সম্পাদকীয় : পুনৰ মার্কিন আধিপত্যবাদ
আমেৰিকাত ড’নাল্ড ট্রাম্প দ্বিতীয়টো কার্যকালৰ বাবে ৰাষ্ট্রপতি নির্বাচিত হোৱাৰ পিছৰে পৰা বিশ্ব ৰাজনীতিত এক অস্থিৰতা আৰম্ভ হৈছে৷ ৰাষ্ট্রপতি হিচাপে শপত লোৱাৰ পিছতেই যেন বিশ্ব ব্যৱস্থাক সলনি কৰাৰ বাবে উঠি–পৰি লাগিছে ট্রাম্পে৷ শেহতীয়াকৈ ট্রাম্পৰ ‘শুল্ক বোমা’ক লৈ বিশ্বৰ বিভিন্ন দেশত সৃষ্টি হৈছে অসন্তুষ্টি৷ ব্রিটিছ প্রধানমন্ত্রী কিয়েৰ ষ্টাৰমাৰে ইংগিত দিছে যে যি গোলকীয় ব্যৱস্থা গঢ়ি উঠিছিল ট্রাম্পৰ এই শুল্ক নীতিয়ে তাক ধ্বংস কৰি পেলাব৷ উল্লেখনীয় যে যোৱা শতিকাৰ ৯০ দশকত মৰক্কোৰ মাৰাকাশ চহৰত বিশ্ব বাণিজ্য সংস্থাৰ এক গুৰুত্বপূর্ণ সন্মিলনত এই পৃথিৱীক এখন গাঁৱত পৰিণত কৰাৰ সংকল্প গ্রহণ কৰা হৈছিল৷ গোলকীয় অর্থনীতিৰ এক নতুন ভেটি তথা এক নতুন অভিধা সৃষ্টিৰ বাবেই অনা হৈছিল গোলকীয়কৰণ বা বিশ্বায়ন৷ অর্থনীতিৰ এই গোলকীয়কৰণ বা বিশ্বায়ন ব্যৱস্থাত বিশ্বৰ সকলো দেশৰ অর্থনীতিক চামিল কৰাৰ এক প্রক্রিয়া আৰম্ভ হৈছিল৷ অৱশ্যে এই গোলকীয়কৰণো একপ্রকাৰ সমৃদ্ধিশালী দেশসমূহৰ দুখীয়া দেশসমূহৰ ওপৰত অৱদমন সৃষ্টিৰ হাতিয়াৰ হৈ পৰে৷ তথাপি উন্নয়নশীল বহু ৰাষ্ট্রই গোলকীয়কৰণৰ স্বর্তসমূহক বিশ্ব অর্থনীতিৰ বাবে গুৰুত্বপূর্ণ বাবে ধাৰণা কৰিছিল৷ এইবাৰ ব্রিটিছ প্রধানমন্ত্রীৰ কিয়েৰ ষ্টাৰমাৰে আশংকা কৰিছে যে ট্রাম্পৰ এই নতুন শুল্ক নীতিয়ে গোলকীয় অর্থনৈতিক ব্যৱস্থাটোক ধ্বংস কৰি কেৱল আমেৰিকাৰ আধিপত্য প্রতিষ্ঠাৰ পথ সুগম কৰি তুলিলে৷ ট্রাম্পৰ শুল্ক নীতিয়ে ইতিমধ্যে বহু দেশক সমস্যাত পেলাইছে৷ এই শুল্ক নীতিৰ মোকাবিলা কৰাৰ লগতে বিশ্ব বজাৰলৈ আহি পৰা অনিশ্চয়তাৰ পৰা কেনেদৰে মুক্তি পোৱা যায় তাক লৈ দেশে দেশে অর্থনীতিবিদসকলে আৰম্ভ কৰিছে চিন্তা–চর্চা৷ লক্ষণীয়ভাৱে ব্রিটেইনৰ ওপৰত ট্রাম্পে দশ শতাংশ আমদানি শুল্ক আৰোপ কৰিছে৷ ইয়াৰ ফলত ব্রিটেইনত বিভিন্ন গাড়ীৰ কোম্পানী তীব্র সংকটৰ সন্মুখীন হ’ব৷ অকল ব্রিটেইনেই নহয়, ইউৰোপৰ বিভিন্ন দেশলৈ ট্রাম্পৰ এই নতুন শুল্ক নীতিয়ে কঢ়িয়াই আনিছে আশংকা৷
চীন–কানাডা আদি দেশে ট্রাম্পৰ এই নীতি বিশ্বত এক বাণিজ্যিক যুদ্ধৰ আৰম্ভণি বুলি ঘোষণা কৰিছে৷ অকল সেয়াই নহয়, এই দুয়োখন দেশে আমেৰিকাক শুল্ক নীতিৰ প্রত্যুত্তৰ মার্কিন সামগ্রীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰি দিয়াৰ হুংকাৰ দিছে৷ চীনে অকল শুল্ক যুদ্ধই নহয়, আমেৰিকাৰ বিৰুদ্ধে যিকোনো যুদ্ধৰ বাবে নিজকে প্রস্তুত কৰি ৰখা বুলি ঘোষণা কৰিছে৷ ভাৰতে অতিৰিক্ত শুল্ক আৰোপৰ বিষয়টোক লৈ হোৱাইট হাউছৰ সৈতে আলোচনা চলোৱা বুলি সদৰী কৰিছে৷ হয়তো ভাৰতৰ দৰে মিত্রদেশসমূহৰ ক্ষেত্রত ট্রাম্পে শুল্কৰ হাৰ হ্রাস কৰিব পাৰে৷ কিন্তু গৰিষ্ঠসংখ্যক দেশেই বিশ্ব বজাৰত আহি পৰা এনে ভয়াৱহ প্রত্যাহ্বানৰ মোকাবিলা কৰাৰ ক্ষেত্রত সংকটৰ সন্মুখীন হ’ব৷ গতিকে মুহূর্তৰ ভিতৰতে ট্রাম্পৰ নীতিয়ে বিশ্বৰ অর্থনৈতিক ব্যৱস্থাটোৰ প্রতি কঢ়িয়াই আনিছে অস্থিৰতা৷ এনে পৰিস্থিতিত ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰমাৰে আশংকা কৰিবলগীয়া হৈছে যে বিশ্বায়নৰ যুগৰ অৱসান ঘটাই ট্রাম্পে বিশ্ব বাণিজ্যত আমেৰিকাৰ আধিপত্য প্রতিষ্ঠাৰ চেষ্টা চলাইছে৷ অৱশ্যে ট্রাম্পৰ এনে নীতিয়ে অকল বিদেশতেই অস্থিৰতাৰ সৃষ্টি কৰা নাই৷ আমেৰিকাৰ অভ্যন্তৰতো ৰাষ্ট্রপতিগৰাকীৰ এনে নীতিক লৈ ক্ষোভৰ উদগীৰণ ঘটিছে৷ ইতিমধ্যে বিভিন্ন দেশে আমেৰিকালৈ অত্যাৱশ্যকীয় সামগ্রীৰ ৰপ্তানি বন্ধ কৰিব পাৰে বুলি ধাৰণা কৰি দেশখনৰ নাগৰিকসকলে বজাৰত হাহাকাৰ কৰিবলগীয়া হৈছে৷ শেহতীয়াকৈ আমেৰিকাৰ বিভিন্ন চহৰৰ বজাৰত গ্রাহকসকলে নিত্য প্রয়োজনীয় সামগ্রী বুজন পৰিমাণে ক্রয় কৰি ঘৰতে সংৰক্ষণ কৰাৰ বাবে চেষ্টা চলাইছে৷ সেইবাবে বজাৰসমূহত দেখিবলৈ পোৱা গৈছে অত্যধিক ভিৰ৷ অকল সেয়াই নহয়, ট্রাম্পৰ এনে একপক্ষীয় সিদ্ধান্তক লৈ ক্ষুব্ধ হৈ পৰিছে মার্কিন নাগৰিকসকল৷ বর্তমান দেশখনৰ ৫০ খন প্রদেশৰ বিভিন্ন স্থানৰ হাজাৰ হাজাৰ নাগৰিকে ট্রাম্পৰ বিৰুদ্ধে উলিয়াইছে প্রতিবাদী সমদল৷ লক্ষণীয়ভাৱে এই প্রতিবাদী সমদলসমূহত নাগৰিক অধিকাৰ সুৰক্ষা সমিতি, বিভিন্ন সামাজিক সংগঠন, আনকি ট্রেন্সজেণ্ডাৰ সম্প্রদায়েও অংশগ্রহণ কৰিছে৷ ট্রাম্পৰ অকল শুল্ক নীতিয়েই নহয়, শেহতীয়াকৈ মার্কিন নাগৰিকসকল অতিষ্ঠ হোৱা বিভিন্ন নীতি হোৱাইট হাউছে গ্রহণ কৰিছে৷ তাৰ প্রতিফলন ঘটিছে শেহতীয়া বিক্ষোভত৷