নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচি নির্বাচনত আজমলৰ দলৰে মিলি যুঁজিব কংগ্রেছে

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ ৰাজ্যসভা নির্বাচনক কেন্দ্র কৰি বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলৰ সৈতে হোৱা কংগ্রেছৰ মিত্রতাক লাভজনক বুলি অভিহিত কৰিছে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে৷ দিছপুৰস্থিত চৰকাৰী বিধায়ক আৱাসত আয়োজিত এক সংবাদ মেলত অতি কৌশলেৰে সেই মন্তব্য কৰি গগৈয়ে কয় যে ২০০৬ চনৰ বিধানসভা নির্বাচনৰ সময়ত তেওঁ ‘হু ইজ বদৰুদ্দিন’ বুলি কৈছিল৷ সেইবাৰ নির্বাচনী ফলাফলত দেখা গ’ল কংগ্রেছৰ আসনৰ সংখ্যা হ্রাস পালে৷ ইয়াৰ পাছত ২০১১ চনৰ বিধানসভা নির্বাচনত তেওঁ ‘হু ইজ বদৰুদ্দিন’ বুলি কোৱা নাছিল৷ সেই নির্বাচনত কংগ্রেছৰ আসনৰ সংখ্যা বৃদ্ধি পালে৷

এই প্রসংগতে গগৈয়ে আৰু কয় যে ২০০৬ চনৰ পূর্বতে আজমলৰ সৈতে কংগ্রেছ একেলগে আছিল৷ তেতিয়া এআইইউডিএফৰ স্থানত আছিল জমিয়ত৷ ১৯৯০ চনত ৰাজ্যসভা নির্বাচনতো কংগ্রেছে নিজাববীয়াকৈ প্রার্থী জয়ী কৰাব পৰা অৱস্থাত নাছিল৷ সেই সময়ত জমিয়তৰ নেতা আর্শ্বাদ মাদানীৰ সৈতে হোৱা আলোচনা মর্মে কংগ্রেছ–ইউএমএফৰ উমৈহতীয়া প্রার্থী হৈছিল ভুবনেশ্বৰ কলিতা৷ সেই সময়ত মাদানীৰ হস্তক্ষেপত প্রদেশ কংগ্রেছৰ সভাপতিৰ দায়িত্বৰ পৰা তেওঁ আঁতৰিবলগীয়া হৈছিল আৰু তেওঁৰ স্থানত হিতেশ্বৰ শইকীয়াক দায়িত্ব দিয়া হৈছিল৷ ইউএমএফৰে হোৱা সেই বুজাবুজিৰ পাছতেই ১৯৯১ চনৰ বিধানসভা নির্বাচনত কংগ্রেছে পুনৰ চৰকাৰ গঠন কৰে৷ পৰৱর্তী পর্যায়ত তেওঁ নিজেও গোলাম ওচমানি নেতৃত্বাধীন ইউএমএফৰ সৈতে বুজাবুজি কৰিছিল৷ ২০০১ চনৰ বিধানসভা নির্বাচনতো জমিয়ত কংগ্রেছৰ সৈতে আছিল৷ সেয়ে গগৈৰ দৃষ্টিত এআইইউডিএফৰে মিত্রতা কংগ্রেছৰ বাবে লাভজনক৷ আনহাতে এআইইউডিএফৰে কৰা মিত্রতাৰ বাবে বিজেপিয়ে কংগ্রেছক সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই বুলি উল্লেখ কৰি গগৈয়ে কয় যে বিজেপিয়ে বহু পূর্বেই আজমলৰে মিত্রতা কৰিছিল৷ আজমলৰ দলৰে মিলি বিজেপিয়ে ৰাজ্যসভা নির্বাচনত জয়ন্ত বৰুৱা, হাইদৰ হুছেইনক থিয় কৰাইছিল৷ সেয়ে আজমলৰে মিত্রতা কৰাৰ বাবে বিজেপিয়ে কংগ্রেছক সমালোচনা কৰাৰ অধিকাৰ নাই৷ কেইবছৰমান আগলৈকে গগৈয়ে কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাৰ বিৰোধিতা কৰি অহা সম্পর্কত সাংবাদিকে উপর্যুপৰি প্রশ্ণ কৰাত গগৈয়ে কয়, ‘ঠিক আছে, কৈছিলো৷ এতিয়া পৰিৱর্তন হৈছোঁ৷ বিজেপিয়ে পৰিৱর্তন কৰিলে একো নাই, সর্বানন্দ সোণোৱালে পৰিৱর্তন কৰিলে একো নাই? ময়ো পৰিৱর্তন হৈছোঁ৷’ আনহাতে ৰাজদীপ গোৱালাকে ধৰি একাংশ কংগ্রেছ বিধায়কে বিজেপিত যোগদানৰ বাবে সাজু হোৱাৰ প্রসংগত গগৈয়ে কয় যে ৰাজদ্বীপৰ কথা নাজানো৷ দুই–এজন কংগ্রেছ বিধায়কৰ বিজেপিৰ লগত যোগাযোগ আহিব পাৰে৷ কিন্তু সৰহসংখ্যকৰে নাই৷ গগৈৰ

সংবাদ মেলখনত গগৈয়ে আসন্ন বিটিচি নির্বাচনত কংগ্রেছ–এআইইউডিএফে একেলগে যুঁজিব বুলি উল্লেখ কৰি কয় যে অঞ্চলটোত তেওঁলোকে সীমিতসংখ্যক আসনত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ এআইইউডিএফক ৭–৯খন আসন এৰি দিব৷

You might also like