সুকন্যা : অপৰূপ প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ শিমলা-মানালি
হিমাচলৰ প্রধান ভাষা হিন্দী আৰু পাহাৰী
সুকন্যা : অপৰূপ প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ শিমলা-মানালি
বিপুল দেৱ চৌধুৰী
ভ্রমণ শিক্ষাৰ এটি অংগ৷ ভ্রমণৰ অভিজ্ঞতাই মানুহৰ মনত এক অনাবিল আনন্দৰ জোৱাৰ তোলে৷ ভ্রমণৰ দ্বাৰা লাভ কৰা অভিজ্ঞতাৰ দ্বাৰা ইয়াকে প্রমাণ কৰে যে এইখনে পৱিত্র ভাৰতভূমি য’ত প্রাচীন কালৰে পৰা আচার্য, দেৱ–দেৱী, ঋষি–মুনিসকলে প্রাকৃতিক পৰিৱেশ অধ্যয়ন কৰি সুউচ্চ পর্বত, পাহাৰ, নদী, নিজৰা, সাগৰ, মহাসাগৰ আৱিষ্কাৰ কৰি সাধনাৰ দ্বাৰা জ্ঞান অন্বেষণৰ স্থলী নির্বাচন কৰি সাংসৃকতিক ঐতিহ্যৰ পৰিচয় দাঙি ধৰিছে৷ ডত্তৰ–পশ্চিমে বৰফেৰে আবৃত্ত সুবিশাল হিমালয় পর্বতমালা৷ তিব্বতৰ পৰা নামি অহা সিন্বুূ নদী, চীন দেশৰ ইয়াৰলুং নামেৰে অৰুণাচলত চিয়াং নদী ক্রমে দিহাং আৰু দিবাং নাম লৈ লোহিত, ব্রহ্মপুত্র, গংগোত্রীৰ পৰা গংগা নাম লৈ সাগৰ–মহাসাগৰত মিলি প্রাচীন ভাৰতবর্ষ অনাদি কালৰে পৰা আর্য সংসৃকতিৰ সূত্র স্থাপন কৰি আহিছে৷ প্রকৃতিৰ সৌন্দর্যৰ পৰশ ওচৰৰ পৰা চোৱাৰ হেঁপাহ সৰুৰে পৰা আছিল যদিও এতিয়া যেন সেই হেঁপাহ দুগুণে বৃদ্ধি হৈ আহিব ধৰিলে৷ একমাত্র ল’ৰা উদ্দীপ্ত অসমৰ বাহিৰত থকাৰ বাবে প্রতিবছৰে দিল্লী, ডত্তৰাখণ্ড, হিমাচল প্রদেশলৈ যোৱাৰ সুযোগ লাভ কৰোঁ৷ আজিৰ এই ভ্রমণ কাহিনীটোৰ আৰম্ভণি দিন ২৩ মার্চ, ২০২৫ চন৷ সহধর্মিণী যুতিকা আৰু ছোৱালী বৃষ্টিক লৈ ৰাওনা হৈছিলোঁ মেঘ আৰু বৰফৰ দেশ হিমাচললৈ৷ আজি এই ভ্রমণ কাহিনীটোত শিমলা, কুলু, মাণ্ডি, ভুণ্টৰ আৰু মানালিৰ ভ্রমণৰ অভিজ্ঞতা দাঙি ধৰাৰ প্রয়াস কৰিছেছা৷ হিমাচললৈ আহিবলৈ হ’লে যাতায়াতৰ মাধ্যম হিচাপে দিল্লীক কেন্দ্র বিন্দু কৰি ল’লে ভাল হয়৷ অসমৰ পৰা কেইবাখনো আকাশীযান আৰু দ্রুতগামী ৰে’লগাডী প্রতিদিনে দিল্লীলৈ যায়৷ আনহাতে চণ্ডীগড আৰু আম্বালা কেণ্টৰ পৰাও হিমাচললৈ বাছেৰে আহিব পাৰি৷ প্রতিটো গুৰুত্বপূর্ণ স্থানৰ পৰা আই এছ বি টিৰ বাছ আস্থানৰ পৰা চৰকাৰী বাছৰ লগতে বেচৰকাৰী ভলভো বাছৰ ব্যৱস্থা অতি ডন্নতমানৰ৷ হিমাচল প্রদেশক দেৱভূমি বুলি কোৱা হয়৷ ভাৰতবর্ষৰ বহু ৰাজ্যৰ ভিতৰতে হিমাচলৰ মানুহ সহজ–সৰল৷ মানুহৰ মাজত কোনো ধৰণৰ জটিলতা বা হাই–কাজিয়া নাই৷ ইয়াত মানুহে মানুহক মানুহ হিচাপে গণ্য কৰা দেখা যায়৷ মানৱ সেৱাই তেওঁলোকৰ মূল মন্ত্র৷
হিমাচল অপৰূপ প্রাকৃতিক সৌন্দর্যৰে পৰিপূর্ণ৷ সেয়েহে পর্যটকক হিমাচলে সদায় ৰিঙিয়াই মাতে৷ শীতৰ দিনত হিমালয়ৰ পর্বতবোৰ শুকুলা বৰফেৰে আবৃত্ত হৈ থাকে৷ পর্বতৰ পৰা নামি অহা নদী–নিজৰাৰ বেছিভাগেই বৰফেৰে ঢ়াক খাই থাকে৷ দূৰণিৰ পৰা পর্বতবোৰ দেখি এনে লাগে যেন ডাঙৰ ডাঙৰ ঢ়কঢ়কীয়া শুকুলা বৰণৰ তির্পালহে পাৰি থোৱা আছে৷ ফল–মূলবোৰৰ সতেজতাই পর্যটকক বৰকৈ আকর্ষণ কৰে৷ আপেল, আঙুৰ, কমলা, কল একেবাৰেই ডভৈনদী৷ সম্পূর্ণ জৈৱিক পদ্ধতিৰে কৰা খেতি কবি, আলু, মূলা, গাজৰ আদিৰ সোৱাদ মিঠা মিঠা৷ আমি মেঘালয়ত পাইন ড্রি বুলি কোৱা গছবোৰক হিমাচলত দেৱদাৰ বা দেৱদাৰু বুলি কয়৷ একোডাল গছৰ ৰাডণ্ডৰ ব্যাস প্রায় ছয় ফুট পর্যন্ত হয়৷
হিমাচলৰ প্রধান ভাষা হিন্দী আৰু পাহাৰী৷ বাৰখন জিলাৰে গঠিত হিমাচল প্রদেশ ভাৰতবর্ষৰ উত্তৰ–পশ্চিম কোণত অৱস্থিত৷ উত্তৰে জম্মু–কাশ্মীৰ, দক্ষিণ–পূবত উত্তৰাখণ্ড, দক্ষিণত হাৰিয়ানা আৰু পশ্চিমত পঞ্জাব৷ হিমাচলৰ পূব প্রান্তত তিব্বত সুদৃঢ় হৈ আছে৷ হিমাচল প্রদেশৰ সোঁ–মাজেৰে অকোৱা–পকোৱাকৈ বৈ যোৱা প্রধান নদী ব্যাস, ব্যাসৰ পূর্বৰ সংসৃকত নাম বিপাশা৷ বাকীকেইখন নদী হ’ল– চন্দ্র ভাগা (চেনাব), ৰবি, পার্বতী আৰু চুতলেজ৷ নদীবোৰৰ বেছিভাগেই শীতৰ দিনত বৰফেৰে আবৃত্ত হৈ মার্চ মাহৰ পৰা বৰফবোৰ গলি গলি প্রবল সোঁতৰ সৃষ্টি কৰে আৰু বাৰিষা হ’লে ফেনে ফোটোকাৰে বাঢ়ি আহে৷ আপোনালোকে যদি হিমাচললৈ আহিব খোজে তেন্তে যেনেতেনে ধর্মশালা, মানালি, কুলু, ভুণ্টৰ অটল টানেল আৰু শিশু ভেলীলৈ আহিলে আকর্ষণীয় স্থানবোৰ দেখিবলৈ পাব৷ মোৰ এই ভ্রমণ কাহিনীটোত শিমলা, মাণ্ডি, কুলু, ভুণ্টৰ, মানালিৰ ভ্রমণৰ অভিজ্ঞতা বর্ণনা কৰিম৷ যদি আপোনালোকৰ টয় ড্রেইনত ডঠাৰ হাবিয়াস আছে তেন্তে দিল্লীৰ পৰা কালকালৈ আহক৷ কালকাৰ পৰা শিমলালৈ টয় ড্রেইন অহা–যোৱা কৰে৷ সময় লাগে মাত্র চাৰি ঘণ্টা৷ কোনোবাখনৰ ভাৰা যদি ছয়শ টকা কোনোবাখনৰ আঠশ টকা হয়৷ শিমলাক কুইন অৱ হিল বুলি কোৱা হয়৷ ১৯০৩ চনত ব্রিটিছৰ দ্বাৰা নির্মাণ কৰা কালকা, শিমলা পাহাৰীয়া ৰে’লপথটো ইডনিস্কোৰ ওৱার্লড হেৰিটেজৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত৷ ৰে’লপথটোৰ দৈর্ঘ্য ৯৬ কিঃমিঃ৷ পথটোৰে ১০৩টা সুৰংগ, ৯৯০খন দলং আৰু ৯১৭টা বক্রপাক অতিক্রম কৰিব লাগে৷ এই ৰে’লপথটোৰ বৰগ সুৰংগৰ দৈর্ঘ্য ১১৪৩ মিটাৰ৷ ভাৰতবর্ষৰ চাৰিটা নেৰ’গজ পাহাৰীয়া ৰে’লপথৰ কালকা, শিমলাৰ লগতে বাকী তিনিটা দার্জিলিং–নিড জলফাইগুৰি, ডটি, পাঠানকোট–যোগিন্দৰ নগৰ অন্যতম৷ শিমলা ৰে’ল ষ্টেচনত নামিয়েই দেখিব সুন্দৰ পৰিষ্কাৰ–পৰিচ্ছন্ন পৰিপূর্ণ ধেনুভেৰীয়া ষ্টেচনটো প্রকৃতিৰ শীতল কোলাত কোলাহলবিহীন এক নির্জন পৰিৱেশ৷ ৰে’ল ষ্টেচনটোৰ পৰা অলপ আহিয়েই পোৱা যায় শিমলা বিধানসভা৷ শিমলা বিধানসভাৰ কাষতেই ইণ্ডিয়ান ইনষ্টিটিডট অৱ এডভাঞ্চ ষ্টাডী৷ শিমলাৰ পৰা চাৰি কিলোমিটাৰ দূৰত্বত অৱস্থিত ইনষ্টিটিডটখন ১৮৮৪–১৮৮৮ চনৰ ভিতৰত স্কটলেণ্ডৰ আর্হিত নির্মিত৷ গভর্নৰ জেনেৰেল লর্ড ডেফেৰিনৰ দিনত নির্মাণ কৰা এই প্রাসাদটো ৰাষ্ট্রপতি নিৱাস হিচাপে নামকৰণ কৰা হৈছিল৷ ১৯৬৫ চনত কেন্দ্রীয় চৰকাৰে শৈক্ষিক প্রতিষ্ঠান হিচাপে গৱেষণাৰ কেন্দ্র কৰি ৰাখিছে৷ তাহানিৰ দিনৰে পৰা হিমাচল প্রদেশৰ ৰাজধানী দুখন৷ মার্চ মাহৰ পৰা আগষ্ট মাহলৈ শিমলা আৰু ছেপ্ঢেম্বৰ মাহৰ পৰা ফেব্রুৱাৰী মাহলৈ ধর্মশালা৷ ভাৰতবর্ষই যেতিয়া পৰাধীন অৱস্থাত আছিল তেতিয়া দেশ বিভাজনৰ কেইবাখনো গুৰুত্বপূর্ণ সভা এই কেন্দ্রটোত অনুষ্ঠিত হৈছিল৷ ১৯৪৫ চনৰ শিমলা কনফাৰেঞ্চ আৰু ১৯৪৬ চনৰ শিমলা কেবিনেট মিছনৰ সভা ইয়াত অনুষ্ঠিত হৈছিল৷ চালে চকুৰোৱা এই আটকধুনীয়া প্রতিষ্ঠানটোৰ তলৰ অংশত এটা প্রকাণ্ড গ্রন্থাগাৰ আছে আৰু প্রথম মহলাত সমাজবাদ, মানৱতাবাদ বিষয়ৰ ছাত্র–ছাত্রীৰ গৱেষণাৰ বাবেই মুকলি কৰি ৰখা হৈছে৷
শিমলাৰ প্রধান বাণিজ্যিক কেন্দ্র হ’ল শিমলা মালৰোড৷ তিনিটা তৰপেৰে গঠন হোৱা দ্য ৰির্ডজৰ একেবাৰে ওপৰ অংশত ফাষ্টফুডৰ হোটেল, মধ্যম অংশত নানাৰকমৰ দেশীয় সাজ–পোছাক আৰু খাদ্যসম্ভাৰ আৰু নিম্ন অংশত বিভিন্ন সামগ্রীৰ আকর্ষণীয় বজাৰ৷ শ্যামলা দেৱীৰ নামেৰে শিমলা হোৱা শিমলাবাসী ভগৱান হনুমানৰ প্রতি বিশ্বাসী৷ মালৰোডত অৱস্থিত সাগৰপৃষ্ঠৰ পৰা ৮৪০৮ ফুট ডচ্চতাত অৱস্থিত পৱন পুত্র হনুমানৰ জাক্ষু মন্দিৰ৷ বাল্মীকিৰ মহাকাব্য ৰামায়ণৰ মতে সীতা দেৱীক ডদ্ধাৰৰ সময়ত ৰাৱণৰ পুত্র ইন্দ্রজিতৰ শক্তি বাণৰ আঘাতত যেতিয়া লক্ষ্মণ শক্তিশালত পৰে তেতিয়া হনুমানে হিমালয়ৰ পৰা বিশল্যকৰণী আনি আজি য’ত হনুমানৰ জাক্ষু মন্দিৰ হৈছে তাত জিৰণি লৈছিল বুলি ইতিহাসে কয়৷ সেয়েহে পর্যটকবাসীৰ বাবে এই মন্দিৰটো বৰ গুৰুত্বপূর্ণ৷ জাক্ষু মন্দিৰৰ কাষতে মহামায়া কালীদেৱীৰ কলিবাৰী মন্দিৰ, সংকটমোচন মন্দিৰ, তাৰাদেৱী মন্দিৰ আদিত ভক্তপ্রাণ ৰাইজে আৰাধনা কৰিলে আশা পূর্ণ হোৱা বুলি শুনা যায়৷ মালৰোডত অৱস্থিত অইন এটা আকর্ষণীয় গির্জাঘৰটো হ’ল ক্রিষ্টচার্চ৷ ১৮৪৬–১৮৫৭ চনৰ ভিতৰত নির্মাণ হোৱা এই গির্জাঘৰটো ডত্তৰ ভাৰতৰ দ্বিতীয় পুৰণি গির্জা৷ এতিয়া আহো শিমলাৰ পৰা ২০ কিঃমিঃ দূৰত্বত অপৰূপ প্রাকৃতিক শোভাবর্ধন কৰা স্থান কুফৰী৷ কুফৰীত ভ্রমণ কৰিলে বিভিন্ন অভিজ্ঞতা অর্জন কৰাৰ লগে লগে প্রাকৃতিক সৌন্দর্যই পর্যটকক অতি মুগ্ধ কৰে৷ সেই কুফৰীতে এনে কিছুমান গাঁও আছে য’ত নেকি বছৰটোৰ চাৰিমাহ সময় সম্পূর্ণৰূপে বৰফেৰে আবৃত্ত হৈ থাকে৷ আমি গাঁওবাসীৰ লগত মত বিনিময় কৰি গম পালোঁ যে সেই বৰফেৰে আবৃত্ত চাৰিমহীয়া সময়ছোৱা তেওঁলোকৰ বাবে বৰ কষ্টকৰ৷ শীতৰ প্রকোপত পোহনীয়া জন্তু ঘোঁৰা, য়াক, ভেড়া ছাগলীয়ে হেনো চকুলো নিগৰায়৷ শিমলাৰ পৰা মানালিলৈ যাবলৈ হ’লে মাণ্ডি হৈ যাব লাগে৷ গতিকে মাণ্ডিৰ ইণ্ডিয়ান ইনষ্টিটিডট অৱ টেকন’লজী আৰু পৰাশৰ মন্দিৰ পাৰিলে দর্শন কৰক৷ মান্দি আই আই টিৰ পৰা প্রায় ২০ কিঃমিঃ দূৰত্বত সাগৰপৃষ্ঠৰ পৰা ৮৯৬০ ফুট ডচ্চতাত থকা পৰাশৰ ঋষিৰ আশ্রম আৰু মন্দিৰৰ চাৰিওফালে সু–ডচ্চ পর্বতমালাৰ লগতে নিম্নভাগত থকা এটা হ্রদে ভক্তপ্রাণৰ মন–প্রাণত আশাৰ সঞ্চাৰ কৰে৷ মাণ্ডিৰ আই এছ বি টিৰ কাষতে দর্শন কৰিব লগা অইন এটি সদাশিৱ মন্দিৰ হ’ল পঞ্চভক’ড্র মন্দিৰটো ব্যাস নদী আৰু চুকেটি নদীৰ মাজভাগত অৱস্থিত৷ যোৱা ২০২৩ চনৰ জুলাই মাহত হিমাচলত হোৱা প্রবল বানপানীৰ সময়ত মন্দিৰটোৰ প্রায় ৮০ শতাংশ পানীৰ তলত ডুব গৈছিল যদিও খৰস্রোতা পানীয়ে মন্দিৰটোৰ কোনোধৰণৰ ক্ষয়–ক্ষতি কৰা দেখা নগ’ল৷ এয়া আছিল সদাশিৱৰ অদৃশ্য শক্তি৷
মাণ্ডি ভ্রমণৰ পিছত কুলু আৰু ভুণ্টৰ ভ্রমণলৈ আহিছিলোঁ৷ কুলুক হিমাচলৰ ভেলী অৱ গড বুলি কোৱা হয়৷ কুলু নগৰৰ মাজেৰে কুলু কুলু ধ্বনিৰে বৈ গৈছে পার্বতী নদী৷ কুলুত অসংখ্য সদাশিৱ মন্দিৰ আছে৷ হিমাচলৰ বেছিসংখ্যক লোকেই সদাশিৱৰ ভক্ত৷ কুলুৰ পৰা প্রায় ৪৫ কিঃমিঃ দূৰত্বত এক আশ্চর্যজনক ঠাই ভুণ্টৰ৷ ভুণ্টৰ হিমাচলৰ বিমানবন্দৰ৷ ভুণ্টৰত থকা অসংখ্য মন্দিৰৰ ভিতৰত ৰামচন্দ্রজী মন্দিৰ, ৰঘুনাথজী মন্দিৰ, হিমালয়ান নেচনেল পার্কৰ লগতে অতি আকর্ষণীয় মন্দিৰ হ’ল মণিকৰণ৷ মণিকৰণ মন্দিৰৰ চাৰিওদিশে অসংখ্য গৰম পানীৰ কুণ্ড আছে৷ মন্দিৰৰ ওচৰতে ১০০ ডিগ্রী চেলছিয়াছত উতলি থকা এটা প্রকাণ্ড কুণ্ড দেখিবলৈ পোৱা যায়৷ কিছু দূৰত এটা অলপ কম গৰম পানীৰ পুখুৰীসদৃশ কুণ্ড আছে৷ সেই কুণ্ডত ভক্তপ্রাণ ৰাইজে স্নান কৰিলে ৰোগমুক্ত আৰু পুণ্য অর্জন কৰা যায় বুলি পর্যটকে বিশ্বাস কৰে৷
ভুণ্টৰৰ পৰা কুলু হৈ মানালিলৈ দূৰত্ব মাত্র ৪০ কিঃমিঃ৷ কাশ্মীৰক যেনেদৰে পৃথিৱীৰ ভূ–স্বর্গ বুলি কোৱা হয়, ঠিক তেনেদৰে মানালিকো ভূ–স্বর্গ বুলি ক’লে ভুল কোৱা নহয়৷ মানালি দুখন৷ এখন অ’ল্ড মানালি৷ মানালিত অসংখ্য পুৰণি পাইন গছৰ বাগান আছে আৰু মানালিৰ সোমাজেদি ব্যাস নদী বৈ গৈছে৷ মানালিৰ প্রধান আকর্ষণীয় মন্দিৰটো হ’ল হিডিম্বা দেৱী মন্দিৰ৷ মানালিবাসীয়ে দেৱী হিডিম্বাক বৰ ভক্তি কৰে৷ ব্যাসদেৱৰ মহাভাৰতৰ কাহিনী মতে, পাণ্ডৱ যেতিয়া বনবাসত আছিল তেতিয়া হিডিম্বাই সুন্দৰী ৰূপ ধাৰণ কৰিছিল আৰু হিডিম্বাৰ ৰূপ–লাৱণ্যত মুগ্ধ হৈ ভীমে হিডিম্বাক স্ত্রী হিচাপে গ্রহণ কৰিছিল৷ পৰৱর্তী সময়ত তেওঁলোকৰ ঘটোৎকচ নামৰ এক বীৰ সন্তানৰ জন্ম হৈছিল আৰু অতি কম সময়ৰ ভিতৰত ঘটোৎকচ পৰাক্রমী হৈ উঠিছিল৷ কৌৰৱ–পাণ্ডৱৰ মহাযুদ্ধত ঘটোৎকচে পাণ্ডৱৰ পক্ষ লৈ ১৪ দিনৰ দিনা তুমুল যুদ্ধ কৰি কৌৰৱ বাহিনীক ধৰাশায়ী কৰে৷ উপায়হীন হৈ অংগৰাজ কর্ণই অর্জুনৰ জীৱন নাশৰ কাৰণে সাঁচি ৰখা অমোঘ অস্ত্র প্রয়োগ কৰি ঘটোৎকচক নিধন কৰে৷ পুত্র শোকত জর্জৰিত হিডিম্বা দেৱীয়ে আজি মানালিৰ য’ত হিডিম্বা দেৱী মন্দিৰ তাত তপস্যা কৰিছিল, সেয়েহে সেই মন্দিৰটো হিডিম্বা দেৱী মন্দিৰ হিচাপে জগত বিখ্যাত৷ মানালিৰ চ’লান ভেলীৰ বেছি অংশয়েই বৰফেৰে আবৃত্ত৷ চ’লান ভেলীত বৰফেৰে আবৃত্ত এটা মন্দিৰ শিৱলিংগম৷ শিৱলিংগম মন্দিৰৰ চাৰিওফালে বৰফেৰে আবৃত্ত সু–উচ্চ পর্বতৰ মাজত অৱস্থিত৷ পর্যটকসকলে মনত এক অদম্য শক্তি লৈ বহু কষ্টৰেই বৰফেৰে আবৃত্ত মন্দিৰটো দর্শন কৰা দেখা যায়৷ অৱশ্যে মন্দিৰটোৰ তলভাগলৈ ঘোঁৰাৰ পিঠিত উঠি বা বাইকেৰে যোৱাৰ ব্যৱস্থা আছে৷ বৰফেৰে পৰিপূর্ণ মানালিৰ বহুতো সৰু–বৰ গুফা, কুণ্ডবোৰৰ ভিতৰত ৰহলা ফলচ, অর্জুন গুফা, নেহেৰু কুণ্ড, ব্যাস কুণ্ড, বশিষ্ঠ কুণ্ডবোৰ অতি আশ্চর্যজনক৷ মানালিৰ পৰা ৪০ কিঃমিঃ দূৰত্বৰ ৰাণী নালাই পর্যটকৰ বাবে যেন সদায় অপেক্ষা কৰি থাকে য’ত গোটেই বছৰজুৰি যেন বৰফে পাহাৰবোৰ আৱৰি ৰাখে৷ মানালিৰ পৰা ২২ কিঃমিঃ দূৰত্বত কুলুত অৱস্থিত চালে চকু থৰ লগা এটা দুর্গ নগৰ কেচ্ল৷ ১৪৬০ খ্রীষ্টাব্দৰ ভিতৰত ৰজা সিদ্ধসিং দেৱে এই দুর্গটো নির্মাণ কৰি সেই সময়ত কুলুক ৰাজধানী হিচাপে লৈ শাসনভাৰ চলাইছিল৷ অতি আকর্ষণীয় এই দুর্গটোত জনপ্রিয় হিন্দী কথাছবিৰ চিত্রগ্রহণ সম্পাদনা কৰা হৈছিল৷ ছবিসমূহ আছিল– দ্য হিৰ’, টিউব লাইট, ৰোজা, গীত, ইয়াৰ আনমোল, জৱ উই মিট আৰু তেলেগু ছবি দেশমুডুৰ৷ কুলুত নিকোলাই ৰ’ৰিচৰ ঐতিহাসিক বাসস্থান আৰু সংগ্রহালয় দেখি ভীষণ আশ্চর্য অনুভৱ কৰিলে৷ এক শীতল প্রাকৃতিক পৰিৱেশৰ মাজত জীৱনৰ কঠিন সময়ত সুদূৰ ৰাছিয়াৰ পৰা ভাৰতলৈ আহি সৃষ্টিৰ দ্বাৰা ভাৰতৰ প্রকৃত বন্ধু হ’ব পৰা সেই মহান দেশসেৱকজনৰ জন্ম হৈছিল ১৮৭৪ চনৰ ৯ অক্টোবৰ তাৰিখে চেণ্টপিটার্ছবাগ, ৰাছিয়াত৷ কলাকাৰ, পেইণ্টাৰ, বৈজ্ঞানিক, দার্শনিকজন ভাৰতলৈ আহিছিল ১৯২০ চনত৷ হিমাচল প্রদেশৰ কুলুত বাসস্থান সাজি আর্ট গেলাৰী নির্মাণ কৰি প্রায় ৭ হাজাৰতকৈও অধিক মূল্যৱান অমৰ চিত্র অংকন কৰি সৃষ্টিৰ নিদর্শন দাঙি ধৰিছে৷ তেখেতৰ অমৰ চিত্র পৃথিৱীৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা যায়৷ তেখেতক এগৰাকী প্রসিদ্ধ নিবন্ধ লেখক, জ্ঞান–বিজ্ঞানৰ ৰচক, কলাত্মক বৈজ্ঞানিক প্রতিষ্ঠান আৰু ঐতিহাসিক কীর্তিচিহ্ণসমূহৰ সুৰক্ষা আৰু নক্সা তৈয়াৰ কৰাৰ লগতে আন্তঃৰাষ্ট্রীয় গৱেষক হিচাপে জনা যায়৷ প্রসিদ্ধ দার্শনিক হেলেনা ৰ’ৰিচক জীৱনসংগিনী হিচাপে লৈ কুলুত বাসস্থান সাজি ভাৰতবর্ষৰ বহু নামী–দামী ব্যক্তিৰ লগত সান্নিধ্য ৰাখি ৰ’ৰিচ চুক্তি সমাধান কৰা দেখা যায়৷ এইগৰাকী মহান দার্শনিকৰ বাসস্থান আৰু সংগ্রহালয় আজিও সংৰক্ষিত হৈ থকা দেখা যায়৷ এই মহান কলাকাৰজনৰ দুজন কলাকাৰ পুত্র সন্তান ক্রমে স্পেটোজলভ ৰ’ৰিচ আৰু জজ ডি ৰ’ৰিচ আছিল ৰাছিয়া আৰু ভাৰতৰ মহান শিল্পী৷ স্পেটোজলভ ৰ’ৰিচে ভাৰতৰ প্রসিদ্ধ অভিনেত্রী দেৱীকা ৰাণীৰ সৈতে বিবাহপাশত আবদ্ধ হৈ ভাৰতীয় সংস্কৃতিৰ এনাজৰীডাল সুদৃঢ় কৰি ৰাখিছে৷ বর্তমানৰ নিকোলাই ৰ’ৰিচৰ সংগ্রহালয়ত তেখেতে ব্যৱহাৰ কৰা জীপ গাডী, হেলেনা ৰ’ৰিচ আৰু দেৱীকা ৰাণীৰ দোলা আজিও সংৰক্ষিত অৱস্থাত সেই গেলাৰীতেই থকা দেখা যায়৷ এই মহান কলাকাৰজনৰ ১৯৪৭ চনৰ ১৩ ডিচেম্বৰ তাৰিখে কুলু নগৰীত দেহাৱসান ঘটে৷ লগে লগে এটি যুগৰ অৱসান ঘটে৷ মহান দার্শনিকজনৰ বাসস্থানৰ কাষতেই ১৫ ডিচেম্বৰ তাৰিখে অন্ত্যেষ্টিক্রিয়া সমাপন কৰা হয়৷
মানালি ভ্রমণৰ অন্তত প্রাকৃতিক সভাই পর্যটকৰ বাবে সদায় ৰৈ থকা শিশুভেলীলৈ ৰাওনা হৈছিলোঁ৷ শিশুভেলী, লেহ, লাডাখলৈ যাবলৈ হ’লে অটল টানেল ৰহটাং হৈ যাব লাগে৷ ৯.০২ কিঃমিঃ দৈর্ঘ্যৰ এই টানেলটো ভাৰতৰ হাইৱে সুৰংগৰ দীর্ঘতম সুৰংগ৷ টানেলটো ভাৰত নির্মাতা, ভাৰতৰত্ন, প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ নামত বর্তমানৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৩ অক্টোবৰ, ২০২০ চনত মুকলি কৰি যোগাযোগৰ এক নতুন যুগৰ সূচনা কৰে৷ টানেলটোৰ মাজেৰে গৈ থাকিলে ৰাষ্ট্র নির্মাতা মহান ত্যাগী নেতাজনলৈ ভক্তি ভাব জাগি উঠে৷ অটল টানেলৰ পৰা ১৬ কিঃমিঃ দূৰত্বত অৱস্থিত লাহোল জিলাৰ শুকুলা বৰফৰ দেশ শিশুভেলী৷ শিশুভেলী এখন সৰু টাউন৷ সেই টাউনখনেই যেন পর্যটকৰ সোণালী সপোন ৰচে৷ পূর্ণিমাৰ ফৰকাল আকাশৰ নিশা গোটেই শিশুভেলী যেন উদ্ভাসিত হয় পোহৰৰ দিশে৷ সেই দৃশ্য দেখাৰ সৌভাগ্য লাভ কৰাজন হয়তো পৃথিৱীৰ এজন সৌভাগ্যৱান ব্যক্তি হ’ব পাৰে৷ কোমল কোমল বৰফৰ ওপৰেৰে খোজ কাঢ়ি, বৰফৰ টুকুৰা দলিয়াই দলিয়াই, হেঁপাহেৰে বৰফৰ ঘৰ সাজি পর্যটকৰ কি যে আনন্দ৷ ৰপৱে, জিপলাইনিং আদি এডভাঞ্চৰ এক্টিভিটিৰ দ্বাৰা বৰফৰ পাহাৰ বগোৱা অভিজ্ঞতাই যেন জীৱনৰ মধুৰ মুহূর্তবোৰ হূদয়ত অংকিত হৈ ৰয়৷ সেই শিশুভেলীতেই বৰফেৰে আৱৰা পাহাৰৰ সমতলত চন্দ্র আৰু ভাগা নদীৰ উত্তাল ঢ়ৌ মিলি টাণ্ডিত চন্দ্রভাগা (চেনাব) নাম লৈ ৰঙতে নাচি–বাগি এখন ৰাষ্ট্রৰ পৰা অইন এখন ৰাষ্ট্রলৈ যায়৷ সেই শিশুভেলীতেই শিশু লেকৰ বিস্ময়কৰ চৰিত্র দেখিলোঁ৷ লেকটোৰ বেছিভাগ অংশই বৰফেৰে আৱৰা অথচ হঠাৎ যেন লেকটোৰ মাজভাগত পানীৰ বুৰবুৰণি৷ চেপেটা আকৃতিৰ লেকটোত পানীৰ বুৰবুৰণি চাই যদি কোনোবা পর্যটকে লেকটোত নামি গৈ পানী চুবলৈ চেষ্টা কৰে তেন্তে তেওঁ নিশ্চয় বৰফলৈ ৰূপান্তৰিত হ’ব৷ আজি শিশুভেলীতে ভ্রমণ কাহিনী সামৰিলোঁ৷ মোৰ দৰে এজন সাধাৰণ পথিকে ভ্রমণৰ অভিজ্ঞতাৰ দ্বাৰা ইয়াকেই ক’ব বিচাৰোঁ যে ভ্রমণ অকল উপভোগ বা মনোৰঞ্জন নহয়৷ ভ্রমণ এক প্রাকৃতিক পৰিৱেশ উপলব্ধি কৰি জ্ঞান আহৰণৰ দিশ, যিয়ে নেকি মানুহৰ মনত উদ্দীপনাৰ সৃষ্টি কৰি জ্ঞানৰ বতৰা কঢ়িয়াই আনে৷
ফোনঃ ৯৯৫৪৩–৫১১৩২