নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : বজালী বৈভৱ

অসমীয়া ভাষা–সাহিত্যৰ বাটকটীয়া সাহিত্য সংগঠন হিচাপে ১৯১৭ চনত জন্মলাভ কৰিছিল অসম সাহিত্য সভাই৷ সেই সময়ৰ পৰা সভাই অসমৰ বৌদ্ধিক জগতখনক বিকশিত কৰাৰ লগতে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাত বিশেষ অৱদান আগবঢ়াইছে৷ অসমীয়া ভাষা–সাহিত্যৰ জাতীয় চৈতন্যক বিকশিত কৰাৰ বাবে অসম সাহিত্য সভাই গ্রহণ কৰা বিভিন্ন পদক্ষেপে অসমৰ ঐতিহ্যকো উজলাই তুলিবলৈ সক্ষম হৈছে৷ সাহিত্য হৈছে এটা জাতিৰ পৰিচায়ক৷ সাহিত্যৰ লগতে ভাষা আৰু সংস্কৃতিক মহিমামণ্ডিত ৰূপত প্রতিষ্ঠিত কৰিবলৈ বিগত এটা শতিকাৰো অধিক কাল অসম সাহিত্য সভাই অপৰিসীম বৰঙণি আগবঢ়াই আহিছে৷ ভাষা–সাহিত্যৰ বিশাল ক্ষেত্রখনৰ জৰিয়তে সভাই নতুন প্রজন্মক উদ্বুদ্ধ কৰিবলৈ সক্ষম হৈছে৷ অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ ৰাষ্ট্রীয় মর্যাদা লাভ কৰাৰ পিছত অসম সাহিত্য সভাৰ কৰণীয় আৰু দায়িত্বও বহু পৰিমাণে বৃদ্ধি পাইছে৷ সভাৰ জৰিয়তে প্রকাশ কৰি অহা বিভিন্ন মূল্যৱান গ্রন্থসমূহৰ লগতে স্মৃতিগ্রন্থবোৰেও অসমীয়া ভাষা–সাহিত্যক সমৃদ্ধ কৰিছে৷ অসম সাহিত্য সভাই প্রতিখন অধিৱেশনত প্রকাশ কৰা স্মৃতিগ্রন্থসমূহে অসমৰ বৌদ্ধিক জগতত এক সুদূৰপ্রসাৰী প্রভাৱ পেলাইছে৷ কিয়নো এনে একোখন স্মৃতিগ্রন্থই অসমৰ ভাষা, সাহিত্য, সংস্কৃতি, শিক্ষা, অর্থনীতি, ৰাজনীতি আৰু ইতিহাস আদিৰ লগতে সেই অঞ্চলৰ বিভিন্ন দিশ সন্দর্ভত আলোকপাত কৰে৷ তদুপৰি সংশ্লিষ্ট বিষয়সমূহৰ ওপৰত বহু বিশিষ্ট লেখকে নিজৰ জ্ঞান আৰু অভিজ্ঞতাৰে পুষ্ট লেখা এই স্মৃতিগ্রন্থসমূহত সন্নিৱিষ্ট কৰা হয়৷ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি–বার্ষিক পাঠশালা অধিৱেশন উপলক্ষে প্রকাশ পাইছে এখন বৃহৎ কলেৱৰৰ স্মৃতিগ্রন্থ ‘বজালী বৈভৱ’৷ অসম সাহিত্য সভাৰ ইতিহাসত আটাইতকৈ বৃহৎ কলেৱৰৰ এই স্মৃতিগ্রন্থখন প্রায় ১৫,০০ পৃষ্ঠাৰ৷ উল্লেখ্য যে ১৯৮৭ চনত পাঠশালাত অসম সাহিত্য সভাৰ ত্রিপঞ্চাশতম পাঠশালা অধিৱেশন অনুষ্ঠিত হৈছিল৷ এই অধিৱেশনৰ সভাপতি প্রথিতযশা সাহিত্যিক ড০ মহেন্দ্র বৰাৰ অভিভাষণেৰে স্মৃতিগ্রন্থখনৰ সূচী আৰম্ভ হৈছে৷ ‘বজালী বৈভৱ’ৰ জৰিয়তে বজালী তথা পাঠশালাৰ ঐতিহ্যৰ বিশেষ প্রতিফলন ঘটিছে৷
বজালীৰ ভৌগোলিক ইতিহাস, জনগাঁথনি, স্বাধীনতা সংগ্রাম, তাম্র শাসন, বজালী শব্দকোষ, বজালীৰ মুক্তিযোদ্ধা, থলুৱা ভাষা, সত্র, বজালী ছাত্র সন্মিলন, বজালীৰ লোক–সংস্কৃতি, অঞ্চলটোৰ ফঁকৰা–যোজনা, নাট–গীতৰ চর্চা আদিৰ মাজেৰে বৃহত্তৰ অঞ্চল তথা জিলাখনৰ আপুৰুগীয়া সকলো দিশ অসমবাসীৰ সন্মুখত প্রতিফলিত হৈছে৷ বিশিষ্ট সাহিত্যিক ফণীন্দ্র কুমাৰ দেৱচৌধুৰীয়ে লিখা ‘বজালীৰ গদ্য চর্চা’, ড০ চাৰুলতা চৌধুৰীৰ ‘বজালীৰ থান, মঠ–মন্দিৰ আৰু দেৱালয়’, সুৰেন্দ্রনাথ লাউজাৰীৰ ‘বজালীৰ জনজাতীয় সমাজ ব্যৱস্থাত এভুমুকি’, জিতেন্দ্র কুমাৰ চৌধুৰীৰ ‘১৯৫২ চনৰ পৰা বৃহত্তৰ বজালীৰ প্রতিনিধিসকল আৰু অসম বিধানসভা’, ড০ খগেন্দ্র নাথ দেৱশর্মাৰ ‘বজালীৰ ইতিহাসত সংস্কৃত ভাষা’, ড০ বিভা ভৰালীৰ ‘কামৰূপী উপ–ভাষা আৰু বজালীৰ স্থানীয় ভাষিক ৰূপ’, গণেশ শর্মাৰ ‘শৈক্ষিক ক্ষেত্রত বজালী’, ৰত্নেশ্বৰ বসুমতাৰীৰ ‘বজালীৰ বক্ষৰ পৰা অসমৰ আদিম জনগোষ্ঠী বড়োসকলৰ পৰিচয়, সমাজ আৰু সংস্কৃতি’, দিলীপ কাকতিৰ ‘ডুবি দেৱালয়ৰ ঐতিহ্যমণ্ডিত দেৱদাসী নৃত্য’, ড০ কৌশিক কুমাৰ ডেকাৰ ‘বজালীৰ ৰাসোৎসৱঃ এক অৱলোকন’, গিৰীন্দ্র পাটগিৰিৰ ‘বজালীৰ পৰিৱেশ্য কলা’, ৰঞ্জিত কুমাৰ দাসৰ ‘বজালীৰ সু–সন্তান অসমহিতৈষী কামেশ্বৰ দাস’, ড০ নিশিপদ চৌধুৰীৰ ‘প্রাগজ্যোতিষ, কামৰূপ, অসম নামৰ উৎপত্তি আৰু প্রাচীনত্বৰ পৰা বজালী জিলালৈ’, ড০ বিকুল বর্মনৰ ‘বৃহত্তৰ বজালীঃ ভৌগোলিক ইতিহাস চিত্রণ’, ড০ উত্তম চন্দ্র পাঠকৰ ‘বজালীৰ ইতিহাসৰ পমখেদি’, নিতুল কুমাৰ মেধিৰ ‘বজালীৰ নাট্য চর্চা’ আদিৰ দৰে অসংখ্য প্রবন্ধৰ মাজেৰে বজালীৰ প্রতিটো দিশ স্পর্শ কৰা হৈছে৷ অঞ্জন শর্মাই সম্পাদনা কৰা স্মৃতিগ্রন্থখনত বজালীৰ নাট্য আন্দোলন, ভ্রাম্যমাণ থিয়েটাৰৰ বিভিন্ন দিশ, অসমৰ নাট্য ইতিহাসত বজালীৰ নাট্য চর্চা আদি প্রবন্ধই অঞ্চলটোৰ গৰিমামণ্ডিত সাংস্কৃতিক দিশটো সুন্দৰ ৰূপত উজলাই তুলিছে৷ এনে স্মৃতিগ্রন্থসমূহে বৃহত্তৰ অঞ্চলটোৰ ঐতিহাসিক সম্পদ তথা ঐতিহ্যমণ্ডিত স্থানসমূহ পোহৰলৈ অনাৰ লগতে এচাম নতুন লেখকৰো জন্ম দিয়ে৷

You might also like