নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰিকৰী শিক্ষা সঞ্চালকালয়ত ১১৮ পদ

অসম চৰকাৰে উচ্চতৰ শিক্ষা বিভাগৰ অধীনস্থ কাৰিকৰী শিক্ষা সঞ্চালকালয়ত খালী হৈছে ১১৮পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় সঞ্চালকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত হৈছে– জুনিয়ৰ এছিছটেণ্ট (৪৮), জুনিয়ৰ ইনষ্ট্রাক্টৰ (৫৮), ছাইণ্টিফিক এছিছটেণ্ট–ফিজিক্স (৬) আৰু ছাইণ্টিফিক এছিছটেণ্ট –কেমেষ্ট্রি (৬)৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, শ্রেণী, দৰমহাৰ নিৰিখকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.dte.assam.gov.in লগ–ইন কৰিব পাৰিব৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২০ মার্চ, ২০২০৷

You might also like