সম্পাদকীয় : গুৱাহাটীৰ বান
সম্পাদকীয় : গুৱাহাটীৰ বান
এপ্রিলৰ শেষ আৰু মে’ মাহৰ মাজভাগৰ পৰা গুৱাহাটী মহানগৰীত এটা দৃশ্য অতি সুলভ৷ ২০–২৫ মিনিটজোৰা এজাক মুষলধাৰ বৰষুণত ডুব যায় সমগ্র মহানগৰ৷ দ’ পিতনি অঞ্চল বাদেই, মহানগৰৰ প্রধান প্রধান বাট–পথবোৰতো একাঁঠু পর্যন্ত পানী জমা হয়৷ যাতায়াত বন্ধ হৈ পৰে৷ বজাৰ–সমাৰ, ব্যৱসায়িক প্রতিষ্ঠান, অফিচ–কাছাৰী বন্ধ হৈ পৰে৷ কার্যতঃ স্তব্ধ হৈ পৰে গুৱাহাটী৷ কিন্তু এসময়ত বাৰিষাৰ গুৱাহাটীৰ এই দৃশ্য সুলভ নাছিল৷
দুর্লভ আছিল৷ বাৰিষাৰ এজাক বৰষুণত সমগ্র গুৱাহাটী ডুব যোৱা দৃশ্য দেখিবলৈ সততে পোৱা নগৈছিল৷ যিসকল লোকে যোৱা তিনি–চাৰিটা দশক ধৰি গুৱাহাটীৰ বাসিন্দা হৈ আছে সেইসকল লোকৰ বাবে বাৰিষাৰ গুৱাহাটীৰ এই পৰিৱর্তিত ছবি অত্যন্ত বেদনাদায়ক আৰু কষ্টপীড়িত৷ প্রাকৃতিকভাৱে মনোৰম গুৱাহাটীৰ এই স্খলন কিন্তু মানৱসৃষ্ট৷ অপৰিকল্পিত আৰু অবৈজ্ঞানিক নির্মাণে গুৱাহাটীক এতিয়া আৰু বাসোপযোগী কৰি ৰখা নাই৷ পাহাৰ আৰু সেউজ আৱৰণে আৱৰি ৰখা এসময়ৰ গুৱাহাটী এতিয়া ক্রমাৎ এক মৃতপ্রায় মহানগৰ৷ এনে কি কথা হ’ল যে মাত্র তিনি–চাৰিটা দশকৰ ভিতৰতে এসময়ৰ মনোৰম গুৱাহাটী এতিয়া কদর্য গুৱাহাটীলৈ ৰূপান্তৰিত হ’ল? গুৱাহাটীৰ দায়িত্বত থকা সংশ্লিষ্ট বিভাগবোৰৰ বছৰ বছৰ ধৰি দায়িত্বজ্ঞানহীন কর্মকাণ্ড আৰু মহানগৰীৰ বাসিন্দাসকলৰ চূড়ান্ত বেপৰোৱা অবৈজ্ঞানিক চিন্তাধাৰাৰ বাবেই গুৱাহাটী কদর্যময় হৈ পৰিল৷
প্রাথমিক অৱস্থাত গুৱাহাটীৰ বান প্রধানকৈ অনিল নগৰ–নবীন নগৰ, চানমাৰি, জু–ৰোড, ৰুক্মিণীগাঁও আদিতে সীমাবদ্ধ হৈ আছিল যদিও এতিয়া এজাক বৰষুণত উল্লেখিত এই স্থানসমূহৰ উপৰি জি এছ ৰোড, আমবাৰী, কালাপাহাৰ, হাতীগাঁও, বামুণীমৈদাম, পাঞ্জাবাৰী, সিজুবাৰী, যোৰাবাট, বৰাগাঁও বানত ডুব যায়৷ হঠাৎ হোৱা ৰেপিড আর্বানাইজেচনৰ ফলশ্রুতিতেই এতিয়া মহানগৰীৰ ন ন স্থানলৈ সম্প্রসাৰিত হৈছে বানৰ প্রভাৱ৷
জধেমধে যিকোনো স্থানত অট্টালিকা, গভীৰ নলাৰ সু–ব্যৱস্থা নথকা পকীপথ নির্মাণৰ বিপৰীতে দ্রুতগতিত সংকুচিত হৈছে জলাধাৰ ধৰি ৰখা সেউজ গছ–গছনি আৰু পিতনি–জলাশয়৷ বিশেষকৈ যোৱা দুটা দশকত এই মস্তিষ্কবিহীন নির্মাণে গুৱাহাটীৰ প্রাকৃতিক ভাৰসাম্য ধ্বংস কৰিছে৷ আশ্চর্যজনকভাৱে এনে নির্মাণ বাধা দিয়াত সম্পূর্ণৰূপে ব্যর্থ হৈছে চকুৰ সন্মুখত ভয়ানক বিপর্যয় দেখিও আওকোণীয়া মনোভাব লোৱা সংশ্লিষ্ট বিভাগসমূহ৷ গুৱাহাটীৰ দায়িত্বত তিনিটাকৈ বিয়াগোম বিভাগ– গুৱাহাটী পৌৰ নিগম, জলসম্পদ বিভাগ আৰু গুৱাহাটী মেট্র’ পলিটান ডেভেলপমেণ্ট অথৰিটী (জিএমডিএ) আছে যদিও এই বিভাগসমূহে একগোট হৈ দীর্ঘম্যাদী পৰিকল্পনা আৰু আঁচনি নোলোৱা বাবেই ক্রমান্বয়ে মহানগৰীৰ বাৰিষাকালৰ অৱস্থা শোচনীয় হৈ পৰিছে৷
গুৱাহাটীক বানমুক্ত কৰাৰ বাবে চৰকাৰ ছিৰিয়াছ নোহোৱাটো মহানগৰীৰ বাসিন্দাসকলৰ বাবে এক দুখজনক অভিজ্ঞতা৷ নগৰীয়া বান নিয়ন্ত্রণৰ বাবে ২০০ কোটি টকাৰ আঁচনি লোৱা হৈছে যদিও সেই আঁচনিৰ সুফল কিন্তু এতিয়াও কার্যকৰী হোৱা নাই৷ এজাক বৰষুণত গুৱাহাটী ডুব যোৱাৰ পাছতে দায়িত্বত থকা মন্ত্রী–বিষয়াসকলে বিভিন্ন স্থান পৰিদর্শন কৰি উথপথপ কৰা দেখা যায় যদিও বান আঁতৰাৰ লগে লগে সকলো পাহৰণিৰ গর্ভত যায়৷ উদাহৰণস্বৰূপে শিলসাঁকোৰ অবৈধ নির্মাণ যোৱা এটা বছৰতো সম্পূর্ণ নহ’ল৷ এতিয়া সংশ্লিষ্ট মন্ত্রীয়ে পুনৰ ঘোষণা কৰিছে যে শীঘ্রে শিলসাঁকোৰ অবৈধ নির্মাণ উচ্ছেদ কৰা হ’ব৷ মহানগৰীৰ মহানাগৰিকসকলে আশা কৰিব চৰকাৰে আন্তৰিকতাৰে গুৱাহাটীক বানমুক্ত কৰাৰ পদক্ষেপ ল’ব আৰু বানাক্রান্ত মহানগৰীৰ ককবকনিৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিব৷