সম্পাদকীয় : সাহিত্য সভাৰ ভৱিষ্যৎ
অসম সাহিত্য সভাক কেন্দ্র কৰি হোৱা বিভিন্ন বিতর্কই ৰাইজক অসন্তুষ্ট কৰিলেও সর্বসাধাৰণ ৰাইজে এই অনুষ্ঠানটিৰ প্রতি আন্তৰিক ভালপোৱা আৰু শ্রদ্ধা প্রদর্শন কৰি আহিছে৷ যি দলৰেই নহওক কিয়, চৰকাৰে এই বিশাল প্রতিষ্ঠানটিক বিভিন্ন ধৰণে সহায় কৰি আহিছে৷ সাহিত্য সভাৰ অধিৱেশনবোৰত এই প্রতিষ্ঠানটিৰ যি বিশাল অবয়ব আৰু অর্থ বিনিয়োগৰ ৰূপ প্রকাশ হয়, সেই প্রদর্শনে চিন্তা কৰিবলৈ দিয়ে যে এই বিশাল আৰু সামাজিক সমর্থন থকা প্রতিষ্ঠানটিয়ে অসমৰ সাহিত্য জগতৰ বাবে কৰিব পৰা কামবোৰ নকৰাৰ কাৰণ কি হ’ব পাৰে৷ সৃষ্টিশীলতাক লালন–পালন কৰি, বৈচিত্র্যময় কণ্ঠক প্রসাৰিত কৰি, সামাজিক পৰিৱর্তনক ডৎসাহিত কৰি সমাজত সাহিত্যিক পৰিৱেশ গঢ় দিয়াত অসম সাহিত্য সভাই গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে৷ সাহিত্য সভাৰ নতুন পৰিচালকসকল এই দিশত আগ্রহী হ’ব বুলি আশা কৰিব পাৰি৷ সাহিত্য সভাই সাহিত্যিক সৃষ্টি কৰিব নোৱাৰে, কিন্তু লেখকসকলক বিভিন্ন ধৰণে উৎসাহিত কৰিব পাৰে৷ বিশেষকৈ ভিতৰুৱা অঞ্চলৰ লেখকসকলক দিহা–পৰামর্শ দি তেওঁলোকৰ ৰচনা প্রকাশত থকা বা তেওঁলোকে মুখামুখি হোৱা জটিলতাসমূহ আঁতৰ কৰাত সাহিত্য সভাই আগভাগ ল’ব পাৰে৷ বিভিন্ন লেখকৰ বাবে নিবেদিত কর্মশালা আৰু ডৎসৱৰ দৰে অনুষ্ঠান আয়োজন কৰি তেওঁলোকৰ কামৰ প্রচাৰ কৰাৰ লগতে আৰু বহল পাঠকৰ সৈতে তেওঁলোকক সংযোগ কৰাই দিব পাৰে৷ অকল কাল্পনিক সাহিত্যতে সীমাবদ্ধ নাথাকি লেখকসকলক সমাজৰ বিভিন্ন দিশ, সমস্যা, সংকট আৰু নাগৰিকৰ প্রশ্ণৰ লগত জডিত হ’বলৈ উৎসাহিত কৰিব লাগে আৰু সমালোচনাত্মক চিন্তাধাৰাক বিকাশ কৰিব পৰাকৈ এখন আলোচনাস্থলীৰ আয়োজন কৰিব দিব লাগে৷ ইয়ে সমসাময়িক সমাজখনৰ সৈতে লেখকসকলক একাত্ম হোৱাৰ পথ প্রদর্শন কৰিব৷ ঠিক তেনেদৰে এচাম ৰুচিশীল পাঠকৰ সৃষ্টিৰ বাবেও অসম সাহিত্য সভাই প্রণালীবদ্ধ পৰিকল্পনা হাতত লৈ সেই দিশত আগবাঢ়িব লাগিব৷ সাহিত্য সভাই অসমৰ বিদ্যালয় আৰু মহাবিদ্যালয়বোৰৰ সৈতে সহযোগিতা কৰি সাহিত্য পঠনৰ প্রতি ছাত্র সমাজক উৎসাহিত কৰাত আগভাগ ল’ব পাৰে আৰু এইটো সামাজিকভাৱে এটা জৰুৰী কাম৷
বর্তমান সময়ত অসমীয়া কিতাপৰ বিক্রী কমি যোৱা বুলি বিভিন্ন মহলত আলোচনা হয়৷ এই সমস্যাটি অকল কিতাপ বিক্রী কৰাতেই সীমাবদ্ধ নহয়৷ ই এটা সামাজিক সমস্যা৷ কিতাপৰ প্রকাশ কমি যোৱাটোৱে সমাজখনত বৌদ্ধিক চর্চাৰ পৰিমাণো কমি যোৱাৰ ইংগিত দিয়ে৷ এই দিশটোৰ প্রতিও সাহিত্য সভাৰ দৰে বিশাল প্রতিষ্ঠান এটিয়ে মনযোগ দি বিভিন্ন মহলৰ অংশগ্রহণেৰে সমস্যাটি সমাধানৰ বাবে চিন্তা কৰিব লাগিব৷ একে সময়তে অসমৰ লেখকসকলৰ লেখা অইন ভাষালৈ নিয়াৰ কথা কার্যকৰী হোৱাকৈ পৰিকল্পনা কৰিব লাগিব৷ ইয়াৰ লগতে লেখসকলক বিভিন্ন এজেণ্ট আৰু প্রকাশকৰ সৈতে সংযোগ কৰি দিয়াৰ কামো সাহিত্য সভাই কৰিব পাৰে আৰু লেখসকলক এখন বিশাল সাহিত্য বজাৰত প্রৱেশৰ সুবিধা দিয়াত আগভাগ ল’ব পাৰে৷ সাহিত্য সভাই এই মুহূর্তত আৰম্ভ কৰিবলগীয়া এটি প্রয়োজনীয় কাম হ’ল অসমীয়া ভাষাত আৰু অসমৰ পৰা প্রকাশিত কিতাপসমূহ সংৰক্ষণ কৰা আৰু বার্ষিক হিচাপত এখন তালিকা প্রস্তুত কৰা৷ সাহিত্য সভাৰ দৰে বিশাল প্রতিষ্ঠানটিৰ বাবে এই কামটি তেনেই সহজ কাম৷ সাহিত্যৰ প্রচাৰ, প্রসাৰ আৰু আলোচনাৰ বাবে এই ডিজিটেল যুগত সাহিত্য সভাই ডিজিটেল মাধ্যমবোৰৰ সহায় লৈ বহল দর্শকৰ মাজলৈ যোৱাৰ সুযোগ লাভ কৰিব লাগিব৷ অকল ইমানেই নহয়, সময়ৰ দাবীৰ লগত খাপ খুৱাই সাহিত্য সভাই ডিজিটেল মাধ্যমবোৰৰ সকলো সুবিধাৰে সাহিত্যৰ প্রসাৰ আৰু পৰিৱেশ নির্মাণত আগভাগ ল’ব লাগিব৷ আজিৰ তৰুণ সমাজ ডিজিটেল মাধ্যমৰ সৈতে একেলগে ডাঙৰ হৈছে৷ এই চামটোক আকর্ষিত আৰু প্রভাৱিত কৰিবলৈ এই মাধ্যমৰ বিকল্প নাই৷ অন্তর্ভুক্তি, শিক্ষা, পৃষ্ঠপোষকতা আৰু লেখক–পাঠকৰ প্রতি সমর্থনৰ জৰিয়তে অসম সাহিত্য সভাই সাহিত্যৰ পৰিৱেশ বৃদ্ধি কৰি সমাজত যথেষ্ট প্রভাৱ পেলাব পৰাৰ সম্ভাৱনা আছে৷ সমাজৰ প্রয়োজনীয়তাৰ প্রতি সঁহাৰি জনাহ অসম সাহিত্য সভাৰ নতুন পৰিচালকসকলে এক সজীৱ সাহিত্য সম্প্রদায় গঢ় দিয়াত মনযোগ দিয়াটো এটা গুৰুত্বপূর্ণ আৰম্ভণি হ’ব৷