নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাড় কঁপোৱা শীতকো নেওচি পূব গোৱালপাৰাত ইৰি বৰোধানৰ খেতিত ব্যস্ত কৃষক

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ গোৱালপাৰা জিলাৰ পূৱ-প্ৰান্তৰ বৃহত্তৰ টিপলাই, বৰপাথাৰ, দিঘলীবড়ী,গৰুছটকা, সুতাৰ পাৰা, গাৰোমাৰি, ভেৰভেৰী, বহতী, পদুপাৰা অঞ্চলৰ পথাৰত একাংশ কৃষকে হাড় কঁপোৱা শীতকো নেওচি কৃষি কাৰ্য সম্পন্ন কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। হাড় কঁপোৱা শীতৰ কথা চিন্তা নকৰি নিজ কাৰ্য সম্পন্ন কৰাত ব্যস্ত সকলো কৃষক। গাত ৰদ নলগা আৰু বৰষুণ নপৰা এই সকলে কৃষি কৰ্মকে স্বাৱলম্বনৰ প্ৰধান আহিলা হিচাপে লৈ বানে গৰকা পথাৰত শালি ধানৰ খেতি কৰিব নোবাৰি শালি ধানৰ বিকল্প হিচাপে বান পানী হোবাৰ আগতে ঘৰ চপাব পৰা কৃষি বিশষকৈ ইবি বৰো ধানৰ সংকৰণত বীঁজৰ খেতি কৰাৰ লগতে বিভিন্ন প্ৰকাৰৰ শাক পাচলি, ফলমূলৰ খেতি কৰিবলৈ লৈ সমগ্ৰ অঞ্চলটোতে এক সেউজ বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে। এই সংকৰণ বীজৰ ধানৰ খেতিত প্ৰতি বিঘাৰ ধাননি পথাৰত ২৫-৩৫ মোনলৈ উৎপাদন হোৱাত অধিক আকৃষ্ট হোৱা পৰিলক্ষিত হৈছে কৃষকসকল। খৰালিৰ সময়ত এই কৃষি কাৰ্য সম্পন্ন কৰিব লগিয়া হোৱা বাবে ধাননি পথাৰত পানী যোগান ধৰা, ৰাসায়নিক সাৰ, জৈৱিক সাৰ, বিভিন্ন প্ৰকাৰৰ কীটনাশক দৰৱ আদি প্ৰযোগ কৰিব লগিয়া হোৱাৰ উপৰি ধাননি পথাৰ চহোৱা, কঠীয়া সিঁচা, কঠীয়া ৰোপণ কৰাৰ বাবে কৃষক সকল বহুপৰিমানে খৰস্ৰান্ত হয় যদিও কৃষি পথাৰত সোণোৱালী হৈ পৰা ধাননি দৰাত উৎপাদিত ধানে কৃষিৰ প্ৰতি আগ্ৰহী কৰি তোলে। কৃষি প্ৰধান ৰাজ্যখনত ধান উৎপাদনৰে কৃষি অৰ্থনীতিক চহকী কৰি তোলাৰ পিছতো ৰাজ্যখনৰ কৃষি বিভাগে বৃহত্তৰ টিপলাই অঞ্চলত পানী যোগান ধৰাৰ বাবে বিশেষ একো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি অঞ্চলতোৰ বহু কেইগৰাকী কৃষকে আক্ষেপেৰে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে ৰাজ্যখনৰ কৃৰি বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীয়ে চহৰৰ এচি ৰুমত বহি কৃষি ভিত্তিক আচঁনি প্ৰস্তুত কৰে। যাৰফলত প্ৰকৃত কৃষক সদায় বঞ্চিত হ’ব লগা হয়। কৃষি পথাৰ সমুহত পানী যোগানৰ বাবে কোনো সু-পৰিকল্পিত আঁচনি ৰূপায়ন নকৰাত কৃষক সকলে গাঠিৰ ধন খৰছ কৰি কৃষি ভূমিত পানী যোগান ধৰাৰ বাবে চে’ল মেচিন ব্যৱহাৰ কৰাৰ উপৰি একাংশ কৃষকে বৈদ্যুতিক মটৰ সংযোগ কৰি কৃষি ভূমিত পানী যোগান ধৰি আহিছে। প্ৰাপ্ত অভিযোগ অনুসৰি বিদ্যুতিক সংযোগৰ বাবে প্ৰতিটো সংযোগত ১৪-১৫ হাজাৰ টকা দিবলগীয়া হয় বিদ্যুত বিভাগক। যাৰ বাবে চিন্তিত হৈ পৰিছে একাংশ কৃষক। কৃষি কাৰ্য আৰম্ভ কৰাৰ পূৰ্বে বিদ্যুৎ সংযোগৰ নামত এই ধন পৰিশোধ কৰিব লগীয়া হোৱাৰ লগতে কৃষি পথাৰ চহোৱাৰ বাবে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ ব্যৱহাৰ কৰিবলৈ গৈ চিন্তা কৰিব লাগে কৃষক সকলক কাৰণ ডিজেলৰ মূল্য বৃদ্ধিৰ বাবে অধিক ধন ভৰিব লাগে কৃষক সকলে। সেয়েহে ৰাজ্য চৰকাৰৰ কৃষি বিভাগক বৃহত্তৰ টিপলাই অঞ্চলত পানী যোগানৰ বাবে আঁচনি ৰূপায়ন কৰা, বিদ্যুত সংযোগ মাছুল ৰেহাই দিয়াৰ বাবে ৰাজ্যখনৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে কৃষক ৰাইজে।

প্ৰেৰক জ্যোতিষ নাথ

You might also like