লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ আৰবীলৈ অনুবাদ আবু ছাইদৰ
আবু ছাইদ আনছাৰীয়ে সোণতলীৰ কান্দুৰীমাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে
#লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ আৰবীলৈ অনুবাদ আবু ছাইদৰ
#আবু ছাইদ আনছাৰীয়ে সোণতলীৰ কান্দুৰীমাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে
# অচিৰে গ্ৰন্থ খন ভাৰতবৰ্ষ -অসমত উপলব্ধ হ’ব
নিয়মীয়া বাৰ্তা, ২৭ মে’: দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ Centre of Arabic and African Studiesৰ পিএইচ ডি গৱেষক ছাত্ৰ মৌলনা আবু ছাইদ আনছাৰীয়ে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ পুঁথি আৰবী ভাষালৈ অনুবাদ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে৷
কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীৰ কান্দুলিমাৰী গাঁৱৰ অৱসৰী শিক্ষক হবিবৰ ৰহমান আৰু তাৰাভানুৰ সুযোগ্য সন্তান আবু ছাইদ আনছাৰী৷ নিজগৃহৰ কাষতে থকা চৰকাৰী কান্দুলিমাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা আবু ছাইদ আনছাৰীয়ে শিক্ষাৰ পাতনি মেলিছিল৷
ইপিনে আনছাৰীয়ে ৰাহাতন নাজাত প্ৰি-ছিনিয়ৰত অধ্যয়নৰ পিচত উত্তৰ প্ৰদেশৰ সাহাৰানপুৰ দাৰুল-উলুম দেওবন্দৰ পৰা মৌলনা ডিগ্ৰী লৈ পৰৱৰ্তী সময়ত আধুনিক শিক্ষাৰ প্ৰতি আগ্ৰহী হৈ তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি স্নাতক ডিগ্ৰী সফলতাৰে অৰ্জন কৰে। আবু ছাইদ আনছাৰীয়ে ভাৰতৰ অন্যতম শীৰ্ষ দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জে এন ইউ)ত আৰবী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।
বৰ্তমান তেওঁ জে এন ইউৰ Centre of Arabic and African Studiesত পি এইচ ডি গৱেষক ছাত্ৰ। উল্লেখ্য যে আবু ছাইদ আনছাৰীয়ে জে এন ইউত নামভৰ্তি কৰাৰ পিচত ৰসৰাজ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুঁথি ‘বুঢ়ী আইৰ সাধু’ আৰবী ভাষালৈ অনুবাদ কৰা আৰম্ভ কৰে যদিও দুবছৰৰ অন্তত সাধুকথাৰ পুঁথিখন মিছৰৰ কাইৰোৰ Dar-Al-Masriya al-Maghribiya Lil-Nashr wal-Tawzi’ৰ প্ৰকাশনৰ দ্বাৰা প্ৰকাশ কৰি উলিয়ায়।
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুঁথি ‘বুঢ়ী আইৰ সাধু’ত অসমীয়া সাহিত্যৰ বিচিত্ৰতা আৰু অসমীয়া সাংস্কৃতিৰ সৌন্দৰ্য সুন্দৰকৈ ফুটাই তোলা হৈছে৷’বুঢ়ী আইৰ সাধু’ নামৰ সাধুকথাৰ পুঁথিখন আৰবী ভাষালৈ অনুবাদৰ সময়ত বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলি আবু ছাইদ আনছাৰীয়ে উল্লেখ কৰিছে৷
তথাপিও কাহিনীবোৰৰ মূলভাৱ আৰু সৌন্দৰ্য অটুট ৰাখিবলৈ চেষ্টা কৰা হৈছে৷ গ্ৰন্থখনৰ বিষয়ে ইতিমধ্যে কাইৰোৰ বিভিন্ন সংবাদ মাধ্যমত ইতিবাচক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে৷ জে এন ইউৰ অধ্যাপক মুজিবুৰ ৰহমানৰ পৰামৰ্শ আৰু সকলোৰে পৰা পোৱা সহায়-সহযোগিতা লাভৰ পিচত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কালজয়ী সাধুকথাৰ পুঁথি ‘বুঢ়ী আইৰ সাধু’খন আৰবী ভাষালৈ অনুবাদ কৰা সম্ভৱ হৈ উঠা বুলি অনুবাদক আবু ছাইদ আনছাৰীয়ে জানিবলৈ দিয়ে৷
সাধুকথাৰ পুঁথিখন শীঘ্ৰে সমগ্ৰ ভাৰতৰ লগতে অসমতো উপলব্ধ হ’ব৷ আনকি আবু ছাইদ আনছাৰীয়ে ভৱিষ্যতত অসমীয়া উপন্যাস এখন অনুবাদ কৰাৰ পোষকতা কৰিছে৷
প্ৰেৰক নয়ান আলী