নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত ব্যক্তিৰ বৃক্ক সংৰোপণ জিএমচিএইচৰ দুই ৰোগীৰ দেহত

🔹 অসমৰ চিকিৎসা খণ্ডত অভাৱনীয় সাফল্য

বিশেষ বাৰ্তা, ৩ মার্চ : অসমত একবিংশ শতিকাৰ আধুনিক চিকিৎসা বিজ্ঞানৰ অভাৱনীয় সাফল্য৷ প্রথমবাৰলৈ মৃত ব্যক্তিৰ অংগৰ দ্বাৰা এজন নহয়, দুজন ব্যক্তিয়ে পালে নতুন জীৱন৷ বিগত কিছুদিন পূর্বে মহানগৰীৰ মালিগাঁৱৰ স্বাগত ছুপাৰস্পেচিয়েলিটী হাস্পতালত ভর্তি হৈছিল উত্তম দে’ নামৰ এজন লোক৷ ৫০ ঊর্ধ্বৰ লোকজন গুৰুতৰভাৱে ব্রেইন ষ্ট্র’কত আক্রান্ত হৈ চিকিৎসালয়খনত ভর্তি হৈছিল৷ যোৱা শুকুৰবাৰ অর্থাৎ ২৮ ফেব্রুৱাৰীৰ দিনা চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হোৱাৰ পিছতেই হাস্পতাল কর্তৃপক্ষই পৰিয়ালৰ সৈতে অংগদানক লৈ আলোচনাত মিলিত হয়৷ পৰিয়ালে ব্যক্তিজনৰ দেহৰ বৃক্ক আৰু যকৃত দান কৰাৰ সিদ্ধান্তৰ বিষয়ে হাস্পতাল, জিএমচিএইচ কর্তৃপক্ষক ব্যক্ত কৰাৰ পিছতেই লগে লগে স্বাগত হাস্পতালৰ পৰা বিষয়টো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰিজিঅ’নেল অর্গান এণ্ড টিচ্যু ট্রেন্সপ্লেণ্ট অর্গেনাইজেচন (ৰ’ট্ট’)ক অৱগত কৰাত শুকুৰবাৰে মাজনিশাই হাস্পতালখনৰ অস্ত্রোপচাৰ বিভাগৰ মুৰব্বী ডাঃ সুভাষ খান্না আৰু ডাঃ আয়ুষ্মান খান্নাৰ নেতৃত্বত ১৫জনতকৈ অধিক বিশেষজ্ঞৰ দলে মৃতদেহটোৰ পৰা বৃক্ক দুটা আৰু যকৃত অস্ত্রোপচাৰৰ সহায়ত উলিয়াই লগে লগে জিএমচিএইচলৈ প্রেৰণ কৰে৷ ডাঃ সুভাষ খান্নাই কালি এই সন্দর্ভত কয় যে বিগত ডেৰ–দুই বছৰ ধৰি চৰকাৰৰ ৰ’ট্ট’ৰ অধীনত মৃত ব্যক্তিৰ পৰিয়ালৰ অনুমতিসাপেক্ষে অংগ সংৰোপণৰ প্রক্রিয়া ৰাজ্য চৰকাৰে গ্রহণ কৰিছে৷ আমি চৰকাৰে লোৱা এই সিদ্ধান্তৰ পিছত সদায়েই এনেদৰে কিবা উল্লেখযোগ্য কাম কৰিব পাৰি নেকি তাৰ বাবে চেষ্টা চলাই আছোঁ৷ ব্রেইন ডেড হোৱা ৰোগীসকলৰ আত্মীয়ক এই সন্দর্ভত অনুপ্রাণিত কৰাৰ বাবেও আমি চেষ্টা চলাইছিলোঁ৷ মৃত্যু হোৱা লোকজন চাৰি দিন পূর্বে আমাৰ হাস্পতালত ভর্তি হৈছিল৷ এটা বৃহৎ ষ্ট্র’কত আক্রান্ত হৈ লোকজন আমাৰ হাস্পতাললৈ আহিছিল৷ সকলোধৰণৰ পৰীক্ষা–নিৰীক্ষা কৰি লোকজনৰ জীৱন যে ৰক্ষা নপৰে, এই সম্পর্কত আমি কিছু উমান পাইছিলোঁ৷ যোৱা ২৮ ফেব্রুৱাৰীৰ দিনাখন তেওঁৰ পৰিয়ালক সকলো কথা জনাই এই বিষয়ে আমি সন্মতি ল’লোঁ৷ তাৰ পিছতেই ৰ’ট্ট’ৰ সৈতে যোগাযোগ কৰি বহু সহায় পালোঁ৷ সেইদিনাখন মাজনিশা প্রায় ১১.৩০ বজাৰ পাছত অস্ত্রোপচাৰৰ জৰিয়তে লোকজনৰ দেহৰ পৰা যকৃত আৰু বৃক্ক দুটা উলিয়াই লগে লগে জিএমচিএইচলৈ প্রেৰণ কৰিলোঁ৷ এইক্ষেত্রত মহানগৰ আৰক্ষীৰ তৰফৰ পৰা পোৱা সহায়ৰ কথা উল্লেখ কৰি তেওঁ কয় যে জালুকবাৰী আৰক্ষীয়েও গ্রীন কৰিড’ৰৰ ব্যৱস্থা কৰি আমাক বহু সহায় কৰিলে৷ যাৰ বাবে পুৱতি নিশা প্রায় তিনি বজাত দুয়োটা অংগ জিএমচিএইচ পালে৷ কিন্তু যকৃতটো পুনৰ সংৰোপণৰ ক্ষেত্রত অনুপযুক্ত হৈ পৰে৷ যদিও বৃক্ক দুটা দুজনকৈ ৰোগীৰ দেহত সংৰোপণ কৰা হ’ল৷ বর্তমানে দুয়োজন ৰোগীয়ে সুস্থ অৱস্থাত আছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে৷ অসমৰ ব্যক্তিগত হাস্পতালৰ ক্ষেত্রত এনেধৰণৰ ঘটনা এইটোৱে প্রথম বুলি ডাঃ খান্নাই কয়৷ উল্লেখ্য যে জিএমচিএইচত ভর্তি হৈ থকা দুজন ৰোগীৰ দেহত বৃক্ক দুটা সংৰোপণ কৰাৰ ক্ষেত্রত হাস্পতালখনৰ অধীক্ষক ডাঃ অভিজিৎ শর্মা, ৰ’ট্ট’ৰ ভাৰপ্রাপ্ত বিষয়া ডাঃ কনকেশ্বৰ ভূঞা, ডাঃ পংকজ বৰুৱাকে প্রমুখ্য কৰি জিএমচিএইচৰ চিকিৎসা বিশেষজ্ঞ দলটোৰো প্রচেষ্টাক কৃতজ্ঞতা জ্ঞাপন কৰিছে ডাঃ খান্নাই৷ পৰৱর্তী সময়ত অংগদান প্রক্রিয়াৰ প্রসাৰৰ বাবে হাস্পতালখনে নিজৰ নিৰন্তৰ প্রচেষ্টা অব্যাহত ৰাখিব বুলিও ডাঃ খান্নাই প্রতিশ্রুতি দিয়ে৷ যি কি নহওক, চৰকাৰৰ ৰ’ট্ট’ আঁচনিৰ বাবেই দুজনকৈ লোকে বৃক্ক লাভ কৰি একপ্রকাৰ নতুন জীৱন ঘূৰাই পালে৷

You might also like