প্রথমবাৰলৈ ভিন্ন গ্রহত জীৱৰ অস্তিত্বৰ সম্ভাৱনা, পৃথিৱীৰ কক্ষপথৰ পৰা নিলগত কে ২–১৮ বি নামৰ গ্রহৰ অৱস্থিতি
নাছাৰ জেমছ ৱেব স্পেচ টেলিস্কোপেৰে কেম্ব্রিজ বিশ্ববিঃৰ বিজ্ঞানীৰ দল
নিউজ ডেস্ক, ১৮ এপ্রিলঃ বিশ্বব্রহ্মাণ্ডৰ অন্য গ্রহত জীৱৰ সন্ধানত গৱেষণা অধ্যয়নত ব্যস্ত বিজ্ঞানী মহল৷ বিভিন্ন সময়ত বিশ্বব্রহ্মাণ্ডৰ অন্য গ্রহত জীৱৰ অস্তিত্বৰ সম্ভাৱনাক লৈ বিজ্ঞানীয়ে সন্ধান লাভ কৰাৰ তথ্য প্রকাশ পায় যদিও এতিয়ালৈকে ই নিশ্চিত হোৱা নাই৷ কিন্তু শেহতীয়াভাৱে পৃথিৱীৰ কক্ষপথৰ পৰা নিলগৰ এটা গ্রহত জীৱৰ অস্তিত্বৰ প্রথম প্রবল সম্ভাৱনা প্রকট হৈছে৷ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অৱ এষ্ট্র’নমিৰ বিজ্ঞানী আৰু গৱেষকৰ দল এটাই পৃথিৱীৰ কক্ষপথৰ পৰা নিলগত থকা গ্রহ এটাত জীৱৰ অস্তিত্বৰ উমান পাইছে৷ নাছাৰ জেমছ ৱেব স্পেচ টেলিস্কোপ, চমুকৈ জেডব্লিউএছটিৰ দ্বাৰা গ্রহটোৰ বায়ুমণ্ডলত এনে কিছু উপাদানৰ সন্ধান পাইছে যি উপাদান পৃথিৱীত আছে৷ পৃথিৱীত থকা উপাদান উক্ত গ্রহটোত সন্ধানে সেই গ্রহটোত জীৱৰ অস্তিত্বৰ সম্ভাৱনাক উজ্জীৱিত কৰি তুলিছে৷ পৃথিৱীৰ কক্ষপথৰ পৰা নিলগত থকা কে ২–১৮ বি নামৰ গ্রহটোৰ বায়ুমণ্ডলত পৃথিৱীত থকা উপাদানৰ সম্ভেদ চিনাক্ত কৰিবলৈ সক্ষম হৈছে৷ জেডব্লিউএছটিৰ দ্বাৰা গৱেষকৰ দলটোৱে গ্রহটোত অধ্যয়ন চলাই এই জীৱৰ অস্তিত্বৰ প্রথম প্রবল সম্ভাৱনা লাভ কৰিছে৷ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক নিকু মধুসূদনে প্রকাশ কৰা মতে, পূর্বৰ গৱেষণা–ধ্যয়নতক্ শেহতীয়াকৈ গৱেষণাত জীৱৰ অস্তিত্বৰ প্রথম প্রবল সম্ভাৱনা উজ্জীৱিত হৈছে৷ পৰৱর্তী এক বা দুবছৰৰ ভিতৰত পৃথিৱীৰ বাহিৰত জীৱৰ অস্তিত্বৰ সত্যতা পোহৰলৈ আহিব৷ কে ২–১৮ বি গ্রহটো পৃথিৱীতকৈ আঢ়ৈগুণ সৰু৷ গ্রহটো পৃথিৱীৰ কক্ষপথৰ পৰা ৭০০ ত্রিলিয়ন মাইল দূৰত আছে৷ জেডব্লিউএছটি অতি শক্তিশালী বাবেই গ্রহটোত থকা বায়ুমণ্ডলৰ ৰাসায়নিক সংমিশ্রণ চিনাক্ত কৰিবলৈ সক্ষম হৈছে৷ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলটোৱে উক্ত গ্রহটোত জীৱৰ সৈতে সম্পর্কিত অতিকমেও এটা বা দুটা উপাদানৰ সন্ধান লাভ কৰাটো নিশ্চিত হৈছে৷ মন কৰিবলগীয়া যে বিজ্ঞানীৰ দলটোৱে লাভ কৰা এই তথ্য প্রায় ৯৯.৯৯৯৯৯ শতাংশ নিশ্চিত৷ এনে কাৰণতে পৃথিৱীৰ বাহিৰত অন্য গ্রহত জীৱৰ অস্তিত্বক নুই কৰিব নোৱাৰি৷ গৱেষণাৰ এই তথ্যসমৃদ্ধ প্রতিবেদন এষ্ট্র’ফিজিকেল জার্নেল লেটাৰত প্রকাশ পাইছে৷