নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐনিতমৰ কলিৰে মুখৰ মিচিং জনবসতি গাঁও

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰী : আকাশ ৰঙীন কৰা দুষ্ট ফাগুনতেই বাজিব ঢুম ঢুম লুপিৰ গোমৰাগ চমানৰ নৃত্য। এই গোমৰাগৰ সুৰতেই নাচিব ফাগুনৰ ৰংচোৱা পছোৱা, গোমৰাগৰ সুৰত নাচিব শিমলু, মদাৰ কম্বং ফুলে। ৰাজ্যত এতিয়া প্ৰতিটো মিচিং অধ্যুষিত অঞ্চলত প্ৰাণচঞ্চল পৰিৱেশ। চোতাল-পথাৰ সকলোতে অবিৰাম নিগৰিছে ঐনিঃতম৷ মিচিং কনেং আৰু বোৱাৰী সকলে এগে গাচৰ, ৰিঃবি-গাচেং, মিবু গালুগ আৰু পৰ আপং অৰ্থাৎ পৰম্পৰাগত চাইমদ প্ৰস্তুত কৰাত ব্যস্ত। আনফালে মাছ মাৰিবলৈ প্ৰস্তুত গাঁৱৰ বোৱাৰী সকলে। লৃগাঙৰ দিনা গাহৰি মাংস, শুকান মাছ, পৰ আপঙেৰে আপ্যায়ন কৰিব লৃগাঙলৈ অহা অতিথি সকলক ৷ ফাগুনৰ প্ৰথমটো বুধবাৰত ভূমিপুত্ৰ মিচিংসকলে উদযাপন কৰিব মিচিংসকলৰ কৃষি ভিত্তিক উৎসৱ আলি আঃয়ে লিগাং। এই লৈ ধেমাজি জিলাৰ জোনাইত মিচিং গাঁৱসমূহত এতিয়া উখল-মাখল পৰিৱেশ। অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিং সকলৰ  চা:চৌ চা:চা: চৌলয়া:, ঐনিতম আৰু গুমৰাগ নৃত্যৰ ছন্দত আনন্দত জোৱাৰ উঠেএই ফাগুনতে৷ শিমলু মদাৰ কম্বং ফুলৰ ৰঙৰ ফুলেৰে ৰাঙলী হৈ পৰিছে আকাশl গুমৰাগ নৃত্য আৰু ঐনিতম কলিৰে আকাশে বতাহে মুখৰিত হৈ পৰিছে নৈ পৰীয়া মিচিং জনবসতি অঞ্চলতl এৰা ফাগুন মানেই এক উন্মাদনা, এক মাদকতা, ফাগুণ মানেই আলি আয়ে লৃগাংl আলি আঃয়ে লৃগাং (Ali-Ai-ligang) অসমৰ মিচিং বা মিৰি জনজাতিৰ এক বসন্ত উৎসৱ৷ প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়৷ মিচিং ভাষাত “আলি” মানে শস্যৰ বীজ, “আঃয়ে” মানে ফল আৰু “লৃগাং” মানে সিঁচা বুজায়৷ সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজভাত খাই নানান নৃত্য-গীত কৰে৷ মিচিংসকলে বিশ্বাস কৰে যে – দেৱতাক নাচ-গানেৰে সন্তুষ্ট নকৰিলে পৃথিৱীত বৰষুণ নহ’ব; তেতিয়া শস্যৰ উৎপাদন নহ’ব৷ সেয়ে তেওঁলোকে নৃত্য-গীতৰ মাজেৰে লখিমীক সন্মান প্ৰদৰ্শন কৰে৷ এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। ইফালে ফাগুণৰ প্ৰথমটো বুধবাৰৰ দিনটো মিচিংসকলৰ কৃষি ভিত্তক উৎসৱ আলি আঃয়ে লিগাং উদযাপনৰ বাবে অসম অৰুণাচল সীমান্ত পুৰণা জেলম গাওঁৰ ডেকা-গাভৰু সকল গোমৰাগ চঃমানৰ আখৰাত ব্যস্ত ৷ ইয়াৰ সমান্তৰাভাবে জোনাইৰ  মিচিং  গাও সমূহত অব্যাহত ৰাখিছে ব্যাপক প্রস্তুতি। ককালত টঙালি বান্ধি মিচিংসকলৰ প্ৰাণস্পন্দন স্বৰূপ আলি আ:য়ে লৃগাঙক আদৰিবলৈ মিচিং বসতি প্ৰধান অঞ্চলসমূহত  ডেকা- গাভৰুসকলে তেওঁলোকৰ পৰম্পৰা প:ৰ আপং(চাই আপং) বনোৱা, নৈ বিলত মাছ ধৰা, তৰা পাত কাটি আনি পুৰাং আপিন বনোৱা, মাছ শুকুৱা আৰম্ভ কৰিছে। তদুপৰি মিচিং গাঁওসমূহত আলি আ:য়ে লৃগাঙৰ মূৰং ঘৰ সাজিবৰ বাবে মাংগলিক আৰু পৰম্পৰাগত বাবে লাইখুটা স্থাপন কৰা দেখা গৈছেl কোনোবা কঃনেঙে পাঙিছে লিগাঙত আপোন জনলৈ মিবু গালুক, এৰকক, গনঃৰ উগন উপহাৰ দিয়াৰ। লিগাঙৰ আগমনৰ বতৰাই তাতশালত বহি মিবু গালোগ, ঐৰকগ (মিচিং মাফলাৰ), গেৰ, গনৰ: উগন মেখেলা চাদৰ গুমৰাগ নৃত্য দিবলৈ ৰিবি গাছেং, মিবু গালোক আদি বৈ তাঁতশালত মাকোৰ খিটখিটনি মাজতে কনেঙৰ ওঠৰ পৰা নজনাকৈ নিগৰিছে ঐঃনিতম, কাবান। এনেদৰে মিচিং কঃনেঙৰ তাতশালৰ মাকুৰ শব্দই যেন এতিয়া ৰনজনাই আছে মিচিং গাঁৱসমূহত। এইদৰে মিচিং গাঁৱত প:ৰ আপং, পোৰাং আপিন আদি বনাবলৈও ওখল মাখল লাগিছে গাভৰু বোৱাৰীহতে। মিচিং সমাজৰ পুৰুষ সকলৰ চিকাৰীৰ দল চিকাৰলৈ, মাছমৰীয়াৰ দল জাকে জাকে মাছলৈ গৈছে। চিকাৰত পোৱা মাছ-মাংসবোৰ নষ্ট নহ’বৰ বাবে জুইত শুকান কৰি ৰখা সেইবোৰক ‘ঙচান’ অঙ আ:চান, (শুকান মাছ) আৰু আদিন আ:চান, (শুকান মঙহ) বুলি কোৱা হয়। আলি-আয়ে লৃগাঙত বিশেষভাৱে শুকান মাছ আৰু মাংসৰে তেল, মছলা নিদিয়াকৈ আঞ্জা সিদ্ধ কৰি খোৱা হয়। ডেকা ল’ৰাবোৰে  তৰাপাত, কৌপাত গোটোৱা। প্ৰত্যোক ঘৰত অতি আন্তৰিকতাৰে আদা, মাহ, বিবিধ বনৰীয়া শাক, মাছ, মাংসৰ সংগ্ৰহ কৰা দেখা গৈছেl  ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰা এই উৎসৱটোত চন্দ্ৰ আৰু সূৰ্য দেৱতাকৰ পূজা কৰি আমচিদ চিদনাম আৰ্থাৎ বীজ সিচা কাৰ্যৰ শুভাৰম্ভণি কৰা হয়। নৈপৰীয়া মিচিংসকলে নিজৰ উপাচ্য দেৱতাসকলৰ ওচৰত আশীৰ্বাদ বিচাৰি নিজৰ শস্য পথাৰত যাতে কোনো অমংগল নহয় তাৰ কামনা কৰাৰ লগতে জীৱ-জন্তুৰো মংগল কামনা আৰু  জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ নিজৰ ঘৰখনৰ লগতে দেশখনলৈ সুখ শান্তি আৰু উন্নতিৰ কামনা কৰে।   উল্লেখ্য যে জনগোষ্ঠীটোৰ লোকসকলে সম্পূৰ্ণ পৰম্পৰাগত ভাৱে আলি আ:য়ে লৃগাং উৎসৱ পালন কৰেl যুগ যুগ ধৰি চলি অহা এই উৎসৱ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মিচিং জনগোষ্ঠীৰ বয়োজ্যেষ্ঠৰ পৰা আৰম্ভ কৰি যুৱক যুৱতী আৰু চেমনীয়াসকল আনন্দিত হোৱা পৰিলক্ষিত হয়। মিচিং ডেকা গাভৰু সকলে গুমৰাগ নৃত্য কৰি পৃথিৱীত বৰষুণ কামনা, শস্যৰ উৎপাদন বৃদ্ধি আৰু লখিমীক আদৰাৰ প্ৰস্তুতি আলি আ:য়ে লৃগাঙৰ পৰাই আৰম্ভ কৰে। এই উৎসৱ পালন কৰি মিচিং জনগোষ্ঠীৰ লোকসকলে শস্য সিঁচা, আলু ৰোৱা খেতি আৰম্ভ কৰে। নৈপৰীয়া মিচিংসকলে নিজৰ উপাস্য দেৱতাসকলৰ ওচৰত আশীৰ্বাদ বিচাৰি নিজৰ শস্য পথাৰত যাতে কোনো অমংগল নহয় তাৰ কামনা কৰাৰ লগতে জীৱ-জন্তুৰো মংগল কামনা আৰু  জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ নিজৰ ঘৰখনৰ লগতে দেশখনলৈ সুখ শান্তি আৰু উন্নতিৰ কামনা কৰে। উল্লেখ্য যে জনগোষ্ঠীটোৰ লোকসকলে সম্পূৰ্ণ পৰম্পৰাগত ভাৱে আলি আ:য়ে লৃগাং উৎসৱ পালন কৰেl যুগ যুগ ধৰি চলি অহা এই উৎসৱ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মিচিং জনগোষ্ঠীৰ বয়োজ্যেষ্ঠৰ পৰা আৰম্ভ কৰি যুৱক যুৱতী আৰু চেমনীয়াসকল আনন্দিত হোৱা পৰিলক্ষিত হয়। মিচিং ডেকা গাভৰু সকলে গুমৰাগ নৃত্য কৰি পৃথিৱীত বৰষুণ কামনা, শস্যৰ উৎপাদন বৃদ্ধি আৰু লখিমীক আদৰাৰ প্ৰস্তুতি আলি আ:য়ে লৃগাঙৰ পৰাই আৰম্ভ কৰে। এই উৎসৱ পালন কৰি মিচিং জনগোষ্ঠীৰ লোকসকলে শস্য সিঁচা, আলু ৰোৱা খেতি আৰম্ভ কৰে।লৃগাং উৎসৱৰ দিনা পুৱাতে গাঁৱৰ জীয়াৰী- বোৱাৰীহঁতে তিয়াই ৰখা বৰা চাউল তৰাপাতেৰে টোপোলা বান্ধি ‘পুৰাং’ আপিন সিজায়৷ ইয়াৰ পিছত গাঁৱৰ প্ৰতিঘৰৰ মুখিয়ালজনৰ নেতৃত্বত ঘৰৰ কেইজনমানে পথাৰত আহুধানৰ গুটি সিঁচা কাৰ্য শুভাৰম্ভ কৰে৷ সেই মাটিডৰাত চাৰি চুকত চাৰিডাল পীঃৰ (মেডেলা) গছৰ আগলি কাটি আনি গুজে৷ পীঃৰৰ পাতবোৰ একেলগে মেৰিয়াই বগা সূতাৰে বান্ধি ৰাখে আৰু পূৱেদি গুজি পীঃৰ গছৰ আগলি ডালৰ গুৰিতে সঁচ লৈ পঃৰ আপং আৰু নগিন আপং ঢালি প্ৰাৰ্থনা কৰে৷ এই অনুষ্ঠান গাঁৱৰ প্ৰতিঘৰতে সন্ধিয়া ‘পাকছ-মনাম’ নৃত্য কৰে৷ এই নৃত্যত সকলোৱে অংশগ্ৰহণ কৰে৷
প্ৰেৰক কৰবী দলে
You might also like