পাকিস্তানত মাৰাত্মক ক’ৰোনাৰ দ্রুত সংক্রমণ
নিয়মীয়া বাৰ্তা, ২৩ মার্চঃ ক’ৰোনাৰ দ্রুত সংক্রমণৰ পিছতে পাকিস্তান চৰকাৰে সকলো আন্তর্জাতিক বিমানৰ উৰণ বাতিল কৰিছে৷ ইফালে, দেশখনৰ অভ্যন্তৰত চলা ৰে’লৰ সংখ্যাও হ্রাস কৰা হৈছে ৷ ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা দেশখনত দ্রুত হাৰত বৃদ্ধি পোৱাৰ পিছতে সম্পূর্ণ লকডাউনৰ চিন্তা–চর্চা চলাইছে চৰকাৰে৷ স্থানীয় সংবাদ মাধ্যমে আজি সদৰী কৰিছে এই তথ্য৷ উল্লেখ্য যে পাকিস্তানত ৭৩০গৰাকী লোক ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈছে৷ ইয়াৰে ৩৯৬গৰাকীয়েই সিন্ধ প্রদেশৰ৷ পঞ্জাব প্রদেশত ১৩৭গৰাকী, বেলুচিস্তানত ১০৩গৰাকী, গিলগিট–বাল্টিস্তানত্ ৫৬গৰাকী আৰু খাইবাৰ পাখটুনখাৱা প্রদেশত ১০গৰাকী লোক এই মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈছে৷ সিন্ধ প্রদেশৰ মুখ্যমন্ত্রী মুৰাদ আলী শ্বাহে কৰাচীৰ জনসাধাৰণক তিনি দিন স্বেচ্ছাই আছুতীয়াকৈ থকাৰ নির্দেশ দিছে৷ উল্লেখ্য যে প্রদেশখনৰ কেইবাখনো চহৰত লকডাউন ঘোষণা কৰা হৈছে৷ ইৰানৰ পৰা পাঁচ সহস্রাধিক তীর্থযাত্রী গৃহভূমিলৈ উভতি অহাৰ পিছতে পাকিস্তানত ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা দ্রুত হাৰত বৃদ্ধি পাইছে ৷