নিয়মীয়া বার্তা, ২৩ মার্চঃ সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থাৰ ধেমাজি জিলা সমিতিয়ে জিলাখনৰ বিভিন্ন ঠাইত ব্যাপক সজাগতামূলক প্রচাৰ অভিযান অব্যাহত ৰাখিছে ৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি সন্থাই জনসজাগতা সভা বন্ধ কৰিছে যদিও জিলাখনৰ দেউডুবি, সোণাপুৰ, মহৰিকেম্প, ভেবেলি, গোসাঁইবাৰী, বামগাঁও, বৰাচিৰা, ঘিলাগুৰি, আদর্শ আদি বিভিন্ন গ্রামাঞ্চলসমূহত ক’ৰোনা ভাইৰাছৰ সজাগতামূলক প্রচাৰ পত্রিকা বিতৰণ কৰাৰ লগতে ৰাজহুৱা স্থানত ব্যাপক প’ষ্টাৰিং কৰি ৰাইজক সজাগ কৰাৰ প্রয়াস কৰিছে ৷ দেওবাৰে কাকতলৈ প্রেৰণ কৰা এক বিবৃতিত সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক আৰু উপ–সভাপতি লাচিত দাসে দেশৰ প্রধানমন্ত্রীয়ে আহ্বান কৰা জনতাৰ কার্ফিও পালন কৰিবৰ বাবে সর্বস্তৰৰ ৰাইজলৈ গোহাৰি জনাইছে ৷ নেতাদ্বয়ে কয় যে এয়া দেশৰ সংকটৰ সময়, দেশৰ জনতাক সুৰক্ষিত কৰি ৰাখি দেশক শক্তিশালী কৰি ৰাখিবৰ বাবেই আমি সকলোৱে এই মহামাৰী ক’ৰোনাক প্রতিৰোধ কৰিব লাগিব৷ এয়া সচেতন নাগৰিক হিচাপে আমাৰ সকলোৰে নৈতিক দায়িত্ব বুলি বিবৃতিটোত উল্লেখ কৰে৷ ইফালে, বিগত কেইবাদিনো ধৰি ক’ৰোনা ভাইৰাছৰ আতংকত আতংকিত হৈ থকাৰ সময়তে এচাম অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় মাস্ক, হেণ্ডছেনিটাইজাৰ আদিৰ দুগুণ দাম বৃদ্ধি কৰি সর্বসাধাৰণ জনতাক লুণ্ঠন কৰা বুলি অভিযোগ কৰে৷ এখন ৫ টকীয়া ছার্জিকেল মাস্ক ধেমাজিৰ বিভিন্ন ঠাইত ৫০ৰ পৰা ১০০ টকালৈকে দৰত বিক্রী কৰি এই সংকটপূর্ণ সময়ত জনতাক সহায় কৰাৰ বিপৰীতে লুণ্ঠনৰ মানসিকতা পোষণ কৰা ব্যৱসায়ীসকলক গণশত্রু বুলি আখ্যা দি এনে ব্যৱসায়ীৰ বিৰুদ্ধে অত্যাৱশ্যকীয় সামগ্রী আইন ১৯৫৫ৰ অধীনত আইনী ব্যৱস্থা গ্রহণ কৰিব বুলি কঠোৰ সকীয়নি দিয়ে৷ সন্থাই ক’ৰোনা ভাইৰাছ প্রতিৰোধী আর্ছেনিক এলবাম নামৰ মেডিচিনটো গাঁৱে গাঁৱে বিতৰণ কৰাৰ লগতে গোগামুখ–গেৰুকামুখ পথত থকা ডাক্তৰ হৰিশ হোমি’পেথিক এণ্ড ফিজি’থেৰাপী ক্লিনিকত বর্তমান উপলব্ধ আৰু ৰাইজৰ বাবে বিনামূলীয়া কৰি দিয়া হৈছে বুলি জানিবলৈ দিছে৷ সন্থাৰ ধেমাজি জিলা সমিতিৰ সহঃসাধাৰণ সম্পাদক লাচিত দাস, উপ–সভাপতি সুভাষ দাস, লোচন দাস, গোগামুখ আঞ্চলিক সমিতিৰ বিত্ত সম্পাদক বাসুদেৱ দাসৰ নেতৃত্বত যোৱা সঁজাতী দলটোৱে পুৱাৰে পৰাই জিলাখনৰ অতি ভিতৰুৱা অঞ্চল খনা কৃষ্ণপুৰত ২খন, ভূমা পদ্মপুৰ, ভূমা দলনি, গেজিং মাজগাঁৱত একোখনকৈ সভা অনুষ্ঠিত কৰে৷ আটাইকেইখন সভাতেই গোগামুখৰ অন্যতম হোমি’পেথিক চিকিৎসা প্রতিষ্ঠান ডাঃ হৰিশ হোমি’পেথিক আৰু ফিজি’থেৰাপী ক্লিনিকৰ চিকিৎসক তথা সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থাৰ উপদেষ্টা ডাক্তৰ হৰিকান্ত দাসে অংশগ্রহণ কৰি গ্রামাঞ্চলৰ লোকসকলক ক’ৰোনা ভাইৰাছে সৃষ্টি কৰ COVID-19 ৰোগবিধৰ বিষয়ে বিশদভাৱে বুজাই দিয়ে৷ লগতে এই ন’ভেল ক’ৰোনা ভাইৰাছ প্রতিৰোধ কৰিবৰ বাবে ল’ব লগা সাৱধানতাৰ বিষয়েও তেওঁ ৰাইজক বুজাই দিয়ে৷ তেওঁ ক’ৰোনা ভাইৰাছৰ বাবে ৰাইজক আতংকিত নহৈ সজাগ হ’বৰ বাবে আহ্বান জনায়৷ সভাত ডাক্তৰ দাসে কয় য়ে গাঁৱৰ লোকসকলে হাত ধোৱৰ নিয়ম নাজানে, যিহেতু আমাৰ হাত দুখনে বহু বেমাৰৰ মূল৷ গতিকে আমি হাত ধোৱাৰ সঠিক পদ্ধতি জনাটো অতি প্রয়োজন৷ তেওঁ লগতে বিশ্ব স্বাস্থ্য সংস্থথাৰ(WHO) নির্দেশনাত দিয়া হাত ধোৱৰ পদ্ধতিও ৰাইজক প্রদর্শন কৰে৷ সভাৰ শেষত ধেমাজি জিলা অনুসূচিত জাতি ছাত্র সন্থাই ভাৰত চৰকাৰৰ আয়ুস মন্ত্রালয়ে উপদেশ দিয়া ক’ৰোনা ভাইৰাছ প্রতিৰোধী আর্ছেনিক এলবা নামৰ হোমি’পেথিক মেডিচিনটো বিনামূলীয়াকৈ ৰাইজৰ মাজত বিতৰণ কৰে৷