🔹 ঘোষ্ট ছিমক লৈ চিবিআইৰ তদন্তত চাঞ্চল্যকৰ তথ্য
বিশেষ বাৰ্তা, ২৫ মে’ : চাইবাৰ আক্রমণেৰে ভাৰতীয় অর্থনীতিক দুর্বল কৰিব বিচৰা সাত জেহাদীক অসম আৰক্ষীৰ এছটিএফে দেশৰ বিভিন্ন প্রান্তৰ পৰা গ্রেপ্তাৰ কৰি তদন্ত অব্যাহত ৰখাৰ সময়তে কেন্দ্রীয় তদন্তকাৰী সংস্থা চিবিআইৰ তদন্তত পোহৰলৈ আহিছে চাইবাৰ অপৰাধৰ অন্যতম সামগ্রী ‘ঘোষ্ট ছিম’ৰ আঁৰৰ আন এক বিস্ফোৰক তথ্য৷ দেশৰ নিৰাপত্তাৰ প্রতি প্রশ্ণচিহ্ণৰ সৃষ্টি কৰা ঘোষ্ট ছিম অথবা ভুৱা ছিম কার্ডৰ জৰিয়তে অকল নিৰাপত্তা সম্পর্কীয় তথ্যই নহয়, ডিজিটেল এৰেষ্টৰ পৰা আৰম্ভ কৰি ভুৱা ইউপিআই লেনদেনলৈকে বিভিন্ন প্রৱঞ্চনামূলক কার্য দীর্ঘদিন ধৰি সংঘটিত কৰি আহিছে চাইবাৰ অপৰাধী চক্রই৷
শেহতীয়াকৈ যোৱা ১১ এপ্রিলত গোপন সূত্রৰ খবৰৰ ভিত্তিত চিবিআয়ে প্রস্তুত কৰা বিশেষ তদন্ত প্রতিবেদনৰ পিছতহে এই ভয়ংকৰ জালিয়াতিৰ কথা পোহৰলৈ আহিছে৷ নতুন দিল্লীৰ চিবিআইৰ ইঅ-II থানাই উক্ত প্রতিবেদনখনৰ আধাৰত যোৱা ৮ মে’ত এটা গোচৰ ৰুজু কৰি তদন্ত সম্প্রতি দ্রুতগতিত অব্যাহত ৰাখিছে৷ চিবিআইৰ বিশেষ তদন্ত প্রতিবেদনৰ ভিত্তিত এজাহাৰখনত উল্লেখিত অনুসৰি দেশৰ মুঠ ৮খন ৰাজ্য ক্রমে উত্তৰ প্রদেশ, পশ্চিমবংগ, অসম, মহাৰাষ্ট্র, বিহাৰ, তেলেংগানা, তামিলনাডু আৰু কর্ণাটকৰ বিভিন্ন অঞ্চলৰ মুঠ ৩৯টা বিক্রী কেন্দ্রৰ এজেণ্টৰ বিৰুদ্ধে উক্ত গোচৰ ৰুজু কৰা হৈছে৷ উক্ত কেন্দ্রকেইটাৰ পৰা বিভিন্ন সময়ত প্রায় ১,১০০খন ছিম কার্ড বিভিন্ন লোকৰ নামত দিয়া হৈছিল আৰু উক্ত ছিম কার্ডৰ নম্বৰসমূহৰ বিৰুদ্ধে প্রায় ২,২০০টা অভিযোগ পঞ্জীয়ন হৈছিল৷
চিবিআয়ে উল্লেখ কৰা ৰাজ্যকেইখনৰ ভিতৰত উত্তৰ প্রদেশত ১০টা, পশ্চিমবংগত ১৫টা, অসমৰ ৭টা, মহাৰাষ্ট্রৰ ৪টা, বিহাৰৰ এটা, তেলেংগানাৰ ১টা, তামিলনাডুৰ ১টা আৰু কর্ণাটকৰ ১টা বিক্রীকেন্দ্রৰ এজেণ্টৰ বিৰুদ্ধে ‘ঘোষ্ট ছিম’ প্রস্তুত কৰাৰ অভিযোগ উত্থাপন হৈছে৷ চিবিআয়ে উক্ত ৩৯টা বিক্রী কেন্দ্রৰ দ্বাৰা জাৰি কৰা প্রায় ১,১০০খন ছিম কার্ডৰ সকলো তথ্য পৰীক্ষা কৰাৰ পিছত অহা তথ্যই তদন্তটোক অধিক গতিশীল কৰি তুলিছে৷ উক্ত ছিম কার্ডকেইখনৰ দ্বাৰা দিয়া নম্বৰসমূহ ভাৰতীয় টেলিকম বিভাগে পৰীক্ষা কৰাৰ পিছত সকলো নম্বৰ ভাৰতৰ সলনি দক্ষিণ–পূব এছিয়াৰ বিভিন্ন দেশৰ পৰা নিয়ন্ত্রিত হৈ থকাৰ তথ্য পোহৰলৈ আহে৷ তাৰ পাছতে চিবিআয়ে তদন্ত অব্যাহত ৰাখি উক্ত ৩৯ বিক্রীকেন্দ্রৰ বিৰুদ্ধে অভিযান চলাই নিয়ে৷
চিবিআয়ে সদৰী কৰা মতে, ছিম কার্ড এখন বনাবলৈ হ’লে গ্রাহকে ই–কেৱাইচি দিয়াটো আজিকালি বাধ্যতামূলক৷ একেদৰে ছিম বনোৱা বিক্রীকেন্দ্রৰ এজেণ্টজনৰ বাবেও একে প্রক্রিয়া বাধ্যতামূলক৷ প্রথমতে বিক্রীকেন্দ্রৰ এজেণ্টজনে গ্রাহকৰ পৰা ই–কেৱাইচি সংগ্রহ কৰে আৰু তাৰ পিছত সেইখন সফল নহ’ল বুলি গ্রাহকক অৱগত কৰি আন এখন ই–কেৱাইচি বিচাৰে৷ কিন্তু পূর্বতে সংগ্রহ কৰা ই–কেৱাইচিৰে ইতিমধ্যে আন ছিম কার্ড তৈয়াৰ কৰে এজেণ্টজনে আৰু সেইখনেই হৈছে ‘ঘোষ্ট ছিম’ অথবা ভুৱা ছিম৷ নির্দিষ্ট গ্রাহক এজনৰ তথ্য ব্যৱহাৰ কৰি ছিমখন প্রস্তুত কৰে ঠিকেই, কিন্তু সেইখনৰ বিষয়ে গ্রাহক অৱগত নহয় আৰু ভুৱা ছিম কার্ডখনৰ মাধ্যমেৰে চাইবাৰ অপৰাধীয়ে অপৰাধ সংঘটিত কৰে৷
উল্লেখ্য যে চিবিআইৰ নজৰত থকা ৩৯টা বিক্রীকেন্দ্রৰ ভিতৰত অকল অসমৰ বৰাক উপত্যকাতেই আছে ৭টাকৈ এনেধৰণৰ ‘ঘোষ্ট ছিম’ প্রস্তুত কৰা বিক্রীকেন্দ্র৷ ইয়াৰে এটা শিলচৰত থকাৰ পৰিৱর্তে আন ৬টা কাছাৰত আছে৷ উক্ত কেন্দ্রকেইটা হৈছে ক্রমে কাছাৰৰ দীপক দেৱনাথৰ ম’বাইল ফেশ্বন, মেহবুব হুছেইন তালুকদাৰৰ ফিজা ইলেক্ট্র’নিকছ, সূৰয পালৰ সূৰয এণ্টাৰপ্রাইজ, হাইদৰ হুছেইন বৰভূঞাৰ হাইদৰ এণ্টাৰপ্রাইজ, সুবিনয় পালৰ সুনীতা কৈৰী, আহমেদ হুছেইন লস্কৰৰ এবজ’ল’ন লাইন ষ্টোর্ছ আৰু শিলচৰৰ মুকেশ কুমাৰ নামৰ ব্যৱসায়ী এজনৰ বিক্রীকেন্দ্র৷
চিবিআয়ে উক্ত কেন্দ্রকেইটাৰ স্বত্বাধিকাৰীকেইজনৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ অধীনত তদন্ত বর্তমানে অব্যাহত ৰাখিছে৷ আশ্চর্যজনক কথাটো হৈছে বৰাক উপত্যকাৰ সমীপতে আছে ভাৰত–বাংলাদেশ সীমান্ত৷ উক্ত সীমান্তৰে বিভিন্ন সময়ত উল্লেখিত ৭টা কেন্দ্রই প্রস্তুত কৰা ‘ঘোষ্ট ছিম’খিনি চাইবাৰ অপৰাধীৰ লগতে জেহাদীকো প্রেৰণ কৰাৰ সন্দেহ কৰি চিবিআয়ে তদন্ত অব্যাহত ৰাখিছে৷ মুঠতে ‘ঘোষ্ট ছিম’ নির্মাণৰ ক্ষেত্রত ধুবুৰীৰ পাছতেই এতিয়া উচ্চাৰিত হৈছে কাছাৰ আৰু শিলচৰৰ নাম৷ চিবিআইৰ তদন্ত সম্পূর্ণ হোৱাৰ পাছতহে সকলো তথ্য পোহৰলৈ আহিব৷