নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এয়া ফূৰ্তি কৰাৰ সময় নহয়, কৰ’নাক সহজভাৱে নল’বলৈ আহ্বান স্বাস্থ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ ক’ৰণা ভাইৰাছক সহজভাৱে নল’বলৈ আহ্বান স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কৰ’ণাক ফেষ্টিভেললৈ ৰূপান্তৰ নকৰিব, ক’ৰণা বন্ধ, পিকনিক খাম বুলি ভাবি থকাসকললৈ মন্ত্ৰী ড০ শৰ্মাৰ আহ্বান। ক’ৰণা অতি ভয়ংকৰ ভাইৰাছ। ৬০ বছৰৰ উৰ্ধ্বৰ লোকসকলক এই ভাইৰাছে অতি সহজে আক্ৰমণ কৰিব পাৰে। ইটালীত এটা প্ৰজন্ম শেষ হৈ গৈছে। সংবাদমেলত এই মন্তব্য স্বাস্থ্যমন্ত্ৰী গৰাকীৰ। তেওঁ লগতে কয় যে এই সময়ত ফূৰ্তি নকৰি সকলোৱে চৰকাৰক সহায়-সহযোগ কৰক। ডায়বেটিছ ৰোগীসকল অথবা উচ্চ ৰক্তচাপত ভোগাসকলকো অতি সহজে আক্ৰমণ কৰিব পাৰে ক’ৰণা ভাইৰাছে। গতিকে সকলোৱে সাবধানতা অৱলম্বন কৰা উচিত বুলিও মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাই। 

You might also like