🔹 আজি আন্তৰ্জাতিক নাৰী দিৱস
নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ : মহিলা মৃৎশিল্পীসকলৰ বিশেষ ধাৰাৰ এক স্বকীয় শিল্পই নীৰৱে অৰ্থনৈতিক বিপ্লৱ আনিছে ধুবুৰী জিলাৰ এখন বিশেষ গাঁৱত। জিলাখনৰ সদৰ ধুবুৰীৰ পৰা ১৪ কিলোমিটাৰ দূৰৰ এই গাঁওখন কেৱল অসম অথবা ভাৰততেই নহয়; বিশ্বৰ বিভিন্ন প্ৰান্তত এতিয়া অতি পৰিচিত টেৰাকোটা গাঁওখ্যাত আশাৰীকান্দি ৰূপে। উল্লেখ্য যে ঊনৈশ শতিকাৰ আৰম্ভণিতে মৃৎশিল্পৰ লগত জড়িত কেইটামান পৰিয়ালৰ পূব বংগৰ (এতিয়া বাংলাদেশ) পৰা আশাৰীকান্দিলৈ প্ৰব্ৰজন ঘটিছিল। দৰাচলতে কেঁচা মালৰ উপলব্ধতা, সস্তীয়া পৰিবহণৰ সুবিধা আদিকে ধৰি আৰ্থিকভাৱে ব্যৱহাৰযোগ্য আন কেইবাটাও কাৰকৰ বাবে তেওঁলোকে এই স্থান বাছনি কৰিছিল। সেই শিল্পীসকলৰ শিল্পকলাই স্থানীয় কথকতা, সাধু কথা আৰু লোকবিশ্বাসৰ সৈতে সংমিশ্ৰণ ঘটি জন্ম লৈছিল নিজস্ব সুকীয়া ধাৰাৰ। লাহে লাহে সময়ৰ গতিত জন্ম লোৱা এক নতুন ধাৰাৰ অসমীয়া শিল্পকলাই হ’ল টেৰাকোটা শিল্প। প্ৰথমাৱস্থাত টেৰাকোটা শিল্পৰ সৈতে জড়িত সেই শিল্পীসকলৰ নিৰ্দিষ্ট কোনো লক্ষ্য অথবা এই শিল্পকলাক ব্যৱসায়িক ভিত্তিত আগুৱাই নিয়াৰ বাবে নিৰ্দিষ্ট কোনো পৰিকল্পনা নাছিল যদিও এগৰাকী মহিলা শিল্পী সৰলা বালা দেৱীৰ প্ৰচেষ্টাত আশাৰীকান্দিত সূচনা ঘটিছিল টেৰাকোটা শিল্পৰ এক নতুন যুগৰ। শিল্পীগৰাকীৰ “হাতিমা”খ্যাত কোলাত শিশু থকা এগৰাকী মহিলাৰ টেৰাকোটাৰ অভিনৱ পুতলাই ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিবলৈ সক্ষম হৈছিল বিশেষ সুখ্যাতি। ১৯৮২ চনত “হাতিমা”ই সৰলা বালা দেৱীলৈ বুটলি আনিছিল ৰাষ্ট্ৰপতি পুৰস্কাৰ। সৰলা বালা দেৱীৰ এই কৃত্বিত্বই সমগ্ৰ ভাৰতৰ শিল্প জগতত স্থান লভিবলৈ সক্ষম হৈছিল মৃৎশিল্পৰ এক নতুন ধাৰাই। জন্ম হৈছিল নতুন চিন্তাধাৰাৰ। সৰলা বালা দেৱীক পথিকৃৎ ৰূপে লৈ আশাৰীকান্দিৰ বহু মহিলাই খোজ দিবলৈ আগুৱাই আহিছিল টেৰাকোটা শিল্পৰ জগতখনত। বৰ্তমানে গাঁওখনৰ ১৩৪টা পৰিয়ালৰ প্ৰতিটো গৃহৰে মহিলাসকলৰ অধিকাংশই জড়িত হৈ আছে টেৰাকোটা শিল্পৰ সৈতে। আশাৰীকান্দিৰ এই নীৰৱ অৰ্থনৈতিক বিপ্লৱৰ মূল চালিকা শক্তি হ’ল গাঁওখনৰ মহিলাসকল। গাঁওখনৰ ৬০০/৭০০ শিল্পীৰ অতিকমেও ৪০০গৰাকী মহিলা প্ৰত্যক্ষভাৱে জড়িত হৈ আছে টেৰাকোটা শিল্পৰ সৈতে। টেৰাকোটাক বিষয়বস্তু ৰূপে লৈ আছে ৮টাকৈ মহিলা আত্মসহায়ক গোট আৰু এটা সমবায় সমিতি-আশাৰীকান্দি ড’ল মেকিং সমবায় সমিতি। উল্লেখ্য যে ২০২৪ বৰ্ষত আশাৰীকান্দিৰ টেৰাকোটা শিল্পই জিআই টেগ লাভ কৰি অসম তথা ধুবুৰী জিলালৈ এক বিশেষ সন্মানো কঢ়িয়াই আনিছে। উল্লেখনীয় এয়াও যে ২০২০ বৰ্ষত ‘মন কী বাত’ অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভকেল ফৰ লকেল’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ৰ প্ৰতি ভাৰতৰ নাগৰিকক সম্বোধন কৰোঁতে আশাৰীকান্দিৰ মৃৎশিল্পীৰ পুতলাৰ বিষয়ে উল্লেখ কৰিছিল। “আমি কেতিয়াও ভবাই নাছিলোঁ টেৰাকোটাৰ ইমান কদৰ হ’ব। আনকি প্ৰধানমন্ত্ৰী মোদীজীয়ে আমাৰ কথা ক’ব। অসম চৰকাৰে আমাৰ গাঁওখনক মডেল গাঁও হিচাপে ঘোষণা কৰিব।” বিগত ৩৫ বছৰৰ পৰা টেৰাকোটা শিল্পৰ সৈতে জড়িত মায়া ৰাণী পাল। বয়স বৰ্তমান ৬৬ বছৰ। কিন্তু বয়সৰ আগত হাৰ মনা নাই তেওঁৰ শিল্পীসত্তাই। মুহূৰ্ততে হাত, হাতৰ পাক আৰু এটা চকা- এইকেইটাৰেই আকাৰহীন মাটিক এক আকৰ্ষণীয় আকাৰ দিয়াত সিদ্ধহস্ত তেওঁ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্লাষ্টিক সামগ্ৰী বৰ্জনৰ আহ্বান দিয়াৰ পিছৰে পৰা আশাৰীকান্দিৰ মাটিৰ চাহৰ গিলাচৰ চাহিদা এতিয়া সৰ্বত্ৰ। ‘মোদীজীৰ প্লাষ্টিক সামগ্ৰী বৰ্জনৰ আহ্বানে নতুন এক বজাৰৰ জন্ম দিছে- চাহৰ গিলাচ। ধুবুৰীকে ধৰি নামনি অসম, গুৱাহাটী, উজনিয়েই নহয়; উত্তৰ-পূৰ্বাঞ্চলৰ বহু ঠাইৰ ব্যৱসায়ীয়ে পাইকাৰী দৰত আমাৰ পৰা মাটিৰ গিলাচ লয়। চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি মাটিৰ চাহৰ গিলাচ নিৰ্মাণ কৰাৰ বাবে মেচিনো অনা হৈছে- মেনুৱেল আৰু ইলেক্ট্ৰিকেল দুই ধৰণৰেই আছে। কিন্তু অসুবিধাটো হ’ল- আমাৰ ইয়াত প্ৰায়েই কাৰেন্ট নাথাকে। ফলত মেনুৱেল, ছেমি অট’মেটিক মেচিন ব্যৱহাৰ কৰিবলগীয়া হয় আৰু প্ৰায়েই চাহিদা অনুসৰি নিৰ্মাণ কৰিব নোৱাৰোঁ।” মায়া ৰাণী পালৰ অনুৰূপে বিগত প্ৰায় ৪০ বছৰৰ পৰা টেৰাকোটা শিল্পৰ সৈতে জড়িত সুধাৰাণী পাল। বিয়াৰ পূৰ্বে মৃৎশিল্পৰ বিষয়ে ন্যূনতম জ্ঞান নাথাকিলেও স্বামীগৃহলৈ অহাৰ পিছত তেওঁ এতিয়া ব্যস্ত টেৰাকোটা শিল্পত। দীপান্বিতাত চাইনিজ লাইট বৰ্জন কৰাৰ প্ৰধানমন্ত্ৰী মোদীয়ে কৰা আহ্বানৰ পিছত কেৱল অসম বা উত্তৰ-পূৰ্বাঞ্চলেই নহয়; দেশৰ বিভিন্ন প্ৰান্ততো চাহিদা বৃদ্ধি পাইছে আশাৰীকান্দিৰ মাটিৰ চাকিৰ। দীপাৱলীৰ আগে আগে আশাৰীকান্দিৰ মৃৎশিল্পীসকলৰ হাতৰ পৰশত প্ৰাণ পাই উঠা বিভিন্ন শৈলীৰ অতিকমেও ১ কোটি মাটিৰ চাকি ট্ৰাকে ট্ৰাকে পঠিওৱা হয় দেশৰ বিভিন্ন প্ৰান্তলৈ। প্ৰকৃত সত্য কিন্তু এয়াই যে বহু ঘাত-প্ৰতিঘাত পাৰ হৈ আশাৰীকান্দিৰ মৃৎশিল্পীসকলৰ, বিশেষকৈ মহিলাসকলৰ নিৰলস প্ৰচেষ্টাৰ ফলতেই অসম, ভাৰত তথা বিশ্বত এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে আশাৰীকান্দিৰ টেৰাকোটা শিল্পই।