সম্পাদকীয় : লেখক আৰু পাঠক
বিগত কেইটামান মাহত সাহিত্য বিষয়ক নানান সভা–উৎসৱ আদি অনুষ্ঠিত হৈ আহিছে, নতুন নতুন কিতাপ প্রকাশ পাইছে আৰু সাহিত্যৰ নানান দিশৰ বিষয়ে আলোচনা অনুষ্ঠিত হৈছে৷ কিন্তু সামগ্রিকভাৱে এই আয়োজনবোৰে সাহিত্যৰ সৃজনীশীল দিশটোক খুব বেছি প্রভাৱিত কৰিব পৰা নাই৷ অন্ততঃ পাঠকৰ মনোজগতক আলোড়িত কৰিব পৰা চিন্তা–ভাবনাৰ অথবা আংগিকগত বৈশিষ্ট্য প্রতিভাত হোৱা গ্রন্থ প্রকাশ হোৱা নাই৷ আনকি দেখা গৈছে যে দুবছৰ আগলৈকে পাঠকৰ দ্বাৰা আদৃত হোৱা কিতাপৰ লেখকৰ নতুন কিতাপেও পূর্বৰ আকর্ষণী শক্তি হেৰুৱাই পেলাইছে৷ এনে হোৱাৰ মূল কাৰণ হ’ল পাঠকসকলে এই নতুন কিতাপসমূহত পূর্বতে লাভ কৰা সেহ গভীৰতা বা উদ্ভাৱনশীলতাৰ প্রকাশ অনুভৱ কৰিব পৰা নাই৷ সাহিত্যিকসকলে যি পৰিৱেশৰ পৰা সমল সংগ্রহ কৰে বা যিখন সমাজৰ ছবি নিজৰ সাহিত্যত অংকন কৰে সেই সমাজ বা পৰিৱেশ সদায় বিকশিত হৈ থাকে, সাংস্কৃতিক পৰিৱর্তন আৰু নতুন নতুন চিন্তা আৰু সংযোজনেৰে প্রভাৱিত হৈ থাকে৷ লেখকসকলে এহ পৰিৱর্তনসমূহৰ সৈতে খাপ খুৱাবলৈ ব্যর্থ হ’লে তেওঁলোকে প্রাসংগিকতা হেৰুৱাই পেলায়৷ ছ’চিয়েল মিডিয়া প্লেটফর্মসমূহৰ ডত্থানেও লেখকসকলক আত্ম–প্রচাৰৰ এক অভিনৱ সুবিধা প্রদান কৰিছে৷ কিন্তু এই প্লেটফর্মৰ ব্যৱহাৰত সংযত নোহোৱাৰ ফলত তেওঁলোকৰ সৃষ্টিশীল প্রক্রিয়া বাধাগ্রস্ত হৈছে৷ এই প্লেটফর্মৰ যোগেৰে লেখকসকলে তেওঁলোকৰ কিতাপৰ এটা পৰিকল্পিত ভাবমূর্তি পাঠকৰ লগত পৰিচয় কৰাই দিব পাৰে৷ কিন্তু মূল কিতাপখনে যদি সেই ভাবমূর্তিয়ে সৃষ্টি কৰা আকর্ষণৰ প্রতি নায্যতা প্রদর্শন কৰিব নোৱাৰে, তেনেহ’লে পাঠক সমাজ অসন্তুষ্ট হ’ব আৰু সেই অসন্তুষ্টিয়ে অইন কিতাপৰ ওপৰতো প্রভাৱ বিস্তাৰ কৰিব৷ সেই কাৰণেই লেখক এজনে পাঠকৰ মনোভাব বুজা অত্যন্ত গুৰুত্বপূর্ণ৷
লেখকসকলে নিজৰ ক’বলগীয়াখিনি নিজৰ লেখাৰ জৰিয়তে প্রকাশ কৰি থাকে আৰু সভা–সমিতি, আলোচনা আদিতো একেখিনি কথাকেই পুনৰ ব্যাখ্যা কৰাৰ সুযোগ পাই আহিছে৷ এই সুযোগ যিমানেই বৃদ্ধি পাইছে তেওঁলোকে সিমানেই আনৰ কথা শুনাৰ পৰা বঞ্চিত হৈ গৈ আছে৷ বহু সাহিত্যিকক সদায় বক্তাৰ ৰূপতেই দেখা যায়, তেওঁলোকক শ্রোতাৰ ৰূপত দেখাটো বিৰল কাহিনী৷ কিন্তু এতিয়াৰ এই দ্রুত পৰিৱর্তনশীল সমাজত লেখকসকলে তেওঁলোকৰ উপভোক্তা অর্থাৎ পাঠকসকলৰ কথা শুনাৰ প্রয়োজন আহি পৰিছে৷ বিভিন্ন সাহিত্য উৎসৱবোৰত এনে আয়োজন কৰাটো বর্তমান সময়ৰ দাবী৷ সাহিত্য উৎসৱৰ মূল উদ্দেশ্যই হ’ল সাহিত্যৰ স্থিতাৱস্থাক এক উন্নততৰ অৱস্থালৈ নিয়াৰ সাধনা৷ প্রতিষ্ঠিত সাহিত্যিকসকলক কথা কোৱাৰ সুবিধা দি দর্শক টনাৰ বাবে তেওঁলোকক ব্যৱহাৰ কৰা উচিত নহয়৷ সাহিত্যিকসকলক মূল উপভোক্তাৰ মুখামুখি কৰাই দিব লাগে৷ উপভোক্তাসকলে লেখকসকলৰ পৰা কি বিচাৰে, লেখকৰ সৃষ্টিৰ প্রতি কেনে ধাৰণা পোষণ কৰে, লেখকৰ সৃষ্টিয়ে পাঠকৰ মনত কিমানদূৰ ক্রিয়া কৰিছে, তেনে জাতীয় কথাবোৰ মুকলিভাৱে আলোচনা কৰাৰ পৰিৱেশ এটিৰ সৃষ্টি কৰিব লাগে৷ এজন পাঠকে এগৰাকী লেখকৰ লেখা ভাল নাপালে সেই লেখকৰ কথা পঢ়িবলৈ বাদ দিব, নতুন এজন লেখকৰ সন্ধান কৰিব৷ এইটো এটা স্বাভাৱিক প্রক্রিয়া৷ কিন্তু পাঠক এজন আঁতৰি যোৱাটো লেখক এজনৰ কাৰণে দুর্ভাগ্যৰ কথা৷ পাঠক এজন আঁতৰি যোৱা মানে এখন কিতাপৰ বিক্রী কমি যোৱা নহয়, লেখকজনে সাধনা কৰি অহা আদর্শ এটাৰ এজন সমর্থক কমি যোৱা৷ ভাব প্রকাশৰ ক্ষেত্রত লেখক আৰু পাঠকৰ মাজত সৃষ্টি হোৱা সঠিক যোগাযোগেহে দুয়োপক্ষকেই সমানেই উজ্জীৱিত কৰে৷ সাহিত্য এটি ব্যক্তিগত সৃষ্টি প্রক্রিয়া আৰু পঠন অভ্যাসো হ’ল ব্যক্তিগত ৰুচিবোধৰ কথা৷ কিন্তু দুয়োৰে সংমিশ্রণ ব্যক্তিগত পর্যায়ৰ পৰা উঠি গৈ সামাজিক পর্যায় পায়গৈ আৰু দুয়োপক্ষই সামাজিক বিকাশৰ অংগ হৈ পৰে৷ সমাজৰ বিকাশৰ এটি গুৰুত্বপূর্ণ অংগ বাবেই লেখক–পাঠকৰ আনুষ্ঠানিক আৰু সামাজিক যোগাযোগ গুৰুত্বপূর্ণ হৈ পৰে৷ সাহিত্যৰ অনুষ্ঠানৰ লগত জড়িত ব্যক্তিসকলে পৰম্পৰাগত অভ্যাসবোৰ বাদ দি নতুন ধৰণে কথাবোৰ ভবাটো জৰুৰী হৈ পৰিছে৷