নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শতাধিক অবৈধ ব্যৱসায়িক প্রতিষ্ঠান উচ্ছেদ

পল্টন বজাৰ, ভঙাগড়, গণেশগুৰিত পৌৰ নিগমৰ অভিযান

নিয়মীয়া বাৰ্তা, ১৭ মার্চঃ মহানগৰীত গঢ় লৈ উঠা অবৈধ ব্যৱসায় প্রতিষ্ঠানৰ বিৰুদ্ধে সোমবাৰে গুৱাহাটী পৌৰ নিগমে এক উচ্ছেদ অভিযান চলায় ৷ অভিযান কালত পৌৰ নিগমে ভঙাগড়, পল্টন বজাৰ আৰু গণেশগুৰি অঞ্চলত গঢ় লৈ উঠা শতাধিক অবৈধ ব্যৱসায়িক প্রতিষ্ঠান উচ্ছেদ কৰে৷ তদুপৰি পৌৰ নিগমৰ অভিযানকাৰী দলটোৱে মহানগৰীৰ বিভিন্ন স্থানত জধে–মধে মাংস বিক্রী কৰা কেইবাখনো মাংসৰ দোকান উচ্ছেদ কৰে ৷ বিশেষকৈ ভঙাগড়ত ১০খন, গণেশগুৰিত ২১খন আৰু উলুবাৰীত দুখনকৈ মাংসৰ দোকান উচ্ছেদ কৰাৰ লগতে অস্বাস্থ্যকৰ পৰিৱেশত মাংস বিক্রী কৰাৰ অভিযোগত শতাধিক মাংসৰ দোকানৰ পৰা প্রায় ১৫,৫০০ টকা জৰিমনা সংগ্রহ কৰে ৷ একেদৰে অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য–সামগ্রী বিক্রী কৰাৰ অভিযোগত পৌৰ নিগমে মহানগৰীৰ বিভিন্ন স্থানত ৪৪খন ফাষ্টফুডৰ দোকানত অভিযান চলাই পল্টন বজাৰ এলেকাৰ ২২খন ফাষ্টফুডৰ দোকানৰ পৰা ১১,০০০ টকা, ভঙাগড়ত ১২খন দোকানৰ পৰা ৬ হাজাৰ টকা আৰু গণেশগুৰিত ১০খন দোকানৰ পৰা ৫,৫০০ টকা জৰিমনা সংগ্রহ কৰে৷ উল্লেখ্য যে মহানগৰীত অবৈধভাৱে গঢ়ি উঠা ব্যৱসায়িক প্রতিষ্ঠানৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি জানিব পৰা গৈছে ৷

You might also like