ক’ৰোনা প্রতিৰোধত কিমৰ সহযোগিতা বিচাৰিলে আমেৰিকাই
নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ উত্তৰ কোৰিয়াই শনিবাৰে দুটাকৈ কম দূৰত্বভেদি বেলিষ্টিক ক্ষেপণাস্ত্রৰ পৰীক্ষা চলোৱা বুলি দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমে সদৰী কৰিছে ৷ জাপানৰ সমুদ্রত এই ক্ষেপণাস্ত্র দুটা বিধ্বস্ত হোৱা বুলি দক্ষিণ কোৰিয়াৰ সেনাই দাবী কৰাৰ সময়তে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক উত্তৰ কোৰিয়াই প্রশংসাৰে ওপচাই দিছে এক পত্র লাভ কৰাৰ পিছতে৷ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে উত্তৰ কোৰিয়াৰ শীর্ষ নেতাগৰাকীলৈ প্রেৰণ কৰা পত্রখনত সম্পর্ক উন্নয়নৰ এক আঁচনিৰ কথা সদৰী কৰিছে ৷ কিমৰ ভগ্ণীৰ বক্তব্যৰ উদ্ধৃতি দি সংবাদ মাধ্যমে সদৰী কৰিছে এই তথ্য৷ কিন্তু কিমৰ ভগ্ণী কিম য়’ জঙে এইবুলিও সতর্কবাণী কৰিছে যে দুয়োগৰাকী শীর্ষনেতাৰ ব্যক্তিগত মধুৰ সম্পর্কই মৈত্রীৰ সম্পর্কক সুদৃঢ় কৰাৰ ক্ষেত্রত যথেষ্ট নহয়৷ স্মর্তব্য যে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ক’ৰোনা ভাইৰাছ বিশ্বজুৰি বিস্তাৰৰ সময়তে গোলকীয় নেতৃত্বৰ সৈতে ইয়াৰ মোকাবিলাৰ প্রচেষ্টা চলোৱা বিষয়টোক প্রশংসা কৰিছে উত্তৰ কোৰিয়াই৷ ক’ৰোনা প্রতিৰোধত উত্তৰ কোৰিয়াৰ সহযোগিতা বিচাৰিছে ড’নাল্ড ট্রাম্পে৷ অৱশ্যে আমেৰিকাক এইক্ষেত্রত সহযোগিতা আগবঢ়াব নে নাই, উত্তৰ কোৰিয়াই সেয়া স্পষ্ট কৰা নাই৷