নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেৰুকামুখত বিদ্যুৎ উৎপাদন কৰিবলৈ সম্পূর্ণ সাজু NHPC, নামনি সোৱণশিৰি প্রকল্পৰ ৯৫% কাম সম্পূর্ণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ এপ্ৰিলঃ অৰুণাচল প্রদেশত নির্মীয়মাণ জলবোমাসদৃশ কেইবাটাও বৃহৎ নদীবান্ধে ৰাজ্যবাসীৰ জনজীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ সময়তে আন এক উদ্বেগজনক খবৰ৷ ৰাজ্যবাসীৰ প্রবল আপত্তি তথা দল–সংগঠনৰ ধাৰাবাহিক আন্দোলনক নস্যাৎ কৰি বিজুলী উৎপাদন কৰিবলৈ সাজু হৈছে এনএইচপিচি লিমিটেড৷ অসম–ৰুণাচল সীমান্তৱর্তী গেৰুকামুখত নির্মীয়মাণ সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ তিনিটা ইউনিট আৰম্ভ কৰিবলৈ নির্মাণকাৰী সংস্থাটোৱে সকলো প্রস্তুতি সম্পূর্ণ কৰিছে৷ এনএইচপিচিয়ে শেহতীয়াকৈ প্রকাশ কৰা অনুসৰি অহা মে’ৰ ভিতৰত সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ তিনিটা ইউনিট সম্পূর্ণ কৰা হ’ব৷ অর্থাৎ সকলো ঠিকে–ঠাকে থাকিলে মে’ত এনএইচপিচিয়ে এই প্রকল্পত বিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ কৰিব৷ তেওঁলোকে প্রকাশ কৰা অনুসৰি প্রাথমিক পর্যায়ত আৰম্ভ কৰিবলগীয়া তিনিটা ইউনিটৰ জৰিয়তে মুঠ ৭৫০ মেগাৱাট বিজুলী উৎপাদন কৰা হ’ব৷ অর্থাৎ প্রতিটো ইউনিটত ২৫০ মেগাৱাটকৈ বিদ্যুৎ উৎপাদন কৰিব নির্মাণকাৰী সংস্থাটোৱে৷ ইতিমধ্যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ ৯৫ শতাংশ কাম সম্পূর্ণ হৈছে৷ তেওঁলোকে লগতে প্রকাশ কৰিছে যে সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ আন ৫টা ইউনিট ২০২৬ বর্ষৰ মে’ত সম্পূর্ণ কৰা হ’ব৷ অর্থাৎ অহা বর্ষৰ মে’ৰ পৰা এনএইচপিচিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প সম্পূর্ণৰূপে কার্যক্ষম কৰিবলৈ পদক্ষেপ গ্রহণ কৰিছে৷ প্রাপ্ত তথ্য অনুসৰি প্রাথমিক পর্যায়ত তিনিটা ইউনিট আৰম্ভ কৰাৰ পূর্বে পৰীক্ষামূলকভাৱে ৰিজার্ভাৰত পানী জমা কৰা হ’ব৷ মে’ৰ পূর্বে এনএইচপিচি কর্তৃপক্ষই নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত পৰীক্ষণমূলক অভিযান সম্পূর্ণ কৰিব৷ উল্লেখ্য যে দুহাজাৰ মেগাৱাট শক্তি উৎপাদন কৰিব পৰা এই প্রকল্প স্থাপন কৰিবলৈ সিদ্ধান্ত লোৱাৰ পিছৰে পৰা ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তীবাদী যুৱ–ছাত্র পৰিষদ, কৃষক মুক্তি সংগ্রাম সমিতিকে ধৰি বহু দল–সংগঠনে এই বৃহৎ জলবিদ্যুৎ প্রকল্পটোৰ বিৰোধিতা কৰি আহিছে৷ আনকি দল–সংগঠনসমূহে প্রকল্পটো নির্মাণৰ বিৰোধিতাৰে ৰাজ্যজুৰি তীব্র প্রতিবাদী কার্যসূচীও ৰূপায়ণ কৰিছে৷ তেওঁলোকে বর্তমানেও এই বান্ধ বন্ধ কৰাৰ দাবীৰে আন্দোলন অব্যাহত ৰাখিছে৷ সমান্তৰালভাৱে বান্ধৰ বিৰোধিতাৰে ন্যায়ালয়তো গোচৰ ৰুজু কৰা হৈছিল৷ অৱশ্যে এই প্রবল বিৰোধিতাৰ মাজতে এনএইচপিচিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণকার্য অব্যাহত ৰাখে৷ অৱশ্যে এই সময়ছোৱাত এনএইচপিচিয়ে একাধিক প্রত্যাহ্বানৰো সন্মুখীন হৈছে৷ বিশেষকৈ বাৰিষাৰ সময়ছোৱাত হোৱা প্রবল বানে প্রকল্পটোক বহুবাৰ ক্ষতিসাধন কৰিছে৷ বান্ধ তথা পাৱাৰ হাউছৰ ক্ষতি কৰাৰ লগতে বৰষুণৰ বাবে বান্ধটো নির্মাণ কৰা পাহাৰত ব্যাপক ভূমিস্খলনৰ সৃষ্টি কৰিছে৷ যাৰ পৰিপ্রেক্ষিতত বৃহৎ নদীবান্ধটো নির্মাণৰ ক্ষেত্রত যথেষ্ট বিলম্ব ঘটিছে৷ ৰাজ্যৰ দল–সংগঠন তথা সচেতন লোকসকলে এই বিষয়সমূহত উদ্বেগ প্রকাশ কৰি আশংকা ব্যক্ত কৰি আহিছে যে ভূমিকম্পপ্রৱণ উত্তৰ–পূর্বাঞ্চলত নির্মাণ কৰা এনে বৃহৎ বান্ধে যিকোনো মুহূর্তত প্রলয়ৰ সূচনা কৰিব পাৰে৷ তদুপৰি বৃহৎ নদীবান্ধটোৰ পানীয়ে অসমৰ কেইবাখনো জিলাত ব্যাপক প্রভাৱ তথা ক্ষয়–ক্ষতি কৰাৰো আশংকা প্রকাশ কৰা হৈছে৷ যাৰ পৰিপ্রেক্ষিতত দল–সংগঠনসমূহে নামনিত পৰিব পৰা প্রভাৱ অধ্যয়ন কৰিবলৈ দাবী জনাই আহিছে৷ কিন্তু এইক্ষেত্রত এনএইচপিচি কর্তৃপক্ষই এতিয়াও এই দাবী পূৰণ কৰা নাই৷ ইয়াৰ মাজতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণ সম্পূর্ণ কৰি বিজুলী উৎপাদন আৰম্ভ কৰাৰ পদক্ষেপে পুনৰ ৰাজ্যবাসীক শংকিত কৰি তুলিছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ১৯৮৩ চনতে সোৱণশিৰিৰ ওপৰত বান্ধটো নির্মাণ কৰাৰ বাবে ডিপিআৰ দাখিল কৰা হৈছিল৷ কিন্তু ২০০৪ বর্ষৰ অক্টোবৰ মাহতহে এনএইচপিচিয়ে বান্ধটো নির্মাণৰ বাবে যাৱতীয় অনুমোদন লাভ কৰে৷ ২০০৫ বর্ষৰ জানুৱাৰীত এনএইচপিচিয়ে নদীবান্ধটো নির্মাণৰ কাম আৰম্ভ কৰে যদিও ৰাজ্যত হোৱা প্রতিবাদত কাম বন্ধ ৰাখিবলগীয়া হয়৷ পৰৱর্তী সময়ত ২০১৯ চনৰ ১৫ অক্টোবৰৰ পৰা প্রকল্পটোৰ নির্মাণকার্য পুনৰ আৰম্ভ হয়৷ শেহতীয়াকৈ ২৯ জানুৱাৰীত বান্ধটোত ‘স্পিলৱে ৰেডিয়েল গেট এছ–৪’ স্থাপন কৰিবলৈ সক্ষম হৈছে৷ অভিলেখসংখ্যক ২৯ দিনত এই সংস্থাপন সম্পূর্ণ কৰা হৈছে৷ ইয়াৰ লগে লগে বান্ধটোত ৯ স্পিলৱে ৰেডিয়েল গেট সংস্থাপন সম্পূর্ণ হয়৷

You might also like