নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : জনাঞ্চলত বন্যপ্রাণীৰ বিচৰণ

সাম্প্রতিক সময়ৰ অন্যতম চর্চিত বিষয় বুলি ক’লে জনাঞ্চলত বন্যপ্রাণীৰ বিচৰণকো উনুকিয়াব পাৰি৷ সংবাদ মাধ্যমত প্রচাৰিত বাতৰিৰো অন্যতম এই বন্যপ্রাণী আৰু মানৱৰ সংঘাত৷ প্রতিদিনেই ৰাজ্যৰ বিভিন্ন প্রান্তত বন্যপ্রাণী আৰু মানৱৰ সংঘাতৰ ঘটনা সংঘটিত হৈ আছে৷ ইয়াৰ কাৰণ হিচাপে প্রথমতে জনাঞ্চলত বন্যপ্রাণীৰ বিচৰণৰ বাবে বন্যপ্রাণীকেই একাংশই দোষাৰোপ কৰা দেখা যায়৷ কিন্তু ই কিমানদূৰ গ্রহণযোগ্য৷ সাধাৰণ দৃষ্টিত বন্যপ্রাণীৰ আক্রমণত জীৱশ্রেষ্ঠ মানৱৰ প্রাণহানি হ’লে বন্যপ্রাণীকে জগৰীয়া কৰা হয়৷ কিয় এয়া হ’বলৈ পাইছে৷ বিকাশৰ নামত বনাঞ্চল ধ্বংসৰ সমান্তৰালকৈ অবৈধ ৰূপত বনাঞ্চল ধ্বংসৰ পৰিণতিত বন্যপ্রাণীৰ বসতিস্থল নোহোৱা হৈ গৈ আছে৷ বসতিস্থলৰ অভাৱতে বন্যপ্রাণী মুকলি ঠাইলৈ ওলাই আহিবলৈ বাধ্য হৈছে৷ ঠিক তেনেদৰে ধ্বংসপ্রাপ্ত বনাঞ্চলত খাদ্যৰ অভাৱো অতিকে ভয়াৱহ সমস্যা৷ বসতিস্থল আৰু খাদ্যৰ অভাৱত বন্যপ্রাণী জনাঞ্চললৈ ওলাই আহিছে৷ ই দেখাদেখিকৈ এটা কাৰণ যদিও জীৱশ্রেষ্ঠ মানৱে নিজৰ জীৱন যাপনৰ বাবে বনাঞ্চল দখল কৰি বসবাস কৰিবলৈ লৈছে৷ ইয়াৰ বাবে পূর্বতে বন্যপ্রাণীৰ বসতিস্থলত জনতাৰ বাসভূমি গঢ়ি উঠিছে৷ ফলত প্রায়ে এনে ন–কৈ গঢ় লোৱা জনাঞ্চলত বন্যপ্রাণীৰ বিচৰণ হয়৷ ই এক ধৰণৰ স্বাভাৱিক কথা বুলি ক’ব পাৰি যদিও বিকাশৰ নামত গঢ়ি উঠা জনাঞ্চলত বন্যপ্রাণীৰ বিচৰণৰ নেতিবাচক ধৰণে প্রতিফলিত কৰা দেখা যায়৷ এই বিষয়টো বিবেচনাৰ বিষয়৷ অৱশ্যে কাহানিও বন্যপ্রাণীৰ বিচৰণ নেদেখা জনাঞ্চলতো এতিয়া বন্যপ্রাণীৰ আতংক চর্চিত হৈছে৷
বন্যপ্রাণী আৰু জীৱশ্রেষ্ঠ মানৱৰ সংঘাত ভয়াৱহ সমস্যা হৈ উঠিছে৷ ইয়াক প্রতিৰোধ কৰাটোত নিশ্চয়কৈ সবল পদক্ষেপ ল’বই লাগিব৷ জনাঞ্চলত বন্যপ্রাণীৰ বিচৰণৰ সমস্যাটো প্রণালীবদ্ধ পর্যালোচনা কৰিব লাগিব৷ যি অঞ্চলত বন্যপ্রাণীৰ আতংক চলি আছে আৰু যি অঞ্চলত নতুনকৈ সমস্যাৰ ৰূপত উদ্ভৱ হৈছে তাক গভীৰ আৰু সূক্ষ্ম পর্যালোচনা কৰিব লাগিব৷ কাৰকসমূহ বিচাৰ কৰি উলিয়াই তাক বৈজ্ঞানিক ভিত্তিত সমাধানৰ পদক্ষেপ ল’ব লাগিব৷ জীৱশ্রেষ্ঠ মানৱৰ বাবেই সৃষ্ট এনে অধিকাংশ সমস্যাক বন্যপ্রাণীৰ ওপৰত ঠেলি দিয়াটো সমীচীন নহয়৷ পৃথিৱীত মানৱজাতি বর্তি থাকিব লাগিলে যিদৰে বনাঞ্চলৰ প্রয়োজন অর্থাৎ বনাঞ্চল অবিহনে মানৱ জাতিৰ সুচল যাত্রা প্রায় অসম্ভৱ, তেনেক্ষেত্রত বনাঞ্চল সংৰক্ষণ আৰু বনাঞ্চল বর্তাই ৰাখিবই লাগিব৷ বনাঞ্চলত বন্যপ্রাণীৰ অস্তিত্ব থাকিবই লাগিব৷ জৈৱ–বৈচিত্র্য আৰু পাৰিপার্শ্বিক ভাৰসাম্যৰ ওপৰত আঘাত হানিব পৰা কাৰকসমূহক সঠিকভাৱে চিনাক্ত কৰিব লাগিব৷ শ্লোগানেৰে বনাঞ্চল ধ্বংস প্রতিৰোধ কৰিব নোৱাৰি৷ তেনেদৰে পৰিৱেশ মন্ত্রালয় এটা দেখাক দেখি থাকিলেই নহ’ব৷ বনাঞ্চল সংৰক্ষণক বাস্তৱিক ৰূপ দিব লাগিব৷ পৃথিৱীত মানৱজাতি বর্তি থাকিবলৈ হ’লে প্রকৃতিপ্রদত্ত বনাঞ্চল থাকিব লাগিব, থাকিব লাগিব বন্যপ্রাণী৷ জনাঞ্চলত বন্যপ্রাণীৰ বিচৰণৰ দৰেই বনাঞ্চলত জনতাৰ অযথা হানিকাৰক কার্যও সমানে সমানে চর্চা হ’ব লাগিব৷ দুয়োটিকে সূক্ষ্ম পর্যালোচনাৰে সু–মীমাংসাৰ পথ এটি উদ্ভাৱন কৰিব লাগিব৷ পৃথিৱীৰ বাবে বন্যপ্রাণী–জীৱজন্তু অবিচ্ছেদ্য৷ গতিকে জীৱশ্রেষ্ঠ মানৱে সমস্যাটোক নির্মূল কৰিবলৈ সজাগ–সতর্ক হোৱাৰহে প্রয়োজন৷ অন্যথা ই গৈ গৈ এক অনাহূত পৰিস্থিতিৰ সৃষ্টি কৰিব৷

You might also like