সম্পাদকীয় : দৈনন্দিন জীৱনত AI
এটা সময়ত কৃত্রিম বুদ্ধিমত্তা আছিল কল্পবিজ্ঞান আৰু ফেণ্টাচী সাহিত্যৰ অন্যতম উপাদান৷ কিন্তু এতিয়া কৃত্রিম বুদ্ধিমত্তাই কল্প–সাহিত্যৰ সীমা অতিক্রম কৰি আমাৰ দৈনন্দিন জীৱনত প্রৱেশ কৰিছে আৰু এক ব্যাপক শক্তিলৈ পৰিণত হৈছে৷ ছ’চিয়েল মিডিয়াৰ পোষ্টবোৰ চাই চাই তাৰ লগত মিল থকা পোষ্ট আগবঢ়াই দিয়াৰ পৰা আৰম্ভ কৰি ই–মেইলৰ উত্তৰ দিয়া, ইংৰাজী ব্যাকৰণ শুদ্ধ কৰি দিয়া আদিকে ধৰি জীৱন পৰিৱর্তনকাৰী সিদ্ধান্তক প্রভাৱিত কৰালৈকে –এই বিশাল পৰিসৰত এআহৰ প্রভাৱ দ্রুত আৰু জৰুৰীভাৱে সম্প্রসাৰিত হৈছে৷ দৈনন্দিন জীৱনত সহজে ব্যৱহাৰ কৰিব পৰা এআই সঁজুলিবোৰৰ পৰা আৰম্ভ কৰি চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী ডন্নতিৰ ক্ষেত্রত পাব পৰা সম্ভাব্য সুবিধাসমূহৰ কথা অনস্বীকার্য যদিও এহ প্রযুক্তিগত বিপ্লৱৰ লগতে নৈতিকতাৰ প্রশ্ণও জডিত হৈ থাকে৷ বিত্ত আৰু স্বাস্থ্যসেৱাৰ দৰে জটিল খণ্ডত এআহৰ একত্রীকৰণে এআইৰ কর্মপদ্ধতিৰ পক্ষপাতিত্বৰ বিষয়টোত গভীৰভাৱে ডদ্বেগজনক প্রশ্ণ ডত্থাপিত হোৱাৰ থল থাকে৷ এআইৰ বিশ্লেষণৰ মূল ভেটি হ’ল ইণ্টাৰনেটত বিয়পি থকা সীমাহীন তথ্য৷ অকল তথ্যৰ যান্ত্রিক বিশ্লেষণে মানৱীয় দিশবোৰ অৱহেলা কৰি বর্তমানৰ সমাজত চলি থকা বৈষম্যসমূহ দূৰ কৰাত একো সহায় কৰিব নোৱাৰিব, বৰং স্থায়ী কৰি ৰখাত সহায় কৰিব পাৰে আৰু আনকি বৃদ্ধিও কৰিব পাৰে৷ সামাজিক ন্যায় এটা ধাৰণা আৰু তাক কেৱল তথ্য আৰু পৰিসংখ্যাৰে বিবেচনা কৰিব নোৱাৰি৷ এআইৰ এলগৰিডম–এ এই কথাটো কিমানদূৰ গ্রহণ কৰিব তাক কোৱা টান কাৰণ এআইৰ সিদ্ধান্ত গ্রহণৰ মূল ভেটি হ’ল তথ্য আৰু পৰিসংখ্যা৷ ভাৰতৰ সামাজিক সমস্যা আৰু বিকাশৰ ক্ষেত্রত বিভিন্ন জনগোষ্ঠীৰ কথা মানৱীয় দৃষ্টিকোণেৰে পৃথক ধৰণে বিবেচনা কৰা হয়৷ যান্ত্রিক এআয়ে এই দিশটো স্পর্শ কৰাৰ সম্ভাৱনা এতিয়ালৈকে দেখা পোৱা হোৱা নাই৷ প্রযুক্তিগত দক্ষতাই এতিয়া যিখিনি দিছে সেইখিনিৰে ব্যক্তিগত দক্ষতা বৃদ্ধিৰ ক্ষেত্রত ভালেখিনি আগবাঢ়ি যাব পাৰি৷ কিন্তু সামাজিক ন্যায়ৰ কথা ভাবি প্রযুক্তিবিদসকলে এআহ ব্যৱস্থাসমূহ এনেদৰে ডিজাহন কৰিব লাগিব যাতে সামাজিক ন্যায় আৰু সমতা কোনো ক্ষেত্রতে আঘাতপ্রাপ্ত নহয়৷
এআইৰ প্রায়োগিক দিশটোৰ লগত জডিত আন এটি কথাই নৈতিকতাৰ প্রশ্ণটো পুনৰ বিশ্লেষণৰ বাবে প্রৰোচিত কৰে৷ এআহ চালিত বিভিন্ন প্লেটফর্মসমূহে ব্যক্তিগত তথ্য বিভিন্ন ধৰণে সংগ্রহ আৰু বিশ্লেষণ কৰে৷ এই কথাটোৱে তথ্যৰ গোপনীয়তা প্রসংগত গুৰুতৰ ডদ্বেগৰ সৃষ্টি কৰে৷ ব্যক্তিৰ অনলাহন কার্যকলাপ, পছন্দ, জীৱনশৈলী, উপার্জন–সঞ্চয়–খৰ্ আদি তথ্যবোৰ এআয়ে বিভিন্ন কৌশলেৰে সংগ্রহ কৰে৷ এই সংগ্রহবোৰ প্রায়েই পোনপটীয়া সন্মতি অবিহনেই কৰা হয়৷ এআইৰ বিকাশৰ সমান্তৰালভাৱে ব্যক্তিগত গোপনীয়তাক অগ্রাধিকাৰ দিয়া আৰু তথ্যৰ সুৰক্ষা নিশ্চিত কৰাৰ দৰে কাম কৰিবলৈ বিশ্ব বিয়পি থকা এটা শক্তিশালী আৰু সুসংহত নিয়ন্ত্রণ পদ্ধতি কার্যক্ষম কৰি তোলাটো সমানেই জৰুৰী৷ প্রযুক্তিগত ডন্নতিৰ কাৰণে মৌলিক মানৱ অধিকাৰবোৰক গুৰুত্ব নিদিয়াটো কোনো ধৰণৰ গ্রহণযোগ্য কথা নহয়৷ এটা কথা খুব জোৰেৰে প্রচাৰ হৈছে যে মানুহে পূর্বতে কৰা কামবোৰ এআইৰ যোগে স্বয়ংক্রিয়ভাবে কৰা হ’ব আৰু তাৰ ফলত অর্থনৈতিক বৈষম্য আৰু অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে৷ কেলকুলেটৰ, কম্পিউটাৰ আদিৰ আৰম্ভণিৰ সময়ছোৱাত একে ধৰণৰ সংশয়ৰ কথা প্রচাৰ কৰা হৈছিল যদিও পৰৱর্তীকালত সেই আহিলাবোৰ মানুহৰ দৈনন্দিন জীৱনৰ অংগ হৈ পৰিল৷ এআইৰ ক্ষেত্রতো তেনেকুৱাই হ’ব৷ কিছুমান আশাবাদীয়ে যুক্তি আগবঢ়ায় যে এআয়ে নতুন, এতিয়াও কল্পনা নকৰা কর্মক্ষেত্রৰ সৃষ্টি কৰিব৷ এই নতুন কর্মক্ষেত্রত জড়িত হ’বলৈ যি ধৰণৰ মানৱ শক্তিৰ প্রয়োজন হ’ব সেই শক্তি প্রস্তুত কৰিবলৈ শিক্ষা আৰু প্রশিক্ষণ কার্যসূচী উপযুক্ত ধৰণে হোৱা উচিত৷ এই পৰিৱর্তনশীল প্রযুক্তিয়ে লৈ অহা প্রত্যাহ্বান আৰু সুযোগসমূহক মানৱ কল্যাণৰ বাবে ব্যৱহাৰ কৰিবলৈ সক্ষম চৰকাৰ সচেতন আৰু সক্ষম হোৱা প্রয়োজন৷ এআইৰ বিকাশৰ সমান্তৰালভাৱে নৈতিক বিবেচনাক অগ্রাধিকাৰ দি, সকলো ক্ষেত্রতে স্বচ্ছতাৰ উপস্থিতি নিশ্চিত কৰি আৰু এআইৰ সকলোধৰণৰ দায়বদ্ধতাৰ পৰীক্ষকৰ সুব্যবস্থা কৰি প্রযুক্তিবিদ্যাই নিশ্চিত কৰিব পাৰিব লাগিব যে এআই সমাজৰ বিভাজনৰ উৎস নহয়, ই মানুহৰ সমৃদ্ধিৰ আহিলা হৈ পৰিব৷