নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ ১৪ জানুৱাৰীৰ পুৱাৰ ভাগতে গুৱাহাটী অতিক্ৰম কৰি উজনিলৈ গতি কৰা ১৫ খনকৈ এনিমেল এম্বুলেন্সে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা বহিঃৰাজ্যলৈ হাতী সৰবৰাহৰ ঘটনা সমূহ মনত পেলাই দিলে। উক্ত দিনাই এই প্ৰতিবেদককৰ উপৰি অনুপম চক্ৰৱৰ্তী, দেৱজিত মৰাণকে ধৰি কেইবাগৰাকী প্ৰকৃতিপ্ৰেমী লোকে সামাজিক মাধ্যম যোগে সকলো পক্ষকে সজাগ কৰিবলৈ চেষ্টা চলাইছিল। সন্দেহ কৰা মতেই উক্ত বাহন কেইখন অৰুণাচলৰ নামচাইৰ লাথাও নামৰ ঠাইত গোপনে বাহৰ পাতি আছে। গুজৰাট ৰাজ্যৰ পঞ্জীয়নযুক্ত উক্ত বাহনকেইখনৰ অধিকাংশৰে নথি-পত্ৰ নবীকৃত নহয়। সঠিক কাগজ-পত্ৰ নথকা বাহন কেইখন অসমকে ধৰি কেইবাখন ৰাজ্য কেনেকৈ পাৰ হৈ আহিল বুলিও প্ৰশ্ন উত্থাপিত হৈছে। জনামতে উক্ত বাহন কেইখনেৰে অৰুণাচলৰ পৰা ডেৰ কুৰিটাতকৈ অধিক হাতী গুজৰাটলৈ লৈ যোৱাৰ ব্লু-প্ৰিণ্ট ৰচনা কৰিছে। নকলেও হয় যে ঘৰচীয়াই হওক কিম্বা বনৰীয়াই হওক, অসমৰ ঐতিহ্যৰ প্ৰতীক হস্তীকুল এতিয়া পুঁজিপতি আম্বানীৰ হাতৰ মুঠিত। এই মন্তব্য একাংশ পৰিৱেশ কৰ্মীৰ। উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ পৰা বহিঃৰাজ্যলৈ হাতী সৰবৰাহ কৰা কাৰ্যৰ বিৰুদ্ধে অসমত প্ৰবল প্ৰতিবাদৰ সন্মুখীন হোৱাৰ পাছতেই হাত দীঘল সৰবৰাহকাৰীয়ে হাতী লৈ যোৱাৰ পদ্ধতি সলনি কৰিবলৈ লয়।যাৰ ফলত অসমৰ সলনি অৰুণাচলৰ এক সুৰক্ষিত ঠাইৰ পৰা হাতী নিয়াৰ ব্যৱস্থা কৰে। বিগত সময়ত অসম আৰু অৰুণাচল প্ৰদেশৰ পৰা কেৰালা, গুজৰাট, বিহাৰ, উত্তৰপ্ৰদেশ আদি ভাৰতৰ বিভিন্ন ৰাজ্যলৈ জাকে জাকে হাতী সৰবৰাহ কৰাক লৈ ৰাজ্যজুৰি প্ৰতিবাদ হৈছিল, কেইবাটাও পক্ষই গোচৰো তৰিছিল আৰু তাকে লৈ অসমত এক উত্তাল পৰিৱেশে বিৰাজ কৰিছিল। মনকৰিবলগীয়া কথা যে বহিঃৰাজ্যলৈ হাতী সৰবৰাহৰ ঘটনাত তিনিচুকীয়া জিলাৰ বৰহাপজানৰ মুমতাজ ছিদ্দিকৰ নাম সাঙোৰ খাই থকাই নহয়, হাতীৰ নথি-পত্ৰৰ জালিয়াতি ধৰা পৰাত ২০১৬ চনৰ জুলাই মাহত তেতিয়াৰ বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ প্রত্যক্ষ হস্তক্ষেপত মুমতাজ ছিদ্দিক ৰঙাঘৰৰ আলহীও হ’ব লগা হৈছিল। শেহতীয়াকৈ ২০ এপ্ৰিল, ২০২৩ৰ নিশা অৰুণাচলৰ নামচাইৰ পৰা তিনিচুকীয়া জিলাৰ কাক পথাৰ হৈ ৪৯টাকৈ হাতী মন্দিৰত উপহাৰ দিয়াৰ-অচিলাৰে লৈ যাওঁতে প্ৰতিবাদৰ সন্মুখীন হৈছিল। কিন্তু সকলো প্ৰতিবাদ বিফল হৈছিল। আনকি, ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ হাতী সৰবৰাহত থকা নিষেধাজ্ঞাৰ পাছতো আৰক্ষী আৰু বন বিভাগৰ সহযোগত ট্রাকেৰে গুজৰাটলৈ প্ৰেৰণ কৰা হয় ৪৯টাকৈ হাতী। এটা সূত্ৰই জনোৱা মতে, উক্ত হাতীৰ জাকটোত ছিদ্দিকৰো ৮টা হাতী অন্তর্ভুক্ত আছিল। তেনে এক পৰিস্থিতিৰ মাজতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে হাতী মাফিয়া ছিদ্দিকৰ ঘৰত এটা কণমানি হাতী পোৱালিক প্ৰশিক্ষণ দি ধন ঘটাৰ এটা পৰিৱেশ তৈয়াৰ কৰি লোৱা এক দীর্ঘদিনীয়া কাৰ্যক্ৰণিকা সন্দৰ্ভত বন বিভাগ নিৰুত্তৰ আছিল। ইফালে কেৱল অবৈধ হাতী বহিঃৰাজ্যলৈ সৰবৰাহ স্বার্থতেই চলিত বৰ্ষত মুমতাজৰ পুত্ৰ ইমৰানে বিজেপিত যোগ দি ৰাজ্যিক কমিটীৰ সদস্যভুক্তি হৈ অনুজ্ঞাপত্ৰৰ বাবে ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্রালয়ক আবেদন জনায়। উক্ত আবেদনৰ ভিত্তিত অসমৰ প্ৰধান মুখ্য বন সংরক্ষক তথা ৱাইল্ড লাইফ ৱাৰ্ডেনলৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে পত্র ও ফৰৱাৰ্ড কৰিছিল। একেই স্বাৰ্থত ‘ইভাৰনেট গ্রুপ’ৰ স্বত্বাধিকাৰ ইমৰান ছিদ্দিকে তিনিচুকীয়াত ‘লাইভ আসাম ডেইলী’ নামৰ ‘নিউজ প’ৰ্টেল’ এটা খুলি লৈ স্বয়ম্ভূ সাংবাদিক ৰূপেও সমাজত পৰিচিত হ’বলৈ চেষ্টা অব্যাহত ৰাখি আহিছে। উল্লেখ্য যে দেশৰ বহু মন্ত্রী-সাংসদে মন্দিৰত হাতীদান কৰাটো সম্ভ্ৰান্তৰ প্ৰতীক হিচাপে গণ্য কৰে বুলিও বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে। যোৱা ২০ এপ্ৰিল, ২০২৩ তাৰিখৰ নিশা বিভিন্ন প্ৰতিবন্ধকতাৰ মাজত অৰুণাচল প্ৰদেশৰ নামছাইৰ পৰা অসমৰ মাজেৰে ৪৯ টা হাতী লৈ যোৱাৰ পাছত গুজৰাট ৰাজ্যৰ জামনগৰ নিকটৱৰ্তী খাবদাত থকা ৰাধে কৃষ্ণ মন্দিৰ হস্তী কল্যাণ ন্যাস প্ৰকল্পত বিভিন্ন অৱস্থাত থকা বিভিন্ন বয়সৰ হাতীৰ সংখ্যা ২ শতাধিক হ’লগৈ। এই বৃহৎ সংখ্যক হাতীৰ জাকেৰে আম্বানী গোষ্ঠীয়ে গঢ়ি তোলা অভিলাষী হস্তী প্রকল্প কিম্বা হস্তী চিৰিয়াখানা প্ৰত্যক্ষ কৰিবলৈ ভীৰ কৰা দৰ্শনাৰ্থী সকলৰ ভিতৰত নিশ্চিতভাৱে অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ দৰ্শনাৰ্থীও থাকিব। এতিয়া প্ৰশ্ন হ’ল ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ দোহাই দি বৈধতাৰ কাগজ-পত্ৰ প্ৰদৰ্শনেৰে অৰুণাচল প্ৰদেশৰ নামচাইৰ পৰা ২৩ টা হাতীৰ ঠাইত বৈধ-অবৈধ ৪৯টা হাতী উচ্চতম ন্যায়ালৰ নির্দেশক অংগুষ্ঠ প্রদৰ্শন কৰি ট্ৰাকেৰে লৈ যোৱা কাৰ্যৰ বিৰুদ্ধে কিন্তু অসমৰ দল-সংগঠনে প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখা নগ’ল। অসমৰ জৈৱ বৈচিত্ৰ্যৰ অনন্য অংগ বন্যহস্তীৰ পোৱালিসমূহ চৰকাৰী পৃষ্ঠপোষকতাত লালিত-পালিত বিশেষ চক্ৰটোৱে চোৰাং চিকাৰীৰ হতোৱাই ধৰি বান্ধি শিকাই বহিঃ ৰাজ্যলৈ সৰবৰাহ কৰি অহাটো নতুন কথা নহয়। কিদৰে অবৈধ (বন্য) হাতীৰ কাগজ-পত্র, মাইক্রশ্বিপ প্রস্তুত কৰি বৈধতাৰ ৰূপ দিয়া হয় সেই কথাবোৰো অসমৰ ৰাইজে নজনাকৈ থকা নাই। মন কৰিবলগা কথা যে কেতবোৰ হাতী মন্দিৰৰ নামত দান হিচাপে দিয়া প্ৰদৰ্শন কৰিও কৌশলেৰে অসম আৰু অৰুণাচলৰ হাতী লৈ যোৱা হয়। ইফালে হস্তী সৰবৰাহৰ দীৰ্ঘদিনীয়া প্ৰক্ৰিয়াটোত ক্ষুণ্ণ হৈ পৰা একাংশ প্ৰকৃতিপ্ৰেমীৰ প্ৰশ্ন-অসম চৰকাৰৰ পৃষ্ঠপোষকতাত আম্বানীৰ আৰ্হিত হাতীৰ গৃহভূমিতে হস্তী প্রকল্প গঢ়ি তুলিব নোৱাৰিনে? কিম্বা আম্বানীৰ প্ৰকল্পটোকে অসমৰ মাটিলৈ স্থানান্তৰৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক বাধ্য কৰাবৰ বাবে সঁচা অৰ্থত গণতান্ত্রিক আন্দোলন গঢ়ি তুলিব নোৱাৰিনে? কাৰণ উক্ত প্ৰকল্পই ব্যক্তি স্বাৰ্থৰ ব্যতিৰেকে সংশ্লিষ্ট ৰাজ্যৰ জাতীয় অর্থনীতি নির্মাণ, পর্যটন উদ্যোগৰ প্ৰতি আকর্ষণ, নিৱনুৱাৰ সংস্থাপনকে ধৰি বিভিন্ন প্ৰকাৰে কল্পনাতীতভাৱে লাভান্বিত কৰিব পাৰে। আম্বানীৰ ৰিলায়েঞ্চে এসময়ত বিনামূলীয়াকৈ ‘ ডাটা’সহ জিঅ’ ছিম দি পৰিশেষত সমগ্ৰ ভাৰতবৰ্ষত অদ্বিতীয় ম’বাইল সেৱাৰ ব্যৱসায়ৰ নেটৱৰ্ক গঢ়ি তোলাৰ দৰে সদ্যহতে পৰিত্যক্ত, আহত আৰু বৃদ্ধ হাতী ছোৱাচিতা কৰাৰ নামত ২০১৩-১৪ বৰ্ষত আৰম্ভ কৰা ‘ৰাধে কৃষ্ণ মন্দিৰ এলিফেণ্ট ট্রাষ্ট’ নামৰ দেশৰ একমাত্ৰ তথা অত্যাধুনিক হস্তী প্ৰকল্পটোৰ ভৱিষ্যৎ কিমান উজ্জ্বল সেয়া নক’লেও অনুমেয়। কাৰণ গুজৰাটৰ ট্ৰাষ্টে সম্প্ৰতি বিভিন্ন ৰাজ্যত বিভিন্ন কৰ্মৰে জড়িত থকা পৰিত্যক্ত আৰু আহত হৈ পৰা হাতীসমূহ গোটাই সিবিলাকৰ যত্ন ল’বলৈ আৰম্ভ কৰা প্ৰচেষ্টা নিশ্চিতভাৱে শলাগনীয় যদিও এই প্ৰকল্পৰ লক্ষ্য-উদ্দেশ্য সুদূৰ প্ৰসাৰী। ইতিমধ্য অসমৰ পৰা গৈ থকা ৪৯ টা কম বয়সৰ নিখুঁত হাতী কোটি কোটি টকা খৰচ কৰি কেৱল চিকিৎসা কিম্বা চোৱাচিতাৰ উদ্দেশ্যে নিয়া বুলি ক’লে কোনোবাই পতিয়ন যাবনে? উল্লেখ্য যে ৰিলায়েঞ্চৰ পৃষ্ঠপোষকতাত ট্রাষ্টে মহাৰাষ্ট্ৰ, কৰ্ণাটক, ৰাজস্থান, অসম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা আদি বিভিন্ন ৰাজ্যৰ পৰা সংগ্ৰহ কৰা ডেৰ শতাধিক হাতীৰে ৫০০ একৰ মাটিত গঢ়ি তুলিছে ‘মিয়াৱাকি’ জংঘল। মিয়াৱাকি (Miyawaki) হৈছে জাপানিষ্ট উদ্ভিদবিদ আকিৰা মিয়াৱাকিৰ দ্বাৰা উদ্ভাৱিত কম সময়ত ঘন বনাঞ্চল গঢ় দিয়া এক কৌশল। উক্ত বনাঞ্চলত হাতীৰ চলন-ফুৰণৰ বাবে বিশেষ ট্ৰেক বা কৰিড’ৰৰ ব্যৱস্থা আছে। ফাউন্টেইন আৰু আলোকসজ্জা আদিৰে মহানগৰীৰ উদ্যানসমূহ সজাই তোলাৰ দৰেই প্ৰকল্পটোৰ মজিয়া ৰবৰৰ দলিচা পাৰি আটক ধুনীয়াকৈ সজোৱা হৈছে। তথ্য মতে, প্ৰায় ১০০ একৰ মাটিত ১০টাকৈ পুখুৰী আৰু ৯টা হাইড্ৰ’থেৰাপিযুক্ত পুখুৰীৰ ব্যৱস্থাও আছে। বাত বিষৰ দৰে ৰোগত আক্ৰান্ত বয়সীয়াল হাতীৰ বাবে ‘হাইড্ৰ’থেৰাপী পুল’ উপযোগী। প্ৰকল্পটোত পূর্ণকালীন আৰু অংশকালীন সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে ভালেমান পশু চিকিৎসক নিয়োজিত হৈ আছে। এগুস্কপি মেচিন, অস্ত্ৰোপচাৰ, চিটি স্কেন, হাইড্ৰ’লিক কেন আদিৰ সুবিধা থকা এখন হস্তী-চিকিৎসালয়ো আছে প্ৰকল্পটোত। তথ্য মতে হাতীবোৰক আয়ুৰ্বেদিক পদ্ধতিৰে চিকিৎসা কৰা হয়। তাৎপৰ্যপূৰ্ণ কথা যে ৩০০ৰ অধিক মাউতে পৰিচালনা কৰা ডেৰ শতাধিক হাতী থকা উক্ত প্রকল্প প্ৰতিমাহে পৰিদৰ্শন কৰে অসমৰ প্ৰখ্যাত পশু চিকিৎসক, পদ্মশ্রী তথা ‘ভাৰতৰ হস্তি-মানৱ’ খ্যাত অধ্যাপক কুশল কোঁৱৰ শৰ্মাই। অসমৰ ঐতিহ্যক সঠিক দিশত ৰূপায়ণ কৰিব নোৱাৰাৰ কাৰণেই অসমৰ এই গৰাকী স্বনামধন্য ব্যক্তিয়ে অসমৰ হাতীক লৈ আম্বানী গ্ৰুপত কাম কৰিব লগা হোৱাটোও দুর্ভাগ্যজনক বিষয় হিচাপে বিবেচিত হৈছে। বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন ব্যৱস্থা গ্রহণ কৰাৰ সময়তে অসম-অৰুণাচল সীমান্তৰ নামচাইৰ পৰা ৰহস্যজনকভাৱে বহিঃৰাজ্যলৈ হাতী প্ৰেৰণ কৰাক লৈয়ে ২০ এপ্ৰিল, ২০২৩ৰ মাজনিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় তিনিচুকীয়া জিলাৰ কাকপথাৰ বাই পাছত। ইফালে, ত্রিপুৰা উচ্চ ন্যায়ালয়ৰ এটা নিৰ্দেশৰ দোহাই দি ২৩টাৰ ঠাইত ৪৯টা হাতী গুজৰাটৰ জামনগৰলৈ সৰবৰাহ কৰা বুলি চৰ্চা হৈছিল। ইয়াৰ মাজতে প্ৰশ্ন উঠিছিল- কি আছে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ নির্দেশনাত? ত্ৰিপুৰ উচ্চ ন্যায়ালয়ে উত্তৰ-পূৱৰ প্ৰতিখন ৰাজ্যৰ মুখ্য ৱাইন্ড লাইফ ৱাৰ্ডেনক নির্দেশনা জাৰি কৰিবলৈ নির্দেশ দিছে, যাতে বনৰীয়া হাতী ধৰা বন্ধ কৰিবলৈ প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰে। মুখ্য ন্যায়াধীন ইন্দ্ৰজিত মাহান্তী আৰু ন্যায়াধীশ এছ জি চট্টোপাধ্যায়ৰ বিচাৰপীঠে উত্তৰ-পূব ভাৰতৰ, বিশেষকৈ ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ পৰা ৩নং গুজৰাৰ জামনগৰস্থিত বাধেকৃষ্ণ মন্দিৰ, হস্তী কল্যাণ ন্যাসক জংঘলৰ পৰা ধৰি শিকোৱা হাতীৰ হস্তান্তৰ আৰু সৰবৰাহ নিষিদ্ধ কৰিবলৈ এখন স্বার্থজড়িত আবেদনৰ সপক্ষত দিয়া ৰায়ত উক্ত নির্দেশ দিয়ে। একেটা ৰায়তে উত্তৰ-পূবৰ ৰাজ্যৰ পৰা হাতী সৰবৰাহৰ ক্ষেত্ৰত পূর্বতে সংঘটিত হাতী হস্তান্তৰ আৰু পৰিবহনৰ তদন্তৰো নিৰ্দেশ দিছে। ৰাজহুৱা স্বার্থজড়িত আবেদনখনত দাবী কৰা হৈছিল যে ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশ চৰকাৰে গুজৰাটৰ জামনগৰত থকা শিবিৰৰ সৈতে প্ৰায় ২৩টা হাতী হস্তান্তৰৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। আদালত মতে, হাতীৰ হস্তান্তৰ কিম্বা আদান প্ৰদানৰ ক্ষেত্ৰত কোনোধৰণৰ বিবেচনা নহ’ব। তদুপৰি হস্তান্তৰ কৰা হাতীৰ ক্ষেত্ৰত কোনো কাৰণতে বাণিজ্যিক ব্যৱহাৰৰ উদ্দেশ্য নিহিত থাকিব নোৱাৰিব বুলিও উচ্চতম ন্যায়ালয়ৰ উদ্ধৃতিৰে নিৰ্দেশটোত কোৱা হৈছে। ব্যক্তিগত বা চৰকাৰী বিভাগৰ আওতাত থকা সকলো হাতীৰ নাম, মালিকীস্বত্বৰ প্ৰমাণ-পত্ৰৰ সবিশেষ, মাইক্ৰ’শ্বিপ নম্বৰ আৰু ফটোগ্ৰাফৰ সৈতে পিয়ল কৰিবলৈকো নির্দেশনাত কোৱা হৈছে। বন্দী অৱস্থাত থকা সকলো হাতীৰ মালিকীস্বত্বৰ প্ৰমাণ পত্ৰ পৰিদৰ্শন আৰু পৰীক্ষণ কৰি বিসংগতি ওলালে হাতী বাজেয়াপ্ত কৰিব লাগিব। নাবালক হাতীৰ ক্ষেত্ৰত ডি এন এ পৰীক্ষা পর্যন্ত ব্যৱস্থা কৰি প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগিব। তদুপৰি ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে হাতী সৰবৰাহ সন্দৰ্ভত প্ৰজন নায়াধীশ দীপক বাৰ্মাৰ অধ্যক্ষতাত এখন উচ্চ ক্ষমতাসম্পন্ন সমিতি (এইচ পি চি) গঠন কৰি দিছে। এইচ পি চিৰ পৰামৰ্শ অবিহনে হাতী সৰবৰাহৰ কোনোধৰণৰ অনুমতি প্ৰদান কৰা নহ’ব। প্ৰশ্ন হ’ল- ইমানৰ পিছতো কেনেকৈ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ দোহাই দি ২৩টাৰ ঠাইত ৪৯টা হাতী পাৰ কৰাবলৈ সুযোগ লাভ কৰিলে?
প্ৰেৰক ৰবীন মৰাণ