ঘৰটো পৰিষ্কাৰকৈ ৰখাটো বোজা নহয়
ক’ৰবাত পঢ়িছিলোঁ–’Cleanig your home is a blessing which you shours upon your family’. ব্যক্তিগতভাৱেও এই কথাষাৰ মানো৷ আমি যেতিয়া আমাৰ ঘৰটো, আমাৰ পৰিয়ালটোক এটা সুস্থ, পৰিষ্কাৰ বাতাৱৰণ দিবলৈ সক্ষম হওঁ, তেতিয়া আমি এক আত্মসন্তুষ্টি লাভ কৰোঁ৷ প্রতিগৰাকী নাৰীৰ বাবে ঘৰটোও সন্তানৰ দৰেই৷ সন্তানক যেনেদৰে আমি আদৰ–যত্নৰে ডাঙৰ–দীঘল কৰোঁ, ঘৰটোকো আমি সিমানেই মৰম কৰোঁ, আদৰ কৰোঁ৷ নিজহাতে গঢ়ি তোলা ঘৰ এখনৰ প্রতি এৰাব নোৱাৰা মোহ প্রতিগৰাকী নাৰীৰে থাকে৷ সেয়েহে সন্তানক ভালকৈ ৰখাৰ দৰে ঘৰখনকো যিমান পাৰি পৰিষ্কাৰ আৰু চিজিলকৈ ৰাখিবলৈ যত্ন কৰিব লাগে৷ পুৱা শুই উঠাৰ পৰা ৰাতি বিছনাত যোৱালৈকে মহিলা এগৰাকীৰ অলপো সময় নাথাকে৷ কাম, কাম আৰু কাম৷ কিন্তু সেই কামসমূহক যদি কাম বুলি নাভাবি এখন ৰুটিনৰ মাজেৰে আগবঢ়াই লৈ যাওঁ, তেন্তে সকলো কামেই আমাৰ বাবে সহজ হৈ পৰিব৷ তেতিয়া আমাৰ শৰীৰটোৱে কষ্ট নাপায় আৰু সেই কামবোৰৰ পৰা একপ্রকাৰ আনন্দহে পোৱা যায়৷ ক্লিনিং নাইবা চাফ–চিকুণতা, পৰিষ্কাৰক চাৰিটা ভাগত ভাগ কৰি ল’ব লাগে৷ সেয়া হ’ল– (১) দৈনিক পৰিষ্কাৰ (২) সাপ্তাহিক পৰিষ্কাৰ (৩) মাহিলি পৰিষ্কাৰ (৪) বছৰেকীয়া পৰিষ্কাৰ৷
এখন ঘৰ চিজিল কৰি ৰখাটো কেৱল এদিনৰহে যে কাম এনে নহয়৷ এইটো হ’ল কেতিয়াও শেষ নোহোৱা এক প্রক্রিয়া৷ মাহ, পষেকতহে ঘৰ পৰিষ্কাৰ কৰিম বুলি থাকিলে কেৱল শৰীৰটোৱেই নহয়, ধূলি–মাকতি, পোক–পৰুৱা, ভেঁকুৰ লাগি ঘৰৰ বস্তুও বহুখিনি নষ্ট হয়৷ সেয়ে প্রতিদিনেই কামবোৰ অলপ অলপকৈ কৰি যাব লাগে৷
প্রথমে আহোঁ দৈনিক কেনেদৰে ঘৰটো পৰিষ্কাৰ আৰু চিজিলকৈ ৰাখিব–
পুৱা শুই উঠিয়েই যদি বিছনাখন ঠিক কৰি থৈ যায়, তেতিয়া শোৱাকোঠাটো বহুখিনি চিজিল হোৱা যেনেই লাগে৷ যদিহে আপুনি এগৰাকী কর্মৰত মহিলা, তেনেহ’লে পুৱাৰ আহাৰ আৰু দিনৰ আহাৰ একে সময়তেই ৰান্ধিবলগীয়া হয়৷ তাৰ আগতে যদি আপুনি আপোনাৰ ধুবলগীয়া কাপোৰখিনি তিয়াই নাইবা ৱাশ্বিং মেচিনত দি থয়, তেতিয়াহ’লে আহাৰ ৰান্ধি সম্পূর্ণ হোৱালৈকে কাপোৰখিনিও ৰ’দত মেলিব পৰা হৈ যায়৷ ঘৰটো সাৰি যোৱাৰ পাছতেই দুৱাৰ–খিৰিকী, চকী–টেবুল, বিছনাৰ ধূলিসমূহ এখন তিতা কাপোৰেৰে মচি পেলাব লাগে৷ ড্রয়িং ৰুমৰ ছোফা, শ্ব’ পিচ, ফুলৰ টাব, সতেজ ফুল থাকিলে যদিহে শুকাই যোৱা পাত থাকে সেইবোৰ আঁতৰাই পেলাব লাগে৷ ছোফাৰ কাপোৰ, কুছনসমূহ জাৰি–জোকাৰি আকৌ পাৰি থ’ব লাগে৷ ৰুমটোৰ ভিতৰত কার্পেট থাকিলে সেইবোৰো এডাল ব্রাছেৰে জাৰি–জোকাৰি পাৰি থ’ব লাগে৷ আলহী আহিলে আলহী উঠি যোৱাৰ পাছতে যদি ছোফাৰ কুছন, কাপোৰ আদিবোৰ ঠিক কৰি থয়, তেতিয়াহ’লে লগে লগেই ঘৰটো আকৌ পৰিষ্কাৰ হৈ থাকিব৷
প্রতিবাৰ খাই উঠাৰ পাছতেই বাচন–বর্তনবোৰ গোটাই ধুই মোহাৰি নির্দিষ্ট ঠাইত থৈ যাব লাগে৷ প্রত্যেকবাৰ খোৱাৰ পাছতেই ভালদৰে চাফা কৰি পেলাব লাগে৷ ৰান্ধোঁতে ব্যৱহাৰ হোৱা সামগ্রীসমূহো লগে লগে ধুই পেলাব লাগে৷ গা ধুবলৈ বাথৰুমত সোমাওঁতেই পাঁচ মিনিট সময় খৰচ কৰি বাথৰুমৰ আইনা, পায়খানা, বেচিন আৰু মজিয়াখন চাফা কৰি ৰাখিলে বাথৰুমটো অতিমাত্রা লেতেৰা কেতিয়াও নহয়৷ ৰাতি খোৱা–বোৱা শেষ কৰি পাকঘৰটো ষ্টোভটোৰ লগতে কাউণ্টাৰ ক্লাটাৰ ফ্রী কৰি ৰাখিলে পুৱা পাকঘৰটো দেখিয়ে মনটো ভৰি যায়৷ সেইদৰে ড্রয়িংৰুমটোও যিমান পাৰে সিমান শুবলৈ যোৱাৰ আগত চিজিল কৰি ৰাখিবলৈ যত্ন কৰিব৷
এতিয়া আহোঁ সাপ্তাহিক পৰিষ্কাৰলৈ–
প্রতিদিনে কৰা পৰিষ্কাৰতকৈ সপ্তাহত কৰা পৰিষ্কাৰ বেছি নিখুঁত৷ বিছনাৰ তোচক, গাৰু, লেপ আদি ৰ’দত দিব পাৰে সপ্তাহৰ মূৰত৷ খিৰিকীৰ গ্লাছসমূহ, পর্দা আদি চাফা কৰিব লাগে৷ ৱাল ফটো লগোৱা থাকিলে নমাই মচিব লাগে৷ মকৰাজাল থাকিলে সেয়াও গুচাই পেলাব সপ্তাহত৷ এল ই ডি টিভিবোৰৰ পাছফালে বহুত ধূলি জমা হয়, সেয়াও ভালকৈ চাফা কৰি পেলাব৷ কার্পেটসমূহো লেতেৰা হোৱা যেন পালে ধুই পেলাব৷ পাকঘৰৰ চিমনি, আলমাৰি, ছেল্ফৰ বস্তুবোৰ নমাই ভালকৈ চাফা কৰি চিজিল লগাই থৈ যাব৷ নিমখ, হালধি, মচলা থোৱা টেমাবোৰৰ সাঁফৰত যদি দাগ লাগিছে সেয়াও ধুই পেলাব৷ ছেল্ফত তেলৰ দাগ লাগিলে সেয়াও গুচাই পেলাব৷ আলমাৰিৰ ওপৰভাগত বহুত ধূলি জমা হয়৷ সেয়া ভালদৰে চাফা কৰি তাৰ ওপৰত খবৰ কাগজ পাৰি থ’ব লাগে৷ লেতেৰা হোৱা যেন পালে খবৰ কাগজখন পেলাই দি তাৰ ঠাইত নতুন কাগজ পাৰি দিব৷ বাথৰুমৰ ছেল্ফসমূহ ভালকৈ ধুব লাগে৷ পানীৰ টেপসমূহ বাচন ধোৱা এডাল স্ক্রাব লৈ ঘঁহি দিব আৰু এখন শুকান কোমল কাপোৰেৰে মচি দিব৷ নহ’লে পানীৰ কণিকাবোৰ টেপত লাগি ধৰি বৰ বেয়া দেখা হয়৷
বছৰেকত কৰা পৰিষ্কাৰ–
বছৰত এবাৰ গোটেই ঘৰটো সম্পূর্ণৰূপে পৰিষ্কাৰ কৰিব লাগে৷ ৰুমৰ আচবাবসমূহ ইফাল–সিফাল কৰি দিলে ৰুমটোত ধূলি জমা হ’বলৈ সুবিধা নাপায়৷ এনে কৰিলে ঘৰৰ আয়ুসো বাঢ়ে৷ বছৰেকীয়া পৰিষ্কাৰ কৰোঁতে অলপ সময়ৰো প্রয়োজন হয়৷ প্রথমে দুৱাৰ–খিৰিকী মেৰামতি কৰিব লগা থাকিলে সেয়া কৰি ল’ব লাগে৷ পর্দাসমূহ যদি পুৰণা হোৱা যেন লাগে সেয়া সলনি কৰিব পাৰে৷ ক’ৰবাত যদি টাইলছ নাইবা চিমেণ্টৰ কাম কৰিব লগা হৈ আছে, তেন্তে সেয়া কৰাই ল’ব৷ ঘৰত যদিহে ৰং কৰাব বিচাৰিছে, তেন্তে সেয়াও কৰাই ল’ব৷ প্রতিটো কোঠাত ৰং নাইবা তেল দিলে মজিয়াখন বৰ লেতেৰা হয়, সেয়ে গৰম পানীত ফেনাইল বা ডেটল মিহলাই ভালকৈ মজিয়াখন ধুই পেলাব৷ ঘৰৰ এটা কোঠাৰ কাম সম্পূর্ণ কৰি উঠিহে আন এটা কোঠাৰ কাম কৰিব লাগে৷ যদিহে কাঠৰ আচবাবসমূহৰ জিলিকনি কমি অহা যেন লাগে, তেতিয়াহ’লে সেইবোৰো বার্নিচ কৰাই ল’ব লাগে৷ গ্রীলসমূহো ভালকৈ চাফা কৰি নতুন ৰং দিয়াব৷ তেতিয়াহে ঘৰখন জিলিকি থাকিব৷ ঘৰৰ প্রত্যেকটো বস্তু পৰিষ্কাৰ আৰু পৰিপাটি হৈ থাকিলেহে আমাৰ মনবোৰ প্রফুল্ল হৈ থাকে৷ বাহিৰলৈ ওলাই যাওঁতে যিমানেই ধুনীয়া আৰু দামী সাজপাৰ পৰিধান কৰি নাযাওক কিয়, ঘৰৰ ভিতৰখন যদি অপৰিপাটি আৰু অপৰিষ্কাৰ হৈ থাকে তেন্তে সকলো অসাৰ৷ পৰিষ্কাৰ–পৰিচ্ছন্ন কেতিয়াও বোজা বুলি নাভাবি নিয়াৰিকৈ সকলো কাম কৰি যোৱাতে লুকাই থাকে এগৰাকী নাৰীৰ কর্ম নিপুণতা৷ উত্থান–পতন, চিন্তা–দুশ্চিন্তা আমাৰ সকলোৰে জীৱনত থাকে৷ সেইবুলি নিজক সুখী কৰি ৰাখিব, ঘৰৰ সকলোকে সুখী কৰি ৰখাৰ দায়িত্বও আমাৰ হাততেই৷ সেয়ে আহক, আমি সকলোৱে ঘৰখনক চাফ–চিকুণকৈ ৰাখি এটা সুস্থ বাতাৱৰণ গঢ়ি তোলো৷