যাত্রী অবিহনে ছিংগাপুৰৰ পৰা গুৱাহাটীলৈ আহিল বিমান
নিয়মীয়া বার্তা, ১৭ মার্চঃ সমগ্র বিশ্বত ত্রাসৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ নেতিবাচক প্রভাৱ আন্তর্জাতিক বিমান পৰিবহণ খণ্ডত বাৰুকৈয়ে পৰিছে ৷ যাৰ বাবে ছিংগাপুৰ আৰু গুৱাহাটীৰ মাজত সপ্তাহত দুদিন চলাচল কৰা ভূটান ৰাজকীয় চৰকাৰৰ ড্রুক এয়াৰলাইনৰ বিমানখন সোমবাৰে বিয়লি এজনো যাত্রী নহাকৈয়ে অর্থাৎ যাত্রী অবিহনে বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত অৱতৰণ কৰিবলগীয়া হয় ৷ ইয়াৰ তিনি দিন পূর্বে মাত্র পাঁচগৰাকী যাত্রীক লৈ গুৱাহাটীলৈ আহিছিল ড্রুক এয়াৰ লাইনৰ বিমানখন ৷ আনহাতে, এই সন্দর্ভত ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণৰ উত্তৰ–পূব মণ্ডলৰ ক্ষেত্রীয় কার্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে জানিবলৈ দিয়া মতে উত্তৰ–পূবৰ ১২টা বিমানবন্দৰৰ ভিতৰত গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰটোৱে হৈছে একমাত্র আন্তর্জাতিক বিমানবন্দৰ ৷ কিন্তু বিশ্বৰ আন দেশৰ দৰে ভাৰততো ক’ৰোনা ভাইৰাছৰ বাবে আন্তর্জাতিক বিমান পৰিবহণ খণ্ডত অভাৱনীয়ভাৱে বিদেশী যাত্রীৰ সংখ্যা কমি গৈছে৷ যাৰ বাবে সোমবাৰে প্রথমবাৰৰ বাবে ছিংগাপুৰৰ পৰা যাত্রীশূন্যভাৱে আন্তর্জাতিক সেৱাৰ বিমান এখন অৱতৰণ কৰিবলগীয়া হ’ল৷ এক কথাত সোমবাৰটো প্রথমবাৰৰ বাবে বৰঝাৰ বিদেশী যাত্রীবিহীন বিমানবন্দৰত পৰিণত হয়৷ ইফালে বিমানবন্দৰত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ সহযোগত বিদেশী আৰু সন্দেহজনক যাত্রীৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে বুলি বৰঝাৰ বিমানবন্দৰ কর্তৃপক্ষই সদৰী কৰিছে ৷