সম্পাদকীয় : তাপপ্রৱাহৰ গ্রাসত ইউৰোপ
ভয়ংকৰ তাপপ্রৱাহৰ কবলত পৰিছে ইউৰোপ৷ ভাৰতৰ বিভিন্ন চহৰৰ দৰে ইউৰোপৰ প্রায় সকলো দেশৰ চহৰতে উৎকট গৰমে মানুহৰ স্বাভাৱিক জীৱনযাত্রালৈ নমাই আনিছে সংকট৷ তাপদহনৰ নিৰিখেৰে চাবলৈ গ’লে আজিৰ মুহূর্তত যেন ভাৰতৰ দিল্লী, কলকাতা, গুৱাহাটীৰ সৈতে পার্থক্য নোহোৱা হৈছে ছুইজাৰলেণ্ডৰ জুৰিখ, জেনেভা আদি চহৰবোৰৰ৷ ইউৰোপৰ অধিকসংখ্যক দেশৰ পৰিস্থিতি বর্তমান একেই ধৰণৰ হৈ পৰিছে৷
কিন্তু ইয়াৰ ভিতৰতো আটাইতকৈ ভয়াৱহ পৰিস্থিতি ফ্রান্স, স্পেইন, পতুর্গাল, ইটালী, গ্রীচ আৰু ছুইজাৰলেণ্ডত বুলি চিহ্ণিত হৈছে৷ পৃথিৱীৰ উত্তৰ গোলার্ধৰ দেশবোৰত এই সময়তত তাপপ্রৱাহৰ ঘটনা অস্বাভাৱিক নহয়৷ কিন্তু তাপপ্রৱাহৰ এই ঊর্ধ্বগতিয়ে ইউৰোপজুৰি যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে, তাক লৈ উদ্বিগ্ণ হৈ পৰিছে বিজ্ঞানীসকল৷ তাপমাত্রাৰ এই ঊর্ধ্বগতি ইউৰোপত অন্তিমবাৰ কেতিয়া দেখিবলৈ পোৱা গৈছিল, সেয়া ধাৰণা কৰিব পৰা নাই বিজ্ঞানীসকলৰেই বহুতে৷ পৰিস্থিতি এনে হৈ পৰিছে যে বর্তমানৰ তাপপ্রৱাহ অব্যাহত থাকিলে আগন্তুক দুই বছৰৰ ভিতৰত ইউৰোপৰ বহু চহৰ বসবাসৰ অনুপযোগী হৈ পৰিব বুলি বহুতেই ধাৰণা কৰিবলৈ লৈছে৷
আল্পছ পর্বতমালাৰ গাতে লাগি থকা চহৰবোৰ এসময়ত গ্রীষ্মৰ অৱসৰ বিনোদনৰ বাবে পর্যটকৰ আকর্ষণৰ কেন্দ্রবিন্দু আছিল৷ বিশ্বৰ পর্যটকসকলে এই সময়ছোৱাত পছন্দৰ চহৰ হিচাপে বাছি লৈছিল জুৰিখ বা জেনেভাক৷ শেহতীয়াকৈ এই চহৰ দুখনত চলি আছে উৎকট গৰম৷ জুৰিখ আৰু জেনেভাত যোৱা দেওবাৰে তাপমাত্রা আছিল ক্রমে ৩২ আৰু ৩৫ ডিগ্রী চেলছিয়াছ৷ চলিত এসপ্তাহৰ শেষলৈ এই তাপমাত্রা অধিক বৃদ্ধি পাব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে পূর্বাভাস দিছে৷ অর্থাৎ গৰমৰ দিশৰ পৰা এই মুহূর্তত ভাৰতৰ বহু চহৰতকৈ আগবাঢ়ি আছে ছুইজাৰলেণ্ডৰ জুৰিখ বা জেনেভা৷
সেইদৰে অন্য এখন ইউৰোপীয় দেশ স্পেইন এতিয়া ভয়ংকৰ তাপপ্রৱাহৰ কবলত পৰিছে৷ দক্ষিণ–পশ্চিম স্পেইনৰ লা গ্রানাডো চহৰৰ সর্বোচ্চ তাপমাত্রাই ইতিমধ্যে ৪৫ ডিগ্রী অতিক্রম কৰিছে৷ বিগত ছটা দশকত এনে ভয়াৱহ তাপদহনৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল স্পেইন৷ দেশখনৰ বতৰ বিজ্ঞানীসকলৰ মতে পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকাহে আছে৷ বিশেষকৈ ভূমধ্য সাগৰৰ উপকূলীয় অঞ্চলসমূহত তাপমাত্রা অধিক বৃদ্ধি পাব বুলি পূর্বাভাস দিয়া হৈছে৷ আনকি প্রচণ্ড তাপপ্রৱাহৰ পৰা পৰিত্রাণ পাবলৈ জনসাধাৰণক ঘৰৰ ভিতৰতে থকাৰ নির্দেশ দিবলৈ বাধ্য হৈছে চৰকাৰ৷ একেই পৰিস্থিতি পর্তুগালতো৷ মধ্য পর্তুগালৰ চহৰ আলভেগাত পাৰাস্তম্ভই ৪৫ ডিগ্রী চেলছিয়াছ স্পর্শ কৰিছে৷ আগন্তুক এটা সপ্তাহলৈ পর্তুগালত এই তাপপ্রৱাহ অব্যাহত থাকিব৷ দেশখনৰ ৰাজধানী লিছবনত ইতিমধ্যে তাপমাত্রা হৈছেগৈ ৪২ ডিগ্রী৷ তাপপ্রৱাহত অৱস্থা কাহিল ফ্রান্সৰো৷ দেশখনৰ দক্ষিণ–পশ্চিম প্রান্তৰ চহৰসমূহত সর্বোচ্চ তাপমাত্রা হৈছেগৈ ৪০ ডিগ্রী চেলছিয়াছ৷
ইয়াৰ উপৰি বিধ্বংসী বনজুয়ে দেশখনৰ বিস্তীর্ণ অঞ্চল গ্রাস কৰিছে৷ দেশখনৰ বনাঞ্চলৰ সমীপৱর্তী চহৰসমূহৰ বাসিন্দাসকলক নিৰাপদস্থানলৈ স্থানান্তৰ কৰা হৈছে৷ ফ্রান্সৰ দ্বিতীয় বৃহত্তম চহৰ মার্ছেইত দেওবাৰে সর্বোচ্চ তাপমাত্রা আছিল ৪১ ডিগ্রী চেলছিয়াছ৷ একেই পৰিস্থিতি এতিয়া ইটালী, গ্রীচ, ব্রিটেইন আদি দেশৰ বিভিন্ন চহৰত৷ ইটালীৰ বিভিন্ন চহৰত এতিয়া তাপমাত্রা ৩৬ৰ পৰা ৩৯ ডিগ্রীৰ ভিতৰত৷ গ্রীচৰ একাংশ চহৰত তাপমাত্রাই স্পর্শ কৰিছে ৪০ ডিগ্রী চেলছিয়াছ৷ গ্রীচৰ ৰাজধানী এথেন্সৰ দক্ষিণ প্রান্ততো বনজুয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ ব্রিটেইনত সর্বোচ্চ তাপমাত্রা ৩৩ ডিগ্রী চেলছিয়াছলৈ উঠিছে৷ দেশখনৰ উইম্বলডন টেনিছ টুর্নামেণ্টত তাপদহনে বিঘিনি ঘটাইছে৷
আনকি পর্যটন কেন্দ্রসমূহত অভাৱনীয়ভাৱে হ্রাস পাইছে পর্যটকৰ সংখ্যা৷ ইউৰোপীয় ইউনিয়নৰ ক’পাৰনিকাছ ক্লাইমেট চেঞ্জ ছার্ভিচ আৰু বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ মুখপাত্র ক্লেয়াৰ নালিছৰ মতে বিশ্বব্যাপী তাপমাত্রা বৃদ্ধিৰ গড়ৰ দুগুণ গতিত গৰম বাঢ়িছে ইউৰোপৰত৷ প্রশ্ণটো হৈছে– ইউৰোপজুৰি ভয়াৱহ এই তাপমাত্রা বৃদ্ধিৰ কাৰণ কি? বতৰ বিজ্ঞানীসকলৰ অধিকসংখ্যকে ধাৰণা কৰে যে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে সমগ্র বিশ্বৰ সৈতে একেই পৰিস্থিতিৰ সন্মুখীন হৈছে ইউৰোপ৷ আগন্তুক কেইবছৰমানৰ ভিতৰত পৰিস্থিতিয়ে অধিক ভয়ংকৰ ৰূপ ল’ব বুলি আশংকা প্রকাশ কৰিছে বিজ্ঞানীসকলে৷ ইয়াৰ উপৰি স্থানীয় এটা কাৰণো ইয়াত নিহিত হৈ থকা বুলি ধাৰণা কৰিছে একাংশ বিজ্ঞানীয়ে৷
পশ্চিম ইউৰোপজুৰি এক উচ্চ চাপ বলয়ে অৱস্থান কৰিছে৷ ক্রমশঃ পূব দিশলৈ যাত্রা কৰা এই উচ্চচাপ বলয়ে উত্তৰ আফ্রিকাৰ গৰম বায়ু স্থানীয় পৰিমণ্ডললৈ টানি আনিছে৷ গতিকে, ইউৰোপজুৰি সৃষ্টি হৈছে তাপপ্রৱাহ৷ এই পৰিস্থিতি দীর্ঘদিনলৈ অব্যাহত থকাৰ আশংকা আছে৷ মূল কথাটো হৈছে– সকলো প্রভাৱ কিন্তু গোলকীয় উষ্ণতা বৃদ্ধিয়েই৷ স্বাভাৱিকতেই এইক্ষেত্রত গোলকীয় উষ্ণতা বৃদ্ধিৰ মোকাবিলা কৰিবলৈ বিশ্বজুৰি কোনো পদক্ষেপক যে কার্যকৰী কৰা হোৱা নাই, সেই কথাটো স্পষ্ট হৈ পৰে৷
ৰাষ্ট্রসংঘৰ উদ্যোগত যি পেৰিছ জলবায়ু চুক্তি স্বাক্ষৰ কৰা হৈছিল, তাৰ চর্তসমূহ সকলো দেশে কার্যকৰী কৰাৰ বাবে শীঘ্রে পদক্ষেপ গ্রহণ কৰিব লাগিব৷ জলবায়ু পৰিৱর্তন তথা গোলকীয় উষ্ণতা বৃদ্ধিক লৈ কেৱল উদ্বেগ প্রকাশ কৰি থাকিলেই নহ’ব৷ গ্রীন হাউছ গেছ নিঃসৰণত প্রতিৰোধ লগাবলৈ সকলো দেশেই তাৎক্ষণিক ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ অন্যথা দীর্ঘদিনলৈ জীৱকুলৰ বাবে নিৰাপদ হৈ নাথাকিব পৃথিৱী গ্রহ৷ আজি ইউৰোপ যি অভাৱনীয় তাপদহনৰ বলি হৈছে, তাৰ অন্তৰালত মানৱসৃষ্ট উষ্ণতা বৃদ্ধিৰ কাৰকবোৰৰো অৰিহণা আছে৷ গতিকে, তাপদহনৰ পৰিত্রাণৰ পথো আছে মানুহৰ হাততেই৷ তাক কার্যকৰী ৰূপ দিয়াৰ সময় কেতিয়াবাই আহিছে৷ গতিকে, বিলম্ব নকৰি এইক্ষেত্রত সকলো দেশে ব্যৱস্থা গ্রহণ কৰা উচিত৷