নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলদৈ প্রেছ ক্লাবৰ ‘বাতৰিকাকত পঢ়োঁ আহক’ অনুষ্ঠানত অংশগ্ৰহণ নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতাৰ

📌 অসমীয়া বাতৰিকাকতে ভাষা–সাহিত্যৰ উত্তৰণত বিশেষ অৰিহণা আগবঢ়াই আহিছে

ষ্টাফ ৰিপ’ৰ্টাৰ, দৰং, ৯ এপ্রিলঃ বাতৰিকাকত এখনৰ দায়িত্ব বা–বাতৰি প্রকাশতেহ সীমাবদ্ধ নহয়৷ অসমীয়া ভাষাৰ বাতৰিকাকতসমূহে অসমীয়া ভাষা–সাহিত্যক প্রতিনিধিত্ব কৰি আহিছে৷ ১৮৪৪ চনত আৰম্ভ হোৱা অৰুনোদই কাকতৰ পৰা আজিৰ সময়লৈ বাতৰিকাকতে ভাষা–সাহিত্যৰ উত্তৰণ কৰি আহিছে৷– এই মন্তব্য ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক নৰেশ কলিতাৰ৷ মঙলদৈ প্রেছ ক্লাবৰ উদ্যোগত ৰামহৰি জ্ঞান মন্দিৰ জাতীয় বিদ্যালয়ত অনুষ্ঠিত ‘বাতৰিকাকত পঢ়োঁ আহক’ শীর্ষক ব্যতিক্রমী অনুষ্ঠানত ডদ্বোধক হিচাপে অংশগ্রহণ কৰি ‘নিয়মীয়া বার্তা’ৰ সম্পাদক কলিতাই কয় যে বিগত ১৮৮ বছৰে অসমীয়া বাতৰিকাকতে অসমৰ আর্থ–সামাজিক ডন্নয়ন, ভাষা–সাহিত্যৰ উত্তৰণ, সমাজৰ পৰা কু–প্রভাৱ আঁতৰ কৰা আদি বিষয়ত অহৰহ সেৱা কৰি আহিছে৷ অসমীয়া ভাষাৰ নতুন শব্দ সৃষ্টিৰ ক্ষেত্রত বাতৰিকাকতে গ্রহণ কৰিছে অন্যতম ভূমিকা৷ তেওঁ কয়– হেমকোষ অভিধান প্রকাশৰ সময়ত ২৪ হাজাৰ শব্দ অন্তর্ভুক্ত কৰা হৈছিল৷ কিন্তু ২০২৪ চনত পুনৰ প্রকাশিত হেমকোষত ১ লাখ ২৫ হাজাৰ শব্দ সংযোজিত হৈছে৷ তেওঁ কয় যে প্রযুক্তিবিদ্যাৰ ফলত এতিয়া বহুতেই কলমেৰে শব্দ নিলিখে৷ হাতে লিখাতহে নতুন শব্দ সৃষ্টি হয়৷ আজিৰ পৰা ১০ বছৰ পূর্বে সকলো হাতে লিখাহ আছিল৷ যাৰ কাৰণে নতুন নতুন শব্দৰ সৃষ্টি হৈছিল৷ তেওঁ কয়– বহুতেই অভিযোগ কৰাৰ দৰে আমাৰ ল’ৰা–ছোৱালী হংৰাজী মাধ্যমত পঢ়া–শুনা কৰাৰ কাৰণে অসমীয়া কাকত আৰু গ্রন্থ অধ্যয়ন কমাটো সত্য নহয়৷ এনে হ’লে হংৰাজী কাকত–আলোচনীৰ প্রচলন বৃদ্ধি পাব লাগিছিল৷ কিন্তু ইংৰাজী কাকত–আলোচনীৰ প্রচলনৰ সংখ্যাও হ্রাস পাইছে৷ জ্যেষ্ঠ সাংবাদিক তথা গুৱাহাটী প্রেছ একাডেমীৰ সম্পাদক মুকুট ৰাজ শর্মাৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত সম্পাদক কলিতাহ ২০১৪ চনত হোৱা এক সমীক্ষাৰ কথা উল্লেখ কৰি কয় যে অসমৰ ৬২ শতাংশ কাকত–আলোচনী পঢ়া লোকৰ বয়স হৈছে ৬০ বছৰৰ ঊর্ধ্বত৷ তেনেকৈ ৩০ বছৰৰ তলৰ মাত্র ৭.২৫ শতাংশইহে কাকত–আলোচনী নিয়মীয়াকৈ পঢ়ে৷ যিটো অধিক উদ্বেগজনক বিষয় আৰু অসমীয়া ভাষা–সাহিত্যৰ বাবে শংকাজনক৷ তেওঁ কয় যে বৈদ্যুতিন মাধ্যমে বাতৰিকাকতৰ প্রচলন কিছু কমাইছে যদিও টিভি, কেমেৰাই জনসাধাৰণৰ মনঃস্তাত্ত্বিক দিশটো প্রতিফলন কৰিব পৰা নাহ৷ জনসাধাৰণৰ মনঃস্তাত্ত্বিক দিশটো প্রতিফলন কৰিছে কেৱল বাতৰিকাকতে৷ আনহাতে অসমীয়া কাকতৰ প্রচলন কমাৰ দিশটো জাতিটোৰ বাবেহ এক সংকট বুলি কয় জ্যেষ্ঠ সাংবাদিক ৰাজতিলক বর্মনে৷ অনুষ্ঠানত অংশগ্রহণ কৰি বর্মনে অকল বাতৰিকাকতে নহয়, পূর্বৰ বহুল প্রচাৰিত অসমীয়া আলোচনীৰ সংখ্যাও কমি গৈছে নাহবা বন্ধ হৈ পৰিছে বুলি মন্তব্য কৰে৷ তেওঁ অভিভাৱকসকলক নিজ নিজ সন্তানক বাতৰিকাকত পঢ়াৰ প্রতি আগ্রহ বৃদ্ধি কৰাবলৈ আহ্বান জনায়৷ ছাত্র সন্থা, সাহিত্য সভা, কর্মচাৰী পৰিষদ সকলোকে একলগ হৈ বহল পৰিসৰত জনসাধাৰণক জড়িত কৰি কাকতৰ প্রচলন বৃদ্ধিত গুৰুত্ব দিবলৈ আহ্বান জনায়৷ জ্ঞান মন্দিৰ জাতীয় বিদ্যালয়ৰ সঞ্চালক হেমন্ত কুমাৰ বৰুৱাহ বন্তি প্রজ্বলনেৰে আৰম্ভ কৰা আৰু মঙলদৈ প্রেছ ক্লাবৰ সাধাৰণ সম্পাদক লক্ষী নন্দন কলিতাই আঁত ধৰা সভাখনত বার্তাজীৱী সংঘৰ উপ–সভাপতি অঞ্জন শর্মাই কয় যে বাতৰিকাকতৰ প্রাথমিক চর্ত হৈছে ইতিবাচক চিন্তা আৰু নিৰপেক্ষতা৷ এই ইতিবাচক চিন্তাৰ আলম লৈ মঙলদৈ প্রেছ ক্লাবে আৰম্ভ কৰা বাতৰিকাকত পঢ়ো আহক বিষয়টি এটা গুৰুত্বপূর্ণ বিষয়৷ তেওঁ কয়– অসমীয়া কাকত জীয়াই থাকিলেহে অসমীয়া ভাষা–সংস্কৃতি জীয়াহ থাকিব, জাতি জীয়াই থাকিব৷ বাতৰিকাকতে অকল খবৰ বা সংবাদে বিলাই নুফুৰে, বাতৰিকাকত ছাত্র–ছাত্রীৰ প্রতিভা বিকাশত সহায়ক হৈ আহিছে৷ বাতৰিকাকতত গল্প, কবিতা আদি মননশীল সাহিত্য প্রকাশ হৈ আহিছে৷ তেওঁ কয় যে এজন শিক্ষিত ব্যক্তিয়ে নিতৌ ৮–১০ টকা খৰচ কৰি বাতৰিকাকত এখন ক্রয় কৰিলে মানুহজনৰ বা পৰিয়ালটোৰ ক্ষতি হোৱাৰ বিপৰীতে বিভিন্ন ক্ষেত্রত লাভজনক হোৱা দেখা যায়৷ গাম্ভীর্যপূর্ণ সভাখনত মঙলদৈ সমষ্টিৰ প্রাক্তন বিধায়ক গুৰুজ্যোতি দাস, দৰং জিলা সাহিত্য সভাৰ সম্পাদক মৃণাল ৰাজবংশী, আছুৰ উপ–সভাপতি খনীন্দ্র ৰাজবংশী, দৰং জিলা কর্মচাৰী পৰিষদৰ সভাপতি ৰাজেন্দ্র নাথ হাজৰিকা, মঙলদৈ প্রেছ ক্লাবৰ সভাপতি হোমেন কাকতি, দৌৰাংগ বার্তা কাকতৰ সম্পাদক শংকৰ কাকতি, বৰকলা মধ্য ইংৰাজী বিদ্যালয়ৰ প্রধান শিক্ষক ব্রজেন্দ্র ডেকাই ভাষণ দিয়ে৷ সভাত জ্ঞান মন্দিৰ জাতীয় বিদ্যালয়ৰ ছাত্রী নীহাৰিকা শিৱমে এটি গীত পৰিৱেশন কৰে৷

You might also like