লোকবিশ্বাসত ব’হাগ বিহু
ব’হাগ বিহু বা ৰঙালী বিহু অসমীয়া জাতিৰ আয়ুসৰেখা৷ বসন্ত কালৰ আগমনৰ লগে লগে সমগ্র অসমত সকলো জাতি–উপজাতিয়ে বিভিন্ন ৰূপত ব’হাগ বিহু উদযাপন কৰে৷ মূলতঃ এই বিহু কৃষিৰ সৈতে জড়িত৷ মাটিৰ উর্বৰতাৰ সৈতে ব’হাগ বিহুৰ এৰাব নোৱাৰা সম্পর্ক আছে বুলি সকলোৱে বিশ্বাস কৰে৷ সেইবাবে কৃষিকর্ম আৰম্ভ কৰাৰ আগে আগে ব’হাগ বিহু বা ৰঙালী বিহু উদযাপন কৰা হয়৷ ব’হাগ বিহু একেৰাহে ৭ দিন ধৰি বিভিন্ন ৰূপত পালন কৰে৷ চ’তৰ সংক্রান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি সাত দিন ধৰি চলা ব’হাগ বিহুৰ প্রত্যেক দিনাৰে সুকীয়া সুকীয়া নাম থাকে৷ গৰু বিহু, মানুহ বিহু, চেনেহী বিহু, চেৰা বিহু আদি বিভিন্ন নামেৰে এই দিনকেইটাক নামাংকিত কৰা হৈছে৷ ব’হাগ বিহুত পালন কৰা পৰম্পৰাসমূহক লৈ অতীজৰে পৰা বিভিন্ন লোকবিশ্বাস অসমীয়া জনসমাজত প্রচলিত হৈ আহিছে৷ গৰু বিহুৰ দিনা গৰুৰ শিঙত তেল দি গা ধুৱাই লাও–বেঙেনা খুৱায় আৰু সেইবোৰেৰে মালাও পিন্ধোৱা হয়৷ আটায়ে লগ হৈ ওচৰৰ পুখুৰী অথবা নদীত গৰুক গা ধুৱায় আৰু দীঘলতি, মাখিয়তী আদি গছৰ ডালেৰে কোবায়৷ ইয়াৰ পাছতে প্রত্যেকজন মানুহে মাহ, হালধি, আমৰ মল আদিৰে গা ধোৱে৷ এই দ্রব্যসমূহ গাত ঘঁহিলে মানুহৰ বিভিন্ন ৰোগ নিৰাময় হয় বুলি লোকবিশ্বাস আছে৷ মানুহ বিহুৰ দিনাও বহু লোকে স্নান কৰাৰ সময়ত সর্বশুদ্ধি ব্যৱহাৰ কৰে৷ আগন্তুক বছৰটোত যাতে সকলো নিৰোগী হৈ থাকিব পাৰে, সেই বিশ্বাসতে ৰাশি অনুসৰি চেনি, নিমখ, গাখীৰ আদি সেৱন কৰে৷ সাতবিহুৰ দিনা প্রতিটো পৰিয়ালে ১০১বিধ শাক খোৱাৰ পৰম্পৰা আছে৷ সেইবাবে ইয়াক বহুতে সাত শাকেতী বা সাথেক তোলা বা সাত শাক তোলা বিহুও বোলে৷ সেইদিনা এশ এবিধ শাকৰ ব্যঞ্জন তৈয়াৰ কৰে৷ শাক যিহেতু বিভিন্ন ৰোগৰ বনদৰব, সেয়ে এনে ব্যঞ্জনক বিভিন্ন ৰোগৰ ঔষধ বুলি কোৱা হয়৷ ‘সাত বিহুৰ শাক–শুকতি দেহাত দেই বল’ বুলি লোকসমাজত বিশ্বাস আছে৷ অৱশ্যে এশ এবিধ শাক বর্তমান সময়ত বিচাৰি পোৱা কঠিন৷ সেইবাবে অন্ততঃ সাতবিধ শাকৰ ব্যঞ্জন তৈয়াৰ কৰাটো নিয়ম৷ বহু ঠাইত আকৌ সাতবিহুৰ যিকোনো এদিনতে শিৱক সন্তুষ্ট কৰিবলৈ নাহৰৰ পাতত মংগলসূচক কথা লিখি ঘৰৰ চালৰ পানীপচাত খুঁচি থোৱাৰ নিয়ম আছে৷ তেনে কৰিলে ধুমুহা, বৰষুণৰ পৰা হাত সাৰিব পৰা যায় বুলি বিশ্বাস আছে৷
অসমীয়া সমাজ জীৱনত মহাদেৱ শিৱ কৃষি দেৱতা হিচাপে পৰিচিত৷ সেইবাবে বিহুৰ প্রথম দিনাই পুৱা কোনো কোনো ঠাইত বাঁহৰ আগ আৰু ভাং, ধতুৰাৰ গছ খেতি পথাৰত পুতি থোৱা হয়৷ জনবিশ্বাস আছে যে এইদৰে মহাদেৱ শিৱক ভাং, ধতুৰাৰ গছ পুতি সন্তুষ্ট কৰিব পাৰিলে খেতিপথাৰ নদন–বদন হৈ পৰে৷ পহিলা বিহু অথবা মানুহ বিহুৰ দিনা সকলোৱে গা ধুই বিহুৱান লয়৷ সৰুৱে ডাঙৰক সেৱা কৰে আৰু জ্যেষ্ঠজনে আশীর্বাদ দিয়ে যাতে নতুন বছৰটো ভালদৰে পাৰ হয়৷ পৰিয়ালৰ লগতে আত্মীয়–স্বজনক আৰু প্রিয়জনক বিহুৱান দিবলৈ চ’ত মাহৰ পৰাই জীয়ৰী–বোৱাৰীয়ে তাঁতশালত ব্যস্ত হৈ পৰে৷ বিহুৰ আগতেই বিহুৱানখন কাটিবলৈ সকলোৱে দিন–ৰাতি একাকাৰ কৰে৷ কাৰণ বিহুৰ পিছত ব’বলৈ থোৱা বিহুৱান কোনো পুৰুষক দিয়া নহয়৷ জনবিশ্বাস অনুসৰি ‘বিহুচেৰা’ বস্ত্র পৰিধান কৰিলে লওঁতাৰ আয়ুস টুঁটি আহে৷ অসমৰ বহু অঞ্চলত বিহুৰ সাত দিন পুৰুষসকলে গাত তেল নলয়৷ পুৰণি বিশ্বাস অনুসৰি বিহুত তৈয়াৰ কৰা পিঠা–পনা, লাড়ু আদি থাকিলেও বিহু চেৰাৰ দিনা পেলাই দিয়াৰ নিয়ম৷ আন এক লোকবিশ্বাস অনুসৰি ব’হাগ বিহুৰ মাহটো মলমাহ পৰিলে নিজৰ অশুভ হ’ব পাৰে৷ সেই বিশ্বাস অনুসৰি মলমাহত কোনো নতুন কাপোৰ বা বিহুৱান গ্রহণ কৰা নহয়৷ এনে বহু লোকবিশ্বাসৰ উপৰি হুঁচৰিক লৈও লোকবিশ্বাস আছে৷ ব’হাগ বিহুৰ সময়ত হুঁচৰি গোৱাসকলৰ আশীর্বাদ ল’লে স্বর্গত স্থান পায় বুলি বিশ্বাস আছে৷ সেয়ে বিহুগীতত উল্লেখ আছে– ‘গৰু বিহুৰ দিনাখন ল’বা আশীর্বাদ৷ তেহে পাবা বৈকুণ্ঠত থান ৷’ মন কৰিবলগীয়া যে বিহুৰ সৈতে জড়িত এনে লোকবিশ্বাসসমূহৰ মাজত বৈজ্ঞানিক ভিত্তিও আছে৷ অনাখৰী সমাজখনে এনে বৈজ্ঞানিক কাৰণসমূহ বিশ্লেষণ কৰাৰ পাছতহে সেইবোৰ লোকবিশ্বাসত পৰিণত হৈছে৷ কিন্তু আধুনিক জীৱনযাত্রাৰ ধামখুমীয়াত পৰি বিহুলৈ পৰিৱর্তন আহিছে৷ যান্ত্রিকতাৰ মাজত সোমাই বিহুৰ পৰম্পৰা আৰু নীতি–নিয়মবোৰ সীমিত হৈ আহিছে৷ ইয়াৰ লগে লগে লোকবিশ্বাসসমূহো ক্রমাৎ নাইকিয়া হ’ব ধৰিছে৷ নতুন প্রজন্মই বিহুৰ পৰম্পৰা আৰু লোকবিশ্বাসৰ প্রতি বিশেষ আগ্রহী হোৱা দেখা নাযায়৷ গ্রামাঞ্চলতো বিহুৰ মাজলৈ পৰিৱর্তন আহিছে৷ বিহুই স্বকীয়তা হেৰাইছে৷ গৰু বিহুত গা ধুৱাবলৈ গো–ধন নাইকিয়া হৈছে৷ বজাৰৰ পৰা পিঠা–পনা কিনি আনি আজিৰ অসমীয়াই বিহু উদযাপন কৰিবলৈ লৈছে৷ ইয়াৰ পৰিপ্রেক্ষিততে বিহুৰ স্বকীয়তা বহুখিনি ম্লান হৈছে যদিও বিহুৱে আজিও অসমীয়াৰ মন–প্রাণ ৰাঙলী কৰে৷