2. 18. 21.
নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অস্তিত্বৰ সংকটত ঐতিহাসিক চীনৰ প্ৰাচীৰ চামধৰা গড় : বেদখলমুক্তৰ দাবী জাতীয় সংগঠনৰ

আহোম ৰাজত্ব কালৰ শৌৰ্য বীৰ্যৰ প্ৰতীক অসমৰ চীনৰ প্ৰাচীৰ চামধৰা গড়ত সন্দেহজনক লোকৰ বেদখলৰ বিৰুদ্ধে বাতৰি প্ৰকাশ পোৱাৰ পাছতেই বিভিন্ন দল সংগঠন সৰব হৈ পৰিছে। দল সংগঠন কেইটাই ৰাজ্য চৰকাৰক  শীঘ্ৰেই এই লোক সকলক উচ্ছেদ কৰি ঐতিহাসিক গড়টো বেদখলৰ পৰা মুক্ত কৰি ঐতিহ্য ক্ষেত্ৰখনক সংৰক্ষণ কৰিবলৈ দাবী জনাইছে।

নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অধীনস্থ ননৈৰ সমীপবৰ্তী তথা নগাঁও আৰু কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্তী সদাশিৱ পাহাৰৰ পৰা উত্তৰে ব্ৰহ্মপুত্ৰ নদীৰ সিপাৰ পৰ্য্যন্ত সুদীৰ্ঘ অঞ্চল ব্যাপী ১৬১৬ চনত (১৫৩৮ শকত) স্বৰ্গদেউ প্ৰতাপসিংহই নিৰ্মাণ কৰিছিল চামধৰা গড়টো। আহোম স্বৰ্গদেউয়ে সু-পৰিকল্পিত ভাবেই শত্ৰুক বাধা দিবৰ বাবেই এই গড় নিৰ্মাণ কৰিছিল।

মোগল সেনাক বাধা দিবৰ বাবে সু পৰিকল্পিত ভাবে আহোম ৰজাই থলুৱা কৌশল খটুৱাই গড়টো নিৰ্মাণ কৰি বহিঃ শত্ৰুক পৰাভূত কৰিবলৈ সক্ষম হৈছিল। পৰবৰ্তী সময়ত গড়টো স্থানীয় লোকে বুঢ়াবুঢ়ী গড় বুলি নামাকৰণ কৰিছিল, কিছু সংখ্যক লোকে ভীমৰ আলিও বুলি কয়। আহোম সাম্ৰাজ্যৰ অন্যতম ৰক্ষাকৱচ স্বৰূপে পৰিগণিত হোৱা অভেদ্য প্ৰাচীৰ সদৃশ চামধৰা গড়টোত তুৰ্বকৰ লগত আহোম সেনাৰ থৈয়া নথৈয়া হোৱা যুদ্ধত আহোম সেনাৰ সাত জনকৈ সেনাপতিয়ে দেশ ৰক্ষাৰ বাবে যুদ্ধত প্ৰাণ আহুতি দিছিল।

পৰৱৰ্তী সময়ত আহোম ৰাজত্ব লোপ পোৱাত পৰ্যায় ক্ৰমে ঐতিহাসিক গড়টোত বেদখল চলে। পৰৱৰ্তী সময়ত আহোম ৰাজত্ব লোপ পোৱাত আৰু চৰকাৰৰ উদাসীনতাত পৰ্যায় ক্ৰমে ঐতিহাসিক গড়টোত বেদখল চলাই সন্দেহ জনক লোক সকলে গড়টোৰ অস্তিত্ব মষিমূৰ কৰে। গড়টোৰ ওপৰত থকা মূল্যবান চেগুন গছ সমূহো দুষ্কৃতিকাৰীয়ে ধাৰাবাহিক ভাবে কাটি তহিলং কৰিছিল। বৰ্তমান গড়টোত সন্দেহ জনক লোকে বহু বছৰ ধৰি কাটি সংকুচিত কৰাৰ উপৰিও পকী ঘৰ, বিজুলী সংযোগ লৈ শ-শ লোকে গাঁও পাতি খেতি বাতি কৰি বেদখল কৰিছে। চামগুৰি ৰাজহ চক্ৰৰ পোতা কলং বিলৰ পাৰে পাৰে বগৰীজাৰণি নামৰ ঠাইত আঢ়ৈ কিলোমিটাৰ অঞ্চলত সন্দেহ জনক লোকে বেদখল কৰিছে গড়টোত।

আনহাতে একাংশ চাহ বাগিচাৰ কৰ্তৃপক্ষ‌ইও এই গড়টোৰ ভূমি বেদখল কৰি বাগান খুলি চৰকাৰী ভূমি অধিগ্ৰহণ কৰিছে। ৰঙাগড়াত চাৰিশাৰী যুক্ত ১২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৱে ৰঙাগড়াত দুভাগ কৰা গড়টোৰ কাষত যোৱা ৩০ জানুৱাৰীত প্ৰত্নতাত্বিক বিভাগৰ মন্ত্ৰী যোগেন মহনে চামধৰা গড়টোৰ সংৰক্ষণৰ হেতু ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণ দিশত পকী বেৰ নিৰ্মাণৰ আধাৰ শিলা স্থাপনৰ পাছতে মন্ত্ৰী যোগেন মহনে গড়টো বেদখল মুক্ত কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল।

মন্ত্ৰী যোগেন মহনে সংবাদ মাধ্যমৰ যোগেদি বেদখলকাৰীক উচ্ছেদ কৰি ঐতিহাসিক গড়টোক সংৰক্ষণ কৰাৰ কথা ঘোষণা কৰিছিল যদিও পাঁচ মাহে কাৰ্যত পৰিণত নহল মন্ত্ৰীৰ কথা। এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে স্থানীয় সচেতন ৰাইজে। সন্দেহ জনক লোক সকলৰ কবলৰ পৰা আহোম সাম্ৰাজ্যৰ ঐতিহ্যৰ প্ৰতীক ঐতিহাসিক গড়টোক ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীক আহ্বান জনাইছে সচেতন ৰাইজে।

ইপিনে সদৌ অসম ছাত্ৰ সন্থা আৰু টাই আহোম ছাত্র সন্থাৰ বিষয় ববীয়াই এই গড়টোৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰি বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক ক্ষেত্ৰখনক ৰক্ষা কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে।

নগাঁও মহকুমা ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি জ্যোতিষ্মান বৰুৱাই কয়, ‘ছাত্র সন্থাৰ স্পষ্ট দাবী অসমৰ ঐতিহাসিক সমল চামধৰা গড় বেদখল মুক্ত হ’ব লাগিব। বেদখলৰ লগতে গড়ৰ মাটি কাটি নি থকা পৰিলক্ষিত হৈছে। প্ৰশাসনৰ লগতে ৰাজ্য চৰকাৰকো স্পষ্ট দাবী বেদখল মুক্ত কৰক। বেদখল কাৰীক কঠোৰ শাস্তি প্ৰদান কৰক। চৰকাৰী অথবা ৰাজনৈতিক নেতা যিয়েই জড়িত নাথাকক আমাৰ ঐতিহাসিক সমল বেদখল মুক্ত হ’ব লাগিব। নহ’লে আমাৰ জাতীয় সংগঠন সমূহ একলগ হৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম।’

ইপিনে টাই আহোম ছাত্র সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি ফনীন্দ্ৰ গগৈ সহ বিষয় ববীয়া সকলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক বুৰঞ্জী প্ৰসিদ্ধ গড়টোক বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ দাবী জনাইছে।

সভাপতি গগৈয়ে কয়, -‘আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই নিৰ্মাণ কৰা গড়টোৰ অৱস্থা এতিয়া অতি শোচনীয়। যাক আমি চীনৰ প্ৰাচীৰ বুলিও ক‌ওঁ। বেদখলকাৰীয়ে যি ধৰনে অগ্ৰাসন কৰিছে ইয়াৰ অস্তিত্ব নাইকিয়া হৈ যাব। আমাৰ সন্দেহ হৈছে কোনোবা ৰাজনৈতিক নেতা পালিনেতাৰ চত্ৰছায়াতে বেদখলকাৰীয়ে দপদপনি চলাই আহিছে। প্ৰশাসন আজি নিমাত কিয় তাক লৈয়ো আমি চিন্তিত। আহোম যুগৰ ঐতিহ্য বহনকাৰী চামধৰা গড়টোক বেদখল মুক্ত কৰিবলৈ আমি চলিত বৰ্ষৰ ১৯ মে’ত চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ যোগেদি এখন স্মাৰক পত্ৰ দাখিল কৰিছিলোঁ যদিও এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আমি জিলা প্ৰশাসনৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এই বিষয়ত গুৰুত্ব প্ৰদান কৰি ঐতিহাসিক গড়টোক ৰক্ষা কৰিবলৈ দাবী জনাইছোঁ।’

নিয়মীয়া বাৰ্তা, চামগুৰি : Date of published : 1 July, 2025

You might also like