নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : সাহিত্য সভাৰ ব্যতিক্রমী অধিৱেশন

অসমৰ ভাষা–সাহিত্য–সংস্কৃত্ প্রচাৰ আৰু প্রসাৰত অনবদ্য বৰঙণি আগবঢ়োৱা অসম সাহিত্য সভাৰ ৭৭সংখ্যক পাঠশালা অধিৱেশনৰ চাৰি ফেব্রুৱাৰীত সফল সামৰণি হৈছে৷ পাঁচদিনীয়া কার্যসূচীৰে অনুষ্ঠিত সাহিত্য সভাৰ অধিৱেশনখন কেইবাটাও দিশত ব্যতিক্রমী অধিৱেশন ৰূপে পৰিগণিত হৈছে৷ অসম তথা অসমীয়া লোকসকলৰ আৱেগ আৰু জাতীয়তাবাদৰ মূল ভেটি হ’ল ভাষা৷ আইৰ মুখৰ ভাষাটোৰ সুৰক্ষাৰ বাবে অসমবাসীয়ে বিগত এটা দশকত তিনিটা ৰাজপথৰ আন্দোলন কৰিবলগীয়া হৈছিল৷ দেশে স্বাধীনতা লাভ কৰাৰ পূর্বৰে পৰা অসমীয়া ভাষাৰ অস্তিত্ব বিপন্ন কৰিবলৈ অহৰহ চক্রান্ত চলিছিল৷ ব্রিটিছৰ শাসনকালত অসমীয়া ভাষাক এলাগি কৰি অসমত বাংলা ভাষা প্রৱর্তন কৰাৰ বাবেও ষড়যন্ত্র চলোৱা হৈছিল৷ কিন্তু আমাৰ ভাষা–সাহিত্যৰ প্রতি দায়বদ্ধ কাণ্ডাৰীসকলৰ প্রচেষ্টাতে অসমীয়া ভাষাই প্রত্যাহ্বানৰ মাজতো সাহিত্য–সংস্কৃতিৰ ভঁৰাল শক্তিশালী কৰিবলৈ সক্ষম হৈছে৷ অসমীয়া ভাষা এতিয়াও সম্পূর্ণ সুৰক্ষিত বুলি নিশ্চিত নহ’লেও বিশ্বৰ বহু মাতৃভাষাৰ তুলনাত অসমীয়া ভাষা বহুগুণে চহকী৷ আমাৰ ভাষা–সাহিত্যৰ প্রচাৰ আৰু প্রসাৰত অসম সাহিত্য সভাই শতিকাজুৰি বিশেষ অৱদান আগবঢ়াইছে৷ ভাষাকেন্দ্রিক অসমীয়াই অসম সাহিত্য সভাক অসমৰ জাতীয় অনুষ্ঠান ৰূপে স্বীকৃতি প্রদান কৰিছে৷ পাঠশালাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত এইবাৰ কেইবা লাখ লোকৰ উপস্থিতিয়ে পূর্বৰ অভিলেখ ভংগ কৰিছে৷ অসম সাহিত্য সভাৰ অধিৱেশনৰ পূর্বে জাতীয় অনুষ্ঠানটোক লৈ বিতর্ক নতুন কথা নহয়৷ বিশেষকৈ জাতীয় অনুষ্ঠানটোৰ সভাপতি আৰু বিষয়ববীয়া নির্বাচন প্রক্রিয়াক লৈ প্রতি বছৰে বিতর্ক হয়৷ সভাপতি নির্বাচন প্রক্রিয়া অসম সাহিত্য সভাই সঘনে সলনি কৰি আহিছে যদিও বর্তমান নির্বাচনৰ পদ্ধতিক লৈ জাতীয় অনুষ্ঠানটোক প্রাণপণে ভাল পোৱা লোকসকলৰ মাজতো অসন্তুষ্টি আছে৷ বিভিন্ন ক্ষেত্রত বৰঙণি আগবঢ়োৱা লোকসকলক সাহিত্য সভাই বঁটা আৰু সন্মানৰ বাবে বাছনি কৰা ব্যক্তিসকলক লৈও প্রশ্ণৰ উদয় হৈছে৷ বঁটা বাহনক লৈ বিতর্ক সৃষ্টি হোৱাটো অস্বাভাৱিক নহয়৷ যিহেতু জাতীয় অনুষ্ঠান ৰূপে অসম সাহিত্য সভাক মান্যতা প্রদান কৰা হয় জাতীয় অনুষ্ঠানটোৰ জৰিয়তে সন্মানিত হোৱা লোকৰ সংখ্যাৰ বিপৰীতে এনে বঁটা আৰু সন্মান প্রত্যাশী লোকৰ সংখ্যা কেইবাগুণো অধিক৷ ফলত জাতীয় অনুষ্ঠানটোৱে কেতিয়াবা অনাহক বিতর্কত সোমাই পৰাও দেখা গৈছে৷ সাহিত্য সভাৰ প্রত্যেকখন অধিৱেশনৰ পূর্বে দেখা যায় যে প্রয়োজনীয় ধনৰ অভাৱত শেষ মুহূর্তলৈকে অধিৱেশনৰ প্রস্তুতি সম্পূর্ণ হৈ নুঠে৷ ফলত অধিৱেশনত অংশগ্রহণকাৰী প্রতিনিধিসকলে থকা–খোৱাৰ সমস্যাৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাৰ সন্মুখীন হয়৷ সাহিত্য সভাৰ অধিৱেশনৰ সময়সূচী অনুসৰি কার্যসূচীসমূহ অনুষ্ঠিত কৰাত সমস্যাৰ সৃষ্টি হয়৷ সাহিত্য সভাৰ এইবাৰৰ অধিৱেশন এইক্ষেত্রত ব্যতিক্রম৷ পাঠশালা অধিৱেশনৰ সময়ছোৱাত এইবাৰ বিত্তীয় নাটনিৰ বিষয়টো উত্থাপিত হোৱা নাই আৰু নির্ধাৰিত কার্যসূচীসমূহ সময়মতে অনুষ্ঠিত হৈছে৷

অসম সাহিত্য সভাৰ অধিৱেশন মেলামুখী হোৱা বুলি বহু বছৰ ধৰি অভিযোগ উত্থাপিত হৈ আহিছে৷ ইয়াৰ মূল কাৰণ অধিৱেশনথলীত অভ্যর্থনা কমিটীয়ে পুঁজি আহৰণৰ লক্ষ্যৰে অনুষ্ঠিত কৰা বাণিজ্য মেলা৷ সাহিত্য সভাৰ অধিৱেশনত মূল মঞ্চৰ কার্যসূচীৰ পৰা আৰম্ভ কৰি গ্রন্থমেলাত দর্শকৰ উপস্থিতিৰ বিপৰীতে বাণিজ্য মেলাত অধিক ভিৰ কৰিছিল দর্শকে৷ কিন্তু এইবাৰ পাঠশালা অধিৱেশনত বাণিজ্য মেলাৰ বিপৰীতে প্রথমবাৰৰ বাবে অনুষ্ঠিত হৈছে বিজ্ঞান মেলা৷ বিশেষকৈ ছাত্র–ছাত্রী আৰু সাধাৰণ দর্শকক উপকৃত কৰাৰ লক্ষ্যৰে পাঠশালা অধিৱেশনৰ বিজ্ঞান মেলাখনক অধিক গুৰুত্ব আৰোপ কৰা হৈছে৷ বিজ্ঞান মেলাখনত অইল ইণ্ডিয়া, নুমলিগড় শোধনাগাৰ, অসম কৃষি বিশ্ববিদ্যালয়, আৰণ্যক, ৰাষ্ট্রীয় বিজ্ঞান কেন্দ্র, ভাৰতীয় সেনা, উত্তৰ–পূর্বাঞ্চল মহাকাশ প্রয়োগ কেন্দ্র, শ্বিপিং কর্প’ৰেচন অৱ ইণ্ডিয়া, উত্তৰ–পূর্বাঞ্চল বিজ্ঞান আন্দোলন, অসম প্রদূষণ নিয়ন্ত্রণ বোর্ড, গুৱাহাটী শোধনাগাৰ, ভট্টদেৱ বিশ্ববিদ্যালয়, অসম শক্তি বিতৰণ কোম্পানী, আগস্তা আন্তর্জাতিক ন্যাস, অসম বিজ্ঞান প্রযুক্তি আৰু পৰিৱেশ পৰিষদ, আর্যভট্ট বিজ্ঞান কেন্দ্র, বিজ্ঞান আৰু প্রযুক্তিৰ উন্নত অধ্যয়ন প্রতিষ্ঠান, ভ্রাম্যমাণ তাৰকা গৃহ, নর্থ ইষ্ট ইনষ্টিটিউট অৱ ছায়েঞ্চ এণ্ড টেকন’লজী, বোম্বাই প্রাকৃতিক ইতিহাস সমিতি, শগুন সংৰক্ষণ প্রজনন কেন্দ্র, গুৱাহাটী তাৰকা গৃহ আদিয়ে অংশ লৈছে৷ প্রতিটো বিভাগ আৰু অনুষ্ঠানে তেওঁলোকৰ শেহতীয়া কর্মপদ্ধতি আৰু গৱেষণা সন্দর্ভত দর্শক তথা ছাত্র–ছাত্রীসকলক বুজাই দিছে৷ বিজ্ঞান মেলাখনে নিশ্চিতভাৱে অসম সাহিত্য সভাৰ অধিৱেশনখনক নতুন মাত্রা প্রদান কৰিছে৷ সাহিত্য সভাৰ অধিৱেশনৰ প্রদর্শনীথলীত নির্মাণ কৰা বৃহৎ জাপিটোৱে দর্শনার্থীৰ মন জয় কৰাই নহয়, ইণ্ডিয়া বুক অৱ ৰেকর্ডছত সর্ববৃহৎ জাপি ৰূপে স্বীকৃতি লাভ কৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ গ্রন্থমেলাতো দর্শনার্থী আৰু পঢ়ুৱৈৰ অভূতপূর্ব ভিৰ পৰিলক্ষিত হোৱাটো আমাৰ ভাষা–সাহিত্যৰ বাবে শুভ লক্ষণ৷ অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মর্যাদা লাভ কৰাৰ পাছত পাঠশালাত অনুষ্ঠিত অধিৱেশনৰ পূর্বে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২০২৫ বর্ষটো কিতাপৰ বর্ষ ৰূপে পালন কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল৷ খানাপাৰাত প্রথমবাৰৰ বাবে অনুষ্ঠিত অসম গ্রন্থ উৎসৱত অভিলেখসংখ্যক গ্রন্থ বিক্রী হৈছিল৷ পাঠশালাত অনুষ্ঠিত সাহিত্য সভাৰ অধিৱেশনত গ্রন্থ বিক্রীৰ পৰিমাণক লৈ বিতর্ক থাকিলেও আটকধুনীয়াকৈ অনুষ্ঠিত গ্রন্থমেলাই পঢ়ুৱৈ তথা ভাষা–সাহিত্যপ্রেমীৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে৷ সাহিত্য সভাৰ অধিৱেশন উপলক্ষে প্রতি বছৰে প্রকাশ পোৱা স্মৰণিকাখনৰ আকর্ষণ আছে৷ এইবাৰ পাঠশালা অধিৱেশনত প্রকাশ পোৱা ‘বজালী বৈভৱ’ স্মৰণিকাখন ১৪শ পৃষ্ঠাৰ৷ দুটা খণ্ডত প্রকাশ পোৱা স্মৰণিকাৰ দুয়োটা খণ্ড বজালী অঞ্চলৰ সাহিত্য–সংস্কৃতিৰ ঐতিহাসিক পটভূমিৰ উপৰি ভাষা–সাহিত্যৰ গৱেষণালব্ধ কেইবাটাও লেখা প্রকাশ হৈছে৷ অঞ্জন শর্মাৰ সম্পাদনাত প্রকাশিত স্মৰণিকাখনে অসমৰ ভাষা–সাহিত্যৰ ভঁৰাল চহকী কৰাৰ লগতে অসম সাহিত্য সভাৰ ইতিহাসত এক মাইলৰ খুঁটিত পৰিণত হ’ব৷ পাঠশালা অধিৱেশন সফলভাৱে অনুষ্ঠিত হোৱাৰ মূলতেই হ’ল অভ্যর্থনা কমিটীৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু সাধাৰণ সম্পাদক গিৰিধৰ চৌধুৰীৰ নেতৃত্বত বজালীৰ নিষ্ঠাৱান কর্মবাহিনীৰ একনিষ্ঠ সেৱা৷ বজালীবাসীৰ ঐক্যবদ্ধ সেৱাৰ মনোভাৱেৰে নিয়োজিত হোৱাৰ বাবে সাহিত্য সভাৰ অধিৱেশনখন এখন ব্যতিক্রমী সফল অধিৱেশনত পৰিণত হ’ল৷ এনে সফলতাৰ জৰিয়তে বজালীবাসীয়ে ভাষা–সাহিত্যৰ প্রতি থকা প্রেম আৰু দায়বদ্ধতা স্পষ্ট ৰূপত প্রকাশ কৰিলে৷

You might also like