নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যপ্রাচ্যত যুদ্ধৰ আশংকা

সমগ্র বিশ্বৰ বিৰুদ্ধে নতুন শুল্কনীতি আৰোপ কৰিও নব্বৈ দিনৰ বাবে তাক স্থগিত ৰাখিবলগীয়া হৈছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ একমাত্র এখন দেশৰ বিৰুদ্ধে ট্রাম্পে ‘শুল্ক বোমা’ আৰোপ কৰিছে৷ ইয়াৰ প্রত্যুত্তৰত সেই দেশখনে আমেৰিকান সামগ্রীৰ ওপৰত প্রতিশুল্কৰ হাৰ বৃদ্ধি কৰি আহিছে৷ বিশ্ব বজাৰত অন্যতম দখলদাৰী শিবিৰ হিচাপে চিহ্ণিত হোৱা সেই দেশখন হৈছে চীন৷ চীনে ড’নাল্ড ট্রাম্পৰ যুযুধান স্থিতিক গুৰুত্ব দিয়া নাই৷ বৰঞ্চ ট্রাম্পক ফেঁপেৰি পাতি ধৰিছে বেইজিং প্রশাসনে৷ এনে পৰিস্থিতিত বিশ্বৰ দুই শিবিৰত এখন ভয়ংকৰ বাণিজ্যিক যুদ্ধৰ আশংকা ঘনীভূত হৈছে৷ এই বাণিজ্যিক যুদ্ধই বিশ্ব অর্থনীতিৰ প্রতি অশনি সংকেতো কঢ়িয়াই আনিছে৷ কিন্তু ট্রাম্পৰ এই বাণিজ্যিক যুদ্ধৰ কুচকাৱাজতকৈ বিপজ্জনক হিচাপে চিহ্ণিত হৈছে ইৰানক লৈ নেতাগৰাকীৰ শেহতীয়া পদক্ষেপ৷ শেহতীয়াকৈ ইৰানক ধ্বংস কৰাৰ বাবে ইতিমধ্যে মধ্যপ্রাচ্যত সমৰসজ্জা প্রস্তুত কৰিছে আমেৰিকাই ৷ এখনৰ পাছত এখনকৈ ৰণতৰী পাৰস্য উপসাগৰীয় অঞ্চললৈ প্রেৰণ কৰিছে মার্কিন প্রতিৰক্ষা দপ্তৰে৷ মধ্যপ্রাচ্যত মার্কিন নৌসেনাক যুদ্ধৰ বাবে সাজু কৰি ইৰানক বাৰে বাৰে ভাবুকি দি আছে ট্রাম্পে৷ ইৰানৰ সম্ভাব্য পৰমাণু পৰীক্ষাৰ ক্ষেত্রত প্রতিবন্ধকতা সৃষ্টি কৰিবলৈ এই ভাবুকি প্রদান কৰিছে আমেৰিকাই৷ মধ্য প্রাচ্যত ইৰান যদি এক পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্র হিচাপে চিহ্ণিত হয়, তেন্তে আমেৰিকাৰ বাবে সেয়া হ’ব অতি ভয়াৱহ৷ কাৰণ ইৰানৰ পৰাই কিছু দূৰত লোহিত সাগৰেৰে মার্কিন সামুদ্রিক বাণিজ্য চলি আছে৷ মার্কিন বাণিজ্যিক জাহাজৰ বিশ্বজুৰি যাত্রা কৰাৰ অন্যতম পথ লোহিত সাগৰ৷ এই গুৰুত্বপূর্ণ অঞ্চলত ইৰানে যিকোনো মুহূর্ততে সৃষ্টি কৰিব পাৰে ভাবুকি৷ ইয়াৰ উপৰি ইজৰাইলক লৈ সমগ্র মধ্যপ্রাচ্যত আমেৰিকাই যি আধিপত্যবাদী নীতি গ্রহণ কৰি আহিছে, ইৰানৰ শক্তি বৃদ্ধি মানেই তাৰ প্রতি আহি পৰিব তীব্র প্রত্যাহ্বান৷ গতিকে ইৰানক যিকোনো প্রকাৰে এই মুহূর্তত কাবু কৰাটোৱেই লক্ষ্য হৈ পৰিছে ড’নাল্ড ট্রাম্পৰ৷ সেইবাবেই বোমা বর্ষণৰ ভাবুকি দি ইৰানৰ সৈতে প্রথমলানি আলোচনা আৰম্ভ কৰে ট্রাম্প প্রশাসনে৷ এই আলোচনা আগবাঢ়িছে যদিও সন্তুষ্ট নহয় ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প৷ ইৰানে যিকোনো কাৰণতে শীঘ্রে পৰমাণু চুক্তিত স্বাক্ষৰ কৰিব লাগে বুলি দাবী কৰিছে ট্রাম্পে৷ যদি এই চুক্তিত স্বাক্ষৰ নকৰে, তেন্তে মার্কিন বোমা আক্রমণৰ পৰা দেশখনে ৰক্ষা নাপাব বুলি বাৰে বাৰে হুংকাৰ দি আছে ৰাষ্ট্রপতিগৰাকীয়ে৷ ট্রাম্পে অভিযোগ কৰিছে যে ইচ্ছাকৃতভাৱে পৰমাণু চুক্তিত স্বাক্ষৰৰ বিষয়টোত বিলম্ব ঘটাইছে ইৰানে৷
লক্ষণীয়ভাৱে ড’নাল্ড ট্রাম্পৰ প্রথমটো কার্যকালত আমেৰিকা আৰু ইউৰোপৰ পাঁচখন দেশৰ সৈতে থকা ইৰানৰ পাৰমাণৱিক চুক্তিৰ পৰা সমর্থন প্রত্যাহাৰ কৰিছিল ট্রাম্পে৷ সেই সময়ত মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে এই চুক্তিৰ গুৰুত্ব বুজি পোৱা নাছিল৷ সেই চুক্তিৰ পৰা আমেৰিকাৰ সমর্থন প্রত্যাহাৰ কৰাৰ পাছতেই ইৰানে নিজস্বভাৱে পাৰমাণৱিক পৰীক্ষাৰ বিভিন্ন পদক্ষেপ গ্রহণ কৰিবলৈ ধৰে৷ আনকি অভিযোগ অনুসৰি এই সময়ছোৱাৰ ভিতৰতেই ইৰানে দীর্ঘদূৰত্ব ভেদি বেলিষ্টিক ক্ষেপণাস্ত্র নির্মাণ কৰি উলিয়াইছে৷ এই বেলিষ্টিক ক্ষেপণাস্ত্র নির্মাণৰ ক্ষেত্রত আন্তর্জাতিক নিষেধাজ্ঞা আছে৷ শেহতীয়াকৈ পৰিস্থিতি এনে হৈছে যে ইজৰাইল আৰু আমেৰিকাৰ হাতত পৰা তথ্য অনুসৰি ইৰান ইতিমধ্যে ভয়ংকৰ ক্ষেপণাস্ত্রৰ ভাণ্ডাৰ হৈ পৰিছে৷ আনকি মাটিৰ তলত ইৰানে গঢ়ি তুলিছে ‘মিছাইল চিটী’৷ ট্রাম্পৰ বোমা বর্ষণৰ ভাবুকিৰ পাছতে ইৰানে আমেৰিকাৰ বিৰুদ্ধে বেলিষ্টিক ক্ষেপণাস্ত্র সাজু কৰা বুলি হুংকাৰ দিছিল৷ ইয়াৰ লগে লগে হোৱাইট হাউছত সৃষ্টি হয় আতংক৷ গতিকে অতি ক্ষিপ্রতাৰে ইৰানৰ সৈতে হোৱাইট হাউছৰ প্রতিনিধিৰ বৈঠক আয়োজন কৰাৰ বাবে চেষ্টা চলায় ট্রাম্পে৷ সেই অনুসৰি প্রথম পর্যায়ত উচ্চস্তৰৰ বিষয়াসকলে আলোচনা আৰম্ভ কৰিছে৷ কিন্তু এই আলোচনা ইৰানক কাবু কৰাৰ বাবে যথেষ্ট নহয়৷ আনকি পুনৰ আলোচনাৰ প্রতি ইৰানে সহমত পোষণ কৰিছে যদিও ট্রাম্পৰ ভাবুকিত সেও মানি তাৎক্ষণিকভাৱে এখন চুক্তিত স্বাক্ষৰ কৰিবলৈ সন্মত হোৱা নাই৷ ট্রাম্পৰ মতে চুক্তিত স্বাক্ষৰৰ বাবে সকলো প্রচেষ্টা গ্রহণ কৰা হৈছে৷ আনকি বিভিন্ন বিষয়ত ইৰান আৰু আমেৰিকাৰ বুজাবুজিও সম্ভৱ হৈছে৷ কিন্তু চুক্তিত স্বাক্ষৰ নোহোৱা বিষয়টো ইৰানৰ বাবে বিপজ্জনক হ’ব বুলি হুংকাৰ দিছে ট্রাম্পে৷ মার্কিন ৰাষ্ট্রপতিগৰাকীৰ এনে হুংকাৰে একপক্ষীয়ভাৱে কোনো সমস্যা সমাধানৰ পথ উলিয়াব নোৱাৰে যে সেয়া নিশ্চিত৷ যদি হুংকাৰ দিয়া ধৰণেই চুক্তি স্বাক্ষৰ নহ’লে আমেৰিকাই ইৰানৰ ওপৰত বোমাবর্ষণ কৰে, তেন্তে মধ্যপ্রাচ্যজুৰি পুনৰ অবাধ ৰক্তপাতৰ সূচনা হ’ব৷

You might also like