প্ৰথমবাৰলৈ বন্ধ কৰা হৈছে মাজুলীৰ সত্ৰৰ প্ৰৱেশদ্বাৰ
নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ বিশ্বজুৰি কৰ’ণা ভাইৰাছৰ আতংক। জনসমাগমৰ পৰা সকলোকে আঁতৰি থকাৰ আহ্ৱান ৰাজ্য চৰকাৰৰ। অনিৰ্দিষ্টকাললৈ বন্ধ মাজুলীৰ ফেৰীসেৱা।বন্ধ কৰি দিয়া হৈছে মাজুলীৰ ঐতিহাসিক সত্ৰসমূহৰ প্ৰৱেশদ্বাৰ আৰু সমূহীয়া নাম প্ৰসংগ। আগন্তুক ৩১ মাৰ্চলৈকে কোনো লোকে যাতে সত্ৰসমূহলৈ নাহে আৰু ৰাজ্য চৰকাৰে জাৰি কৰা সকলো নিয়ম মানি এই ভাইৰাছ সংক্ৰমণ ৰোধ কৰে এই আহ্বান জনালে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰে। বিদেশী পৰ্যটকেই নহয় এতিয়া মাজুলীৰ সত্ৰলৈ সোমাব নোৱাৰিব স্থানীয় বাসিন্দাসকলো।