চীনৰ তথ্য গোপনৰ মূল্য ভৰিছে পৃথিৱীয়েঃ ট্রাম্প
নিয়মীয়া বাৰ্তা, ২৪ মার্চঃ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ক’ৰোনা ভাইৰাছৰ সংক্রমণ সন্দর্ভত চীনে বহু পলমকৈ তথ্য সদৰী কৰা বিষয়টো সন্দর্ভত পুনৰ ক্ষোভ উজাৰিছে৷ হোৱাইট হাউছত এসপ্তাহতকৈ অধিক কাল ধৰি দৈনিক সংবাদমেল সম্বোধন কৰি আছে ট্রাম্পে৷ শেহতীয়াকৈ ট্রাম্পে মন্তব্য কৰিছে যে চীনে পূর্বেই ক’ৰোনাৰ সংক্রমণৰ তথ্য সদৰী কৰিব পাৰিলেহেঁতেন৷ চীনৰ এই তথ্য গোপনৰ বাবে বিশ্ববাসীয়ে ইয়াৰ মূল্য ভৰিবলগীয়া হৈছে বুলিও অভিযোগ কৰিছে ট্রাম্পে৷ স্মর্তব্য যে ইতিমধ্যে বিশ্বজুৰি ১৩ সহস্রাধিক লোকে প্রাণ হেৰুৱাইছে ক’ৰোনাত আক্রান্তৰ পিছত৷ বেইজিং প্রশাসনে কিয় আগতীয়াকৈ ক’ৰোনাৰ সংক্রমণৰ তথ্য সদৰী নকৰিলে তাক লৈ ট্রাম্পে ক্ষোভ প্রকাশ কৰাৰ উপৰি বিশ্বজুৰি এই মহা দুর্যোগৰ বাবে চীন জগৰীয়া বুলি প্রত্যক্ষ অভিযোগ কৰিছে৷