নিয়মীয়া বার্তা, ১৭ মার্চঃ ৰহাৰ সৰাগাঁৱত ৩৭ নং ৰাষ্ট্রীয় ঘাইপথত টোলগেট মুকলি কৰাৰ পিছত এইবাৰ কামৰূপ জিলাৰ চাংসাৰি থানাৰ অন্তর্গত মদনপুৰত টোলগেট খোলাৰ যাৱতীয় প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ, জিলা প্রশাসনে ৷ টোলগেটৰ দায়িত্ব লাভ কৰিছে এম বি কনষ্ট্রাকচনে ৷ মদনপুৰত টোলগেট স্থাপনৰ বাবে চৰকাৰ–প্রশাসন তৎপৰ হৈ পৰাত অঞ্চলটোৰ ৰাইজ, দল–সংগঠনৰ মাজত প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে সোমবাৰে নতুনকৈ নির্মাণ কৰিব বিচৰা টোলগেটস্থলীত ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে জোখ–মাখ কৰি তাত উচ্ছেদ অভিযানৰ প্রক্রিয়া আৰম্ভ কৰে ৷ ইয়াতে খর্গহস্ত হৈ পৰে স্থানীয় গাঁওবাসী৷ অঞ্চলটোৰ বহু লোক দলবলে আহি তাত টোলগেট স্থাপনৰ বিৰোধিতা কৰে ৷ এটা সময়ত তীব্র উত্তেজনাৰ সৃষ্টি হোৱাত চাংসাৰি আৰক্ষী উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লয় ৷ প্রকৃততে টোলগেটৰ স্থান নির্ধাৰণক লৈ জনগণৰ মাজত এনে ক্ষোভৰ সৃষ্টি হোৱাত পিছত উচ্ছেদ অভিযান স্থগিত ৰাখিবলৈ বাধ্য হয় ৷ ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে মদনপুৰৰ পূর্ব নির্ধাৰিত স্থানৰ পৰিৱর্তে মদনপুৰ হাইস্কুলৰ প্রায় সন্মুখভাগতে টোলগেট স্থাপনৰ বাবে পদক্ষেপ লোৱাক কেন্দ্র কৰি ৰাইজৰ মাজত উত্তেজনাৰ সৃষ্টি হয় ৷ সেই স্থানত টোলগেট স্থাপন হ’লে শিক্ষানুষ্ঠানখনৰ ছাত্র–ছাত্রীৰ মাজত বিৰূপ প্রভাৱ পৰাৰ আশংকা কৰিয়ে ৰাইজে টোলগেটৰ বিৰোধিতা কৰে ৷ ইতিমধ্যে বিষয়টোৰ সন্দর্ভত কামৰূপ উপায়ুক্তৰ হস্তক্ষেপ বিচাৰিছে ৰাইজে ।