নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একপক্ষীয় জনাদেশ

ৰাজনৈতিক মহলত বছৰজোৰা উৎকণ্ঠাৰ অৱসান ঘটাই দুই এপ্রিলত ঘোষিত হ’ল অসমৰ পঞ্চায়ত নির্বাচনৰ দিন৷ ৰাজ্যিক নির্বাচন আয়ুক্ত আলোক কুমাৰে ঘোষণা কৰা অনুসৰি দুই মে’ত প্রথম পর্যায়ৰ আৰু সাত মে’ত দ্বিতীয় পর্যায়ৰ ভোটগ্রহণ হ’ব৷ প্রথম পর্যায়ত তিনিচুকীয়া, ডিব্রুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্রীভূমি জিলাত ভোটগ্রহণ কৰা হ’ব৷ সাত মে’ত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পর্যায়ৰ নির্বাচন অনুষ্ঠিত হ’ব নগাঁও, হোজাই, মৰিগাঁও, দৰং, কামৰূপ, কামৰূপ (মহানগৰ), নলবাৰী, বজালী, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, দক্ষিণ শালমাৰা, মানকাচৰ আৰু ধুবুৰী জিলাত৷ দুয়োটা পর্যায়ৰ নির্বাচনত ১,৮০,৩৬,৬৮২গৰাকী ভোটদাতাই স্থানীয় নিকায় নির্বাচনৰ জনাদেশ নির্ণয় কৰিব৷ ইতিমধ্যে পঞ্চায়ত নির্বাচনৰ অধিসূচনা জাৰি হৈছে আৰু অহা ১১ এপ্রিলৰ পৰা মনোনয়ন দাখিলৰ কাম আৰম্ভ হ’ব৷ ৰাজ্যখনৰ গ্রামাঞ্চলৰ লোকসকলৰ বিকাশ আৰু স্বাধিকাৰ প্রতিষ্ঠাৰ ক্ষেত্রত পঞ্চায়ত নির্বাচনৰ সীমাহীন গুৰুত্ব আছে৷ ২০২৩ৰ ডিচেম্বৰত ৰাজ্যৰ নির্বাচিত পঞ্চায়ত নিকায়সমূহৰ কার্যকাল শেষ হৈছিল যদিও নির্ধাৰিত সময়ত নির্বাচন অনুষ্ঠিত হোৱা নাছিল৷ পঞ্চায়ত প্রতিনিধিসকলৰ কার্যকাল ছমাহৰ বাবে বৃদ্ধি কৰা হৈছিল যদিও শেহতীয়াকৈ প্রায় এবছৰ প্রতিনিধিহীন হৈছিল পঞ্চায়তসমূহ৷ ৰাজ্যখনৰ পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰা-নকৰাক লৈ বিভিন্ন প্রশ্ণৰ উদয় হৈছিল যদিও ৰাজ্য চৰকাৰে এইক্ষেত্রত গ্রহণ কৰা পদক্ষেপৰ বাবে গ্রামাঞ্চলৰ লোকসকলে যোগ্য প্রতিনিধিক নির্বাচিত কৰাৰ সুযোগ ওলাইছে৷ এইবাৰ পঞ্চায়ত নির্বাচনৰ ৱার্ডসমূহ নতুনকৈ গঠন কৰা হৈছে৷ পঞ্চায়ত নির্বাচনত গাঁও পঞ্চায়তৰ সদস্য ২১,৯২০গৰাকী, গাঁও পঞ্চায়তৰ সভাপতি ২,১৯২গৰাকী, গাঁও পঞ্চায়তৰ উপ–সভাপতি ২,১৯০গৰাকী, আঞ্চলিক পঞ্চায়তৰ সদস্য ২,১৯২গৰাকী, আঞ্চলিক পঞ্চায়তৰ সভাপতি ১৮১গৰাকী, আঞ্চলিক পঞ্চায়তৰ উপ–সভাপতি ১৮১ আৰু জিলা পৰিষদৰ সদস্য ৩৯৭গৰাকী নির্বাচিত কৰা হ’ব৷ এইবাৰৰ নির্বাচনৰ বিশেষত্ব এয়ে যে পঞ্চায়তসমূহৰ ৫০ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত হৈছে৷ ফলত পঞ্চায়তীৰাজ ব্যৱস্থাত এইবাৰ মহিলাৰ প্রতিনিধিত্ব নিশ্চিতভাৱে লক্ষণীয় হৈ উঠিব৷ পঞ্চায়ত নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা প্রার্থীসকলৰ ক্ষেত্রত এইবাৰ নতুন পদক্ষেপ গ্রহণ কৰা হৈছে৷ বিশেষকৈ গাঁও পঞ্চায়তৰ সদস্য পদত প্রতিদ্বন্দ্বিতা কৰা প্রার্থীসকল হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হ’ব লাগিব৷ প্রার্থীসকলৰ দুটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব৷ পকী শৌচাগাৰ থাকিব লাগিব৷ এনেবোৰ পদক্ষেপে ৰাজ্যখনৰ পঞ্চায়ত নিকায়সমূহক অধিক ফলদায়ক কৰি তুলিব বুলি আশা কৰা হৈছে৷
২০২৬ৰ প্রথম ভাগতে অনুষ্ঠিত হ’ব ৰাজ্যৰ বিধানসভা নির্বাচন৷ ইয়াৰ পূর্বে অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নির্বাচনে ৰাজ্যখনৰ ৰাজনৈতিক ৰূপৰেখা প্রস্তুত কৰিব৷ ২০১৬ৰ বিধানসভা নির্বাচনৰ পৰা অসমত বিজেপিৰ লক্ষণীয় উত্থান হৈছে৷ বিজেপিৰ নেতৃত্বত অগপ আৰু ইউপিপিএলে বিশেষ ৰাজনৈতিক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ বিগত ১০ বছৰত ৰাজ্যখনত অনুষ্ঠিত অধিকাংশ নির্বাচনতে শাসকীয় পক্ষই বিশেষ সফলতা লাভ কৰিছে৷ পঞ্চায়ত নির্বাচনৰ পূর্বে শেহতীয়াকৈ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনতো বিজেপি নেতৃত্বাধীন মর্চাই বিশেষ সাফল্য লাভ কৰিছে৷ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তর্গত ৩৬খন আসনৰ ৩৩খনতে বিজেপি আৰু সহযোগী ৰাভা হাছং যৌথ সংগ্রাম সমিতিয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ বিপৰীতে ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছে এখন আসনহে লাভ কৰিছে৷ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনত বিজেপি নেতৃত্বাধীন এনডিএৰ সপক্ষে একপক্ষীয় জনাদেশ প্রত্যাশিত আছিল৷ পৰিষদৰ নির্বাচনত ক্ষমতাধিষ্ঠিত বিজেপি আৰু ৰাভা হাছং যৌথ সংগ্রাম সমিতিয়ে ঐক্যবদ্ধ যুঁজৰ বিপৰীতে কংগ্রেছ দলৰ ভূমিকা আছিল একেবাৰে দুর্বল৷ বিৰোধী পক্ষত থাকিও এক শক্তিশালী মঞ্চ গঠনৰ জৰিয়তে কংগ্রেছ নেতৃত্বই কোনো পদক্ষেপ গ্রহণ নকৰিলে৷ বিগত এটা দশকত ৰাভা হাছঙৰ কংগ্রেছৰ সাংগঠনিক ভেটি দুর্বল হৈছে৷ তৎসত্ত্বেও অন্যান্য বিৰোধী দলৰ স’তে মিত্রতা দূৰৰ কথা, দলটোৰ শীর্ষ নেতাসকলেও প্রচাৰ অভিযানত অংশ লোৱাৰ পৰা বিৰত থাকে৷ শাসকীয় পক্ষৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ বিশেষ সফলতাৰ অন্তৰালত আছে বিজেপিৰ ৰণনীতি আৰু ৰাজনৈতিক ত্যাগ৷ সাম্প্রতিক সময়ত ৰাভা হাছং স্বায়ত্ত পৰিষদৰ নির্বাচনত বিজেপিয়ে এককভাৱে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিলেও একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ আশা আছিল৷ কিন্তু বিজেপিয়ে মাথোঁ ছখন আসনত দলীয় প্রার্থী থিয় কৰাই ৩০খন আসন এৰি দিছিল টংকেশ্বৰ ৰাভা নেতৃত্বাধীন ৰাভা হাছং যৌথ সংগ্রাম সমিতিক৷ বিজেপিয়ে ছখন আসনতে জয়লাভ কৰাৰ বিপৰীতে ৩০খন আসনত প্রতিদ্বন্দ্বিতা কৰি যৌথ সংগ্রাম সমিতিয়ে ২৭খন আসনত জয়লাভ কৰিছে৷ ৰাভা হাছঙত ছয়খন আসনত প্রতিদ্বন্দ্বিতা কৰিলেও মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াকে ধৰি কেইবাজনো মন্ত্রী–বিধায়ক আৰু নেতাই নির্বাচনী প্রচাৰত নামি পৰিছিল৷ বিজেপিৰ এনে ৰাজনৈতিক সদিচ্ছাৰ বিপৰীতে কংগ্রেছে আটাইকেইখন আসনত প্রতিদ্বন্দ্বিতা কৰিছে৷ সহযোগী দলক বিশ্বাসত নল’লে কোনো ৰাজনৈতিক দলে ক্ষমতা দখলৰ জোখাৰে নির্বাচনত সফলতা লাভ কৰাটো সহজসাধ্য নহয়৷ এই কথা কংগ্রেছ নেতৃত্বই এতিয়াও উপলব্ধি কৰা নাই৷ আগন্তুক পঞ্চায়ত নির্বাচনত বিজেপি নেতৃত্বাধীন এনডিএৰ সহযোগী দলসমূহে ঐক্যবদ্ধ যুঁজ দিয়াৰ বাবে জিলাই জিলাই, সমষ্টিয়ে সমষ্টিয়ে ঐক্যবদ্ধ হৈছে৷ নির্বাচনী ৰণ জিকাৰ ৰণনীতি প্রস্তুত কৰিছে৷ ইয়াৰ বিপৰীতে বহুধাবিভক্ত হৈ আছে বিৰোধী শিবিৰ৷ প্রধান বিৰোধী দল ৰূপে কংগ্রেছ নেতৃত্বই এইক্ষেত্রত কোনো তৎপৰতা পৰিলক্ষিত হোৱা নাই৷ ফলত পঞ্চায়ত নির্বাচনতো শাসকীয় পক্ষত একপক্ষীয় জনাদেশৰ সম্ভাৱনা প্রকট হ’বলৈ ধৰিছে৷

You might also like