নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুগান্তকাৰী পদক্ষেপ

অসম আৰু অসমীয়াৰ জাতীয়তাবাদৰ মূল ভেটি হ’ল ভাষা৷ আমি আমাৰ ভাষাটোক লৈ যথেষ্ট আৱেগিক৷ ভাষা–সংস্কৃতিৰ এনাজৰীয়ে অসমীয়াক ঐক্যবদ্ধ কৰি ৰাখিছে৷ আইৰ মুখৰ ভাষাটোৱে দুর্যোগৰ সন্মুখীন হোৱাৰ আশংকা ঘনীভূত হ’লেই আমি আৱেগবিহ্বল হৈ উঠোঁ৷ দেশৰ দাক্ষিণাত্যৰ ৰাজ্যসমূহতো নিজ মাতৃভাষাৰ প্রতি আদর্শনীয় আৱেগ পৰিস্ফূট হয়৷ কিন্তু অসমৰ জাতীয়তাবাদৰ আধাৰ হোৱা সত্ত্বেও অসমীয়া ভাষাই দশক দশক ধৰি বিভিন্ন দুর্যোগৰ সন্মুখীন হৈও বটবৃক্ষৰ লেখীয়া শিপা মজবুত কৰি ৰাখিবলৈ সক্ষম হৈছে৷ প্রায় ডেৰ হাজাৰ পুৰণি অসমীয়া ভাষাই উত্তৰ–পূর্বাঞ্চলৰ সংযোগী ভাষাৰূপে প্রতিষ্ঠা লাভ কৰিলেও চৰকাৰী ভাষাৰূপে ব্যৱহাৰ হোৱাৰ ক্ষেত্রত বিভিন্ন বাধাৰ সন্মুখীন হৈ আহিছে৷ আমাৰ সুৱদি সুৰীয়া ভাষাটোৰ সুৰক্ষাৰ বাবে অসমীয়াই কেইবাটাও আন্দোলন কৰিব লগা হৈছিল৷ ভাষাটোৰ বাবে শ্বহীদো হৈছে কেইবাগৰাকী৷ ১৯৬০ত অসম চৰকাৰী ভাষা আইনৰ ৭ আৰু ৩ ধাৰা অনুসৰি অসমত অসমীয়া ভাষা আৰু বৰাক উপত্যকাত বাংলা ভাষাক চৰকাৰী ভাষাৰূপে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷ কিন্তু বিগত ৬৫ বছৰত ৰাজ্যখনৰ চৰকাৰী বিভাগ, আদালত, নিগম–নিকায় আদিত চৰকাৰী ভাষাৰূপে আমাৰ ভাষাটোৱে উপযুক্ত মর্যাদা লাভ কৰা নাই৷ প্রশাসনীয় ব্যৱস্থাৰ শীর্ষ মহলত থকা বহিঃৰাজ্যৰ আমোলাৰ লগতে মাতৃভাষাত শিক্ষাগ্রহণ কৰা আমোলাসকলেও আমাৰ মাতৃভাষাৰ প্রতি যথোচিত সন্মান প্রদর্শন কৰা নাই৷ মাতৃভাষাৰ প্রতি এনে অৱহেলাত আমাৰ জনপ্রতিনিধিসকলৰ ভূমিকাও আছিল নিৰাশাজনক৷ আশাব্যঞ্জক বার্তা এয়ে যে অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মর্যাদা লাভ কৰাৰ পিছতেই পহিলা ব’হাগৰ পৰা অসম চৰকাৰী ভাষা আইন অনুসৰি চৰকাৰী বিভাগসমূহত অসমীয়া ভাষাৰ প্রচলন আৰম্ভ হৈছে৷ ৪ এপ্রিলত মন্ত্রীসভাৰ কেবিনেট বৈঠকত গ্রহণ কৰা সিদ্ধান্ত অনুসৰি ১৪ এপ্রিলত ৰাজ্যপালৰ আদেশ অনুসৰি বিটিআৰ অঞ্চলত বড়ো ভাষা, বৰাক উপত্যকাৰ তিনিখন জিলাত বাংলা ভাষা আৰু অসমৰ বাকী থকা জিলাসমূহত অসমীয়া ভাষাক চৰকাৰী ভাষা ৰূপে ব্যৱহাৰৰ নির্দেশনা জাৰি কৰা হৈছে৷ নতুন নির্দেশনা অনুসৰি ৰাজ্য চৰকাৰৰ সকলো বিধেয়ক, আইন, নিয়ম, বিধি, আদেশ, অধিসূচনা, প্রশাসনিক আৰু কার্যবাহী নির্দেশনা বদলি আৰু নিযুক্তিৰ আদেশ তথা চৰকাৰী ৰাজপত্র ইংৰাজী সংস্কৰণৰ লগতে অসমীয়া ভাষাত জাৰি কৰা হ’ব৷ বৰাক উপত্যকাত ইংৰাজীৰ লগতে বাংলা ভাষা আৰু বিটিআৰত ইংৰাজীৰ লগতে বড়ো ভাষা ব্যৱহাৰ কৰিবলৈ নির্দেশনা জাৰি কৰা হৈছে৷ কেন্দ্রীয় চৰকাৰে জাৰি কৰা সকলো অধিসূচনা, আদেশ, আইন, নিয়মাৱলী, নির্দেশনা আদি ৩০ দিনৰ ভিতৰত অসমীয়া ভাষালৈ অনুবাদ কৰি প্রকাশ কৰিবলৈ নির্দেশ দিয়া হৈছে৷ পুৰণি আইন, নীতি, নথিপত্র, বিধি আৰু অধিসূচনা আদি দুবছৰৰ ভিতৰত অসমীয়ালৈ অনুবাদ কৰাৰ সময়সীমা বান্ধি দিয়া হৈছে৷ অনুবাদ প্রক্রিয়া বিশ্ববিদ্যালয়সমূহ ভাষা বিভাগৰ সহায়ত সুচাৰুৰূপে সম্পন্ন কৰাৰ আদেশ প্রদান কৰা হৈছে৷
বিৱর্তনৰ মাজেৰে অসমীয়া ভাষাই বিশ্বৰ অন্যতম চহকী ভাষাত পৰিণত হৈছে৷ ১৯০০ চনত হেমকোষ প্রকাশৰ সময়ত অভিধানখনত অসমীয়া শব্দৰ সংখ্যা ২৪ হাজাৰটা আছিল৷ ২০২৪ৰ শেহতীয়া সংস্কৰণত হেমকোষত অন্তর্ভুক্ত অসমীয়া ভাষাৰ শব্দ বৃদ্ধি হৈছে এক লাখ ২৫ হাজাৰৰো অধিক৷ এতিয়াও প্রচলিত বহু শব্দ অভিধানত অন্তর্ভুক্ত হ’বলৈ বাকী আছে৷ বিশেষকৈ অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠী আৰু অঞ্চলভিত্তিক ব্যৱহূত বহু শব্দ কথিত ৰূপতে আছে৷ এনেবোৰ নিজস্ব শব্দ অন্তর্ভুক্তিৰ জৰিয়তে অসমীয়া ভাষাৰ ৰাজহাড় শক্তিশালী কৰাৰ পথ এতিয়াও আছে৷ আমাৰ ভাষাটো আমি যিমানেই ব্যৱহাৰ কৰিম সিমানেই আমাৰ ভাষাটো সমৃদ্ধ হ’ব৷ অসমৰ ৰাজনীতিত জাতীয়তাবাদী ধাৰা বহু পৰিমাণে শক্তিশালী যদিও মূল আধাৰ হোৱা সত্ত্বেও ভাষাটোক সমৃদ্ধ কৰাৰ জোখাৰে ৰাজনৈতিক দল–সংগঠনসমূহৰ ভূমিকা আশাপ্রদ বুলি ক’ব নোৱাৰি৷ এতিয়া আমাৰ ভাষাটোক চহকী কৰিবলৈ হ’লে আমি সকলোৱে মাতৃভাষাত লিখিবলৈ আৰু পঢ়িবলৈ যত্ন কৰিব লাগিব৷ মাথোঁ চৰকাৰী নির্দেশনাৰ জৰিয়তে চৰকাৰী কাম–কাজত অসমীয়া ভাষাই পূর্ণ মর্যাদা লাভ কৰিব নোৱাৰে৷ এইক্ষেত্রত চৰকাৰী কাম–কাজৰ স’তে জড়িত সমাজৰ প্রতিজন লোকে মাতৃভাষাত আবেদন আৰু অভিযোগ–প্রতি অভিযোগ দাখিল কৰিব লাগিব৷ প্রশাসনীয় ব্যৱস্থাক জনমুখী কৰাৰ অন্যতম পন্থাই হ’ল মাতৃভাষাৰ ব্যৱহাৰ৷ এইক্ষেত্রত আমাৰ দল–সংগঠন আৰু জাতীয় অনুষ্ঠানসমূহেও সদাসতর্ক হৈ থাকিব লাগিব৷ ৰাইজৰ সজাগতা অবিহনে চৰকাৰী ভাষা ব্যৱহাৰৰ নির্দেশনাই কেতিয়াও সফলতা লাভ কৰিব নোৱাৰে৷ অসমীয়া ভাষাৰ প্রচাৰ আৰু প্রসাৰৰ ক্ষেত্রত আমাৰ সন্মুখত বহু পথ মুকলি হৈ আছে৷ তাহানিৰ বৰসমখন নাথাকিলেও উত্তৰ–পূর্বাঞ্চলৰ প্রতিখন ৰাজ্যতে অসমীয়া ভাষাই সংযোগী ভাষাৰূপে ব্যৱহূত হৈ আছে৷ বিগত প্রায় তিনি–চাৰি দশকৰ ভিতৰত উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহত অসমীয়া ভাষাক অতিক্রম কৰি হিন্দী ভাষাই সংযোগী ভাষাৰূপে প্রতিষ্ঠা লাভ কৰিলেও অসমীয়া ভাষা–সাহিত্যৰ চর্চা এতিয়াও অব্যাহত আছে৷ এইক্ষেত্রত জাতীয় অনুষ্ঠানৰূপে অসম সাহিত্য সভাই কেতবোৰ পদক্ষেপ অথবা কার্যসূচী গ্রহণ কৰাও দেখা গৈছে৷ অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী এগৰাকী লব্ধপ্রতিষ্ঠ ভাষাবিদ৷ সাহিত্য সভাৰ সভাপতি ড০ গোস্বামীয়ে চৰকাৰী ভাষা আইনখন কার্যকৰী কৰিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰখনে গ্রহণ কৰা পদক্ষেপক আদৰণি জনাইছে৷ বিটিআৰ আৰু বৰাক উপত্যকাতো অসমীয়া ভাষা ব্যৱহাৰৰ বাবে ড০ গোস্বামীয়ে আহ্বান জনাইছে৷ এয়াও সত্য যে বিটিআৰ আৰু বৰাক উপত্যকা অসমৰেই অংগ৷ দুয়োটা অঞ্চলত বৃহৎসংখ্যক লোক আছে যিসকলে অসমীয়া ভাষা লিখিব পাৰে, পঢ়িব পাৰে আৰু ভালদৰে বুজে৷ অসমৰ প্রশাসন ব্যৱস্থাক জনমুখী কৰাৰ স্বার্থতেই অসমীয়া ভাষাৰ প্রচলন বৃদ্ধি কৰা উচিত৷ সুখবৰ এয়ে যে অসমীয়া ভাষাই ধ্রুপদী মর্যাদা লাভ কৰাৰ পিছত মুখ্যমন্ত্রী ড০ শর্মাই ২০২৫ বর্ষটো কিতাপৰ বর্ষৰূপে ঘোষণা কৰাই নহয়, গ্রন্থ ক্রয়ৰ বাবে কর্মচাৰীসকলক এককালীন সাহায্যও ঘোষণা কৰিছে৷ মাতৃভাষাৰ প্রতি আমি দায়বদ্ধতা প্রদর্শন কৰাৰ এয়াই উত্তম সময়৷

You might also like