সাতগাঁৱত কৃষি সিঞ্চয় যোজনাৰ জলসিঞ্চনৰ প্ৰশিক্ষণ-সামগ্ৰী বিতৰণ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ ফেব্ৰুৱাৰীঃ কৃষি বিভাগৰ অন্যতম এক কৃষক কল্যাণকামী আঁচনি “প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ী যোজনা” (PMKSY)ৰ অধীনত আজি এখন সজাগতা সভা তথা প্ৰশিক্ষণ অনুষ্ঠানৰো আয়োজন কৰা হয়। সাতগাওঁ কৃষি চক্ৰৰ অন্তৰ্গত ১৫ জন কৃষকক আনুষ্ঠানিকভাৱে ৰাজসাহাৰ্যযুক্ত “মিনি স্প্রিংকলাৰ ছেট” বিতৰণ কৰা হয়। লগতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ‘মেৰী পলিচী মেৰে হাত’ৰ পলিচীও বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানত সংশ্লিষ্ট কৃষি উন্নয়ন বিষয়া, কৃষি সম্প্ৰসাৰণ সহায়কসকল, বি টি এমসকল, জলসিঞ্চন সামগ্ৰী যোগান কোম্পানীৰ বিষয়ববীয়াৰ লগতে বিভাগীয় বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে। কৃষি সিঞ্চয়ী আঁচনিৰ টেকনিকেল কাৰ্যবাহী ৰাণা দাস আৰু জলসিঞ্চন সামগ্ৰী যোগান কোম্পানীৰ বিষয়া দিবাকৰ মহোদিয়ে প্ৰশিক্ষণৰ সময়ত বুজাই দিয়ে যে এই কৃষি সামগ্ৰী লাভৰ জৰিয়তে কৃষক ৰাইজে ৰবি শস্যৰ বতৰত তেওঁলোকে সন্মুখীন হোৱা খৰাংসদৃশ পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হোৱাৰ লগতে নষ্ট নোহোৱাকৈ নিজৰ উৎপাদিত ফচল লাভ কৰিবলৈ সক্ষম হ’ব।