নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : নগৰৰ সংকট

ভাৰতৰ বিভিন্ন ৰাজ্যৰ নগৰবোৰ দিনক দিনে ডাঙৰ হৈ গৈ আছে আৰু সৰু সৰু নগৰবোৰ ডাঙৰ হৈ গৈ আছে৷ বিশ্ব বেংকে কৰা সমীক্ষা এটা মতে দুবছৰ আগতে ভাৰতৰ নগৰ অঞ্চলৰ জনসংখ্যাৰ হাৰ আছিল বত্রিছ শতাংশ৷ যোৱা বছৰ নিটি আয়োগে কৰা এটা সমীক্ষাভিত্তিক অনুমানত কোৱা হৈছে যে অহা ত্রিশ চনত নগৰাঞ্চলৰ জনসংখ্যাৰ হাৰ চল্লিছ শতাংশৰ অধিক হ’ব৷ আজি ভাৰতৰ নগৰবোৰৰ যি অৱস্থা আৰু বিকাশৰ যি ৰূপ, তালৈ চাই নগৰৰ ভৱিষ্যৎ যে বিপদাপন্ন তাত কোনো সন্দেহ নাই৷ এই বিপদৰ মূল কাৰণ হ’ল বিভিন্ন কাৰণত নগৰলৈ অহা মানুহৰ সংখ্যা বৃদ্ধি আৰু অপৰিকল্পিত নগৰ নির্মাণ৷ এই ক্রমবর্ধমান জনসংখ্যাই নগৰবোৰৰ আন্তঃগাঁথনি, পৰিৱেশ আৰু সামাজিক ক্ষেত্রলৈ বিভিন্ন ধৰণৰ সংকট আৰু সমস্যা কঢ়িয়াই আনিছে৷ বহনক্ষম আৰু সু–সমন্বিত নগৰ পৰিকল্পনা কৌশল অবিহনে ভাৰতীয় চহৰসমূহ খুব সোনকালেই বসবাসৰ অযোগ্য হৈ পৰাৰ আশংকা দেখা যায়৷ নগৰবোৰৰ পৰিকল্পনাহীন সম্প্রসাৰণ হ’ল ইয়াৰ প্রধান কাৰণ৷ প্রতি বছৰে ডন্নত সুযোগৰ সন্ধানত লাখ লাখ লোকে গ্রামীণ অঞ্চলৰ পৰা চহৰ অঞ্চললৈ আহে৷ কিন্তু সেই মানুহবোৰক ৰাখিবলৈ চহৰবোৰ সজ্জিত নহয়৷ দিল্লী, মুম্বাই, বাংগালুৰু, হায়দৰাবাদ, চেন্নাইৰ দৰে চহৰবোৰ জনসংখ্যাৰ ভিৰত আক্রান্ত৷ এই প্রতিখন চহৰেই যান–জঁটৰ বাবে কুখ্যাত৷ দুর্বল ডিজাহনৰ পথ নেটৱর্ক, নিয়ন্ত্রণহীন নির্মাণ, ব্যক্তিগত বাহনৰ মালিকীস্বত্বৰ দ্রুত বৃদ্ধিৰ ফলত এটা বিশৃংখল আৰু অদক্ষ পৰিবহণ ব্যৱস্থাৰ সৃষ্টি হৈছে৷ সুলভ আৰু নির্ভৰযোগ্য ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ অভাৱে মানুহক ব্যক্তিগত বাহনৰ ওপৰত নির্ভৰ কৰিবলৈ বাধ্য কৰিছে, যাৰ ফলত যান–জঁট ভয়ানকভাৱে বৃদ্ধি পাইছে আৰু লগে লগে বৃদ্ধি পাইছে বায়ু প্রদূষণ৷ একে সময়তে বাসস্থানৰ অভাৱত বস্তি আৰু তেনেজাতীয় বাসস্থান আৰু অনানুষ্ঠানিক বসতিৰ স্থানৰ সংখ্যা বৃদ্ধি পাইছে৷ ইয়াৰ সমান্তৰালভাৱে আছে পানীৰ সমস্যা, শিক্ষা আৰু স্বাস্থ্যৰ সমস্যা৷

অসমৰ নগৰবোৰেও একে ধৰণৰ সমস্যাৰ মুখামুখি হৈ আছে৷ অসমৰ গুৱাহাটী, শিলচৰ, ডিব্রুগড, যোৰহাট, তিনচুকীয়া আৰু তেজপুৰ চহৰকেইখন জনবসতিৰ দিশৰ পৰা শীর্ষত আছে আৰু একে ধৰণৰ সমস্যাৰ মুখামুখি হৈছে৷ প্রচুৰ পৰিমাণে হোৱা পকী নির্মাণৰ ফলত নগৰকেইখনৰ সেউজ আৱৰণৰ পৰিমাণ হ্রাস পাইছে, যাৰ ফলত ডষতা বৃদ্ধি পাহছে আৰু বায়ুৰ গুণাগুণ হ্রাস পাহছে৷ নগৰীয়া সেউজ স্থানৰ অভাৱে পৰিৱেশৰ বহনক্ষমতাত প্রভাৱ পেলোৱাহ নহয়, বাসিন্দাসকলৰ জীৱনৰ মানদণ্ডও হ্রাস কৰে৷ কিন্তু এই দিশটোৰ কথা নগৰ পৰিকল্পকসকলে ভবা নাই৷ ঠিক তেনেদৰে নতুন নির্মাণৰ সময়ত চহৰবোৰৰ নিজস্ব চিহ্ণবোৰো নাইকিয়া হৈছে৷ নগৰ একোখনৰ পুৰণি ঘৰ, চৌহদ আদি অকল ঘৰেই নহয়, ই নগৰখনৰ ইতিহাসৰো অংগ৷ সংবেদনশীলতাৰে এই কথাবোৰ বিচাৰ নকৰিলে নগৰবোৰৰ ঐতিহাসিক মূল্য আৰু নিজস্ব সৌন্দর্য নাইকিয়া হৈ যাব৷ নগৰবোৰে মুখামুখি হোৱা সমস্যাবোৰৰ মাজৰ জনসংখ্যাৰ সমস্যাটোৰ সমাধান সবাতোকৈ জৰুৰী৷ এই সমস্যা সমাধান কৰিবলৈ দীর্ঘম্যাদী, সংহত নগৰ পৰিকল্পনা পদ্ধতি গ্রহণ কৰিব লাগিব৷ প্রধান নগৰ কেন্দ্রসমূহৰ ওপৰত বোজা লাঘৱ কৰিবলৈ উপগ্রহ চহৰৰ নির্মাণ আৰু ডন্নয়ন এটা প্রধান কাম হিচাপে চিহ্ণিত কৰা হৈছে৷ ঠিক তেনেদৰে যান–জঁট হ্রাস কৰিবলৈ ৰাজহুৱা পৰিবহণ সম্প্রসাৰণ আৰু আধুনিকীকৰণ কৰা আৰু চুবুৰীয়া ঠাইবোৰলৈ সহজলভ্য আৰু কম খৰচী যান–বাহনৰ ব্যৱস্থা কৰাটো জৰুৰী৷ নগৰ এখনৰ উন্নতি অতি প্রয়োজনীয়, কিন্তু সেই উন্নয়ন হ’ব লাগিব বহনক্ষম৷ বহনক্ষম নগৰ ডন্নয়ন নিশ্চিত কৰিবলৈ চৰকাৰে কঠোৰ নির্মাণ আৰু পৰিৱেশ নিয়ম কার্যকৰী কৰিব লাগিব৷ অকল নীতি–নিয়ম আৰু আইন প্রণয়নেৰে নগৰ এখনৰ বিকাশ আৰু উন্নতি সম্ভৱ নহয়৷ নগৰৰ নাগৰিকসকলৰ আন্তৰিক অংশগ্রহণেহে নগৰ এখনক সর্বাংগীণ বিকাশৰ পিনে লৈ যাব পাৰে৷ চৰকাৰে নগৰ উন্নয়ন সর্ম্পকত লোৱা আঁচনি আৰু পৰিকল্পনাৰ সিদ্ধান্ত গ্রহণত জনসাধাৰণৰ অংশগ্রহণ বৃদ্ধি কৰিলে নাগৰিকসকলে নিজকে এই নগৰ উন্নয়নৰ এটা অংশ বুলি ভাবিবলৈ সুবিধা পাব আৰু এই মানসিকতাই নগৰৰ বহনক্ষম উন্নতি সহজ কৰি তুলিব৷

You might also like