নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ দেশজুৰি কৰ’না ভাইৰাছৰ আতংক। বৰ্তমানলৈ অসমত এজনো লোক আক্ৰান্ত হোৱা নাই যদিও ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ। ২৯ মাৰ্চলৈ বন্ধ ৰাজ্যৰ সকলো স্কুল, কলেজ আৰু বিশ্ববিদ্যালয়। কাইলৈৰ পৰা বন্ধ ছুইমিং পুল, চিনেমা হল আৰু শৰীৰ চৰ্চা কেন্দ্ৰসমূহ। ইয়াৰ বিপৰীতে চলি থাকিব CBSE আৰু বৰ্ডৰ পৰীক্ষাসমূহ। এক সংবাদমেলত এই কথা জনালে ৰাজ্যৰ মুখ্য সচিব সঞ্জয় কৃষ্ণই।
আনহাতে কৰ’না ভাইৰাছক লৈ ৰাজ্যবাসীক আতংকিত নহ’বলৈও আহ্বান মুখ্য সচিব গৰাকীৰ। ইতিমধ্যে গঠন কৰা হৈছে এখন ক’ৰ কমিটী। জনসমাগমৰ পৰা আঁতৰি থাকিবলৈও আহ্বান ৰাইজক। ইতিমধ্যে বাতিল কৰা হৈছে সকলো চৰকাৰী কাৰ্যসূচী।