শক্তিহীন বিৰোধী ৰাজনীতি
শক্তিহীন বিৰোধী ৰাজনীতি
অসমৰ ৰাজনীতিত বিগত ১১ বছৰে ধাৰাবাহিকভাৱে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা বিজেপিয়ে শেহতীয়া পঞ্চায়ত নির্বাচনতো অভূতপূর্ব সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে৷ আগন্তুক বিধানসভা নির্বাচনলৈ এবছৰো নাই৷ বিধানসভা নির্বাচনৰ পূর্বে পঞ্চায়ত নির্বাচনত বিজেপি আৰু অসম গণ পৰিষদৰ এনে ৰাজনৈতিক সাফল্যই শাসকীয় দল দুটাক উৎসাহিত কৰাটো স্বাভাৱিক৷ ৰাজনৈতিক দল এটাৰ প্রতি সর্বসাধাৰণ লোকৰ আস্থা আৰু বিশ্বাসত মাপকাঠী নিৰূপণ হয় নির্বাচনসমূহৰ জৰিয়তে৷ জনসমর্থনৰ ওপৰত নির্ভৰ কৰিয়ে ৰাজনৈতিক দলসমূহৰ শক্তি নিৰূপণ হয়৷ দেশে স্বাধীনতা লাভ কৰাৰ পাছত অধিকাংশ সময় ক্ষমতাত আছিল কংগ্রেছ দল৷ শতিকাপুৰণি দলটো বিভিন্ন সময়ত নেতৃত্বকেন্দ্রিক বিবাদৰ বাবে বিভক্ত আৰু দুর্বল হ’লেও দেশৰ ৰাজনীতিত দলটোৱে অধিক সময় ক্ষমতাৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু ২০১৪ৰ লোকসভা নির্বাচনৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত এনডিএ ক্ষমতালৈ অহাৰ পিছতেই ধাৰাবাহিক দুর্যোগৰ সন্মুখীন হৈছে শতিকাপুৰণি দলটো৷ নির্বাচনত কংগ্রেছ পৰাজিত হোৱাটো নতুন কথা নহয়৷ সাময়িকভাৱে পৰাজিত হ’লেও কংগ্রেছ দলে ৰাইজৰ আস্থা আৰু বিশ্বাস ঘূৰাই আনি পুনৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ জোখাৰে শক্তি আহৰণ কৰিবলৈ সমর্থ হৈছিল৷ কিন্তু ২০১৪ৰ লোকসভা নির্বাচনৰ পিছত কংগ্রেছে সুদীর্ঘ বছৰ ধাৰাবাহিক বিপর্যয়ৰ সন্মুখীন হৈছে৷ এনে বিপর্যয়ে দলটোৰ তৃণমূল পর্যায়ৰ নিষ্ঠাৱান নেতা–কর্মীসকলক হতাশ কৰাই নহয়, দলটোৰ শীর্ষ নেতৃত্বৰ বিৰুদ্ধেও বিভিন্ন প্রশ্ণৰ উদয় হৈছে৷ সাম্প্রতিক ৰাজনীতিত বিজেপিৰ উত্থানৰ বিপৰীতে কংগ্রেছে বিকল্প ৰাজনীতিৰ জৰিয়তে এতিয়ালৈ সর্বসাধাৰণ লোকৰ আস্থা আৰু বিশ্বাস ঘূৰাই আনিবলৈ সক্ষম হোৱা নাই৷ কংগ্রেছে একক ক্ষমতাৰে মাথোঁ অসমতেই নহয়, দেশৰ কোনো এখন ৰাজ্যতে ক্ষমতাত অধিষ্ঠিত হোৱাৰ শক্তি নাই৷ কিন্তু কংগ্রেছৰ শীর্ষ নেতৃত্বই সাম্প্রতিক ৰাজনীতিৰ প্রকৃত ছবিখন উপলব্ধি কৰিবলৈ সমর্থ হৈছে নে নাই তাক লৈ সন্দেহ আছে৷ সামন্তবাদী নেতৃত্বৰে এটি ৰাজনৈতিক দলে ক্ষমতাত অধিষ্ঠিত হোৱাৰ দিন উকলিল৷ নতুন চিন্তা–ভাবনাৰে দলীয় নেতা–কর্মীসকলক আগবাঢ়ি যোৱাৰ সুযোগ নিদিলে কোনো ৰাজনৈতিক দলে সর্বসাধাৰণ লোকৰ আস্থা আৰু বিশ্বাস আদায় কৰিবলৈ সক্ষম নহয়৷ এই কথা প্রতিটো নির্বাচনতে স্পষ্টভাৱে প্রতিফলন হোৱা সত্ত্বেও কংগ্রেছৰ শীর্ষ নেতৃত্বই নির্বিকাৰ ভূমিকা গ্রহণ কৰাহে দেখা গৈছে৷ ফলত শতিকাপুৰণি দলটোৰ বুজনসংখ্যক নেতাই বিজেপিকে ধৰি অন্যান্য দলত যোগদান কৰি নতুনকৈ প্রতিষ্ঠা লাভ কৰিবলৈ বাধ্য হৈছে৷
কংগ্রেছৰ ধাৰাবাহিক বিপর্যয়ে বিৰোধী ৰাজনীতিত মোক্ষম আঘাত হানিছে৷ অসমৰ ৰাজনৈতিক প্রেক্ষাপটতো ইয়াৰ পূর্ণ প্রতিফলন হৈছে৷ শেহতীয়া পঞ্চায়ত নির্বাচনত শাসকীয় বিজেপি আৰু অসম গণ পৰিষদে ৮৩ শতাংশ ভোট লাভ কৰি অভিলেখ স্থাপন কৰাৰ বিপৰীতে কংগ্রেছকে ধৰি বিৰোধী দলসমূহৰ অৱস্থা অধিক শোচনীয় হৈছে৷ পঞ্চায়ত নির্বাচনৰ সাফল্যৰ পিছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্পষ্টভাৱে ঘোষণা কৰিছে যে আগন্তুক বিধানসভা নির্বাচনত বিজেপি আৰু মিত্রজোঁটে ১০৩খন আসনত জয়লাভ কৰাৰ লক্ষ্য লৈছে৷ ২০১১ৰ বিধানসভা নির্বাচনত মাথোঁ পাঁচখন আসনত জয়লাভ কৰা বিজেপি দলে ইচ্ছা কৰিলে এককভাৱে চৰকাৰ গঠনৰ ক্ষমতা আছে৷ তৎসত্ত্বেও বিজেপিয়ে অতুল বৰা নেতৃত্বাধীন অসম গণ পৰিষদ আৰু প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলৰ স’তে মিত্রতা কৰিছে৷ ৰাজ্যখনৰ প্রতিটো খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ সমর্থনৰ স্বার্থতেই বিজেপিয়ে গ্রহণ কৰা এনে ৰাজনৈতিক কৌশলৰ বাবে দলটোৱে প্রতিটো নির্বাচনতে অধিক সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে৷ প্রতিটো নির্বাচনকে এখন যুঁজ হিচাপে লোৱাৰ বাবে দলীয় নেতা–কর্মীসকলক উদ্বুদ্ধ কৰিবলৈ দলীয় নেতৃত্ব সফল হৈছে৷ ইয়াৰ বিপৰীত ছবিখন দেখা গৈছে বিৰোধী ৰাজনৈতিক দলসমূহত৷ কংগ্রেছে এআইইউডিএফ, চিপিএম, চিপিআই, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আদিৰ স’তে ৰাজনৈতিক মিত্রতা স্থাপন কৰিবলৈ সক্ষম হোৱা নাই৷ বিগত দুটা দশকত মুছলমান অধ্যুষিত অঞ্চলসমূহত এআইইউডিএফৰ বিশেষ প্রভাৱ এতিয়া নাই৷ এই অঞ্চলসমূহত কংগ্রেছ আৰু ৰাইজৰ দলৰ প্রভাৱ বাঢ়িছে৷ ৰাজ্যৰ ৰাজনীতিত চিপিএম, চিপিআই আৰু অসম জাতীয় পৰিষদৰ অৱস্থাও ভাল নহয়৷ বিৰোধী শিবিৰত থকা ৰাজনৈতিক দলসমূহৰ অধিকাংশৰে এনে অৱস্থা যে এককভাৱে নির্বাচনী যুঁজত নামিলে আগন্তুক বিধানসভা নির্বাচনত এখন আসনতো জয়ৰ সম্ভাৱনা নাই৷ এতিয়া কংগ্রেছতকৈও ৰাজনৈতিক মিত্রতাৰ অধিক প্রয়োজন হৈছে ৰাইজৰ দল, চিপিএম, চিপিআই, চিপিআই (এমএল), অসম জাতীয় পৰিষদ দলক৷ বহুধাবিভক্ত হ’লে আগন্তুক বিধানসভা নির্বাচনৰ বৈতৰণী সফলতাৰে পাৰ কৰাটো যে সহজ নহয় সেয়া চিপিএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে স্পষ্টভাৱে ঘোষণা কৰিছে৷ এক শক্তিশালী মিত্রতা অবিহনে অধিকাংশ বিৰোধী দলৰ অৱস্থা শোচনীয় হ’ব সেয়া নিশ্চিত৷ আগন্তুক বিধানসভা নির্বাচন শাসকীয় দলটোৰ বাবে যোগাত্মক এয়ে যে এইবাৰ পুনৰ গঠন কৰা সমষ্টিসমূহত নির্বাচন হ’ব৷ পূর্বতে মুছলমান অধ্যুষিত বিধানসভাৰ সমষ্টিৰ সংখ্যা ৩২টা আছিল যদিও এতিয়া ২২টালৈ হ্রাস হৈছে৷ এনে পৰিস্থিতিত বহুধাবিভক্ত দুর্বল বিৰোধীৰ বাবে শাসকীয় দলটোৱে ১০০খন আসন লাভ কৰিলেও আচৰিত হ’বলগীয়া নাই৷ এনে সাফল্যই ৰাজ্যৰ ৰাজনীতিত বিজেপিৰ শক্তি আৰু অধিক বৃদ্ধি কৰিলেও বিৰোধী ৰাজনৈতিক দলসমূহৰ বাবে হ’ব ভয়ংকৰ বিপদ৷