কাইলৈৰ পৰা ঐতিহাসিক জোনবিল মেলা
📌 উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, প্ৰদান কৰিব ৰাজভাট্টা
নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰী : ঐতিহাসিক যুগৰ প্ৰাচীন বিনিময় প্ৰথাৰে পাহাৰ আৰু ভৈয়ামৰ সমন্বয়ৰ এনাজৰী গঢ়া গোভা দেওৰজাৰ জোনবিল মেলা জাগীৰোডৰ ইতিহাস প্ৰসিদ্ধ জোনবিলৰ পাৰত কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। এই মেলাতেই কিছু সময়ৰ বাবে স্তদ্ধ হৈ পৰিব আধুনিক মুদ্ৰাৰ প্ৰচলন। পাহাৰ আৰু ভৈয়ামৰ লোক সকলৰ মাজত পৰম্পৰাগত ভাৱে যুগ যুগ ধৰি জোনবিল মেলাত চলি অহা এই বিনিময় প্ৰথা এতিয়া পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ। ১৬, ১৭ আৰু ১৮ জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া জোনবিল মেলাৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে গোভা ৰজা ৰাজপাৰিষদ বৰ্গ আৰু জোনবিল মেলা সমিতিয়ে। অসমৰ মাঘ বিহুৰ পিছৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয় জোনবিল মেলাৰ। কাইলৈ পুৱা ছয় বজাত গোভা দেওৰজা চাৰিভাই দেওশাল থানত মাংগলিক পৰ্বৰে মেলাৰ শুভাৰম্ভ হ’ব। তাৰ পিছতে গাভৰু আম বৃক্ষত বন্তি প্ৰজ্বলন কৰা হ’ব। পুৱা ৯:২০ বজাত মেলাথলীত গোভা দেওৰজা জোনবিল মেলা উন্নয়ন সমিতিৰ সভাপতি সোণেশ্বৰ দলৈয়ে বন্তি প্ৰজ্বলন কৰিব। ৯:৩০ বজাত মেলাথলীত ন-বাৰ, চ্যামাদি, ঠুঙি-ন’ আৰু মাৰু উদ্বোধন কৰিব ক্ৰমে মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈ, জাগীৰোড সমজিলাৰ আয়ুক্ত বিমান দাস, সমাজ সেৱজ অপূৰ্ব ডেকা আৰু জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ সভাপতি দিব্যজিৎ নেওগে। তাৰ পিছতে পতাকা উত্তোলন কৰিব গোভাৰজা দ্বীপসিং দেওৰজাই। দুপৰীয়াৰ পৰা পাহাৰৰ মামা-মামী সকলৰ মেলালৈ আগমন ঘটিব। দুপৰীয়া মেলাথলিত গোভাৰজাই বিষয়া বৰ্গৰ সৈতে ভোজভাত খাব। পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ সেতু ঐতিহাসিক জোনবিল মেলাৰ প্ৰথম দিনটোতেই উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মেলা পৰিচালনা সমিতিয়ে কাৰ্যসূচী কিছু সাল-সলনি কৰিছে। সেই অনুসৰি মেলাৰ প্ৰথম দিনটোতেই অনুষ্ঠিত হ’ব গোভাৰজাৰ ৰাজ-দৰবাৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ-দৰবাৰতে মধ্য অসমৰ তিৱা ৰজাসকলক ৰাজভাট্টা প্ৰদান কৰিব। দুপৰীয়া অনুষ্ঠিত হ’বলগীয়া ৰাজদৰবাৰ আৰু ৰাজভাট্টা প্ৰদান অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকা আৰু ডা: ৰনোজ পেগুই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব লগতে নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াব বিধায়ক ৰমাকান্ত দেউৰীয়ে। উল্লেখযোগ্য যে প্ৰাচীন বিনিময় প্ৰথাৰ বাবে বিশ্ববিখ্যাত জোনবিল থলীত বৰ্ণিল তিৱা লোক কৃষ্টি-সংস্কৃতিৰে উদ্ভাসিত হ’ব। শুকুৰবাৰে পুৱা মেলাথলীত স্তব্ধ হ’ব আধুনিক মুদ্ৰাৰ প্ৰচলন। পাহাৰৰ পৰা নামি অহা মামা-মামীসকলে ভৈয়ামৰ লোকসকলৰ মাজত সম্পন্ন কৰিব বিনিময় প্ৰথা। বিয়লি চাৰি বজাত পাহাৰৰ মামা-মামীসকলৰ সৈতে গোভাৰজাৰ বাৰ্তালাপ হ’ব। সন্ধিয়া সাত বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব। সন্ধিয়া ৮ বজাৰ পৰা পাহাৰ আৰু ভৈয়ামৰ লোকসকলৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ’ব। ১৭ জানুৱাৰী শুক্ৰবাৰে পুৱা ৫:৩০ বজাৰ পৰা পাহাৰ ভৈয়ামৰ লোকসকলৰ মাজত বিনিময় পৰ্বৰ উদ্ধোধন কৰিব বিধায়ক ৰমাকান্ত দেউৰীয়ে। এই কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ। পুৱা ৮ বজাৰ পৰা জোনবিলত সমুহীয়া ভাবে মাছ মৰা হ’ব। পুৱা ৯ বজাত তিৱা সাংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰিব মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই। মেলাৰ অন্তিম দিনা শনিবাৰে গোভা দেওৰজাৰ অৰম বিলত পুৱা ৮ বজাত সমুহীয়াভাৱে মাছ মৰা হ’ব। দহ বজাৰ পৰা জোনবিলৰ পাৰত বিশিষ্ট কবি হৰেন্দ্ৰ বৰা আৰু নৱ ৰাজনৰ পৰিচালনাত কবিতাৰ মেল অনুষ্ঠিত হ’ব। দিনৰ এক বজাৰ পৰা প্ৰতিকী ৰূপত মেলাত কৰ সংগ্ৰহ পৰ্ব সমাপন হোৱাৰ পিচতে জোনবিল মেলাৰ সামৰণি পৰিব।
প্ৰেৰক হৰি প্ৰসাদ মল্লিক