🔹 উত্তৰ–পূবৰ আভ্যন্তৰীণ জলপথ প্রকল্পৰ পর্যালোচনা সোণোৱালৰ
ষ্টাফ ৰিপ’টাৰ, ২০ মে’ : গুৱাহাটীস্থিত সামুদ্রিক দক্ষতা বিকাশ কেন্দ্রত কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্রাধিকৰণৰ অধীনত অসম তথা উত্তৰ–পূর্বাঞ্চলত ৰূপায়ণ হৈ থকা অভিলাষী প্রকল্পসমূহৰ বিস্তৃত পর্যালোচনা কৰে৷ পর্যালোচনা বৈঠকৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত মন্ত্রীগৰাকীয়ে কয় যে যোৱা দুবছৰত সমগ্র অঞ্চলটোত ১,০০০ কোটি টকাৰ প্রকল্পৰ কাম চলিছে৷ ইতিমধ্যে ৩০০ কোটি টকাৰ প্রকল্পৰ কাম সম্পূর্ণ হৈছে আৰু প্রায় ৭০০ কোটি টকাৰ প্রকল্পৰ কাম অব্যাহত আছে৷ তদুপৰি অসম তথা উত্তৰ–পূর্বাঞ্চলত অতিৰিক্ত ১,০০০ কোটি টকাৰ প্রকল্পৰ কামো শীঘ্রেই আৰম্ভ কৰা হ’ব বুলি সোণোৱালে অৱগত কৰে৷ তেওঁ কয়– ‘প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দূৰদর্শী নেতৃত্বত আমি অসম তথা উত্তৰ–পূর্বাঞ্চলৰ অভ্যন্তৰীণ জল পৰিবহণ আৰু আনুষংগিক আন্তঃগাঁথনি খণ্ডত এক নতুন দিগন্তৰ সাক্ষী হৈছোঁ৷ এখন বিকশিত আৰু আত্মনির্ভৰ ভাৰত গঢ়াৰ দিশত মোদীৰ দূৰদর্শী দৃষ্টিভংগীক সাৰোগত কৰি অভ্যন্তৰীণ জলপথ খণ্ডৰ সামগ্রিক শক্তি বৃদ্ধি, পুনৰুজ্জীৱিতকৰণ আৰু বর্ধিত বাণিজ্যিক সংযোগৰ পথ প্রশস্ত কৰাৰ বাবে নিৰন্তৰ প্রচেষ্টা অব্যাহত ৰাখিছোঁ৷ উল্লেখ্য যে কেন্দ্রীয় মন্ত্রী সোণোৱালৰ সৈতে উপস্থিত থাকে কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ৰ বিষয়াসকল, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্রাধিকৰণ, লোকনির্মাণ বিভাগ, আই পি আৰ চি এল আৰু কোচিন শ্বিপয়ার্ড লিমিটেডৰ বিষয়াসকল৷ সোণোৱালে কয়– প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত আমাৰ ৰাজ্যখনৰ সমৃদ্ধ, বিশাল জলপথ প্রণালীয়ে অঞ্চলটোৰ বিকাশ আৰু প্রগতিৰ যাত্রাত অপৰিসীম সম্ভাৱনা উন্মুক্ত কৰিছে৷ অভ্যন্তৰীণ জলপথসমূহ পূর্বতে অৱহেলিত হৈ আছিল৷ দূৰদর্শী প্রধানমন্ত্রী মোদীয়ে ২০১৪ চনৰ পৰা অভ্যন্তৰীণ জলপথ খণ্ডত বিশেষ গুৰুত্ব আৰোপেৰে দেশৰ সমগ্র জলপথ প্রণালীক পুনৰুজ্জীৱিত কৰি তুলিছে৷ অসমত বিশেষকৈ ব্রহ্মপুত্র (ৰাষ্ট্রীয় জলপথ–২) আৰু বৰাক (ৰাষ্ট্রীয় জলপথ–১৬)কে ধৰি নদীপ্রণালীৰ সমৃদ্ধ নেটৱর্কৰ সৈতে অভ্যন্তৰীণ জলপথবোৰে বাণিজ্য আৰু অর্থনৈতিক বিকাশত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আছে৷ অভ্যন্তৰীণ জলপথবোৰ সামগ্রী আৰু যাত্রী পৰিবহণৰ ক্ষেত্রত কম ব্যয়সন্মত, দক্ষ আৰু পৰিৱেশ অনুকূল মাধ্যম হিচাপে পৰিগণিত হৈছে৷ ‘জলবাহক’ৰ দৰে আঁচনি আৰম্ভ কৰি আমাৰ চৰকাৰে আমদানি–ৰপ্তানিক আভ্যন্তৰীণ জলপথলৈ স্থানান্তৰিত কৰিবলৈ উৎসাহিত কৰিছে, যাৰ ফলত অর্থনীতি উন্নত হৈছে, ৰে’লপথ আৰু পথৰ ভিৰ হ্রাস কৰা হৈছে৷ মোদী ডাঙৰীয়াৰ বাবে উত্তৰ–পূর্বাঞ্চল সকলোতকৈ অগ্রাধিকাৰৰ অঞ্চল৷ ব্রহ্মপুত্র আৰু বৰাক নদীত ক্রুজ পর্যটনৰ সুবিধাৰ বাবে আৰু কার্গ’ সঞ্চালন ক্ষমতা বৃদ্ধিৰ বাবে কেইবা কোটিৰ পুঁজি ধার্য কৰা হৈছে৷ ইয়াৰ ভিতৰত আছে শিলঘাট, বিশ্বনাথঘাট, নিমাতীঘাট আৰু গুঁইজানত তীৰৰ সুবিধা থকা জেটি নির্মাণৰ লগতে মার্চেণ্টাইল মেৰিন বিভাগৰ আঞ্চলিক কার্যালয় ভৱন, অতিথিশালা আৰু গুৱাহাটীৰ ফাঁচী বজাৰত আইটিএটিৰ বাবে কার্যালয় নির্মাণ৷ পাণ্ডুত জাহাজ মেৰামতি সুবিধা কেন্দ্রৰ বিকাশ কৰি থকা হৈছে৷ তদুপৰি জলপথত সুচল চলাচল বজাই ৰখাৰ বাবে আমাৰ চৰকাৰে ২০২৬–২৭ বর্ষলৈকে বাংলাদেশ সীমান্তৰ পৰা ব্রহ্মপুত্রৰ পাণ্ডুঘাটলৈ ২.৫ মিটাৰৰ ন্যূনতম গভীৰতা নিশ্চিত কৰিবলৈ খননৰ বাবে ভাৰতীয় ড্রেজিং কর্প’ৰেচন (ডিচিআই)ক দায়িত্ব অর্পণ কৰিছে৷ ইয়াৰ বাবে ১৯১ কোটি টকাৰ পৰিমাণ ধার্য কৰা হৈছে৷ তদুপৰি তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৰা অসমে লাভ কৰা অপৰিসীম সমর্থন, বলিষ্ঠ নেতৃত্ব আৰু সহযোগিতাৰ ফলত অসম আৰু উত্তৰ–পূবৰ অর্থনীতিৰ সামগ্রিক বিকাশৰ যাত্রা সবল ৰূপত আগুৱাই নিব পাৰিছোঁ৷ আনুমানিক ৩১৫ কোটি টকা বিনিয়োগেৰে গুৱাহাটী, ডিব্রুগড আৰু তেজপুৰত ৱাটাৰ মেট্ৰ’ সেৱাৰ বিকাশৰ বাবে সম্ভাৱনাৰ অধ্যয়ন কৰা হ’ব৷ তদুপৰি কোচিন শ্বিপয়ার্ড লিমিটেড (চিএছএল)ৰ দ্বাৰা নির্মাণ কৰা দুখন বৈদ্যুতিক কেটামাৰান মোতায়েন কৰা হ’ব৷ ১০০ কোটি টকা বিনিয়োগেৰে গুৱাহাটীত এটা অত্যাধুনিক ক্রুজ টার্মিনেল নির্মাণ কৰা হ’ব৷ তদুপৰি ডিব্রুগড়ত আনুমানিক ১২০ কোটি টকাৰে আঞ্চলিক উৎকর্ষ কেন্দ্র (আৰচিঅ’ই) নির্মাণ কৰা হ’ব৷ ব্রহ্মপুত্রক কেন্দ্র কৰি একাধিক স্থানত লাইটহাউছ নির্মাণ কৰা হ’ব৷ ইয়াৰ উপৰি পাণ্ডু আৰু বগীবিলৰ মাজত ২.৫ মিটাৰৰ ন্যূনতম গভীৰতা বজাই ৰখাৰ বাবে ১৫০ কোটি টকা ধার্য কৰা হৈছে৷ ব্রহ্মপুত্রৰ বাবে দুটা কাটাৰ ছেক্সন ড্রেজাৰ গোট ক্রয় কৰা হ’ব৷ কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ৰ অধীনত ৰাষ্ট্রীয় জলপথত পৰিবহণৰ বাবে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্রাধিকৰণে এতিয়া ব্রহ্মপুত্র আৰু বৰাক নদীকেন্দ্রিক ১,০১০ কোটি টকাৰ প্রকল্প ৰূপায়ণ কৰি আছে৷ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে নাগালেণ্ডৰ ড’য়াং হ্রদত প্রস্তাৱিত অভ্যন্তৰীণ জল পৰিবহণ (আই ডব্লিড টি) প্রকল্পৰ অগ্রগতিও পর্যালোচনা কৰে আৰু জল ক্রীড়া আৰু পর্যটনৰ বাবে নাগালেণ্ডৰ নৌনে আৰু শ্বিলয় হ্রদৰ সুযোগ–সম্ভাৱনাৰ মূল্যায়ন কৰে৷ মিজোৰামৰ টিয়াং আৰু চিমটুইপুই নদীৰ লগতে মেঘালয়ৰ ডমিয়াম হ্রদ আৰু ডমগট নদী সন্দর্ভত আই ডব্লিড টি উন্নয়নৰ সম্ভাৱ্যতা অধ্যয়নৰো পর্যালোচনা কৰা হয়৷ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে সামুদ্রিক খণ্ডত অসম আৰু উত্তৰ–পূবৰ যুৱক–যুৱতীসকলৰ বাবে দক্ষতা বিকাশ আৰু উদ্যোগকেন্দ্রিক সংস্থাপনৰ পদক্ষেপ বৃদ্ধি কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে৷ গুৱাহাটীৰ মেৰিটাইম স্কিল ডেভেলপমেণ্ট চেণ্টাৰ আৰু ডিব্রুগডৰ চেণ্টাৰ অৱ এক্সেলেঞ্চ ফৰ ইনলেণ্ড ৱাটাৰ ট্ৰেন্সপ’ৰ্টৰ দৰে প্রতিষ্ঠানৰ নির্মাণৰ জৰিয়তে অভ্যন্তৰীণ জল পৰিবহণ আৰু সামুদ্রিক খণ্ডৰ বাবে সজ্জিত ভৱিষ্যতৰ বাবে যুৱক–যুৱতীসকলক প্রশিক্ষণ দিয়া হৈছে বুলি সোণোৱালে উল্লেখ কৰে৷