নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এখন সুষম বাজেট

বিকশিত ভাৰতৰ নতুন ৰূপৰেখা প্রস্তুতেৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে শনিবাৰে সংসদত উত্থাপন কৰে ২০২৫–২৬ৰ বার্ষিক বাজেট৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন তৃতীয় কার্যকালৰ এইখনেই প্রথম পূর্ণাংগ বাজেট৷ বিত্তমন্ত্রীগৰাকীয়ে দাখিল কৰা ৫০.৬৫ লাখ কোটি টকা ব্যয়ৰ বাজেটখনত এইবাৰ চাৰিটা বিষয়ত অত্যধিক গুৰুত্ব প্রদান কৰিছে৷ কৃষি, এমএছএমই, বিনিয়োগ আৰু ৰপ্তানিৰ চাৰিটা ইঞ্জিনক অধিক শক্তিশালী কৰি বিকশিত ভাৰতৰ শক্তিশালী বুনিয়াদ গঢ়িবলৈ পৰিকল্পনা লোৱা হৈছে আগন্তুক বিত্তীয় বর্ষৰ বাজেটত৷ মুদ্রাস্মৃতিয়ে দেশৰ সর্বসাধাৰণ লোকৰ জীৱন দুর্বিষহ কৰাৰ সময়তে দেশৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) ৬.৩ৰ পৰা ৬.৮ শতাংশলৈ বৃদ্ধি কৰিবলৈ বিচাৰিছে কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে৷ ক’ভিডকালীন পৰিস্থিতিৰ পৰা বিশ্বজুৰি অর্থনৈতিক মন্দাৱস্থাৰ প্রভাৱৰ পৰা ক্রমাগতভাৱে উন্নতি হৈছে যদিও কোনো এখন দেশে ঈপ্সিত লক্ষ্যত উপনীত হ’ব পৰা নাই৷ এইক্ষেত্রত ব্যতিক্রম নহয় আমাৰ দেশখনো৷ বিশ্বৰ সর্ববৃহৎ জনসংখ্যাৰ দেশ ভাৰতৰ জনমূৰি আয় ৬.৮ শতাংশলৈ উন্নীত কৰাটো সহজসাধ্য নহয়৷ দেশৰ অর্থনৈতিক বিকাশৰ ভৱিষ্যতক লৈ দেশৰ বিশিষ্ট অর্থনীবিদসকলৰ মত ভিন্ন হ’লেও অধিকাংশ অর্থনীতিবিদে বিকশিত ভাৰতৰ সপোন দেখিছে৷ দেশৰ অর্থনৈতিক বিকাশৰ ধাৰা ক্ষিপ্র কৰিবলৈ হ’লে কৃষিখণ্ডৰ বিকাশত অগ্রাধিকাৰ প্রদান কৰিবই লাগিব৷ সর্ববৃহৎ জনসংখ্যাৰ দেশৰূপে ভাৰতবর্ষই কৃষিজাত তথা খাদ্য সামগ্রী যাতে অন্য দেশৰ পৰা ৰপ্তানি কৰিবলগীয়া নহয় সেয়া নিশ্চিত হ’লেই গ্রাম্য অর্থনীতিৰ বুনিয়াদ টনকিয়াল হ’ব৷ চাহিদা অনুসৰি আমাৰ দেশত এতিয়াও খাদ্যশস্যৰ উৎপাদন যথেষ্ট নহয়৷ দেশৰ অধিকাংশ অঞ্চলত উর্বৰ ভূমি থকা সত্ত্বেও কৃষিজাত সামগ্রী উৎপাদনৰ জৰিয়তে অর্থনৈতিক ক্ষেত্রত আমাৰ দেশে আশাপ্রদ বৰঙণি আগবঢ়াব পৰা নাই৷ কৃষকসকলেও উপযুক্ত সহায়–সহযোগ লাভ নকৰাৰ ফলত সীমাহীন দুর্যোগৰ সন্মুখীন হৈছে৷ ইয়াৰ লগে লগে কৃষিক্ষেত্রৰ প্রতি নতুন প্রজন্মৰ আগ্রহ হ্রাস হৈছে৷ এনে অৱস্থাত সংসদত উত্থাপিত বিত্তমন্ত্রী সীতাৰমণৰ বাজেটখনত দেশৰ কৃষিক প্রথম ইঞ্জিনৰূপে চিহ্ণিত কৰি প্রধানমন্ত্রী ধন–ধান্য কৃষি যোজনা আৰু উন্নয়নমূলক কৃষি জিলা কার্যসূচী গ্রহণ কৰা হৈছে৷ দেশৰ ১ কোটি ৭০ লাখ কৃষকক প্রত্যক্ষভাৱে উপকৃত কৰাৰ লক্ষ্যৰে গ্রহণ কৰা এনে আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ অংশীদাৰিত্বৰে ৰূপায়ণ কৰা পৰিকল্পনা গ্রহণ কৰা হৈছে৷ দক্ষতা, বিনিয়োগ, প্রযুক্তি আৰু গ্রাম্য অর্থনীতিৰ বুনিয়াদ শক্তিশালী কৰি নিয়োগ আৰু কর্মসংস্থাপনৰ বাবেও বহুখণ্ডীয় কার্যসূচী গ্রহণ কৰা হৈছে৷ দাইল উৎপাদনত আত্মনির্ভৰশীলতাৰ মন্ত্রণাৰে ছবছৰীয়া ‘মিছন ফৰ আত্মনির্ভৰ ইন পালছ’ আৰম্ভ কৰাৰ লগতে ৪ বছৰলৈ কৃষকসকলৰ উৎপাদিত দাইল এনএএফইডি আৰু এনচিচিএফৰ জৰিয়তে ক্রয় কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ একেদৰে শাক–পাচলি, ফলমূল, মৎস্য, কপাহ উৎপাদন আদিৰ ক্ষেত্রতো বিভিন্ন যোজনা গ্রহণ কৰাৰ উপৰি কেচিচিৰ জৰিয়তে সংশোধিত সুদ সাহায্য আঁচনিৰ অধীনত ঋণৰ সীমা ৫ লাখ টকালৈ বৃদ্ধি কৰা হৈছে৷
বিকশিত ভাৰতৰ দ্বিতীয় ইঞ্জিনৰূপে গ্রহণ কৰা হৈছে এমএছএমই৷ বিগত প্রায় ডেৰ দশকত এমএছএমইৰ অধীনত স্থাপন কৰা ক্ষুদ্র উদ্যোগৰ জৰিয়তে নিয়োগৰ সম্ভাৱনাৰ দুৱাৰ মুকলি হোৱাই নহয় উৎপাদিত সামগ্রীয়ে দেশৰ বজাৰত বিশেষ প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ এমএছএমইৰ শ্রেণী বিভাজনৰ বাবে বিনিয়োগ আৰু টার্নভাৰৰ সীমা দুগুণ বৃদ্ধি কৰিবলৈ আগন্তুক বিত্তীয় বর্ষৰ বাজেটত পৰিকল্পনা লোৱা হৈছে৷ উদ্যম প’র্টেলত পঞ্জীয়ন কৰা ক্ষুদ্র উদ্যোগৰ বাবে পাঁচ লাখ টকা সীমাৰেখাৰে ক্রেডিট কার্ডৰ ব্যৱস্থা কৰা হৈছে আৰু প্রথম বছৰত ১০ লাখ কার্ড প্রদান কৰাৰ লক্ষ্য লোৱা হৈছে৷ একেদৰে ষ্টার্টআপৰ বাবে নতুন পুঁজি গঠন কৰা হৈছে আৰু ১০ হাজাৰ কোটি টকাৰ নতুন অৰিহণা আগবঢ়োৱা হ’ব৷ ভাৰতবর্ষৰ ১৪১ কোটি জনসংখ্যা নিশ্চিতভাৱে এক চিন্তাকৰ বিষয়৷ কিন্তু বিশ্বৰ সর্ববৃহৎ জনসংখ্যা ভাৰতৰ বাবে আশীর্বাদত পৰিণত কৰাৰ সুযোগ আছে৷ বর্ধিত জনসংখ্যাৰ বাবে প্রয়োজনীয় সামগ্রী চাহিদা অনুসৰি উৎপাদন কৰিবলৈ আমি সক্ষম হ’লেই দেশৰ জনমূৰি আয় ৮.৬ শতাংশ স্পর্শ কৰিবলৈ কষ্টকৰ নহ’ব৷ এইক্ষেত্রত মাথোঁ প্রয়োজন এক দীর্ঘকালীন সুপৰিকল্পনা আৰু একাগ্রতা৷ ছাত্র–ছাত্রীসকলক উপযুক্ত শিক্ষা, বিশেষকৈ বৃত্তিমুখী শিক্ষাৰে আগবঢ়াই লৈ গ’লে এখন উৎপাদনমুখী দেশৰূপে আমি প্রতিষ্ঠা লাভ কৰিব পাৰিম৷ এনে লক্ষ্যৰে উন্নয়নৰ তৃতীয় ইঞ্জিন হিচাপে বিনিয়োগ ধার্য কৰা হৈছে৷ সক্ষম অংগনৱাড়ী আৰু পোষণ ২.০ৰ জৰিয়তে শিশু আৰু গর্ভৱতী মাতৃক পুষ্টি সমর্থন দিয়াৰ ব্যৱস্থা লোৱা হৈছে৷ চৰকাৰী বিদ্যালয়সমূহত ৫০ হাজাৰ অটল টিকাৰিং লেব স্থাপন, উচ্চতৰ মাধ্যমিক আৰু উচ্চ শিক্ষাৰ প্রতিষ্ঠানত ব্রডবেণ্ড সংযোগৰ ব্যৱস্থা লোৱা হৈছে৷ ভাৰতীয় ভাষা পুস্তক আঁচনিৰ অধীনত বিদ্যালয়সমূহত ডিজিটেল ৰূপত ভাৰতীয় ভাষাৰ কিতাপ প্রদান কৰাৰ ব্যৱস্থা কৰা হৈছে৷ তদুপৰি আইআইটিসমূহৰ সম্প্রসাৰণ, এআইৰ উৎকৃষ্টতা কেন্দ্র স্থাপন, চিকিৎসা সেৱাৰ সম্প্রসাৰণ আদিৰ দৰেও ব্যৱস্থা গ্রহণ কৰা হৈছে৷ দেশৰ চতুর্থটো ইঞ্জিনৰ জৰিয়তে বিশ্বৰ বিভিন্ন দেশলৈ বিভিন্ন সামগ্রী ৰপ্তানি কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে৷ বাণিজ্যৰ নথিপত্র আৰু বিত্তীয় সমাধানৰ বাবে এক ঐক্যবদ্ধ মঞ্চ হিচাপে ভাৰত ট্রেড নেট (বিটিএন)ক প্রতিষ্ঠা কৰা হ’ব৷ দেশৰ উদীয়মান টায়াৰ ২ পর্যায়ৰ চহৰসমূহত গ্লৱেল কেপিবিলিটী চেণ্টাৰসমূহক প্রসাৰ কৰিবলৈ প্রয়োজনীয় নির্দেশনা প্রণয়ন কৰাৰ বাবে ৰাজ্য চৰকাৰসমূহক নির্দেশনা দিয়া হ’ব৷ বাজেটখনত ঘাইকৈ মধ্যবিত্ত শ্রেণীক আয়কৰৰ বোজাৰ পৰা ৰেহাই দিয়া হৈছে৷ চৰকাৰৰ হিতাধিকাৰী আঁচনিৰ অধীনত দুখীয়া লোকসকলে বিভিন্ন সুবিধা লাভ কৰাক লৈ নিম্ন মধ্যবিত্ত শ্রেণীৰ একাংশ লোকৰ মাজত অসন্তুষ্টি বিৰাজ কৰি আছে৷ এতিয়া বছৰি ১২ লাখপর্যন্ত উপার্জনকাৰী লোকে আয়কৰ দিব নালাগে৷ অর্থাৎ মাহিলি ১ লাখ টকা দৰমহা পোৱা লোকসকলেও আয়কৰ দিব নালাগে৷ ফলত মধ্যবিত্ত শ্রেণীৰ লোকসকলৰ মাজত ঘৰুৱা ব্যৱহাৰ, সঞ্চয় আৰু বিনিয়োগ বৃদ্ধি হ’ব৷ আয়কৰৰ বোজা পাতল হ’লে মধ্যবিত্ত শ্রেণীৰ মাজত ক্রয় ক্ষমতা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ ক্রয় ক্ষমতা বৃদ্ধিৰ লগে লগে জিএছটিৰ অধীনত ৰাজকোষৰ পুঁজিৰ পৰিমাণ বৃদ্ধি হ’ব৷ ইয়াৰ প্রত্যক্ষ প্রভাৱ দেশৰ অর্থনীতিত প্রতিফলন হ’ব৷

You might also like