণ কৰা হৈছে৷ ৰাজ্যৰ ভিন্ন প্রান্তত বিভিন্ন থিমেৰে ভেলাঘৰ সাজি উলিওৱা হৈছে৷ সমান্তৰালভাৱে গাঁৱে–ভূঞে ঢেঁকীৰ শব্দই গুমগুমাই উঠিছে৷ পিঠা–পনা, মাহকঢ়াই আদিৰ সুস্বাদু গোন্ধে চৌদিশ ছানি ধৰিছে৷ আজি উৰুকাৰ ভোজ–ভাত খোৱাৰ পাছত বিহুৰ দিনা পুৱা মেজিৰ জুইত অসমীয়াই সেৱা, আশীর্বাদ ল’ব৷ বিহুৰ দিনা মেজিৰ জুইৰ উত্তাপ লৈ অহাৰ পাছত আপোনজনক পিঠা–পনাৰে আপ্যায়ন কৰিবলৈ ব্যস্ততাৰ সীমা নোহোৱা হৈছে গৃহিণীৰ৷ ৰাজ্যৰ প্রতিঘৰ লোকৰ আখলত পিঠা, নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, চিৰাৰ লাড়ু, মূড়িৰ লাড়ু, নাৰিকলৰ চিৰা, তিলৰ পিঠা, ঘিলা পিঠা, চুঙা পিঠা প্রস্তুত কৰাত গৃহিণীসকল ব্যস্ত হৈ পৰিছে৷ ইয়াৰ সমান্তৰালভাৱে মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্রান্তৰ বজাৰসমূহ ভোগৰ সামগ্রীৰে উভৈনদী হৈ পৰিছে৷ পিঠা–লাড়ু–গুড়–সান্দহৰ পৰা আৰম্ভ কৰি শাক–পাচলিলৈকে বিভিন্ন সামগ্রীৰে বজাৰ ভৰি পৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ কংক্রিটৰ মহানগৰীত ভোগালী বিহু উপলক্ষে উখল–মাখল পৰিৱেশৰ সূচনা হৈছে৷ মহানগৰীখনৰ প্রান্তে প্রান্তে কেইবাখনো ভোগালী মেলা অনুষ্ঠিত হৈছে৷ য’ত বিভিন্ন সা–সামগ্রী উপলব্ধ হৈছে৷ অৱশ্যে বিগত বর্ষৰ তুলনাত এইবাৰ খাদ্য সামগ্রীসমূহৰ দাম কিছু বৃদ্ধি পোৱাত একাংশ গ্রাহক হতাশ হ’বলগীয়া হৈছে৷ তৎসত্ত্বেও উৰুকাৰ নিশা লগে–ভাগে এসাঁজ খাবলৈ সাঁচতীয়া ধন ভাঙি ৰাইজে বজাৰ কৰা পৰিলক্ষিত হৈছে৷ মহানগৰীৰ বজাৰসমূহত ১০টা নাৰিকলৰ লাড়ু ১০০ টকা, ১০খন নাৰিকলৰ পিঠা ১০০ টকা, তিল প্রতিকিলোগ্রাম ২৫০ৰ পৰা ৩০০ টকা, নাৰিকল প্রতিযোৰ ১৫০ পৰা ২০০ টকা, ক্রীম ৮০০ৰ পৰা ১,০০০ টকা প্রতিকিলোগ্রাম, গুড় ১৮০–২০০ টকা প্রতিকিলোগ্রাম দৰত বিক্রী ১০০ হৈছে৷ উল্লেখ্য যে ভোগালী বিহুৰ সময়ছোৱাত আপোনজনৰ সৈতে সময় কটাবলৈ কালিৰে পৰা বহু লোকৰ গৃহমুখী যাত্রা আৰম্ভ হৈছে৷ মহানগৰীৰ বাছ আস্থান আৰু ৰে’ল ষ্টেচনসমূহত ব্যাপক ভিৰ পৰিলক্ষিত হয়৷ বিশেষকৈ খানাপাৰা, লালমাটি, আইএছবিটি, জালুকবাৰী আদিত বাছৰ বাবে অপেক্ষা কৰা লোকৰ অত্যন্ত ভিৰ দেখা যায়৷ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে সদৌ গুৱাহাটী বাতৰিকাকত হকাৰ সন্থাই৷ এক শুভেচ্ছা বার্তাত সন্থাৰ সাধাৰণ সম্পাদক ব্রজেন বর্মনে মেজিৰ জুইৰ উত্তাপে সমাজৰ হিংসা, অপকর্ম নাশ কৰি এখন সুস্থ সমাজ গঢ়ি তুলিব বুলি আশা প্রকাশ কৰে৷ তেওঁ সমূহ পঢ়ুৱৈ সমাজলৈও শুভেচ্ছা জ্ঞাপন কৰিছে৷