সুকন্যা : পৱিত্র তীর্থস্থান পৰিহৰেশ্বৰ দেৱালয়
মৃগেন শর্মা
ডুবিৰ পৰিহৰেশ্বৰ দেৱালয় অসমৰ এখন উল্লেখযোগ্য দেৱালয়৷ এই দেৱালয় বিখ্যাত দেৱদাসী নৃত্যৰ বাবে৷ ‘ইতিহাসে সোঁৱৰা ছশটা বছৰ’ নামৰ গ্রন্থত আছে– ‘বজালী পৰগণাৰ দক্ষিণ অংশত অৱস্থিত পৰিহৰেশ্বৰ দেৱালয় আহোম ৰজা শিৱসিংহৰ দিনত স্থাপন কৰা হয়৷ আহোম ৰজাই মাটি–বাৰী দান কৰা তামৰ ফলি আদি পোৱা নাযায়৷ ইংৰাজ শাসনৰ দিনত সত্র–দেৱালয় আদি পৰিদর্শনকাৰী ইংৰাজ কর্মচাৰীৰ মন্তব্য এখন পেৰা কাকতত দলৈৰ পৰা পোৱা গৈছে– ‘বিল্বেশ্বৰ, পিংগলেশ্বৰ, পৰিহৰেশ্বৰ এতদ্দেশে মান আক্রমণ কালিনে ফলি হাৰাইবাৰ দৰুণে ৭৭৪ পুৰা মাটিও ৫৪ গোট পাইক দেওৱা গেল৷’ দেৱালয়ৰ দলৈৰ পৰা এটা বৃত্তান্ত পোৱা গৈছে৷ গণা গাঁৱৰ ধর্মবৰ শর্মাই ১৬৬২ শকত (১৭৪০ খ্রীঃ) মাটি খান্দোতে ডুবি গাঁৱৰ এটি বিগ্রহ (শিৱলিংগ) পাইছিল৷ বিগ্রহটোৰ গাত এতিয়াও কোৰৰ চিন আছে৷ ধর্মবৰ শর্মাই সেই ঠাইতে গৰু চৰাইছিল৷ তেওঁৰ এটা খীৰতী গাইৰ গাখীৰ সদায় তাত এটা বিৰিণাৰ জোপাত পৰিছিল৷ ঘৰত খীৰালে কিন্তু গাইজনীৰ গাখীৰ নোলায়৷ তাকে দেখি তেওঁ বিৰিণাৰ জোপাটো খান্দোতে এদিন বিগ্রহটো পায়৷ ৰাতি বিগ্রহটোৱে ধর্মবৰক স্বপ্ণাদেশ কৰিলে, গোসাঁই ইমান দিনে দুর্বলগিৰিক আশ্রয় কৰি তাতে ৰৈ আছিল, এতিয়া খান্দি তেওঁক বাহিৰ কৰাত এখন দেৱালয় স্থাপন কৰি দিলেহে ধর্মবৰৰ মংগল হ’ব৷ এই কথা আহোম ৰজা শিৱসিংহক জনোৱাত ৰজাই পৰিহৰেশ্বৰ নাম দি ইয়াক ভালকৈ স্থাপন কৰে৷ কথিত আছে যে দুর্বলগিৰি তাত ডুব খোৱাৰ কাৰণে সেই গাঁৱৰ নাম ‘ডুবি’ ৰখা হৈছিল৷ তাৰ প্রমাণ হিচাপে এতিয়া দেৱালয়ৰে বন্ধা মূল ঘৰৰ খুঁটাবোৰ শিলৰ ওপৰত ৰাখি ঘৰ বন্ধা কাম শেষ কৰা হৈছে৷ দেৱালয় সুচাৰুৰূপে চলাবৰ ৰজাই ব্রহ্মোত্তৰ নিষ্কৰ ভূমি দান কৰিছিল৷ ৰাণী ফুলেশ্বৰীয়ে দেৱালয়ত দুর্গাপূজাৰ প্রচলন কৰিবলৈ এটি পিতলৰ দুর্গা মূর্তি দান কৰিছিল৷ তেতিয়াৰে পৰাই দেৱালয়ত বলি–বিধানসহ দুর্গা পূজা চলি আহিছে৷
জিলাৰ গেজেটিয়াৰ মতে– ‘দেৱালয়ৰ লাখেৰাজ ১.২৮০ বিঘা, নিষ্পিখেৰাজ ১,৭৬০ বিঘা আৰু মন্দিৰটি লক্ষ্মীসিংহৰ দিনত আনুমানিক ১৭৭০ চনত স্থাপিত, পিছত কেঁচা ঘৰ সাজি ৰখা হয়৷’ (মহেশ্বৰ নেওগ, পৱিত্র অসম)৷
ডুবি পৰিহৰেশ্বৰ দেৱালয়ত দেৱদাসী নৃত্য প্রচলিত আছিল৷ দেৱালয়ৰ ওচৰত এতিয়াও দেৱদাসীৰ সতি–সন্ততি আছে৷ দেৱদাসী নৃত্য এতিয়া প্রচলন হৈ থকা নাই৷ দেৱদাসীবিলাকে অবিবাহিতভাৱে কাল কটায়, কিন্তু সন্তান জন্ম নিদিয়াকৈ নাথাকে৷
‘পৱিত্র অসম’ত লিখিছে যে পৰিহৰেশ্বৰ দেৱালয়ৰ বিগ্রহ ১৬৬২ শকত (১৭৪০ খ্রীঃ) মাটি খান্দোতে পাইছিল আৰু তাৰ পিছত স্বর্গদেউ শিৱসিংহই ভালকৈ স্থাপন কৰে আৰু ৰাণী ফুলেশ্বৰী দেৱীয়ে দেৱালয়ত প্রচলন কৰিবলৈ এটা পিতলৰ দুর্গাৰ মূর্তি দান কৰিছিল৷ বৰৰজা ফুলেশ্বৰী দেৱী ১৭৩১ খ্রীঃত স্বর্গীয় হয়৷ এতেকে ১৭৪০ খ্রীঃৰ পাছত তেওঁ পিতলৰ দুর্গাৰ মূর্তি দিয়া নাছিল৷ স্বর্গদেউ শিৱসিংহৰ তৃতীয় ৰাণী আইকুঁৱৰী অনাদৰী ওৰফে সর্বেশ্বৰী দেৱীয়ে স্বর্গদেউৰ পৰিৱর্তে ১৭৩৮ খ্রীঃৰ পৰা ১৭৪৪ খ্রীঃলৈকে ৰাজকার্য চলাইছিল৷ সেইকাৰণে দুর্গাৰ মূর্তি এইগৰাকী ৰাণীয়েহে দিয়া হ’ব লাগিব৷ কুমাৰ ভাস্কৰ বর্মাৰ ডুবিৰ তাম্রলিপিয়ে এই পীঠস্থানৰ মহত্ত্ব আৰু গৰিমা বহন কৰি আহিছে৷
ভৌগোলিক অৱস্থিতি
অসমৰ বৰপেটা জিলাৰ ব্রহ্মপুত্র নদীৰ উত্তৰ পিনে বজালী মহাকুমাৰ অন্তর্গত পাঠশালা নগৰৰ পৰা তিনি কিলোমিটাৰ দক্ষিণে ডুবি গাঁৱত অৱস্থিত এখন শৈৱপীঠ তথা এক অন্যতম পর্যটন কেন্দ্র৷ বজালী মহাকুমাৰ অন্তর্গত পাঠশালা নগৰৰ পৰা প্রায় তিনি কিলোমিটাৰ দক্ষিণে ডুবি গাঁৱত এই দেৱালয় আছে৷ ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা ইয়াৰ দূৰত্ব ৪ কিঃমিঃ আৰু উত্তৰ– পূব সীমান্ত ৰে’লপথৰ পৰা ইয়াৰ দূৰত্ব ৩ কিঃমিঃ৷ গুৱাহাটীৰ পৰা ইয়াৰ দূৰত্ব ১০০ কিঃ মিঃ পশ্চিমে আৰু বৰপেটা নগৰৰ পৰা ইয়াৰ দূৰত্ব ৫৩ কিঃ মিঃ দক্ষিণে৷
বিগ্রহৰ অৱস্থিতি
পৰিহৰেশ্বৰ দেৱালয়ৰ মূল বিগ্রহটো শিৱ গোসাঁইৰ৷ প্রায় ২১০ বর্গফুট গহ্বৰৰ ভিতৰত এটা শিলৰ ওপৰত সংলগ্ণ হৈ বিগ্রহটো আছে৷ ভূ–পৃষ্ঠৰ পৰা ১২ ফুটমান তলত এই বিগ্রহ অৱস্থিত৷ লিংগপীঠটো উত্তৰফালে আৰু যোনীপীঠ বা গৌৰীপীঠটো তাৰে তলত অৱস্থিত৷ শিৱলিংগত দিয়া পদ্য অর্ঘ্য যোনীপীঠেৰে গৈ মন্দিৰ সংলগ্ণ কুণ্ডত পৰাৰ ব্যৱস্থা আছে৷ পূজাৰ সময়ত দিয়া সকলো জলপুষ্প শিলেৰে নির্মিত নলাৰে গৈ উত্তৰফালে থকা পুখুৰীত পৰাৰ ব্যৱস্থা আছে৷
মঠ আৰু বাটচ’ৰা
পৰিহৰেশ্বৰ দেৱালয়ৰ ওপৰত এটি ওখ মঠ বা দ’ল আছে৷ সেই মঠটো শিৱসাগৰৰ শিৱদ’লৰ আর্হিত নির্মিত৷ ১৯৬২ চনত এই মঠটো আৰম্ভ কৰা হৈছিল আৰু সম্পূর্ণ হৈছিল ১৯৮০ চনত৷ এই মঠৰ উচ্চতা ৫৫ ফুট আৰু ব্যাস ২৪ ফুট৷ ১২ ফুট ব্যাসার্র্ধৰ প্রায় ৭৫/৫ ফুট বৃত্তীয় পৰিসীমাযুক্ত মঠটোৱে ভূ–পৃষ্ঠৰ পৰা প্রায় ১৪ ফুট তলত থকা বিগ্রহটো আৱৰি আছে৷ মঠৰ লগতে এটি আহল–বহল বাটচ’ৰা সংলগ্ণ হৈ আছে৷ বাটচ’ৰাটো ডাঙৰ শালৰ খুঁটাৰ ওপৰত টিনৰ চালিৰে সজোৱা৷ বাটচ’ৰাটো দীঘলে ৯০ ফুট আৰু বহলে ৪০ ফুট৷ মন্দিৰৰ পূব পিনে ভোগ মণ্ডপ আছে৷ ইয়াত গোসাঁইৰ ভোগ ৰন্ধা হয়৷ ভোগ মণ্ডপৰ উত্তৰফালে ভোগঘৰ৷ ইয়াত যাত্রীসকলে ভোগ গ্রহণ কৰিব পাৰে৷ ভোগ মণ্ডপৰ দক্ষিণফালে যাত্রীৰ জিৰণি ঘৰ, ভঁৰাল ঘৰ আৰু দেৱালয়ৰ কার্যালয়৷
পৰিহৰেশ্বৰ দেৱালয়ৰ সৃষ্টি
ভাৰতবর্ষৰ সকলো ঠাইতে থকা শক্তিপীঠ আৰু শিৱধামসমূহৰ প্রতিষ্ঠাৰ একো একোটা পৌৰাণিক কাহিনী আছে৷ সতীৰ দেহত্যাগৰ পিছত শিৱই সতীৰ শৰীৰ কান্ধত তুলি যেতিয়া ঘূৰি ফুৰিছিল, তেতিয়া বিষ্ণুৱে সুদর্শন চক্রৰে সতীৰ দেহটো কাটি কাটি মাটিত পেলাইছিল৷ সতীৰ দেহৰ অংগ পৰা সেই ঠাইসমূহত শক্তিপীঠ আৰু শিৱই জিৰোৱা ঠাইসমূহত শিৱপীঠ গঢ়ি উঠে৷ ডুবিৰ দুর্বলগিৰিত শিৱই জিৰাইছিল বাবে পৰিহৰেশ্বৰ দেৱালয় গঢ়ি উঠিছিল বুলি জনশ্রুতি আছে৷
পৰিহৰেশ্বৰ মেৱালয়ৰ উৎসৱ–পার্বণ
পৰিহৰেশ্বৰ দেৱালয়ত দৈনন্দিনভাৱে শিৱ পূজা আৰু বিষ্ণু পূজা বেলেগে বেলেগে কৰা হয়৷ দুর্গা পূজাৰ সময়ত ইয়াত বলি দিয়াৰ ব্যৱস্থা আছে৷ দেৱালয়ত ভোগ দিয়াৰ ব্যৱস্থা আছে৷ বিষ্ণু পূজাৰ বাবে নিৰামিষ আৰু শিৱ আৰু দুর্গা পূজাৰ বাবে আমিষ ভোগ দিয়াৰ ব্যৱস্থা আছে৷ উক্ত তিনি পূজাৰ উপৰি ডুবি দেৱালয়ত দৌলযাত্রা, জন্মাষ্টমী, পূর্ণিমা তিথি, লক্ষ্মী পূজা, বিহু উৎসৱ আদি পালন কৰা হয়৷ মাঘ মাহত এই দেৱালয়ত ডাঙৰ মেলা বহে৷ ব’হাগ মাহত এই দেৱালয়ত পাৰসুঁৱেৰী উৎসৱ পালন কৰা হয়৷ বছৰৰ সকলো সময়তে এই দেৱালয়লৈ ভক্তৰ আগমন ঘটে৷
ফোনঃ ৯৬৭৮১–৭৯৩৪৬